কৌতুক – সৌৰভ শৰ্মা
এনে সত্য আছে যাক সততে ৰগৰ বুলি ভবা যায়৷ মোৰ চিনাকি এজনে কইনা চাবলৈ গৈছিলে লগত দুজন বন্ধু লৈ৷ তিনিজনেই ঘোৰ মদাহি৷ ছোৱালীৰ ঘৰত আপ্যায়নৰ পিছত ছোৱালীৰ মোমায়েকে বিবাহ প্ৰাৰ্থী তথা দুই সতীৰ্থৰ চাকৰিৰ আয় উৰ্পাজন সম্পৰ্কে বাৰ্তালাপ কৰি স্বভাৱ চৰিত্ৰৰ দিশত আগবাঢ়িছে৷
মোমায়েক: বোপা তোমালোকে মদ-পানী কিবা খো……… (বাকী বাক্য শেষ নৌহওঁতেই )
তিনি বন্ধু: সমস্বৰে ….. নাই নাই… নালাগে…. আহোঁতে বাটত খায়ে আহিছোঁ৷ (বিশ্বাস কৰক ৫০বছৰ মান বয়সত এজনে বিয়া পাতিলে , দুজন আজিও বৰলা )
☆★☆★☆
9:41 pm
বাটত মদ খাই ছোৱালী চাবলৈ অহা মানুহৰ তাত কোনে ছোৱালী বিয়া দিব। ভাল লাগিল দাদা।
11:27 am
সঁচা
3:06 pm
???
8:53 pm
ভাল লাগিল পঢ়ি।