একমাত্ৰ নাটকখনৰ কাহিনী – মাধুৰ্য গোস্বামী
নৱম শ্ৰেণীত পঢ়ো তেতিয়া। ২০০৭ চনৰ কথা। প্ৰস্তাৱ আহিল স্কুলত নাটক কৰাৰ। নাটকৰ নাম ক্ৰিমিনেল, স্কুলৰে ছাৰ এজনে লিখা। মুখ্য ট্ৰেজিক চৰিত্ৰটো মানে ধৰক শ্বোলেৰ অমিতাভ অথবা তেনেকুৱা ৮০-৯০ দশকৰ গুলীত মৰা হিৰোকেইটাৰ দৰে চৰিত্ৰটো মোক দিলে। মানে নাটকতো শেষত উগ্ৰপন্থী ভাইটিৰ হাতত গুলী খাই মৰিব লাগে মই। সাংঘাতিক ডায়লগ আছে। যেনে ধৰক, “মদৰ দোকানত বহি গাখীৰ খালেও মানুহে কিন্তু মদ খোৱা বুলিয়েই ভাবে” ধৰণৰ। আখৰাতো ধামাকা এক্টিং দেখুৱালো প্ৰথম দিনা। সকলোৱে ক’লে বোলে প্ৰথম পুৰস্কাৰটো তয়েই পাবি। উফ্, কি ফুৰ্তি কথাটো ভাবি। ভাবি ভাবিয়েই হৰপল গুটখা এপেকেট খাই দিলো। সাংঘাতিক প্লেনিং নাটকৰ, পুলিচৰ কাপোৰযোৰৰ বাবে ওচৰৰ প্ৰতিপত্তি থকা মানুহ এজনৰ বডীগাৰ্ডৰ পৰা কাপোৰজোৰ আনিলো। সেইযোৰৰো নাটকৰ দিনাই বেল্টত থকা ‘আচাম পুলিচ’ লিখা হুকটো হেৰাল। মহা পয়মাল। খুব টেনচন। শিখৰ খাই পিকাই পিকাই যেনে তেনে নাটক আৰম্ভ হোৱাৰ দহ মিনিটমানৰ আগত বিচাৰি পালোঁ। ইফালে লগৰ (আগতে এবাৰ ফেইল কৰি আমাৰ লগত পঢ়া। আমি ‘গেৰা মাৰা’ বুলি কৈছিলোঁ) এটাক বাপেকৰ চৰিত্ৰটো দিলো। শকত-আৱত, দেখাত বয়সীয়াল যেন হোৱাৰ বাবে বগা ধুতি-পাঞ্জাৱী পিন্ধাই চুলিত-দাঢ়িত অলপ পাউদাৰ সানি দিলো। তাক সপ্তম-অষ্টম শ্ৰেণীমানৰ পৰাই কেৱল বাপেকৰ ভাওটোৱেই দিয়া হৈছিল। চেহেৰা চাই সিয়ো হিৰো হ’বলৈ মন নকৰে। ইফালে স্কুলৰ আটাইতকৈ ওখ-পাখ, হৃষ্ট-পুষ্ট ল’ৰাটোক পুলিচৰ ভাওটো দিয়া হ’ল। হ’লে কি হ’ব, সেই প্ৰকাণ্ড চেহেৰাটোৰে তাৰ যিটোহে মাত! মাজে মাজে মোৰ হিমেশ ৰেশমীয়াইহে মতা যেন লাগে সি মাতিলে।
যি নহওক, আখৰাৰ মাজতে মোক লগৰ এজনে ক’লে বোলে তোক পানীত ৰং গুলি নাউমান টোপোলা এটা বনাই দিম। গুলী খালেই হাতেৰে বুকুত খামুচি ধৰা যেন কৰিবি আৰু বুদ্ধি কৰি সেইটো টিপি দিবি। লগে লগে ৰং ওলাই চাৰ্টটো ৰঙা পৰি যাব। সঁচা সঁচা লাগিব। আৰু এপেকেট শিখৰ; আৰে বন্ধু হ’ব লাগে এনেকুৱাহে! ময়ো হয়ভৰ দি ঘৰলৈ আহি বগা চোলা বিচৰাত লাগিলো। মায়ে বোলে সেইটোত ৰং লাগি, যদি নাযায় কি কৰিবি? মই বোলো তই মনে মনে থাক। প্ৰথম পুৰস্কাৰ পাবলৈ হ’লে বহুত কিবাকিবি কৰিব লাগিব।
