নিউজ ফিউজ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য
“ঐ পিণ্টু! পৃথিৱীৰ প্ৰথম মহাকাশচাৰী কোন আছিল?”
“য়ুৰি গেগাৰিণ।”
“ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?”
“ৰাকেশ শৰ্মা।”
“ৱাও, চহী জৱাব।”
“আমেৰিকা কোনে আৱিস্কাৰ কৰিছিল?”
“কলম্বাছে আকৌ।”
“ইয়ে বে, তুছি গ্ৰেট হ্যো।”
“অসমত প্ৰকাশিত প্ৰথমখন বাতৰিকাকত কি আছিল?”
“অৰুণোদয় আকৌ।”
“বঢ়িয়া, বঢ়িয়া।”
“ঐ ৰহচোন ৰাতুল! ইমানবোৰ প্ৰশ্ন সুধি আছ যে মোক, কাৰণটো কি?”
“আব্বে মই আজিকালি ফিউজ ১৫ ৰ স্থানীয় সাংবাদিক হ’লোঁ নহয়, সেইকাৰণে পঢ়া শুনা কৰা মানুহ লগ পালে এইবোৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নবোৰ চৰ্চা কৰোঁ। আমাৰ প্ৰফেচনটোত আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত দখল নাথাকিলে আগবাঢ়ি যোৱাই মস্কিল। যেনে- ধৰ এই বুঢ়া ভজন সম্ৰাটটোৱে নিজৰ জীয়েকৰ বয়সৰ ছোৱালী বিয়া পাতিলে, এতিয়া মই যদি সেইটো বিষয়ৰ ওপৰত এটা মছলাদাৰ নিউজ বনাবই নোৱাৰোঁ তেনেহ’লে মোৰ পপুলাৰিটি ক’ত আহিব। সেইকাৰণে সদায় সময়ৰ লগত খোজ মিলাই যাওঁ মই। মানুহবোৰৰক প্ৰশ্ন সোধাৰ প্ৰেকটিছো হয় দেচোন আকৌ এইবোৰ কৰি থাকিলে। অলপ কঠিন প্ৰশ্ন সুধিব পাৰিলে মোৰেই পপুলাৰিটি বাঢ়ে, দৰ্শকবোৰেও মোক তামাম বিদ্বান, বিদগ্ধ পণ্ডিত বুলি ভাবে। এইবোৰ প্ৰশ্নৰ উত্তৰ সকলোৱে দিব নোৱাৰে আকৌ, তই বাবেহে পাৰিছ।”
“বাৰু, এইটোৰো উত্তৰ দে৷ অসমৰ প্ৰথম মহাকাশচাৰী কোন আছিল?”
“এইটো কিবা প্ৰশ্ন হ’ল নেকি, ভোলা হাজৰিকা আকৌ।”
“ভোলা হাজৰিকা! সেইজন আকৌ কোন?”
“ভোলা হাজৰিকা আকৌ, থলৌ হাজৰিকাৰ পুতেক, হাজৰিকাচুবাত ঘৰ। নাচাৰ বৈজ্ঞানিক আছিল। চাকৰি বাদ দি অসমত আহি মাৰুতি ৮০০ এখনকে মহাকাশযান বনাই গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰি যোৱাসপ্তাহত মানকাছাৰত অৱতৰণ কৰিছে। এক বছৰ মহাকাশত তেওঁ একমাত্ৰ পুঠি মাছ ফ্ৰাই আৰু ভাত খায়েই থাকিল। সাংঘাটিক প্ৰতিভাধৰ ব্যক্তি। অহা মাহত বোলে মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শণি আটাইকেইটা গ্ৰহৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তাকো বলেৰো পিক আপ ভেন এখন লৈ৷ তেওঁৰ বৈজ্ঞানিক নামটো ভলৌগুটি হাজাৰোকেটিছ ১১।”
“ঐ পিণ্টু, তই সঁচাকে আমাৰ চেনেলৰ ইণ্টাৰভিউলৈ যোৱাৰ যোগ্য দেই। ইমানবোৰ কথা কোনেও নাজানেই অসমত। অসমৰ মানুহে আচলতে তোৰ মুখৰ পৰাহে গম পাব লাগে এইবোৰ নিউজ। ইমান বিৰল জ্ঞানৰ অধিকাৰী তই অথচ মানুহে গমেই নাপায়। তই আমাৰ চেনেলত বিশিষ্ট ব্যক্তিৰ আসন খন শুৱনি কৰিব পৰা ব্যক্তি হয় আচলতে।”
“হয় হয়, ধন্যবাদ। অকল ময়েই নহয় তয়ো আচলতে তহঁতৰ নিউজ চেনেলটোৰ মুখ্য সাংবাদিক হ’ব লাগে, তেতিয়াহে আমাৰ দুয়োটাৰ মুখামুখি অনুষ্ঠানটো ৰাইজে আদৰি ল’ব। প্ৰশ্ন আৰু উত্তৰ দুয়োটা একেলগে বুজিব লাগিলে তোৰ আৰু মোৰ যুটিতো লাগিবই।”
“হয় দেই। ভোলা হাজৰিকাৰ যে বৈজ্ঞানিক নামো আছে তোৰ মোৰ বাহিৰে বেলেগে বুজিব নেকি কিবা?এইবোৰ জানিবৰ বাবেই মানুহে আচলতে পঢ়া শুনা কৰাৰ দৰকাৰ।”
“মতাকেইতো, ‘ভলৌগুটি হাজাৰোকেটিছ ১১’, এইবোৰ শব্দ অশিক্ষিত মানুহে ক’ত বুজিব পাব? ঐ, কথা এটা সোধোঁ তোক, অলপ কনফিউজন থকাৰ বাবেহে সুধিলোঁ, অলপমান বুজাই কচোন, মোৰ সুবিধা হ’ব।”
“সোধ আকৌ।”
“সকলো মানুহৰে বৈজ্ঞানিক নাম থাকে নেকি?”
“সেইটোও নাজান নেকি তই? এনেই সাংবাদিক হ’বলৈ আহিছ মুৰ্খ। সকলো মানুহৰে বৈজ্ঞানিক নাম একোটা থাকে।”
“যেনে ধৰ, মোৰ ঘৰুৱা নাম পিণ্টু। সেইটোৰ বৈজ্ঞানিক নাম পেণ্টাপ্ৰাজল উণ্টুগ্ৰাম। তোৰ ঘৰুৱা নাম ৰাতুল গতিকে তোৰ বৈজ্ঞানিক নাম ৰেৱিয়াম ডাই অক্সাইড।”
“বুজিলোঁ দোস্ত! সকলো বুজিলোঁ মই। আমাৰ চেনেলত তোৰ আৰু মোৰ মুখামুখি অনুষ্ঠান এটা অতি সোনকালেই অনুষ্ঠিত কৰিম। অসমবাসীয়ে তোক আৰু মোক একেলগে জ্ঞানৰ আদান প্ৰদান কৰা দেখা পাব লাগিব। শিক্ষাৰ পৰা বিজ্ঞানলৈকে, ৰাজনীতিৰ পৰা অৰ্থনীতিলৈকে, সাহিত্যৰ পৰা ক্ৰীড়ালৈকে সকলো বিষয় সাঙুৰি ল’ম আমি দুয়োটাই।”
“হ’ব দে।”
“আমাৰ অনুষ্ঠানটোৰ নামটোও বৈজ্ঞানিক ভাষাতেই দিয়া হ’ব।”
“এ বঢ়িয়া, কি নাম দিবি?”
“ভেলুগুটি ইকুৱেলাইটিছ।”
“মানে?”
“দুজন বিদ্বানৰ মুখামুখি”
☆★☆★☆
3:42 pm
বাপৰে, মোৰ বৈজ্ঞানিক নামটো কি ৰাতুলক লগ পালে সুধিব লাগিব দেই।
ভাল লাগিল সঞ্জীব
5:42 pm
ধন্যবাদ দাদা।
4:06 pm
ফেন্টাছটিক ৷
5:38 pm
উৎসাহিত হ’লো দাদা।
4:14 pm
সঞ্জুবাবাৰ বৈজ্ঞানিক নামটো জনাৰ মন আছিল৷
সেইটো চাগৈ কম দীঘল হব নে?
বঢ়িয়া৷
5:41 pm
সঞ্জুক্সিলিন ভাকুটকুটাইটিছ।
12:21 am
তামাম।
5:05 pm
ধন্যবাদ।