ফটাঢোল

ফটাপ্ৰেম – ইন্দিমা বৰুৱা

দশম শ্ৰেণীত পঢ়ি থকাৰ কথা৷ সেই সময়ত হিন্দী চিনেমাৰ পৰম ভক্ত আৰু শ্বাহৰুখ খানৰ চিনেমা বুলিলে বলিয়া৷ ক’ৰবাত ভাল ল’ৰা দেখিলেও কোনটো হিৰ’ৰ লগত মিলে সেইটোহে ভাৱোঁ৷

এদিন মোৰ লগৰ একেবাৰে খাচ্ বান্ধৱী জনীলৈ হায়াৰ ছেকেণ্ডেৰী পঢ়া ল’ৰা এটাৰ প্ৰেম পত্ৰ আহিল৷ তাইতকৈ আমি দুজনীমান বেছি উৎসাহিত হ’লোঁ৷ আমি প্ৰায়ে দেখি থকা ল’ৰাটো আমাৰ স্কুলৰ মুখেদিয়েই চাইকেলত হায়াৰ ছেকেণ্ডেৰী স্কুললৈ যায়। তাই প্ৰথম নাই-নুই কৰিছিল যদিও আমি কেইজনীমানে তাইক চিঠিৰ উত্তৰ দিবলৈ জোৰ কৰিলোঁ৷ মই যে ল’ৰাটোক অজয় দেৱগণৰ লগত মিলাইছিলোঁ তাকো কৈ বান্ধৱীক প্ৰেমৰ নাওখনত উঠাই দিলোঁ৷

লাহে লাহে সিহঁতৰ প্ৰেম জোৰদাৰ চলিব ধৰিলে৷ ল’ৰাটোৱে যেতিয়াই চিঠি দিয়ে তাইতকৈ আগতে আমি দুজনীমানে পঢ়ি লওঁ৷ সি চিঠিত দাঁত ভঙা শব্দ কিছুমান দি কবিতা লিখে। মই বান্ধৱীক সেইবাবে তাইৰ চিঠিসমূহত শ্বায়েৰী লিখাৰ পৰামৰ্শ দিলোঁ৷ ময়েই শ্বায়েৰী সংগ্ৰহ কৰি দিওঁ। এনেও মোৰ আগ্ৰহ আছিল শ্বায়েৰীত, এতিয়া সুবিধা পাই তাইৰ প্ৰেমত ব্যৱহাৰ কৰিলোঁ। ল’ৰাটোক দেখিলেই আমি দুজনীমানে অজয় দেৱগণ বুলি জোকাবলৈ ল’লোঁ৷ তাক চিঠি খন দিয়াৰ দায়িত্ব আছিল মোৰ। মই চিঠিখন দিয়াৰ সময়ত সেইসময়ৰ চিনেমাৰ “য়ে দিল কিয়া কৰে” বুলি জোকাই থৈ আহিছিলো। সেইখন অজয় দেৱগণৰ এখন জনপ্ৰিয় চিনেমা আছিল। সি কেতিয়াবা তাইক চকলেট দিলে মোলৈও এটা দিছিল৷ তাই তাক সন্মুখত দেখিলে নাৰ্ভাচ কৰিছিল। আমি দুজনী মানেহে বেছি পেক পেক কৰিছিলোঁ৷ তেতিয়া মো’বাইল ফোন নাছিল। লেণ্ড লাইন ফোনো কম মানুহৰ ঘৰতহে আছিল ৷ এদিন বান্ধৱীয়ে কেনেবাকৈ সুবিধা মিলাই তালৈ ফোন কৰিলে। সি তাইক শ্বায়েৰীবোৰ বৰ ভাল পোৱা বুলি ক’লে ৷ তেতিয়া তাই তাক ক’লে যে শ্বায়েৰীৰ আইদিয়াবোৰ দৰাচলতে মোৰহে৷

দুদিনমানৰ পিছত লৰাটোৱে মোৰ হাতত চিঠি এখন দিলে৷ মইও বান্ধৱীৰ ওচৰলৈ গৈ বোলো, আজি অজয় দেৱগণক তই লগ নাপালি নেকি, চিঠি মোৰ হাতত দিলে যে। তাই বোলে পাইছিলোঁ, পাহৰিলে চাগে।

তাৰপাছত আমি দুজনীয়ে চিঠিখন খুলিলোঁ। এনেও অজয়ৰ প্ৰেমিকাই আমি পঢ়ি লোৱাৰ পাছতহে পঢ়িবলৈ পায়৷ কিন্ত ই কি! আমি গোটেইকেইজনী স্তম্ভিত হৈ গ’লোঁ। অজয় দেৱগণে চিঠিখন মোৰ নামত দিছে, গোটেইখন শ্বায়েৰীৰে ভৰপূৰ৷ অইনকেইজনীয়ে কিবা কওক চাৰি মোৰ হুৰাহুৰে কান্দোন, কি হ’ব এতিয়া৷ বান্ধৱীয়েহে মোক নিচুকাব লগা হ’ল৷ এয়াহে ভাগ্য মোৰ ! ক’ৰ শ্বাহৰুখ খানৰ সপোন, ক’ত এইয়া চেকেণ্ড হেণ্ড প্ৰেমিক৷

মোৰ বান্ধৱীৰহে এইটো ফটাপ্ৰেম হ’ব আচলতে৷ ল’ৰাটো বহুত দিনলৈ মোৰ পিছত ঘূৰিছিল। মই আৰু কাহানিও নামাতিলোঁ৷ আৰু কেইমাহ মানৰ পাছতেই মেট্ৰিক পাছ কৰি সেইমুৱা নোহোৱা হ’লোঁ৷

☆★☆★☆

8 Comments

  • জোনমনি দত্ত

    কোন আছিল বাৰু সেইগৰাকী৷অলপ চিনাকি যেন লাগিছে

    Reply
  • হেমন্ত কাকতি

    বাহ, তামাম!

    Reply
  • Bhupali Devi

    হাঃ হাঃ হাঃ বঢ়িয়া

    Reply
  • Anjan Sadhanidar

    Atsa তোমাৰো এনে হৈছিল৷ ভাল লাগিল পঢ়ি৷

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • হাঃ হাঃ ভাল লাগিল

    Reply
  • Chayanika Nath

    “ক’ৰবাত ভাল ল’ৰা দেখিলেও কোনটো হিৰ’ৰ লগত মিলে সেইটোহে ভাৱোঁ৷” ??
    ভাল লাগিল পঢ়ি।

    Reply
  • ৰাস্না বৰা

    বৰ ভাল হৈছে । চেকেণ্ডহেণ্ড প্ৰেমিকলৈ দুখ লাগিল দেই। বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *