যোৰানাম গাবলৈ ওলাবি দেই – সদানন্দ দত্ত
ৰহিলাই মামনিৰ ঘৰলৈ গৈ ক’লে –”এই কেইদিন মোৰ কামবোৰ, ইমান বেছি হৈছে?”
মামনি:–হেৰা, এতিয়া কামৰ কথা কৈ নাথাকিবা দেই। বিয়াখনলৈ যাব লাগিব দেই। ছোৱালীজনীৰ মাকে ইমান দঢ়াই দঢ়াই মাতিছে বিয়াখনত ভালকৈ লাগি-ভাগি তুলি দিবলৈ।
ৰহিলা:–ঔ আই, বিয়াখনত নালাগিম কেলেই। ছোৱালীজনীৰ কোন কোন আছে জানিলা নে নাই?
মামনি:–জানিছোঁ, মোমায়েক দুজন আহি ইটো-সিটো কৰি আছে। দদায়েক-খুৰীয়েক আহিল, বৰমাক-বৰদেউতাক আহি আছে বোলে, গধুলি পাবহি।ভালকৈ খীৰাব লাগিব, সকলোৰে চাকৰি আছে। মনিষাক ক’লা নে আহিবলৈ?
ৰহিলা:–কৈছোঁ, কৈছোঁ। আজি মূৰত তেল দিয়া আছে,নাহিলে নহব বুলি কৈছোঁ। তাইৰ ডাঙৰ ল’ৰাটোৰ পৰীক্ষা আছে, নাহো বুলিছিলে, মইহে ক’লোঁ, নাহিলে তাইৰ লোকচান হ’ব। ল’ৰাৰ দেউতাকে গাত লৈছে হেনো, তাই গধুলিৰ ভাত এতিয়াই ৰান্ধি আছে।
এনেতে বাহিৰত ওচৰতে থকা এল পি স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি আহি মাত দিয়াত মামনিয়ে বাহিৰলৈ চাই ক’লে।
মামনি:–আহক বাইদেউ, আহক। ৰহিলা হে, স্কুলৰ বাইদেউ আহিছে, বহিবলৈ দিয়া। অলপতে ৰহিলাও আহিছে,ভালেই হ’ল। বাইদেউ, আপুনি ইমান ধুনীয়াকৈ জোৰানাম গাব জানে। আজি ৰাতিলৈ বিয়ালৈ আহিব দেই।মূৰত তেল দিয়া আছে,মাকে মাতিছে নহয় জানো?
অঞ্জলী:–নাই, ক’ত আমাৰ ভাগ্য হব হয়। কালিলৈ অফিচলৈ গৈ যিবোৰ দিবলৈ কৈছে মাঠা গৰম হৈ আছে। ক’ত বিয়ানাম গাবলৈ সময় হ’ব হয়। কিনো পিডিএফ বুজিয়ে নাপাওঁ। দামী মবাইল কিনি লবলৈ ক’লে, ললোঁ, কি কি যে কৰিব লাগে! দিনে দিনে খানা খোৱাই মবাইলত মেচেজ দিব লাগে। কেনেকৈনো দিয়ে নাজানো, ই ৰাজীৱটো আছে নে নাই। শিকিলেও মনত নেথাকে।হেডবাইদেউ হৈ আপদ পাইছোঁ, আৰু তিনিবছৰ কেনেকৈ যায় লাগিছে। চাকৰি কৰি আমনি পাইছোঁ আৰু।
মামনি:–ই বাইদেউ, সি নাই। কালিয়েই মামাকৰ ঘৰলৈ গল।কালিলৈ আহিবহে।
অঞ্জলি:–তেতিয়া হলে মই যাওঁ, নবহো, বহুত লিখিবলৈ আছে। মৃনালকে বিচাৰি যাওঁ। তোমালোকে কথা পাতা দেই ৰহিলা।
ৰহিলা:–ভাল বাৰু বাইদেউ। শুনা মামনি,তুমি এটা কাম কৰিবা।মেখেলাৰ খুচনিত পঞ্চাশ টকা কেইটামান ল’বা, এটা এটাকৈ। ভালকৈ ল’বা। মই আঁৰ কৰি দিম, ডাঙৰ নোট বেলেগ ঠাইত ভৰাই লুকুৱাই নিবা। ভুলতে ভৰালা বুলি সৰুটো মানে পঞ্চাশটকীয়া নোটটো উলিয়াই দিবা।
মামনি:–সেইটো আন কালৰ দৰে কৰিমেই, এইবাৰ তুমি ভাল বুদ্ধিটো সাজিলা দেই। মই মানে ডাঙৰ নোট শৰাইৰ পৰা লম আৰু ভৰাম ন?
ৰহিলা:–অ’, তুমি পইচা ভৰাই যাবা, মই আঁৰ কৰি দিম। আমাৰ লগত দিপ্তী পেহী থাকিব। পেহীৰ বুদ্ধি যে আৰু বেছি তুমি জানা নে নাই?
মামনি:–কিনো ঔ সেইটো, কোৱা আক’, নক’লে কেনেকৈ জানিম?
ৰহিলা:–পেহীয়ে মবাইল থবলৈ মেখেলাতে পকেট চিলাই লৈছে, মবাইলটো আজি নানে,মোক অথনি কৈছিল।
মামনি:–আঔ, দিপ্তী পেহী কম টেঙৰ নহয় দেই। মবাইলটো নানে কেলেই নো?
ৰহিলা:–ইয়ে আঁকৰীজনী, যোৰানাম গাওঁতে মৰ্টন পেকেট নিদিব জানো, সৰহখিনি ভৰাব,আমি তিনিজনীয়ে পিছত ভগাই লম।হিঃ হিঃ হিঃ।
দিপ্তী:–ঐ, তহঁতি কেইজনী কেলেই ইমান হাঁহিছ? মোকো ক চোন ময়ো হাঁহো।
মামনি:–অ’ পেহীহে, ভয় খাই গলোঁ কোন আহিলে বুলি। পেহীৰ আয়ুস দীঘল, বহুদিন জীয়াই থাকিব দেই। পেহীৰ কথাকে পাতি আছিলোঁ।
দিপ্তী:–মইনো যমৰ ওচৰত কি জগৰ লগাই থৈছোঁ সোনকালে মাৰি নিবলৈ। মোৰ কথা পাতিবলৈ কিহে পালে তহঁতক?
ৰহিলা:–মেখেলাত পকেট, বাঃ পেহী, ক’ত যে বুদ্ধি পায়!
দিপ্তী:–তহঁতে শুন, চাকৰি কৰা দদায়েক, মোমায়েক আৰু খুৰীয়েকহঁতৰ পৰা এহেজাৰ এহেজাৰকৈ নোপোৱালৈকে নেৰিবি।এনেকুৱা ধোৱন দিবি, লাজতে দিবলৈ বাধ্য হব।
ৰহিলা:–ওচৰৰ কেইঘৰক যোৰানাম গাই ওপৰলৈ উঠাবা, তেতিয়া ওচৰৰ তিনি চাৰি ঘৰৰ পৰা টকা এহেজাৰমান উঠিব। মুঠতে সাত হেজাৰমান উঠিব, এইখিনি উঠাবই লাগিব আজি।
মামনি:–আৰু এটা কথা, পাপৰি, বিনিতা, লখিমীহঁত থাকিবই, কিন্তু সিহঁতক সমান ভাগ দিব নোৱাৰি, সিহঁতে যোৰানাম লগত গাইহে, লগাই দিব নেজানে। সিহঁতক শৰাই চাবলৈ নিদিবা।শৰাই দিপ্তী পেহীয়ে ভাঙিব, তেতিয়া কোনেও পাত্তা নাপাব। বিহুনাম মুখস্থ কৰিলা নে?
দিপ্তী:–থ আৰু পায়,বিহুনাম নিজে মুখত ওলাবই,যোৰানামহে ঠিক কৰ। ভালকৈ খুন্দিবলৈ ভাল যোৰানাম লাগিব,তাতহে কেনা নলগাবি। পইচাগাল সৰহকৈ পালে বিয়াখন খাই ভাল লাগে।নহলেনো কি মজা লাগিব।সৰহকৈ দি পাছত মনটো মাৰি থাকক আমাৰ কি আহে যায় ন?শৰাই মই ভাঙি থাকোঁমানে তহঁতি বিহুনাম গাই শৰাই দিওঁতাক নচুৱাই থাকিবি। সেইফালে হাঁহি খিকিন্দালি কৰি থাকে মানে মই শৰাই চাফা কৰিম, কোনেও তৎ ধৰিব নোৱাৰিব।
ৰহিলা:–ছোৱালীৰ মাকজনীৰ বৰ ফুটনি। আজি তেওঁৰ পৰা যোৰানাম গাই দুহেজাৰ উলিয়াম। তোমালোকে লগত থাকিলে মই ৰগৰি দিম।
দিপ্তী:–হেৰ’, মই আছোঁ যেতিয়া তোৰ কিহৰ চিন্তা, তহঁতি আঁৰ কৰিবি, মনত ৰাখিবি, দুশ দিলে পঞ্চাশ টকা দিলে আদি চিঞৰি নকবি,কিমান টকা দিলে কৈ থাকিবলৈ কি দৰ্কাৰ।টকা শব্দটো মুখলৈ নানিবি। আমি টকা পইচাৰ বাবে যোৰানাম নেগাওঁ, তেনেকৈ থাকিবি।কোনেও গমেই নাপাব। হ’ব, সেইমতে কৰিবি।এতিয়া যাওঁ, তহঁতিও পলম নকৰিবি। জোৰানাম গাই বিয়াখনত যদি সৰহকৈ টকা উঠাব নোৱাৰোঁ কি বিয়া খাবা।টকা উঠাব পাৰিলেহে বিয়াখন খাই ভাল লাগে৷
☆★☆★☆