ফটাঢোল

মহাপলায়ন পৰ্ব – অভিজিত কলিতা

(দ্বিতীয় খণ্ড)

দৃশ্যপট ২

ফটাঢোলৰ বিয়নি মেল চলি আছে। পুৰুষ ঢুলীয়াসকলৰ চকুৰ পৰা আঁৰ হৈ মহিলাসকলে মন খুলি কথা পাতিছে। ইয়াত মুখ লজ্জাৰ ভয় নাই, ভদ্ৰতাৰ মুখাখন খুলি সকলো উজাৰ খাই পৰিছে। পৰচৰ্চাকে আদি কৰি কাৰ লগত কোনে চেনী খাই আছে, কোনে ৰাতি ১ বজাত কাক মেছেজ দিয়ে, কোনে আগতে পিন্ধা কাপোৰযোৰকে পিন্ধি আহিছে, কাৰ চুলি ষ্ট্ৰেইট কৰাৰ কাৰণে “লাগিছে আৰু” আদিয়েই সাধাৰণতে এই মেলৰ মূল বিষয়বস্তু হ’লেও, আজিৰ সভাত প্ৰাধান্য পাইছে পণ্ডিত আৰু ফটাঢোলৰ ৰাইজৰ উদ্ধাৰৰ উপায়ে।

পণ্ডিতৰ বিষয়ে সকলোৰে মত ভিন ভিন, কোনো সাংঘাতিক ইম্প্ৰেছড, কোনোৱে আকৌ একেবাৰে ভাল নেপালে, বহুতে বিশ্বাস কৰিবলৈ বেয়া পাইছে, কেইগৰাকী মানে আকৌ তেনেই ভগৱান বুলিয়েই ভাৱি লৈছে। মাজতে দুগৰাকীমানে আকৌ পণ্ডিতৰ ব্যৱহাৰত চেনীৰ পৰিমাণ বেছি দেখিছে। মুঠতে তুমুল বাক-বিতণ্ডা।

বন্দিতা:- বাদ দিয়া হে, এনেকুৱা পণ্ডিত বহুত দেখিলোঁ, কেৱল পইচা খোৱাৰ মতলব। একোডাল কৰিব নোৱাৰে। এনেকুৱা ধোংগী বাবা বহুত দেখিলো জীৱনত।

জীমণি:- নহয় দেই, আমাৰ খুড়া এজনে কৈছে নহয়, তেওঁ প্ৰমাণ পাইছে বোলে। বিজিনেছত বিৰাট লছ হৈ আছিল। এইজনা পণ্ডিতে মাত্ৰ দুটামান উপদেশ দিলে – আজি খুড়া চাৰিখন নাইট চুপাৰৰ মালিক।

নীলাক্ষী:- হ’ব পাৰে, কিবা ‘লাক’ ভাল আছিল, বিজিনেছ ভাল হৈ গ’ল আৰু। মোৰ কিন্তু ভণ্ড যেনহে লাগিল।

জীমণি:- তেনেকৈ নক’বা, সৰু ছোৱালী, আগত গোটেই জীৱনটো পৰি আছে। সেইবিলাক অন্তৰ্যামী মানুহ, কেনেবাকৈ শাও দিব লাগিলে গম পাই যাবা।

নাজমা:- মোৰো কিন্তু বিশ্বাস হৈছে, মানুহজনৰ ব্যক্তিত্ত্ব অদ্ভুত, সাধাৰণ মানুহৰ লগত নিমিলে। চকুকেইটা দেখিছা কেনেকুৱা, জ্বলি থকাৰ দৰে।

মাধুৰিমা:- অ আই নাজ, তুমি নুবুজা। মই ভিতৰপকীয়া আহোমৰ ঘৰৰ ছোৱালী। এনেকুৱা চকু কেতিয়া হয় জানা? শেষনিশালৈকে ঘুটুং পানী খাই টোপনি খতি কৰিলে চকুৰ ৰং তেনেকুৱা উজ্জ্বল ৰঙা হয়। মোৰ মতে এইজন গণ্ডগোলীয়া মানুহ। সেইজনাৰ হেং মাৰি আছিল, মই নিশ্চিত।

অৰ্চনা:- মোৰো কিন্তু মানুহটোৰ চাৱনিটো একেবাৰে ভাল নেলাগিল, অকল মাইকীমানুহবোৰলৈ চাইহে কথা পাতে।

জীমণি:- তোমালোকে যি ভাবা ভাবি থাকা, পিছত মোক দোষ নিদিবা। মোৰ মতে আমাক এই অশান্তিৰপৰা ৰক্ষা দিব পৰা মানুহ এজনেই আছে। গুৰুদেৱ। কোৱাচোন, আজিলৈকে কোনে আমাক গেৰাণ্টি দি উদ্ধাৰ কৰিব পাৰিম বুলি কথা দিছে? কাৰো ইমান দম নাই, সেইজনা অন্তৰ্যামী পুৰুষে কিবা এটা কৰিম বুলিছে যেতিয়া কৰিবই (হাত যোৰ কৰি চকু মুদি গুৰুক স্মৰণ কৰে)।

