নক’লেও নোৱাৰোঁ ফটামুখ – পৰিস্মিতা বৰদলৈ
আনদিনাৰ দৰে আজিও মানুহজনী আহিল সেলেঙি বৈ যোৱাকৈ তামোল এখনি চোবাই চোবাই৷ আহিয়েই নিজে নিজেই বাৰাণ্ডাৰ বেৰতে আওঁজাই থোৱা পীৰাখন পাৰি লৈ বহি মোক মাত দিলে- “বোলো ন-ছোৱালী আছনে?” আচলতে বিয়াৰ একুৰি পাঁচবছৰ পাৰ হোৱা মই এতিয়া ন-ছোৱালী হৈ থকা নাই৷ কিন্তু তেখেতে সেই বিয়া হৈ অহাৰ দিন ধৰি আজি পৰ্যন্ত মোক আন নামেৰে মাতিয়েই নাপালে৷
মানুহজনীৰ নাম সৰলা৷ নামটোহে সৰলা, তেওঁৰ স্বভাৱ কিন্তু তাৰ একেবাৰে বিপৰীত৷ গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকৰে ঘৰৰ প্ৰতিটো গুপুত কথা তেওঁৰ নখদৰ্পনত৷ সেয়েহে মানুহে তেওঁৰ নাম ৰাখিছে “ব্ৰেকিং নিউজ”৷ ঘৰে ঘৰে চাহ তামোলৰ জুতি লৈ নিজে কাৰোবাৰ ঘৰৰ বদনামবোৰ ৰহণ সানি সানি কৈ ফুৰাই তেওঁৰ কাম৷ মুঠতে লগনী নহ’লে গাঁও নচলে কথাষাৰি তেওঁৰ ক্ষেত্ৰতে প্ৰযোজ্য শতকৰা৷ আজি সেইগৰাকীয়েই আহি আমাৰ ঘৰত পদধূলা দিছেহি৷ মই সাউৎকৈ চাহপানী এবাটি বাকি তেওঁৰ আগত থ’বলৈহে পালো ঘোষাৰ আগতে পদ গোৱাৰ দৰেই তেওঁৰ সেই পাৰমানেন্ট কথাফাঁকিৰে “নক’লেও নোৱাৰো ফটা মুখ” বুলি পাতনি মেলিলেই নহয়৷
ময়ো শুনি গ’লো এফালৰ পৰা, কাৰ ঘৰৰ ছোৱালীয়ে কাৰ ঘৰৰ ল’ৰাৰ লগত মোবাইলত চেনি খায়, কাৰ ঘৰৰ বোৱাৰীৰ ডেকা ফুচুলোৱা কাম, মুঠতে মোৰ কাণ পকি গ’লেও শুনিবই লাগিব৷ এপাকত মই ভাবিলোঁ এওঁ যে লোকৰ বদনাম ইমান গাই ফুৰে, তেওঁৰ বোৱাৰীয়েকৰ কথা সুধি চাওঁচোন।মানুহে কোৱামতে বৰ ভাল চৰিত্ৰৰ নহয় হেনো৷ সেইবুলি ময়ো মোৰ ফটা মুখখন মেলিবলৈ ল’লো কি নাই তেওঁ পোনচাটেই বোৱাৰীয়েকৰ গুণানুকীৰ্তন(নে বদনাম?)গাবলৈ আৰম্ভ কৰিলেই নহয়৷ অনবৰতে ম’বিলটো(মোবাইল) পিটিক পাটাক কৰি কৰি যিখন হে ভাত আঞ্জা ৰান্ধিব অ’মচুৰমাহে দাঁত নিকটাই থাকিব, ভাত কেতিয়াবা মুখত দিলেই সাউৎকৈ পেটত পৰেগৈ ডিঙিৰে পিচলি ঠিক পাৰ্কবোৰত যে থাকে পিচলি যোৱা সেইখনৰ দৰে। আকৌ কেতিয়াবা চোবাই চোবাই দাঁত ভাগি গ’লেও ভাত গুড়ি নহয় মুঠতে ভাতমুঠি ধৰাৰ আগতে মহাদেৱক স্মৰণ কৰি ভাং এচিলিমমান টানি ল’লেহে হেনো দুগৰাহমান পেটলৈ যাব।কাপোৰ যিখনহে ধুৱে একেলগে জাপি থ’লে হালধিৰ দাগ, উজালাৰ দাগে “তইহে তই মইহে মই ,পাতো আহ ৰঙৰে মেলা” বুলি কোৰাছ জুৰিবলৈ ধৰে৷ আকৌ বাচন-বৰ্তন সোপাই ধোৱাৰ পাছতো যি চেন্ট মাৰে ঐ, এদিন মাছ বা মাংস খালে এসপ্তাহলৈ নাখালেও তাৰ সোৱাদ কাঁহী বাটি কেইটাই দিয়েই থাকে৷ ঘৰ সাৰি মছি যোৱাৰ পিছতো ধূলিৰে দলিচা পাৰি থোৱা যেন লাগে৷ কেৱল ইমানেই নহয় ঘৰৰ এলান্ধুৱে, মকৰা জালে ইমানেই সুন্দৰ নক্সাৰ সৃষ্টি কৰিছে যে কেতিয়াবা আওপুৰণি গুহা এটাতহে হেনো সোমাই থকা যেন লাগে৷” মুঠতে মানুহজনীৰ মুখৰ পৰা ইমানেই আখৈ ফুটাদি ফুটিবলৈ ধৰিলে যে বোৱাৰী পুৰাণৰ অন্তই নপৰে৷
মই ভাবিলোঁ মই আজি একো নোকোৱাই ভাল হ’ব।এইবুলি তেওঁক তামোল এখন খুৱাই বিদায় দিয়াৰ কথা ভাবিলোঁ৷ এনেতেই ঘটিল নহয় হোৱাটোকে৷ মই তেওঁৰ হাতত তামোলখন দিওঁতেই দেখিলোঁ তেওঁ সদায় লৈ অহা লাখুটি ডাল নহয় চোন বেলেগ এডালহে৷ মই তাকে জুমি চাওঁতেহে তেওঁ অলপ ফুচফুচাই কোৱাদি ক’লে, “ৰহ ন-ছোৱালী এইডাল লাখুটি অলপ বেলেগ৷ হেৰৌ কঁকালটো পৰি আহিছে দেখিছেই ল’ৰাটোৱে।তাতে ঘূৰি ফুৰা মানুহ মই, পাছে ইমান ক’লো বোলো লাখুটি এডাল আনি দিবি, সি মাউৰত মৰাটোৱে কাণকে নকৰে৷ আজি বাপ্পেকে কৰাটোকে কৰিলোঁ সেয়েহে৷ বোৱাৰীজনীয়ে এইডালচোন ম’বিলটোত লগাই খুব ভেঙুচা-ভেঙুচি কৰি ফটো মাৰি থাকে নিজৰ৷ সেইকাৰণে তাকে লাখুটি কৰিবলৈ লৈ আহিছো মই৷ ময়ো কম নেকি কিবা?”
মই তেওঁৰ কথা শুনি “হা” কৈ মুখখন মেল খোৱাতেই থাকিল৷ তেৱোঁ মই কিবা কোৱালৈ বাট নাচাই বোৱাৰীয়েকৰ “চেলফি ষ্টিক” ডালতে ভেঁজা দি দি মুখেৰে কিবাকিবি ভোৰভোৰাই ভোৰভোৰাই গৈ থাকিল৷ আৰু মই ভেবা লাগিলোঁ ঠাইতে৷
☆★☆★☆
1:46 pm
বঢ়িয়া দেই৷
2:48 pm
বৰ ভাল লাগিল পঢ়ি
4:13 pm
ভাল লাগিল পঢ়ি
4:24 pm
জমনি
12:41 am
নতুন আইদিয়া দেখোন হে…