যথা সময়ত নাটক আৰম্ভ হ’ল। সাংঘাতিক অভিনয় কৰিলো। লাহেকৈ শেষৰ দৃশ্যটোৰ বাবে বগা চোলাটো পিন্ধি ওলালো। শেষত গুলীটোও খালো। আহ্ বুলি কৈ বুকুত খামুচি ধৰিলো। কিন্তু ই কি! মোৰ পকেটত দেখোন ৰঙৰ টোপোলাটো নাই! ইফালে টিপো, সিফালে চেপো; নাই। হ’ল বুলিনো কিমান খেপিয়াম, গুলীহে খাইছোঁ, ‘শ্লো পইজ’ন’তো নহয় যে হিন্দী চিনেমাৰ দৰে চাহত মিহলাই দিছে আৰু তাকে খাই ১০ মিনিটমান বান্দৰৰ দৰে হাত-ভৰি আচাৰি বতিয়াই মৰিম। শেষত যেনিবা টোপোলাটো পালো। চিধা তাক টিপি দি চোলাটো তেজেৰে তুমুৰলি হোৱাতহে শান্তি পালো। লগে লগে মঞ্চত বাগৰি দিলো ডেড ব’ডী হ’বলৈ। শ্বাহৰুখ খানৰ দৰে অ’ভাৰ এক্টিং কৰিবলৈ বাগৰিও দুবাৰমান হাত-ভৰি আচাৰিলো। মোৰ নাটকৰ দেউতাইও ‘অৰুণ বোপা’ বুলি মস্ত দেহাটো মোৰ গাৰ ওপৰত পেলাই কান্দিবলৈ ধৰিলে। ইফালে কি দুৰ্কপাল হাত-ভৰি আচৰাৰ উৎপাতত মোৰ ইমানেই অ’ভাৰ ৰিয়েক্ট হ’ল যে এখন ভৰি সম্পূৰ্ণ মেল খাই থাকিল, আৰু আনখন কোঁচ খায়। ইফালে প্ৰমটাৰকেইজনে মঞ্চৰ পিছৰ পৰা ‘ঐ ঐ ভৰিখান মেলি দি, সেনকে মানহু মৰে নেকি’ বুলি ক’বলৈ ধৰিলে। পিচে কি হ’ব, তেতিয়ালৈ অমুকাই ইহলীলা সম্বৰণেই কৰিলো। অগত্যা মোৰ দেউতা হোৱাজনক ফুচফুচাই ক’লো বোলো ভৰিখন মেলি দিয়া। তাৰ কাণসাৰেই নাই, দেদাউৰি দুগুণহে হয় মই মাতিলে। শেষত খঙত ৰ’ব নোৱাৰি দুটামান একদম গা বেজবেজাই যোৱা লেতেৰা বিখ্যাত গালি দি ক’লো, “ভৰিখন মেলি দিবা না, না গুইৰে তুমাৰ পেট উজে দিম?” তেতিয়াহে সম্বিত আহি তাৰ দেহাৰে মোক ঢাকি ধৰি ভৰিখন মেলি দি আকৌ চিঞৰিবলৈ ধৰিলে,”অৰুণ বোপা অ'”। আঁৰ কাপোৰো পৰিল। তেহে শান্তি পালো। ৰক্ষা প্রভু।
বিঃদ্ৰঃ: অমুকাই তথাপিও প্ৰথম পুৰস্কাৰ পাইছিলো। চোলাটো এতিয়াও মাজে মাজে দেউতাই পিন্ধে যেন পাওঁ।
☆★☆★☆
9:33 pm
হাঃ হাঃ হয়টো সেনকে মানহু নমৰে নহয়। গালি কেইটা শুইনবা মন আছিল। ভাল লাগিল দেই।
11:04 am
মজ্জা দেই মাধুৰ্য্য, এটা যশস্বী গুণো যে আছে মই গমেই পোৱা নাছিলো,
11:18 pm
ভাল লিখিছাা হে ডেকালৰা৷
11:15 am
খুব ভাল লাগিল দেই নাটক খন।
10:24 pm
জমণি