প্ৰণীতা:- জিমণিয়ে ঠিকেই কৈছে, চাওচোন কি কয় গুৰুদেৱে। মোৰ কিন্তু কাম হ’ব যেন লাগিছে।

উৎপলা:- মই এইবোৰত নাই দেই, মই গুৰু ফুৰু নেমানো। এঘড়ী যুজিবলৈ পালে মোৰ ভালেই লাগে। মই একো অশান্তিও পাই থকা নাই.. গুৰুদক্ষিণাৰ নামত পইচা দিয়াতকৈ তাৰে চিকেন ম’ম’ খোৱাই ভাল।

মণীষা:- মানুহটোৰ চাৱনিটো কিন্তু ভাল নহয়। মই গেৰাণ্টি দি ক’ব পাৰোঁ। মোলৈ একেৰাহে কেনেকৈ চাই আছিল নহয়, মোৰ লাজ লাগি গৈছিল। (সুবিধাতে এখেতে বুজাব খুজিলে- ইয়াৰ ভিতৰত সকলোতকৈ সুন্দৰী তেওঁ নিজেই। গতিকে পুৰুষ মানুহে তেওঁলৈ ৰ লাগি চাই নেথাকি নোৱাৰে। বাকীবোৰলৈ চাওক নাচাওক, তেওঁলৈ নোচোৱাকৈ নোৱাৰে। এইষাৰ বাক্যৰে তেওঁ সকলোৰে মনত অজানিতে ইৰ্ষাৰ ভাব উদ্ৰেগ কৰিবলৈ সক্ষম হ’ল আৰু পৰম তৃপ্তি পালে।)

জীমণি:- মানুহৰ নিজৰ মন “গেলা” হ’লে সকলোতে বেয়া দেখে। কি বেয়া চাৱনি দেখিলা তুমি কোৱাচোন? তেৰা সাধাৰণ নৰ মনিচ নহয়, তোমাৰ মোৰ দৰে। গতিকে তেওঁৰ চেহেৰা, ব্যৱহাৰ পাতি আমাতকৈ বেলেগ হ’বই। (জিমণিয়ে মণীষাৰ মনটো গেলা বুলি ক’বলৈ বহুদিনৰ পৰা সুবিধা বিচাৰি আছিল, আজি ক’বলৈ পাই মনত পৰম শান্তি পালে। আজি তিনিবছৰৰ আগতে মণিষাই জিমণিৰ শাৰীখনৰ ৰং পাৰ্চটোৰ লগত এক্কেবাৰে মেটচ্ কৰা নাই বুলি সকলোৰে আগতে কোৱাৰ কথা, সাপে কঁকালৰ কোব নেপাহৰাৰ দৰে জীমণিয়ে আজিও পাহৰিব পৰা নাই।)

মেঘালী:- (হোৱাটচ্ এপ ছাটৰ পৰা মূৰ তুলি) কি হ’লনো? কিয় ইমান চিঞৰি আছা? শান্তিৰে ছাট অকণো কৰিব নোৱাৰোঁ তোমালোকৰ পৰা। গুৰুজী বৰ ঠিক মানুহ নহয়, মোৰ ওচৰত তেওঁ বহুতক দিয়া ইনবক্স মেচেজৰ স্ক্ৰীণশ্বট আছে। হ’লেও কিন্তু এবাৰ ট্ৰাই কৰি চাব পাৰি, এই মানসিক অশান্তিবোৰ কমিলে কমক।

জীমণি:- মইতো তাকেই কৈ আছোঁ, আমাৰ ওচৰত আৰু বেলেগ উপায় কি আছে? এই আত্মগ্লানিৰ জুইত আৰু কিমান দহিম আমি? গুৰুজীয়ে কিবা এটা উপায় দিম বুলি কৈছে- তাত আপত্তি কৰিবৰ কোনো প্ৰয়োজন নাই বুলিয়ে ভাবোঁ।

সকলোৱে একেলগে:- সেইটো কথা হয়, আমি গোটৰ প্ৰশাসকসকলক সৰ্বতোপ্ৰকাৰে সহায় কৰিব লাগে, তেওঁলোকে ভাবি চিন্তি যি সিদ্ধান্ত লয়, বেয়া পালেও মানি ল’ব লাগে।

ইতিমধ্যে পলম হৈছিলগৈ, সকলোৰে মোবাইলত ঘৰৰ পৰা টুং টাং কৈ মেছেজ অহা আৰম্ভ হৈছিল। গতিকে বিয়নী মেল সামৰি আইসকলে বিদায় ল’লে।

সকলোতকৈ শেষত গ’ল জীমণি। ইফালে সিফালে চাই তেওঁ মোবাইলটো উলিয়াই কাৰোবালৈ লৰালৰিকৈ এটা মেছেজ টাইপ কৰিলে

“Soboke potai dilo.. bahute apotti korisil. Moi alap acting dibo loga hol. Now all ladies agreed to pay… please consider revising commission.”

লগে লগে সিফালৰপৰা মেছেজ আহিল,

“Good job, keep it up. Will see to it.”

 

দৃশ্যপট ৩

অৱশেষত কোনোমতে গুৰুৰ মাননিখিনি যোগাৰ কৰিব পৰা হ’লগৈ। মাজতে বহুত লেঠা লাগিল অৱশ্যে। দিগন্ত বৰুৱা বোলা এজন সৎ চৰিত্ৰৱান লোকক ধনভঁড়ালী পতা হৈছিল। পিছে পইচা পাতি অলপ গোট খোৱাৰ পাছত তেওঁ মোবাইল ফোন অফ কৰি অজ্ঞাতবাসলৈ গুচি গ’ল। পিছত সোণটো, বিজয় আদি কেইজন মানে শেষ নিশা অভিযান চলাই তেওঁক বিচনা তলত লুকাই থকাৰ পৰা উদ্ধাৰ কৰে। জেৰাত বৰুৱাদেৱে তেওঁৰ অজ্ঞাতবাসৰ সপক্ষে বহু যুক্তি দেখুৱায়। বেমাৰ, মোবাইল ফোন হেৰোৱা, মুহবোলী খুলশালীয়েকৰ শাহুৱেকৰ মৃত্যু, ল-ছালিৰ পৰীক্ষা, তেওঁৰ মানিবেগ হেৰোৱা, কোনোবাই সেইখিনি পইচা বিশেষ জৰুৰী কামত ধাৰলৈ দি ঘুৰাই নিদিয়া, বেংকৰ KYC নথকা, ইনকাম টেক্সৰ নটিচ, জৰুৰী অফিচিয়েল কামত দিল্লী যাত্ৰা, ধুমুহা বৰষুণত ঘৰৰ টিংপাত উৰি যোৱা, বানপানীত ধান খেতি নষ্ট হোৱা, গাড়ী বেয়া হোৱা, ওচৰ চুবুৰীয়াৰ শত্ৰুতা, ৰাষ্টা ঘাটৰ দূৰৱস্থা আদি এশ এটা কাৰণ দেখুৱাই তেওঁ নিজৰ অজ্ঞাতবাস যুক্তিসংগত বুলি প্ৰমাণ কৰিবলৈ সক্ষম হয় যদিও শেষত পইচা কেইটা ঘুৰাই দিব লগাত পৰে।

১০০০ জন সদস্যৰ ভিতৰত ১৬৫ জনে নিজৰ ভাগৰ পইচাখিনি দিয়ে। চিদানন্দ বৰাকে প্ৰমুখ্য কৰি ২৩১ জন লোকে অলপ ‘’প্ৰব্লেম হৈ আছে- পিছত দিম। দিম মানে দিমেই – মোৰ কথাৰ লৰচৰ নাই” – বুলি আলেখ লেখ চাই থাকে। তেওঁলোকৰ মতে বাকীসকলে দি কি উপায় পাই চাই থাকক, উপায় ভাল হ’লে তেওঁলোকে নিজৰ ভাগটো দিব, নহ’লে তাপ মাৰিব। কেইজনমানে পোনে পোনে নিদিওঁ বুলি কৈ বিসম্বাদ আৰম্ভ কৰে।

এইদৰে নানান অসুবিধাৰ মাজত আৰু ৰিণ্টুমণি নামৰ উদাসীন ভকত এজনৰ উদ্যোগত প্ৰায় ৫ লাখ টকা মাননি হিচাপে গুৰুদেৱৰ একাউণ্টত জমা কৰা হয়। বেংকৰ কাউণ্টাৰ ফইলটো লৈ, এটা ভাল দিন চাই ফটাঢোলৰ মুৰব্বীকেইজনমান পুনৰ গুৰুৰ ঘৰলৈ যাত্ৰা কৰে।

এইবাৰ গুৰুৰ ঘৰত তেওঁলোকৰ ৰিচেপচন বঢ়িয়া, ৰসগোল্লা, চিঙৰাৰে চাহৰ লগতে, গুৰুপত্নীয়ে তেওঁলোকক ভাতকেইটাও খাই যাবলৈ অনুৰোধ কৰে। গুৰুঘৰৰ সমুখত নতুন চিকচিকিয়া গাড়ী এখনো ৰৈ থকা দেখা যায়। আদৰণি পৰ্বৰ পিছতে তেওঁলোক গুৰুদেৱৰ লগত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৰুদেৱে বিনম্ৰতাৰে সকলোকে উদ্দেশ্যি কয় –

– আহো ভাগ্য হামাৰ। আপোনালোকক দেখি মোৰ মন-প্ৰাণ আনন্দত নাচি উঠিছে। আপোনালোকৰ দৰে সজ্জনক অতিথিৰূপে পোৱা মোৰ দৰে নিঃকিনৰ সৌভাগ্য। বাৰু এতিয়া আচল কথালৈ আহোঁ। মোক সবিশেষ কওক, একো নুলুকুৱাব। আপোনালোকৰ পাপৰ গভীৰতালৈ চাইহে মই বিধান দিব পাৰিম।

এইবাৰো মুখীয়াল হেমন্ত কাকতিদেৱেই মাত লগালে,

– আপুনি সকলো জানেই প্ৰভু। আমিনো আৰু কি কম? আপুনি কিবা প্ৰশ্নকে সোধক, আমি উত্তৰ দিয়াৰ প্ৰচেষ্টা কৰিম।

– বাৰু ঠিক আছে। এটা কথা কওকচোন, আপোনালোকে ফেচবুকত কাট মৰা মৰি আপডেট দিছিল নেকি?

– হয় প্ৰভু দিছিলোঁ। ক্ষণিকৰ দুৰ্বলতাত আমাৰ ভুল হৈ গ’ল।

– হমম! কাৰোবাক লেতেৰা অশ্লীল ভাষাৰে গালি পাৰিছিল নেকি?

– হয় প্ৰভু, কৰিছিলোঁ। সেইবোৰ সুধি আৰু লাজ নিদিব।

– নিজকে ‘মইবৰ’ ভাৱেৰে দপদপাই ফুৰিছিল নেকি?

– হয় গুৰুজী।

– যাকে তাকে ব্লক, আন ফ’ল’ মাৰি নৰক যন্ত্ৰণা দিছিল নেকি?

– হয় ছাৰ, আই মীন প্ৰভু।

এইবাৰ গুৰুৱে বহু দীঘলীয়া প’জ এটা ল’লে! হাতত থকা দুই এখন পৌৰাণিক কাগজ বৰ মনোযোগেৰে চালে। তাৰ পাছৰ ক’লে,

– হমমম….বুজিলোঁ। আপোনালোকৰ পাপ গুৰুতৰ। কিন্তু চিন্তা নকৰিব। মই উদ্ধাৰৰ উপায় দিম। এতিয়া আপোনালোক অলপ বহক, মই ধ্যানত বহোগৈ। ধ্যানত উপায় পালেই আপোনালোকৰ ওচৰলৈ ঘুৰি আহিম।

এইবুলি গুৰুদেৱে সভাকক্ষৰ পৰা প্ৰস্থান কৰে, আৰু নিজৰ আশ্ৰমৰ এটা নিভৃত কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে। এই কোঠাটোত গুৰুৰ বাদে কাৰো প্ৰৱেশ নিষিদ্ধ। এই কোঠাটো আশ্ৰমৰ আন কোঠাবিলাকতকৈ বেলেগ। সকলো অত্যাধুনিক যন্ত্ৰপাতিৰে সুসজ্জিত কোঠাটো। কেনিও চিদ্ৰ এটাও নাই, ভিতৰত গুৰুদেৱে কি কৰি আছে বুজাৰ কোনো উপায় নাই।

কোঠাত সোমাই দুৱাৰ বন্ধ কৰি গুৰুদেৱে “YESSSS” বুলি বতাহতে পান্স এটা মাৰি সুকোমল চোফা এখনত বহি পৰে। টিভিৰ ৰিম’টটো হাতত লৈ – আই পি এলৰ KKR আৰু MI ৰ খেলখনৰ ৰেকৰ্ডিং লগাই লয়। ফ্ৰিজটো খুলি বিয়েৰ এটা উলিয়াই অলপ দেৰি খেল চায়, কিন্তু খেল চাই ভাল নলগাত ইংৰাজী চিনেমা বিচাৰি ফুৰে। শেষত এটা চেনেলত “ফিফটি শ্বেডচ অৱ গ্ৰে” চিনেমাখন ওলোৱাত তাতে মনোনিৱেশ কৰে। এই চিনেমাখন পণ্ডিতৰ বৰ প্ৰিয়। বাৰে বাৰে চালেও হেঁপাহ নপলায়।

এইদৰেই প্ৰায় দুঘণ্টা পাৰ হৈ যায়। ইফালে বাহিৰত অভাগতসকলে অধীৰ অপেক্ষাৰে গুৰুদেৱলৈ অপেক্ষা কৰি আছে, অলপ অধৈৰ্যও হৈছেগৈ। আজিয়েও তেওঁলোকৰ মুক্তিৰ দিন, আজি তেওঁলোকে অনুশোচনাৰ দহনৰ পৰা মুক্তিৰ উপায় পাব। সকলোৱে মনে মনে ইষ্ট দেৱতাক স্মৰণ কৰি আছে। হে ভগৱান, গুৰুদেৱক ধ্যানত সফল কৰাই দিয়া। আমাক মুক্তি দিয়া প্ৰভু।

এইদৰে প্ৰায় তিনিঘণ্টা সময় পাৰ হৈ যায়। অৱশেষত চিনেমাখন শেষ হোৱাত গুৰুদেৱে নিজৰ গেট-আপটো এবাৰ চাই গুপ্তকোঠাৰ পৰা বাহিৰলৈ ওলাই আহে। উপস্থিত সমজুৱাৰ মাজত গুণগুণনি উঠে। গুৰুদেৱৰ মুখ গম্ভীৰ। সকলো উৎকণ্ঠিত হৈ আছে। বহু সময়কৰ এটা ড্ৰেমেটিক প’জ লৈ পণ্ডিতে লাহে লাহে ক’বলৈ আৰম্ভ কৰে।

– ধ্যানবলে মই সকলো কথা গম পাইছোঁ, আপোনালোকৰ অপৰাধ অতি গুৰুতৰ। সেইবাবে প্ৰায়শ্চিত্তও বৰ সহজ নহ’ব। কিন্তু আপোনালোকৰ সকলোৰে পাপ সমান নহয়, কাৰোবাৰ বেছি বা কাৰোবাৰ কম। গতিকে প্ৰায়শ্চিত্তও ভিন ভিন হ’ব।

কাৰোৰে মুখত মাত নাই, সকলোৰে বুকু ধিপিং ধিপাং কৰি আছে। আকৌ গুৰুৱে ক’লে,

– আপোনালোকে মহাভাৰতৰ মহা প্ৰস্থান পৰ্বৰ কথা নিশ্চয় জানে। কিদৰে পূণ্যৰ প্ৰতিমূৰ্তি পাণ্ডৱেও নিজৰ জীৱনৰ সৰু একোটা ভুলৰ বাবেই মহাপ্ৰস্থানৰ দৰে কঠোৰ প্ৰায়শ্চিত্ত কৰিব লগা হৈছিল! কিন্তু আপোনালোকৰ পাপ বহু বেছি গম্ভীৰ আৰু তাৰ বিপৰীতে আপোনালোকে জীৱনত বিশেষ পুণ্যও কৰা নাই। বেলেন্স শ্বীট নিগেটিভ আপোনালোকৰ।

– হয় গুৰুদেৱ।

– মহাপ্ৰস্থানৰ বাবে পাণ্ডৱে বদ্ৰীনাথ ধামৰ পথ লৈছিল। উচ্চতা মাত্ৰ ৪০০০ মিটাৰ। কাৰণ তেওঁলোকৰ পাপ কম আছিল।

সকলো উৎকণ্ঠিত হৈ পৰিল। কি বুজাব খুজিছে গুৰুদেৱে?

– যিহেতু আপোনালোকৰ পাপ বহু বেছি, গতিকে সেই পাপ খণ্ডন কৰিবলৈ আপোনালোক পাণ্ডৱতকৈ কমেও দুগুণ উচ্চতালৈ যাব লাগিব।

গুৰুদেৱে আকৌ এটা দীঘলীয়া বিৰতি ল’লে, আৰু এইবাৰ গুৰুগম্ভীৰ মাতেৰে ক’লে,

– চাৰিহেজাৰৰ দুগুণ মানে আঠ হেজাৰ মিটাৰ। আঠহেজাৰ মিটাৰতকৈ ওখ ঠাই বৰ বেছি নাই পৃথিৱীত।

ৰাইজৰ মুখৰ মাত হৰিল। তেওঁলোকে আচলতে বুজিব পৰা নাই পণ্ডিতে কি কৈ আছে! কোনফালে পোনাইছে।

– আপোনালোকে ৮০০০ মিটাৰতকৈ ওখ কোনোবা ঠাইৰ নাম জানেনে?

এইবাৰ সোণটো বোলাজনে খপজপাই উত্তৰ দিলে-

– জানোঁ, মানে….ইমান ওখ..যেতিয়া.. হিমালয়… আই মীন.. মাউণ্ট এভাৰেষ্টেই হ’ব লাগিব.. বেলেগনো আৰু কি হ’ব?

সোণটোৱে নিজৰ মাতটোকে অচিনাকি যেন শুনিলে।

পণ্ডিতে এইবাৰ সোণটোৰ ফালে চাই মিচিকিয়াই হাঁহিলে।

– ঠিক কৈছা তুমি।

আকৌ গুৰুদেৱে অলপ সময় ৰৈ এটা এটাকৈ শব্দ উচ্চাৰণ কৰিলে,

– আপোনালোকে মাউণ্ট এভাৰেষ্ট বগাব লাগিব।

– মাউণ্ট এভাৰেষ্ট? হে প্ৰভু …কি কয় আপুনি?

– হয় মাউণ্ট এভাৰেষ্ট, পৃথিৱীৰ উচ্চতম স্থান। তেতিয়াহে আপোনালোকৰ পাপ খণ্ডন হ’ব।

– ই কেনেকৈ সম্ভৱ গুৰুদেৱ, আমি কোনেও মেখেলা উজুৱা বাটেৰে কামাখ্যা মন্দিৰো গৈ পোৱা নাই। যোৰাবাটৰ পাহাৰটো গাড়ীৰে পাৰ হ’লেও আমাৰ ফোঁপনি উঠে। আমি আৰু এভাৰেষ্ট?

– চাওক, পাৰে নে নোৱাৰে মই ক’ব নোৱাৰিম। মোৰ ধ্যানত ওলাইছে – এভাৰেষ্টত উঠিলেহে আপোনালোকৰ পাপ খণ্ডন হ’ব। বাকী আপোনালোকৰ ইচ্ছা।

সমজুৱাৰ মাজত গুণগুণনিয়ে হুলস্থুলৰ ৰূপ ল’লেগৈ। ইজনে সিজনৰ লগত তৰ্ক কৰাত লাগিল। গুৰুদেৱে মনে মনে সকলো চাই থাকিল। চকুত এটি কৌতুকপূৰ্ণ হাঁহি।

– সম্ভৱ হ’ব। আমি এভাৰেষ্টত উঠিব পাৰিম। মই দ্বায়িত্ব ল’লো।

পিছফালৰপৰা অহা এটা মাতত সকলো উচপ খাই উঠিল। সকলোৱে বক্তালৈ ঘূৰি চালে। গুৰুদেৱৰ চকুতো কৌতুহল।

সেয়া ইৰাণী শইকীয়া। ফটাঢোলৰ সকলো দিশতে আগৰণুৱা সদস্যা।

মানুহবোৰ অলপ আচৰিত হ’ল – কি কয় ইৰাণীয়ে?

ইৰাণী বহাৰ পৰা ঠিয় হ’ল আৰু সকলোৰে ফালে চাই স্পষ্ট মাতেৰে ক’বলৈ ধৰিলে,

– ৰাইজ, মোৰ বিশ্বাস আছে, আমি সকলোৱে এভাৰেষ্ট বগাব পাৰিম। আমাৰ পাপ খণ্ডন হ’ব। মই আগতেও এনেকুৱা কাম কৰি পাইছোঁ। মাত্ৰ কেইদিনমান আগতে মই কেইজনমান শকত-আৱত, এলেহুৱা লোকক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চাইকেল চলোৱাইছোঁ। কণ কণ ল’ৰা ছোৱালীক ৰাতি বিয়লি দেৱৰো দুৰ্গম পাহাৰ পৰ্বত বগোৱাইছোঁ। তাতে আজিকালি এভাৰেষ্ট বগোৱা আগৰ দৰে বিপদজনক নহয়, কিবা অসুবিধা হ’লে হেলিকপ্টাৰেৰে নমাই অনাৰ সুবিধা আছে। কেৱল লাগে মানসিক দৃঢ়তা আৰু সংকল্প। বাকী শাৰিৰীক কষ্টখিনিৰ বাবে মই ট্ৰেইনিং দিম। মোৰ গুৰুদেৱৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। তেওঁ আমাক অসম্ভৱ উপায় নিদিয়ে বুলি মই জানোঁ।

ইৰাণীৰ আত্মবিশ্বাস দেখি সমজুৱাৰ মাজলৈ অলপ স্বস্তি ঘূৰি আহিল। কেইজনমানে তেতিয়াও সম্বিত ঘূৰাই পোৱা নাই আৰু কেইজনমানে নিজৰ নিজৰ মোবাইলবিলাকত কাৰোবাৰ সৈতে উত্তেজিত হৈ কথা পাতি থকা দেখা গ’ল।

এইবাৰ পণ্ডিতে আকৌ ক’বলৈ ধৰিলে,

– আচলতে মোৰ কথা সম্পূৰ্ণ হোৱাই নাই। আৰু এইমাত্ৰ শ্ৰীমতী শইকীয়াই কোৱাৰ দৰে মই আপোনালোকক একো অসম্ভৱ কাম কৰিবলৈয়ো কোৱা নাই। ভাৱি চাওকচোন, আপোনালোক সকলো যেতিয়া একলগে এভাৰেষ্টৰ ওপৰত উঠি তললৈ চাব, তেতিয়া কেনে অনুভৱ হ’ব? আৰু একেলগে ইমানগাল মানুহ আজিলৈকে কেতিয়াও এভাৰেষ্টত উঠা নাই, আপোনালোকৰ নাম ইতিহাসত ৰৈ বৈ যাব। লগতে পাপো খণ্ডন হ’ব। মই সকলো দিশ চাই চিতিয়েই এইটো উপায় দিছোঁ। মানুহ জন্ম হয়, খাই বৈ জীয়াই থাকে, আৰু এদিন মৰি যায়। এনে জীৱনৰ কি অৰ্থ? যদি আপোনালোকে এনে এটা কাম কৰিব পাৰে, আপোনালোক পৃথিৱী বিখ্যাত হোৱাৰ লগতে আপোনালোকৰ নামো ইতিহাসৰ পাতত চিৰযুগমীয়া হৈ ৰ’ব। আপোনালোকে নিবিচাৰেনে তেনে এটা জীৱন? আপোনালোকে নিবিচাৰেনে যে আপোনালোক পৰৱৰ্তী প্ৰজন্মৰ আদৰ্শ হওক? এই প্ৰাত্যহিক ঘেকেটিখোৱা জীৱনে আপোনালোকক আমুৱা নাই নে?

আৰু মানুহ দেখোন সদায় এভাৰেষ্টত উঠিয়েই আছে। আৰু মৃত্যুভয়? আপোনালোকৰ মাজত নো কোন অমৰ, এদিন নহয় এদিন আপোনালোকৰ মৃত্যু হ’বই। আপোনালোকে ভাবি চাওক চৰকাৰী হস্পিটেলৰ লেতেৰা বেডত তিল তিলকৈ হোৱা মৃত্যু লাগেনে, এভাৰেষ্ট বিজয় কৰিবলৈ গৈ বীৰৰ দৰে মৃত্যু লাগে? এই মৃত্যুৱে আপোনালোকক অমৰ কৰি থৈ যাব। মৃত্যুভয়ক আপোনালোকে জয় কৰক, আৰু মই কথা দিছোঁ, এই এভাৰেষ্ট অভিযানত আপোনালোকৰ কাৰো মৃত্যু নহয়।

একেৰাহে কথাখিনি কৈ গুৰুদেৱ অলপ ৰ’ল। গুৰুৰ আৱেগিক ভাষণে ইতিমধ্যে সকলোকে প্ৰভাৱান্বিত কৰিছিল, সকলোৰে মনত এভাৰেষ্ট বিজয়ৰ উৎসাহে পোখালি মেলিছিল।

– কিন্তু সকলোতকৈ দৰকাৰী কথাটো মই কোৱাই নাই এতিয়ালৈকে।

– কি কথা?

– যাত্ৰাপথত আপোনালোকৰ কাৰো মৃত্যু নহয়, কিন্তু আপোনালোক সকলোৱে এভাৰেষ্ট জয় কৰিব নোৱাৰিব।

– কিয় গুৰুদেৱ?

– কাৰণ হ’ল আপোনালোকৰ পাপ। মই আগতেই কৈছোঁ, আপোনালোকৰ সকলোৰে পাপ বেলেগ বেলেগ। আৰু যাৰ পাপ সকলোতকৈ কম, বা নাই, তেওঁহে এভাৰেষ্ট শিখৰত ভৰি দিব পাৰিব।

– তেনে কি বাকীসকলৰ চাৰি পাণ্ডৱ আৰু দ্ৰৌপদীৰ দৰে………..

– নাই নহয়। মই আগতেই কৈছোঁ, কাৰো মৃত্যু নহয়। কেৱল পাপৰ শাস্তি ৰূপে তেওঁ কোনো বিশেষ ঠাইৰ পৰা আগবাঢ়িব নোৱাৰিব। তাতে তেওঁ অসুস্থ হৈ পৰিব আৰু তেওঁক হেলিকপ্টাৰেৰে তললৈ নমাই অনাৰ ব্যৱস্থা কৰিব লাগিব। অসুস্থ হৈ পৰি যোৱাৰ লগে লগে তেওঁ আগবঢ়াৰ প্ৰচেষ্টা বাদ দি সেই ঠাইতে হেলিকপ্টাৰ অহালৈ অপেক্ষা কৰিব লাগিব। বাকীসকল তেওঁৰ বাবে নৰয়, তেওঁলোক আগবাঢ়ি যাব। মনত ৰাখিব, তেওঁৰ সীমা সিমানেই, তেওঁ জীৱনত কৰা পাপে তেওঁক তাতকৈ আগবাঢ়িবলৈ নিদিয়ে।

এইবাৰ ইৰাণীয়ে আকৌ মাত লগালে,

– গুৰুদেৱে সঠিক কথা কৈছে। মোৰ এভাৰেষ্ট অভিযানত সহায় কৰিব পৰা কেইবাটাও এজেন্সিৰ লগত চিনা জনা আছে, তেওঁলোকে এনেদৰে অসুস্থ বা আঘাতপ্ৰাপ্ত লোকক হেলিকপ্টাৰেৰে তললৈ নমাই আনে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে গুৰুদেৱৰ আশীৰ্বাদ আৰু আমাৰ সাহসে আমাক লক্ষ্যত উপনীত কৰাব।

এইবাৰ পণ্ডিতে তেওঁৰ আধৰুৱা ভাষণ পুনৰ আৰম্ভ কৰিলে,

– হয়, আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক। ঈশ্বৰ আপোনালোকৰ সহায় হ’ব। মই সিদ্ধান্ত আপোনালোকলৈ এৰিলোঁ, মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ সদায় আপোনালোকৰ লগত থাকিব। আপোনালোকৰ মাজতে এই বিষয়ত অভিজ্ঞতা থকা ইৰাণীৰ দৰে সদস্য আছে, আপোনালোকে পাৰিব। আপোনালোকে যিহেতু পাপবোধৰ যন্ত্ৰণাৰ পৰা পলাবলৈ এই যাত্ৰা কৰিছে, গতিকে মই আপোনালোকৰ এই যাত্ৰাৰ নাম ‘মহাপলায়ন’ ৰাখিলোঁ। পাণ্ডৱৰ মহাপ্ৰস্থানতকৈয়ো মহান হ’ব এই যাত্ৰা। ফটাঢোলৰ জয় হওক। পিছে মোৰ আকৌ ধ্যানৰ সময় হ’ল। গতিকে আপোনালোকক দুখমনেৰে বিদায় দিব লাগিব। আজিলৈ এৰোঁ।

এইবুলি পণ্ডিতে কালৈকো নোচোৱাকৈ ভিতৰলৈ গতি কৰিলে। সমজুৱাও কনফিউজড মনেৰে এজন এজনকৈ বাহিৰলৈ ওলাল। কেইজনমানে ইৰাণীক আগুৰি ধৰিলে। ইৰাণীয়ে সকলোকে কিবা বুজোৱাত লাগিল, দুজনমানে প্ৰশ্ন কৰিলে, দুজনমানে খুব বুজাৰ দৰে মূৰ দুপিয়ালে। কথা পাতি পাতি সকলো পণ্ডিতৰ বহাৰ পৰা ওলাই আহিল।

___________

পণ্ডিতৰ ঘৰৰ ভিতৰচ’ৰাত তেতিয়া একেবাৰে বিপৰীত পৰিৱেশ, নিজৰ গুণৱতী ভাৰ্যাক কোলাত তুলি লৈ পণ্ডিতে নাচোনৰ ছেও ধৰিছে।

– “তোমাৰ বুদ্ধিৰ তুলনা নাই। মোতকৈ আচলতে তুমিহে বহু বেছি জ্ঞানী। পইচা পাতি লৈ কি আৰামত গোটেইসোপাকে হিমালয়লৈ পঠিয়াই দিলোঁ, এনে বুধি তুমিহে ভাবিব পাৰা। তেওঁলোকৰ পইচাতো গ’লেই, এতিয়া জীৱনলৈয়ো টনাটনি হ’ব। মোৰ ওপৰত কিবা একচন ল’বলৈ এটাৰো কেপাচিটি নেথাকিবগৈ। আকৌ তোমাৰ বুদ্ধিমতেই মই তেওঁলোকৰ শত্ৰুসকলৰ লগতো যোগাযোগ কৰিছোঁ, সকলোকে হিমালয়লৈ পঠিয়াই দিব পাৰিলে তেওঁলোকেও ৫ লাখ টকা দিম বুলি কথা দিছে। মুঠতে ভাল দাও মাৰিলোঁ এইটো। এনে দাও আৰু দুই এটা মাৰিব পাৰিলে জীৱনত আৰু একো নকৰিলেও হ’ব।”

(আগলৈ)

☆★☆★☆

6 Comments

  • Anjan sadhanidar

    “যোৰাবাটৰ পাহাৰটো গাড়ীৰে পাৰ হ’লেও আমাৰ ফোঁপনি উঠে।”

    মানিলো দেই৷ পঢ়ি মজা লাগিছে

    Reply
  • Manash Saikia

    আকৌ পঢ়িলোঁ৷আমনিয়েই নালাগেচোন৷

    Reply
  • Anonymous

    বাপৰে

    Reply
  • সদানন্দ ভূঞা

    বাপৰে, কি সাঙ্ঘাটিক লিখিলে ।

    Reply
  • আকৌ পঢ়িলোঁ, মনটো ভাল লাগি গ’ল‌। এনেকৈ হ’লেও এভাৰেষ্ট জয়ৰ সপোন এটা দেখিলোঁ।

    Reply
  • ইন্দিমা বৰুৱা

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *