ফটাঢোল

উফ্ ৰক্ষা – সদানন্দ ভূঞা

ৰাতিপুৱাৰে পৰা বুকুখন অলপ অলপ বিষাই আছিল। কিবা অলস অলস ভাৱ এটাই বৰকৈ আমনি কৰি আছিল। দেহাটোত কিবা ভাগৰ ভাগৰ লগা যেন লাগি আছিল। খাবলৈও বৰ এটা মন যোৱা নাছিল যদিও যেনেতেনেহে খোৱা হৈছিল। তাৰমাজতে চাকৰিৰ ব্যস্ততায়ো আজি ভালেখিনি কষ্ট দিলে। ঘৰৰ সকলোৱে মোৰ অৱস্থা দেখি কিংকৰ্তব্যবিমুঢ় হ’ব বুলি ভাবি যিমান পাৰি সিমান সহজ হৈ থাকিবলৈ যত্ন কৰিছোঁ। তথাপিতো তাৰ মাজতে যেন কেতিয়াবা কেতিয়াবা বিষটো এনেকৈ মোচৰ মাৰি ধৰে যেন বুকুখন খামুচি ধৰিম। কিন্তু যেনেতেনে সহ্য কৰি থাকোঁ।

নিশা দহমান বজালৈকে ফেচবুক আৰু টিভিত ব্যস্ত থাকি শুবলৈ বুলি গৈ শৰীৰটো শেতেলিত পেলাই দিলোঁ।  টোপনি অহা নাই। মনৰ ভিতৰত অজান ভয় এটাই বাৰুকৈয়ে আমনি কৰি আছে।  ভাৱ হৈছে আজি ৰাতিটোতে যেন কিবা এটা হ’ব। কিন্তু কি হ’ব ? উশাহবোৰ ঘন ঘন হৈছে। বুকুখনত কিহবাই হেঁচা মাৰি ধৰিছে। বুকুখন বৰকৈ বিষাইছে। বুকুখন অলপ মোহাৰি লওঁ বুলি ভাবিও হাত দুখন লৰচৰ কৰিব পৰা নাই। ভৰি দুখনো জথৰ হৈ গৈছে। ডিঙিটোত যেন কোনোবাই হেঁচা মাৰি ধৰিছে।  ডিঙিৰ পৰা যেন গো গোঁ শব্দ ওলাইছে। পানী খাবলৈ মন গৈছে যদিও কিবা যেন অজান শক্তি এটাই মোক উঠিবলৈ দিয়া নাই। চকু দুটা জাপ খুৱাওঁ বুলিও জপাব পৰা নাই। দুচকুৰে দুধাৰি চকুলো বাগৰি আহিছে। এতিয়াই যেন কিবা এটা অঘটন হ’ব, সেই ভয়ে মোৰ অন্তৰাত্মা কঁপাই তুলিছে। বহুজনে যেন মোৰ ওচৰত ঘন ঘনকৈ উশাহ লৈছে তেনেকুৱা লাগিছে। কোনোবাই যেন অবুজ ভাষাত কিবা কথা পাতি আছে। দহ বাৰটামান ছায়ামূৰ্তি অস্পষ্টৰূপত দেখা পাইছোঁ। লাহে লাহে ছায়ামূৰ্তিকেইটা স্পষ্ট হৈ আহিছে। বাপৰে বাপ, কি ভয়ংকৰ চেহেৰা ছায়ামূৰ্তিকেইটাৰ! কিম্ভুত-কিমাকাৰ ৰূপ। গৰিলাৰ দৰেও নহয় বা চিম্পাঞ্জীৰ দৰেও নহয়। দীঘল দীঘল নোমেৰে আবৃত একো একোটা ভয়ানক দৈত্যকায় চেহেৰা মোৰ চাৰিওফালে ঘূৰি ফুৰিছে। মূৰত গৰুৰ দৰে দুটা শিং, জটায়ুতকৈও ডাঙৰ দুখন দুখন পাখি, টেলেকা-টেলেককৈ চাই থকা চকুকেইটা ৰবাব টেঙাটোতকৈও ডাঙৰ। চকুকেইটাৰে ভমক ভমককৈ জুই নিগৰি আছে। বগা বগা কুকুৰ-দাঁতকেইটা এহাতমান দীঘলকৈ ওলাই আছে। চুলিবোৰো দীঘল দীঘল জুটুলা-জুটুলী। ভয়তে কেনেকৈ মোৰ ধূতীখন তিতি থাকিল, গমকেই নাপালোঁ।

ভয়ে ভয়ে মই সুধিলোঁ, “আপোনালোক কোন” ?
আটাইকেইটাই একেলগে ক’লে, “ আমি যমদূত। তোক যমনগৰলৈ নিবলৈ আহিছোঁ”।

মোৰ ভয়তে কলখোৱা ধাতু বাজ হওঁ হওঁ। ভয়তে অজামিলে যিদৰে মৃত্যুৰ সময়ত নাৰায়ণ নাৰায়ণ বুলি চিঞৰি যমনগৰীৰ পৰিৱৰ্তে স্বৰ্গৰাজ্য পাইছিল ঠিক একেদৰে ময়ো নাৰায়ণ নাৰায়ণ বুলি চিঞৰিবলৈ ল’লোঁ। যমনগৰৰ সলনি স্বৰ্গৰাজ্যলৈ নিনিলেও মৰততে আৰু কিছু বছৰ থকাৰ সুযোগকণ কৰি দিয়ে যেন। নাই, নাৰায়ণ নাৰায়ণ বুলি চিঞৰাৰ একো লাভেই নহ’ল। প্ৰভূ নাৰায়ণৰ দূতৰ দেখা সাক্ষাৎ নাপাই যমদূতকেইজনকে ক’লোঁ, “হে মহান যমনগৰৰ দূতসকল, এই অধমে ইমান সোনকালে যমনগৰলৈ যাবলৈ ইচ্ছা কৰা নাই। এই মৰতত মোৰ সংসাৰখনৰ বাবে কৰিবলগীয়া বহু কামেই এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে এইবাৰলৈ কেলঢোপ কেলঢোপকৈ জীয়াই থাকিবলৈকে হ’লেও এই মৰততে এৰি যাওক প্ৰভূসকল। যমদূত এজনে ক’লে, “নাই, নহ’ব। তোক নিবলৈ আমাৰ যমৰাজ মহাৰাজে আদেশ জাৰি কৰিছে। তোক নিনিয়াকৈ গ’লে মহাৰাজে কি শাস্তি দিব জাননে?  দৰ্মহা বন্ধ কৰি থ’ব। দৰ্মহা বন্ধ হ’লে আমি আমাৰ সংসাৰ কেনেকৈ চলাম?  গতিকে তই আমাৰ লগত যাবই লাগিব। দেৰি নকৰি সোনকালে ওলা। নিজৰ কাপোৰ-কানিৰ টোপোলাটো, নিজৰ সকলো নথি পত্ৰ আৰু মোবাইলটো লগত লৈ লবি। উঠ উঠ, সোনকাল কৰ। কি কৰিম, উপাইতো নাই আৰু। হেজাৰ কাকূতি-মিনতি কৰিলেও, ইনাই-বিনাই কান্দিলেও ইহঁতে জানো নিনিয়াকৈ থাকিব?  ইহঁতৰ গাতো দোষ নাই। নিবই লাগিব, ৰজাৰ আদেশ। উঠিয়েই দিওঁ আৰু। হাৰে, এয়া কি ? মইচোন একেবাৰে কোনো কষ্ট নোহোৱাকৈ আলাসতে বিচনাৰ পৰা উঠি আহিলোঁ। কি আচৰিত, মইচোন মাটিত ভৰি নিদিয়াকৈ ওপঙি ওপঙি কামবোৰ কৰি ফুৰিছোঁ। যেনেকৈয়ে নহওক মই কাপোৰসাজ পিন্ধি কাপোৰ-কানিৰ টোপোলাটো, নথি-পত্ৰ থকা ফাইল বেগটো আৰু মোবাইলটো লৈ যাবলৈ সাজু হ’লোঁ।

দুজন যমদূতে মোৰ দুখন হাতৰ বাউসিত ধৰি ল’লে আৰু ওপৰলৈ উৰা মাৰিলে। বাকীকেইজনে দেহৰক্ষীৰ দৰে অগাপিচাকৈ উৰি যাব ধৰিলে। দুৰন্ত গতিত আকাশী পথৰে মোক উৰুৱাই লৈ গৈ আছে। মোৰ মনত দেখোন ভয় ভাৱ নোহোৱা হৈ গ’ল। ঘৰখননো কেনেকৈ আছে চাওঁ বুলি ভাবি ঘৰখনলৈ চকু দিলোঁ। এয়া কি দেখিছোঁ মই ? মইচোন বিচনাতে পৰি আছোঁ। মোৰ কাষতে মোৰ মৰমৰ পত্নী ঘোৰ নিদ্ৰাত। মোৰ ল’ৰাটোও এখন বিচনাত আৰু ছোৱালীজনীও বেলেগ এখন বিচনাত শুই নিঃপালি দি আছে। মোৰ শৰীৰটো মোৰ ঘৰত আৰু মই ওপৰলৈ উৰি গৈ আছোঁ। এইয়া কেনেকৈ সম্ভৱ? যমদূতে মোক যমনগৰলৈ বুলি আনি আছে। মোৰ মূৰটো আছন্দ্ৰাই কৰিব ধৰিলে। তাৰমানে মই সচাকৈয়ে মৰি থাকিলোঁ নেকি? হে ভগৱান, এয়া তুমি কি কৰিলা ? এতিয়া মোৰ পৰিয়ালৰ কি অৱস্থা হ’ব?  ৰাতিপুৱা শুই উঠি মোৰ নিথৰ দেহটো দেখিলে মোৰ মৰমৰ মানুহজনীৰ কি গতি হ’ব ?  মোৰ ল’ৰা-ছোৱালী দুটাই কেনেকৈ শান্তিত থাকিব পাৰিব ?  ৰাতিপুৱা হ’লেই গোটেইখন কন্দা-কটা হুলস্থূল হ’ব। বাকী দিবলগীয়া গেলামালৰ দোকানীটোৱে, এক লাখ টকা ঋণ দিয়া কাবুলীৱালাটোৱে, পাঁচ মাহ গাখীৰৰ পইচা দিব নোৱাৰা গাখীৰ বেপাৰীটোৱে, এবছৰে বিছ হাজাৰ টকা পৰিশোধ কৰিব নোৱৰা কাপোৰ বেপাৰীটোৱে কান্দি কান্দি চিঞৰত গগন ফালিব। ‘হায়ৈ মোৰ কপাল’ বুলি কৈ বুকুৰ মাজত গুজৰি উঠা কান্দোনবোৰ হাও হাওকৈ ওলাই আহিল। মোৰ কান্দোন শুনি মোৰ হাতৰ বাউসিত ধৰি অহা এটা যমদূতে ক’লে, “অই কেলেহুৱা, চুপ থাক। ইমানকৈ দেদাউৰি পাৰি আহিব নালাগে”। ময়ো খঙতে ক’লোঁ, “ইহ, তহঁতে মোক মাৰি মেলি লৈ আনিছ আৰু এতিয়া ভেকেহা মাৰি দেখুৱাব আহিছ। কালি ৰাতিপুৱা কি হ’ব সেইটো জনাৰ পিচত নকন্দাকৈ থাকিব পাৰি নেকি কিবা” ? উৰি উৰি গৈ শেষত যমনগৰত উপস্থিত হ’লোঁ। যমদূতসকলে মোক যমৰজাৰ বিচাৰকক্ষলৈ লৈ গ’ল।

বিচাৰকক্ষত মোক এখন প্লাষ্টিকৰ চকীত বহিব দিলে। তেতিয়ালৈকে বিচাৰ কক্ষত যমৰাজ আৰু চিত্ৰগুপ্ত উপস্থিত হোৱা নাই। কোঠাটো বৰ আটকধুনীয়াকৈ সজোৱা আছে। যমৰাজৰ সিংহাসনখন সোণেৰে বনোৱা আৰু চিত্ৰগুপ্তৰ আসনখন ৰূপেৰে বনোৱা। কোঠাটোত মস্ত ডাঙৰ এলইডি টিভি এটা। যমৰজাৰ আসনৰ সন্মুখৰ ফালে এখন চিকচিকীয়া মাৰ্বলেৰে বনোৱা টেবুল এখনৰ ওপৰত ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ ডাঙৰ ডাঙৰ বাল্ব। চিত্ৰগুপ্তৰ আসনৰ সন্মুখত এটা মস্ত ডাঙৰ এলইডি কম্পিউটাৰ। এনেতে ‘হু হু হা হা’ কৰি ভয়ানক অট্টহাস্য মাৰি যমৰাজ আৰু শান্ত শিষ্ট গতিৰে চিত্ৰগুপ্ত সোমাই আহিল। ভয়ানক অট্টহাস্যত গোটেই বিচাৰকক্ষ কঁপি উঠিল। তাতোকৈ সাংঘাটিক ভয়ানক যমৰাজৰ চেহেৰা আৰু ৰেহ-ৰূপ। চিনেমা বা টিভিৰ চিৰিয়েলত দেখুৱাতকৈও ভয়ানক প্ৰকৃত যমৰাজ। বনৰীয়া ম’হৰ দৰে দীঘল দীঘল দুটা শিং, ডেৰহাত মান দীঘল দীঘল কুকুৰ দাঁতকেইটা, জপৰা দীঘল চুলিখিনিৰ ওপৰত দুহাতমান দীঘল সোণৰ ৰাজমুকুট আৰু মস্ত একোচা গোঁফ। হাতত তিনি কুইন্টলমান ওজনৰ সোণৰ গদা এটা। ইয়াৰ বিপৰীতে চিত্ৰগুপ্ত মথুৰা পাগ এটাৰে সাইলাখ আমাৰ অসমৰ এজন শুদ্ধ ভকত। দুয়োজনে আসন গ্ৰহণ কৰাৰ পিচত গলগলীয়া ভয়ংকৰ মাত এটাৰে যমৰাজে ক’লে,
যম:- ভয় কৰিব নালাগে। চিত্ৰগুপ্তই আপোনাক কিছুমান প্ৰশ্ন সুধিব। আপুনি যদি সঁচা কথাৰে উত্তৰ দিয়ে তেন্তে আপোনাৰ শাস্তি লঘূ হ’ব। নহ’লে কঠোৰতকৈ কঠোৰতম শাস্তি বিহা হ’ব।
মই:- (ভয়তে তৎ নাই) হ’ব জাহাপনা, ধেইত নহয় মহাৰাজ।
চিত্ৰগুপ্ত:- চাওক, আপোনাৰ সন্মুখত তিনিটা লাইট আছে। যদি আপুনি মিছা কথা কয় তেন্তে ৰঙা লাইটটো জ্বলিব। যদি আপোনাৰ উত্তৰৰ আংশিক সত্যতা আছে তেন্তে নীলা লাইটটো জ্বলিব আৰু যদি আপুনি একেবাৰে সঁচা কথা কৈছে তেন্তে সেউজীয়া লাইটটো জ্বলিব। ইয়াৰ লগতে এই যে টিভিটো দেখিছে ইয়াত আমাৰ বিচাৰৰ পিচত কি কি কাৰণত কেনেকুৱা শাস্তি বিহা হয় সেইয়া আপোনাক দেখুওৱা হ’ব। গতিকে সম্পূৰ্ণ সঁচা উত্তৰ দিব বুলি আশা ৰাখিলোঁ। এইবুলি কৈ চিত্ৰগুপ্তই লাইটৰ চুইচ দিয়াৰ লগে লগে লাইটকেইটা জ্বলি উঠিল। টিভিৰ চুইচটো দিয়াৰ লগে লগে টিভিৰ পৰ্দাখনত ৰঙা নীলা আঁচ কিছুমান জিলিকি উঠিল। লগে লগেই কেইটামান বাক্যও জিলিকি উঠিল। বাক্যকেইটা আছিল, “ আপোনাক যমনগৰীলৈ স্বাগতম। সঁচা কথা ক’ব। জানিব, সঁচা কথাৰ মৰণ নাই”।
চিত্ৰগুপ্ত:- আপুনি শিশু কালত দুষ্ট আছিল?
মই:- নাই হুজুৰ, মই শান্ত-শিষ্ট আছিলোঁ। (লগে লগে ৰঙা লাইটটো পিপ পিপকৈ জ্বলি উঠিল। ইফালে টিভিটোত দেখিলোঁ এজন মানুহক ডিঙিত নাঙল যুৱলি লগাই পিটি পিটি হাল বাই আছে। পৰ্দাখনত লিখা আছে গৰু ম’হক পিতি পিতি হাল বোৱা কৃষকৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি মিছা কথা কৈছে।
মই:- হয় হুজুৰ, অলপ অলপ দুষ্ট আছিলোঁ। (লগে লগে পিপ পিপকৈ নীলা লাইটটো জ্বলি উঠিল। টিভিটোত দেখিলোঁ, মানুহ এজনক চোৰাত পাত, চমতা আৰু সৌকাৰে পিটি থকা দৃশ্য। পৰ্দাখনত লিখা আছে চোৰৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি স্কুলীয়া জীৱনত বন্ধু-বান্ধৱীৰ লগত কাজিয়া, মাৰপিট আদি কৰিছিল ?
মই:- নাই কৰা হুজুৰ। (আকৌ ৰঙা লাইটটো জ্বলি উঠিল। টিভিৰ পৰ্দাখনত দেখিলোঁ যমদূত দুজনে এজন মানুহক জীয়াই জীয়াই এখন দীঘল কৰটেৰে ৰেপি ৰেপি কাটি আছে। পৰ্দাখনত লিখা আছে ডকাইতৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি মিছা মাতিছে।
মই:- মাজে মাজে কেতিয়াবা কৰিছিলোঁ। (এইবাৰো নীলা লাইটটো জ্বলি উঠিল)।
চিত্ৰগুপ্ত:- আপুনি জীৱনত মিছা কথা কৈ পাইছিলনে ?
মই:- মই জীৱনত কেতিয়াও মিছা কথা কৈ পোৱাই নাই। কাৰণ মই জানো, মিছা কথাৰ ঠেং চুটি। (ৰঙা লাইটটো জ্বলি উঠিল। টিভিৰ পৰ্দাত দেখিলোঁ এজনী মহিলাৰ জিভাখন এখন কৰটেৰে কাটি আছে। পৰ্দাত লিখা আছে মিছা কথা কোৱাৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি মিছা কথা কৈছে।
মই:- হয় হয় হুজুৰ, কেতিয়াবা কেতিয়াবা কৈছিলোঁ। তাকো বাধ্যত পৰি। (নীলা লাইটটো জ্বলি উঠিল)।
চিত্ৰগুপ্ত:- আপুনি যৌৱন কালত প্ৰেমত পৰিছিলনে ? যদি পৰিছিল কিমানজনীৰ লগত প্ৰেমলীলা কৰিছিল?
মই:- মই প্ৰেম মাত্ৰ এজনীৰ লগতহে কৰিছিলোঁ হুজুৰ। (ৰঙা লাইট জ্বলি উঠিল। টিভিৰ পৰ্দাত দেখিলোঁ এজন যুৱক আৰু এগৰাকী যুৱতীক জীয়াই জীয়াই গৰম তেলত ডুবাই দিছে। পৰ্দাত লিখা আছে প্ৰেমত প্ৰতাৰণা কৰাৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি আকৌ মিছা কথা কৈছে।
মই:- মিছা কৈছিলোঁ হুজুৰ , এশজনী হ’বলৈ তিনিজনী বাকী থাকিল। (এইবাৰ সেউজীয়া লাইটটো পিপ পিপকৈ জ্বলি উঠিল)।
চিত্ৰগুপ্ত:- আপুনি নিচা জাতীয় কিবা খোৱা বস্তু কেতিয়াবা খাইছিলনে ?
মই:- জনা বুজা হোৱাৰ পৰা আজিলৈকে মই কোনো নিচা জাতীয় বস্তু মুখত দিয়েই পোৱা নাই। (ৰঙা লাইট জ্বলি উঠিল। পৰ্দাত এজন মানুহৰ বুকু ফালি কলিজা, হাওফাও আৰু যকৃত হিংস্ৰ জন্তুবোৰলৈ দলিয়াই দিছে)।
চিত্ৰগুপ্ত:- আপুনি কিয় মিছা মাতিছে ?
মই:- ছেহ, ধৰা পৰিয়েই যাওঁ নহয়। এনেয়ে মই তামোল-পান আৰু চাধা খাওঁ। নজনাকৈ এবাৰ ভাং খাই পাইছিলোঁ। (সেউজীয়া লাইটটো জ্বলি উঠিল)।
চিত্ৰগুপ্ত:- আপুনি পৰনাৰী গমন কৰিছে নেকি ?
মই:- নাই নাই হুজুৰ, সচাকৈয়ে কৈছোঁ মই সেই দিশলৈ কেতিয়াও গতি কৰা নাই। (সেউজীয়া লাইটটো জ্বলি উঠিল। পৰ্দাত দেখিলোঁ দুগৰাকী পুৰুষ-মহিলাক টিকটিকীয়া ৰঙা গৰম কৰতেৰে জীয়াই জীয়াই দুফালকৈ কাটিছে। পৰ্দাত লিখা আছে চৰিত্ৰহীন আৰু চৰিত্ৰহীনাৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি জীৱনত কিমানবাৰ অসৎ উপায়েৰে বেলেগৰ পৰা উৎকোচ বা ঘোচ লৈছে ?
মই:- এইয়া আপুনি কি কৈছে ? মই আকৌ ঘোচ লম কিয় ? (সেউজীয়া লাইটটো জ্বলি উঠিল। পৰ্দাত দেখিলোঁ এজন লোকক জীয়াই জীয়াই দুফাল কৰি নেলু, খাদ্যনলীৰ পৰা আৰম্ভ কৰি নাড়ী-ভুৰু সকলো টানি-আজুৰি উলিয়াই হিংস্ৰ জন্তুৰ আগলৈ দলিয়াই দিছে। পৰ্দাত লিখা আছে ঘোচখোৰৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি তল খাপৰ ৰাজনীতি কৰে ?
মই:- এইয়া কি কৈছে হুজুৰ ? মই তল খাপৰ ওপৰ খাপৰ একো ৰাজনীতিয়েই নকৰোঁ। (লগে লগে সেউজীয়া লাইটটো জ্বলি উঠিল। ইফালে পৰ্দাত দেখিলোঁ এজন শকত-আবত মানুহক যমদূতবোৰে জীয়াই জীয়াই ডাঙৰ শিল এটাত আচাৰি আছে। পৰ্দাত জিলিকি উঠিছে ভণ্ড ৰাজনৈতিক নেতাৰ শাস্তি)।
চিত্ৰগুপ্ত:- আপুনি মিছা মাতিছে। আপুনি ৰাজনীতি কৰে আৰু আপুনি এজন ভণ্ড ৰাজনৈতিক নেতা।
মই:- সঁচাকৈয়ে কৈছোঁ, মই ৰাজনীতি নকৰোঁ। মই চাকৰি কৰোঁ। (পুনৰ সেউজীয়া লাইটটো জ্বলি উঠিল)।
চিত্ৰগুপ্ত:- আপুনি ক’ত চাকৰি কৰে ?
মই:- অসম পশুপালন আৰু পশুচিকিৎসা বিভাগত মই এজন ক্ষেত্ৰ সহায়ক কৰ্মী হিচাবে মই চাকৰি কৰি আছোঁ।
চিত্ৰগুপ্ত:- আপোনাৰ ঠিকনা ?
মই:- বৰ্তমানৰ মোৰ ঠিকনা হ’ল অসমৰ তিনিচুকীয়া জিলাৰ জাগুন কৃত্ৰিম গো প্ৰজনন উপকেন্দ্ৰ।
চিত্ৰগুপ্ত:- আপোনাৰ পৰিয়াল ?
মই:- মোৰ পৰিয়ালত মোৰ পত্নী, এটা ল’ৰা আৰু এজনী ছোৱালী।
চিত্ৰগুপ্ত:- আপোনাৰ ল’ৰা আৰু ছোৱালীৰ শিক্ষা-দীক্ষা ?
মই:- মোৰ ল’ৰাটো অসমীয়াত এম এ পাছ, মাচ কমিনিউকেচন পাছ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰু এবছৰীয়া কম্পিউটাৰ ডিপ্লমা পাছ। ছোৱালীজনী অসমীয়াত বি এ পাছ আৰু বি এড পাছ। এতিয়া ডিচটেঞ্চত অসমীয়াত এম এৰ শেষ বৰ্ষৰ পৰীক্ষা দিব।
চিত্ৰগুপ্ত:- আপোনাৰ ল’ৰা-ছোৱালী দুটাৰ কিবা চৰকাৰী চাকৰি-বাকৰি ?
মই:- নাই, মোৰ ল’ৰা-ছোৱালী দুটাৰ কোনো চৰকাৰী চাকৰি নাই। সাধাৰণ শ্ৰেণীৰ জাতিয়ে ক’ত ইমান সহজতে চৰকাৰী চাকৰি পাব।
চিত্ৰগুপ্ত:- আপুনি ফেচবুকৰ কোনোবা গোটত আছে নেকি ?
মই:- হয়, মই অসমৰ সকলোৰে অতি প্ৰিয় গোট ‘ ফটাঢোল ‘ত আছোঁ।
চিত্ৰগুপ্ত:- আপোনাৰ নাম ?
মই:- শ্ৰী সদানন্দ ভূঞা।
চিত্ৰগুপ্ত:- আপোনাৰ নথি-পত্ৰ আৰু মোবাইলটো দিয়ক।

মই নথি-পত্ৰ আৰু মোবাইলটো দিয়াৰ পিচত সম্পূৰ্ণৰূপে চালি জাৰি চোৱাৰ পিচত মোক সকলোখিনি ঘূৰাই দি যমৰাজ আৰু চিত্ৰগুপ্তই মোক কিছু সময় বহিবলৈ কৈ গোপন কোঠাত আলোচনাত মিলিত হয়। কিছুসময়ৰ পিচত দুয়োজন পুনৰ আহে। যমৰাজে মোক হাতযোৰ কৰি ক’লে, “হে মনুষ্যৰূপী অসম মুলুকত আবিৰ্ভাৱ হোৱা নাৰদ মুনি। দৈৱ দুৰ্বিপাকত মোৰ যমদূতসকলে ভুলতে আপোনাক উঠাই লৈ আহে। আচলতে যমদূতসকলক যোৱাকালি অসমখনত এন আৰ চি’ৰ নামত জাতি-ভেদেৰে জ্বলাবলৈ অহা মৰমী দিদিৰ এজন বিধায়ককহে উঠাই আনিবলৈ নিৰ্দেশ দিয়া হৈছিল। প্ৰায় একে মিল থকা চেহেৰা দেখিহে ভুলতে আপোনাক উঠাই লৈ আহিল। এই বিষয়ে যেন আপুনি ভগৱান বিষ্ণুক একো নকয় তাৰবাবে কাতৰে অনুৰোধ জনালোঁ। আপোনাক মোৰ সোণৰ ৰথখনৰে দুজন মোৰ প্ৰিয় যমদূতে স্বগৃহত সসন্মানে থৈ আহিব। বিদায় নাৰদ মুনি বিদায়।
মই এয়া যমৰজাৰ সোনৰ ৰথত উঠি ধুমুহা গতিত স্বগৃহলৈ বুলি ৰাওনা হৈছোঁ। পিচে যমৰাজ্যৰ সেই বিভৎস শাস্তিবোৰ মোৰ চকুৰ আগত ভাঁহি আছে। কি নিৰ্মম শাস্তি!
এয়া চকামকাকৈ মোৰ ঘৰটো দেখি পাইছোঁ। মই স্পষ্টকৈ দেখিবলৈ পাইছোঁ সৌটো মোৰ শৰীৰটো। কাষতে মোৰ মানুহজনীয়ে নিৰ্ভয়মনে শুই আছে। ল’ৰা-ছোৱালী দুটায়ো নিশ্চিন্তমনে নিজৰ নিজৰ বিচনাত শুই আছে। তাৰমানে কোনেও এতিয়ালৈকে একো গম পোৱা নাই। বঢ়িয়া, কোনেও যে এতিয়ালৈকে একো গম পোৱা নাই। এয়া মই মোৰ বিচনাৰ কাষত। হঠাতে যমদূত এজনে মোক শৰীৰটোলৈ ঠেলা মাৰি দিলে। মস্ত জোকাৰণি এটাৰে মোৰ শৰীৰটো কঁপি উঠিল। মই খকমককৈ সাৰ পাই উঠি বহি পৰিলোঁ। চাৰিওফালে চালোঁ, কোনো নাই। ধেৎতেৰি, তাৰমানে ইমান সময় মই সপোনহে দেখি আছিলোঁ। হে প্ৰভু নাৰায়ণ, সপোনতে হ’লেও শেষ সময়ত তুমি যে মোক সোঁশৰীৰে মোৰ পৰিয়ালৰ ওচৰলৈ ওভোতাই আনিলা তাৰবাবে তোমাক কৌটি কৌটি প্ৰণাম।
না ৰা য় ণ! না ৰা য় ণ!

☆★☆★☆

6 Comments

  • নৰকৰ শাস্তিৰ কথা ধুনীয়াকৈ লিখিলে। ভাল লাগিল।

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • Anjan Sadhanidar

    বাচিল দেই

    Reply
  • তৃষ্ণা সো.

    ভাল লাগিল, নৰক দেখি গলোগৈ।

    Reply
  • Suntu

    ভাল লাগিল

    Reply
  • সদানন্দ ভূঞা

    ফটাঢোল ই-আলোচনীখনৰ সমূহ প্ৰশাসক মণ্ডলী আৰু সমূহ সদস্য/সদস্যাক ধন্যবাদ জনালোঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *