ফটাঢোল

স্বাধীনতাৰ সন্তান – কৌশিক দাস

মই থকা বৃদ্ধাশ্ৰমখনৰ যুৱ পৰিচালকজনে খবৰটো দিলে, “ককা, আপোনাৰ ডাঙৰ ল’ৰাটো আহিছিল!”

“কিয়? বৰবোপা দেখোন এক তাৰিখে আহি গৈছেহে ! অহামাহৰ বৰঙণিটোও দি গ’ল নেকি?”

“নহয়! আপোনাৰ জন্মদিন আয়োজন কৰিছে। নিমন্ত্ৰণ দিবলৈ আহিছিল।

” অ! মোৰ ঘৰত মোৰ জন্মদিনত মোকেই নিমন্ত্ৰণ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে! সেইটোনো কি ইমান উৎসাহত ওফন্দি উঠিবলগীয়া কথা হ’লহে?

” তেনেকৈ নক’ব,ককা! কিমান দেশে-বিদেশে নিচান উৰিব কাইলৈ! গৌৰৱময় ইতিহাসে প্ৰাণ পাব নেতাৰ মুখত ,টিভি,ৰেডিঅ’,সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰিব, আপুনি! “

সকলোৱে জানে …মই কি’হত কিমান স্বাধীন! অথচ তেওঁৰ হাতত তলৰ টোকাটো তুলি দিয়াৰ পূৰ্বে মই কেতিয়াও মুকলি বতাহৰ উপযোগী সাহস গোটাব পৰা নাছিলোঁ!

“শ্ৰদ্ধেয় ৰাইজ, মই আজি বাসত্তৰ বছৰত ভৰি দিলোঁ। বৃদ্ধাশ্ৰমত থাকো। জন্মদিন বুলি মোৰ তেনেকুৱা কৃতিত্ব দোহাৰিব লগীয়া একো নাই! ঐতিহাসিকভাবে মই এজন ব্যৰ্থ পিতৃ! এনেকুৱা এটা দিনত উপস্থিত থকাৰ যোগ্যতা মোৰ নাই! দেশৰ এজন শাসক হিচাপে ডাঙৰবোপাই বৰ জোৰ কৰি নিমন্ত্ৰণ দি আহিছিল। আপোনালোকে বোধহয় ভাবি থাকে, ডাঙৰবোপাই মোৰ বাবে সকলো! শুনক,মই এই দেশৰ প্ৰতিগৰাকী লোকৰে পিতৃ আছিলোঁ। কিন্তু মোৰেই দুৰ্ভাগ্য, সন্তানসকলৰ প্ৰতি সমদৃষ্টি নিক্ষেপ কৰিবলৈ মই কেতিয়াও সক্ষম নহলোঁ! ইয়াৰে দুজনমানক সাম্প্ৰতিক সময়ৰ ভাগ্যনিয়ন্তা বুলি গোটেই বিশ্বই জানে। কিন্তু মোৰ দৰে বুঢ়া মানুহ এজনক শুশ্ৰষা কৰিবলৈহে সিহঁতৰ সামৰ্থ্য নাই। ভালেমান সন্তানৰ খবৰ মই নাপাওঁ! ডাঙৰ বোপাক সিদিনা সোধোতে সিহঁত জীয়াই থকা বুলিয়েই জনাইছিল। মোৰ কিন্তু সন্দেহ থাকি গ’ল, যোৱাবছৰ আত্মহত্যা কৰা কৃষকসকলৰ মাজত নিশ্চিতভাবে মোৰ প্ৰতি আটাইতকৈ শ্ৰদ্ধাশীল সন্তান কেইটামান আছিল! গৌৰৱ নে কলংক নাজানো, মোৰ আলাসৰ লাড়ুস্বৰূপা সৰু ছোৱালীজনীয়ে বলিউড -হলিউডৰ সমান্তৰালকৈ পৰ্ণজগততো আলোড়ন তুলিবলৈ সক্ষম হৈছে। আচৰিতধৰণে মানুহবোৰ তাইৰ নামত পাগল। কিন্তু ইয়াৰ বিপৰীতে আপোনালোকে বিশ্বাস কৰিবনে, মোৰ ডাঙৰজনী ছোৱালীক অলপতে বলাৎকাৰ কৰি হত্যা কৰা হৈছিল। খোদ ৰাজধানীৰ ওচৰতে। নিউজৰ ভিডিঅ’ত স্পষ্টকৈ দেখিছিলোঁ, পুলিচৰ সন্মুখতে কেনেকৈ সকলো শেষ হৈ গৈছিল! পিতৃ হৈও মই এনে বহুত নিন্দনীয়, বৰ্বৰ ঘটনাক নিৰৱে দৰ্শন কৰিলোঁ! মোৰ আৰু সামৰ্থ নোহোৱা হৈ আহিছে ,ডাঙৰবোপা! এতিয়ালৈকে তই যি কৈছ তাকে মানি থাকোতে বহুত পলম হৈ গ’ল! আৰু নোৱাৰিম, মোক বিচাৰি হায়ৰাণ হোৱা মোৰ অখ্যাত সন্তান সকলৰ বাবেই ওলাই আহিলোঁ।”

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *