ফটাঢোল

দৈৱদুৰ্বিপাক – নমিতা কোঁৱৰ গগৈ

গগৈৰ ল’ৰা-ছোৱালী হালৰ কুকুৰলৈ বৰ মৰম। এদিন স্কুলৰপৰা আহোতেই ল’ৰাটোৱে কুকুৰৰ পোৱালী এটা বাটৰপৰাই উঠাই আনি ঘৰ সোমোৱালেহি। নিজৰ ভাত তৰকাৰীখিনিকে সানি খাব নজনা ল’ৰা-ছোৱালী হালে পোৱালীটোৰ লগতে ধেমালি কৰি খুৱাই-বুৱাই কুকুৰ পোৱালিটো ছয় বছৰীয়া কৰিলে।

এই কেইবছৰতে গগৈৰ ঘৰত বহুত নিয়ম হ’ল। যেনে_ কুকুৰটোক কোনেও তাৰ জাতত ধৰি মাতিব নোৱাৰিব। কোনোবাই কেনেবাকৈ মাতিলেও গগৈৰ ছোৱালীজনীয়ে শুধৰাই দিয়ে। “কিয় তাক তেনেকৈ মাতিছা? আমাৰ যেনেকৈ নাম আছে,তাৰো নাম আছে। মোক কি তোমালোকে মানুহ বুলি মাতা নেকি? তাকো তাৰ নামেৰে মাতিবা।” অভ্যাগতে সেমেনা সেমেনি কৰে।

গগৈৰ জীয়েকৰ মুখখনৰ লগত আৰু ফেপেৰি পতাৰ সাহস কাৰো নাথাকে।তাৰ ধুনীয়া বিদেশী নামটোৰ সতে বলিউডৰ তাৰকা এজনৰ নিক্ নামটো মিলে। তাৰ নাম আকি(Aki)। সিমানেই নহয়, গগৈৰ পৰিয়ালৰ এজন হৈ মা.পাপা,দাদা,বা সম্বোধনবোৰো নিজৰ কৰি ল’লে।

স্কুলত পঢ়া ল’ৰা-ছোৱালী হাল ক’লেজ, ইউনিভাৰ্চিটি পালেগৈ। সময়ৰ লগে লগে এই ছবছৰতে আকি চফল ডেক হ’ল। ডেকাৰ সৌন্দৰ্য্যত আকৰ্ষিত হৈ গগৈৰ ঘৰৰ আগে পাছে কুকুৰ ‘ছোৱালী’বোৰৰ আহ যাহ৷ আৰু সিহতৰ পিছে পিছে ঘুৰা দুই এক ডেকা৷ কিন্তু সিঁহতৰ প্ৰতি আকিৰ জ্ঞাতি বিদ্বেষ৷ (এইবোৰ কৈ বা লিখি ভাল নালাগে)

ক’লেজ -ইউনিভাৰ্চিটিলৈ গগৈৰ ল’ৰা-ছোৱালী দুটা ভাগে ভাগে ওলাই যোৱাৰ পিছত ইটোৱে সিটোৰ মুখলৈ চাবলৈকে গগৈৰ ঘৰত মুঠেই তিনিটা প্ৰাণী। গগৈ.গগৈনী আৰু আকি। ল’ৰা-ছোৱালীদুটাৰ ভাগৰ মৰমকণো দাবী কৰি লবলৈও কেৱল আকি। কিন্তু হ’লে কি হ’ব, গেইটৰ বাহিৰৰ জগতখনেহে আকিক হাত বাউলী মাতি থাকে।খালী ঘৰখনত সি থাকিব নোখোজে। গেইটখনৰ ঢিলা তাঁৰবোৰ দাঁতেৰে ইফাল সিফাল কৰি সুৰুঙা উলিয়াই পলায়। এনেকৈ পলালেই আকিৰ পিছে পিছে গগৈনীৰ অলিম্পিকৰ ‘হান্দ্ৰেড মিটাৰ’ দৌৰ আৰম্ভ হয়। তেওঁৰ অনুসৰণ কৰে হাতত আকিক বন্ধা শিকলি ডাল লৈ বনকৰা ছোৱালী ৰূমা। কিছুদুৰ যোৱাৰ পিছত ৰাস্তাৰ কাষৰ ঘাঁহবন শুঙি আকি ৰৈ যায়। তেতিয়া গগৈনীও এবাৰ নিজৰ পিন্ধা কাপোৰসাজলৈ আৰু চাৰিওফালে চকুৰে মনিব পৰালৈকে কাৰোবাক ঘৰুৱা পোছাকেৰে দৌৰৰ eye witness থাকি গ’ল নেকি চকু ফুৰাই লয়। তাৰ পিছত আৰম্ভ হয় আকিক কৰা অনুৰোধ, চল কৰি কাষলৈ মতাৰ পৰ্ব। “আহ মোনো আহ, মাকৰ ওচৰলৈ কোন আহিব?” নাই আকিৰ ভ্ৰুক্ষেপ নাই । গগৈনীয়ে ৰূমাক কয় “আহচোন তই মোক ধৰ” ৰূমাই গগৈনীক সাৱটি ধৰে।৷ “ৰূমাই মাক ললে আকি”। আকি দৌৰি আহি গগৈনী আৰু ৰূমাৰ চাৰিওফালে ঘূৰে। ওচৰ চপা দেখি ধৰিবলৈ চাপৰোতেই,পুনৰ তাৰ ভিৰাই লৰ। উফ্। এইবাৰ গগৈনীয়ে স্থান কাল নোচোৱাকৈয়ে উজুটি খোৱাৰ একটিং কৰি মাজ ৰাস্তাতে বহি পৰে। ইম’চনেল ব্লেকমেইলিং! আকি একেদৌৰে গগৈনীৰ কাষ পায়হি।মানুহজনীক শুঙি চায়। নাকটোৰে হেঁচুকি দিয়ে। মুখৰ ওচৰলৈ মুখখননি কিবা যেন কব খোজে। তেতিয়া লগে লগে গগৈনীয়ে আকিৰ কলাৰ ডালত থাপমাৰি ধৰি চেইনালেৰে বান্ধি ঘৰ সোমায়।

গগৈৰ চাকৰিত প্ৰমোচন হ’ল। প্ৰমোচনৰ লগে লগে কোম্পানীৰ দা-দায়িত্ব আৰু সা-সুবিধা সকলো বাঢ়িল। দায়িত্ব বঢ়াৰ লগত পৰিয়ালৰ আন সদস্যৰ কোনো বিশেষ টেনচন নাথাকিলেও সা-সুবিধা খিনিৰ বিষয়ে পূৱা গধূলি এটা আলোচনাৰ মুখ্য বিষয় হৈ থাকিল। প্ৰথম এটা ডাঙৰ ঘৰ পাব। ঘৰটো duplex হব। অকলশৰীয়া এটা। গগৈনীৰ উলাহত তৎ নাই ৷যিদিনা ঘৰটোত সোমোৱাৰ আগতে প্ৰথমবাৰ ঘৰ চাবলৈ গৈছিল। সাত ফুটিয়া ৱালেৰে নিকপকপীয়া বাউন্দেৰী। গগৈনীয়ে গগৈক ক’লে,”বুজিছা,এই কুৱাটাৰটোলৈ আহিলে আমাৰ বৰ সুবিধা হ’ব। গেইট বন্ধ কৰি আকিক মুকলিত খেলি থাকিবলৈ দিব পাৰিম।” গগৈয়ে বোলে,”কুৱাটাৰ নহয় বাংলো,”.অ’ হয়তো, এয়া কোম্পানীৰ জেনেৰেল মেনেজাৰৰ বাংলো।”

নতুন ঘৰৰ সা-সুবিধা খিনি গগৈনীয়ে প্ৰথম দিনাই বুজি উঠিল। মগেৰে বাল্টিৰপৰা পানী তুলি গা ধুৱাওঁতে টনটনোৱা ককালটোৱে আৰু কষ্ট নাপায়। টেলিফোন চাৱাৰেৰে গা ধুৱাই উঠি গগৈনীয়ে ফুৰ্ত্তিতে চিঞৰি দিলে, “আজিহে আকিটোক G M ৰ পুতেক পুতেক লাগিছে।” কমখন সুবিধা নে, এই বাংলোটোত। সাত ফুটিয়া ওখ নিঃছিদ্ৰ পকী ৱাল। গেইটত আকৌ বাহিৰৰপৰা নেদেখাকৈ ফাইবাৰৰ শ্বীট। বচ্ গেইটখন বন্ধ কৰা, ভিতৰৰ ফালৰ পৰা এটা বিশেষ কাইদাৰে মাজৰ এলড্ৰপটো ফঁচাই দিয়া। হৈ গ’ল আৰু কাৰো সাধ্য নাই বাহিৰৰপৰা কোনোবাই গেইট খুলিব পাৰিব। আৰু চাৰিবেৰৰ মাজত আকি অবাধ বিন্দাছ জীৱন।

মুকলিত দৌৰা-দৌৰি কৰিবলৈ পাই এসপ্তাহতে আকিৰ গালৈ যেন বেছি বল আহিল। গগৈৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত প্ৰৱেশ কৰিব খোজা প্ৰতি জনকে তাৰ চোকা দাঁত আৰু নখ দেখুৱাই ভতুৱাৰ ভাষাৰে যি ককৰ্থনা জোৰে। এতিয়া কোম্পানীৰ তৰফৰপৰা পোৱা সুবিধা অনুসৰি গগৈৰ ঘৰত কাম কৰিবলৈ মালী আহে, পূৱা-দুপৰীয়া আৰু ৰাতি ৰান্ধনী আহে, ঝাড়ু দিবলৈ কৰিবলৈ চুইপাৰ আহে আৰু বাকী অন্যান্য সহায়ৰ বাবে ৰূমা আছেই। এই নতুন মানুহখিনি আকিৰ পৰিচিত। ওচৰচুবুৰীয়াৰ গগৈৰ ঘৰলৈ নাহিলেও চলে। উপৰোক্তসকল কিন্তু আহিবই। নিজৰ নিজৰ চাকৰি বচাই ৰখাৰ কথা আছে। সেইয়ে আকিয়ে যিমান ভূকিলেও আহিবই।

গগৈনীয়ে সকলোকে সময় বান্ধি দিছে। ৰান্ধনি আৰু ঝাড়ুৱালা পূৱা ৮ বজাত আহিব। তাৰ এক মিনিটৰো আগে নহয়। আঠ বজাৰ ঠিক আগে আগে গগৈনীয়ে আকিকলৈ দুৱাৰ বন্ধ কৰি শোঁৱনি কোঠাত সোমাই থাকে। এই সময়ছোৱাত গগৈনীৰ কাৰোবাক কিবা কবলগীয়া থাকিলে যোগাযোগৰ মাধ্যম কেৱল ৰূমা। কব লগা যেনে ধৰক- শোৱণী কোঠাৰ দুৱাৰখন কাণিদুৱৰীকৈ ধৰি গগৈনীয়ে মাত দিয়ে,”ৰূমা শুনচোন”। ৰূমা আহে। গগৈনীয়ে যাক যি নিৰ্দেশ দিব লগা থাকে ৰূমাকে কৈ পঠায়। যেনে,”ৰান্ধনিক জাতি লাওৰ তৰকাৰীত জিৰা, ধনিয়াৰ, গুড়ি নিদিবলৈ ক।”

“চুইপাৰক হাৰপিক বেছিকে নেঢালি জোখত দিবলৈ ক।” এনেকৈ গগৈনীৰ নিৰ্দেশখিনি ৰান্ধনি ,চুইপাৰ মালিক দিওঁতে তাইৰ পজিচনটো চুপাৰভাইজাৰলৈ উন্নীত হ’ল।

মুঠতে গগৈৰ প্ৰমোচন হবৰেপৰা মানুহজনীয়ে এগজ কুটাও দুগজ কৰিব নালাগে। কেৱল বাহিৰা মানুহখিনৰ পৰা আকিক আঁতৰাই ৰাখিব লাগে। গতিকে বনকৰা মানুহখিনি অহাৰ আগে আগে তাক শিঁকলিডাল পিন্ধাই এবাৰ বেডৰূম এবাৰ বেলক’নি কৰি থাকিবই লাগে।

সি, মানে আকিয়ে, বাউণ্ডেৰীৰ ভিতৰত ঘাঁহ-বন শুঙি শুঙি ঘুৰি ফুৰাৰ সময়ত গগৈৰ গাড়ীখনৰ চকাকেইটা আৰু গেইটখনৰ ঠায়ে ঠায়ে বাৰে বাৰে গৈ প্ৰসাৱ কৰে। মানে সেই ঠাইবিলাক তাৰ অধিকাৰ ক্ষেত্রৰ ভিতৰৰ। এই সময়ছোৱাত কোনোবা আগন্তুক ঘৰলৈ আহিলে মহা পয়মালখন হয়। প্ৰথমতে আকিয়ে সৰ্বশক্তিৰে চিঞৰ-বাখৰ কৰি কাৰো মাত কোনেও নুশুনা কৰে। আৰু দ্বিতীয়তে গগৈনীয়ে হাতত লৈ থকা শিকলি ডালৰে বান্ধিব পৰাকৈ ধৰা নিদিয়ে । ফলত গগৈনীয়ে তাক কাবু কৰিবলৈ দহ মিনিটমান দৌৰা- দৌৰি কৰিব লগা হয়।
এদিন ৰাতিপুৱা গগৈয়ে মৰ্ণিং ৱাক কৰি ঘৰ সোমাইছেহি। এইখন টাউনশ্বিপত আৱাসীক এলেকাটো ঘেৰি খোজকাঢ়ি ফুৰিবলৈ বৰ ধুনীয়া ৰাস্তা আছে। টাউনশ্বিপৰ মেইন গেইটৰ উপৰিও চাৰিফালে চাৰিটা পোষ্টত চাৰিজন টাউনশ্বিপ চিকিঅ’ৰিটি গাৰ্ডে ডিউটি কৰে। স্বাস্থ্য ৰক্ষা তথা ফিটনেচৰ বাবে খোজকঢ়া ৰাস্তাটোৰ কাষে কাষেই এই পোষ্টবোৰ। গগৈয়ে আহি গেইটখন বিশেষ কায়দাৰে বন্ধ কৰি দিলত গগৈনীয়ে আকিক চোতালত ঘুৰি ফুৰক বুলি এৰি দিলে। জোতা- মোজা খুলি গগৈ গগৈনীৰ সৈতে চাহ খাবলৈ বহিছেহে। আন দিনা এই সময়ত গগৈনীয়ে “চাহ খোৱাহি ” বুলি গগৈক দিয়া মাতটোতে আকি আহি তেওঁলোকৰ কাষ পায়হি তাৰ ভাগৰ বিস্কুট কেইটা খাবলৈ। আজি কিন্তু কাৰোবাৰ উমান পাই
আকিয়ে চিঞৰি তাল ফাল লগাইছে। গগৈনীয়ে এবাৰ গেইটৰ মুখলৈ গৈ চাই আহি গাৰ্ড এজন আহিছে বুলি ক’লত গগৈৰ চিন্তাত কপাল থুপ খালে। ‘কিবা প্ৰব্লেম?’ চিন্তা নহবই বা কিয়? এইবাৰ প্ৰমোচনতে গগৈ চিকিউৰিটি বিভাগৰো মূৰব্বী হৈছে। গতিকে সসমস্যাৰ গুৰুত্ব বুজি যৰে চাহ ত’তে এৰি এহাতে শিকলি লৈ আকিক বান্ধিবলৈ গগৈনী দৌৰিল।

প্ৰায় দহ মিনিট দৌৰা দৌৰিৰ পিছত আকি গগৈনীৰ হাতলৈ আহিল। গগৈনীয়ে এহাতে আকিৰ শিকল ধৰি ফোপাইছে আৰু বহু সময় ভূকি,দৌৰি আৰু ভাগৰি আকিও শান্ত হৈছে। চাহকাপ খাই গগৈ গেইটৰ কাষ পালত গগৈনীও কাণ উনাই ৰৈছে কিবা কথা বুলি। গগৈক দেখাৰ লগে লগে গাৰ্ডে জোতাৰে কটপকৈ শব্দ এটা কৰি ,চেল্যুট এটা দি ক’লে “Good morning sir.”
এই ফালৰপৰা লগে লগে প্ৰশ্ন “ক্যা প্ৰব্লেম?”

সেইবাৰ হাতযোৰ কৰি “চাৰ আপ জব মৰ্ণিং ৱাক পে গেয়ে থে তব সছমে আপকো পেহচানে ম্যে গলতি হ’ গেয়া, তব চ্যেলুট কৰ নেহী পায়া ইচলিয়ে ৰিলিভাৰ আতেহি ম্যে য়াহা চলা আয়া। আপ হামাৰে নয়া in charge হ’ ইচলিয়ে।”

………. গগৈনীৰ ফোপনীৰ লগতে দাঁত কৰচণিও আৰম্ভ হ’ল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *