ফটাঢোল

কথোপকথন – মানস শইকীয়া

কেউফালে হুলস্থূল৷ কাৰো মাত কোনেও নুশুনা অৱস্থা৷ কোনোটোৱে সেই আহুকলীয়া জৰী গছজোপাৰ ঠেঙনীত বহি, কোনোৱে আকৌ সেই ৰাস্তাৰ দাঁতিৰ ঔজোপাত বহি, কোনোটোৱে কাষৰ এৰাবাৰীখনত আৰু কোনোটোৱে আকৌ নিৰ্জন হাউলিটোত৷ মুঠতে, সকলোৱে নিজৰ বিষয়ে অনৰ্গল বক্তৃতা দি আছে৷ মই কিছু নিলগৰ পৰা শুনিবলৈ চেষ্টা কৰিছোঁ৷ পৰা নাই৷ ছাঁ পোহৰৰ মাজেৰে নিশব্দে আগুৱাই গ’লোঁ৷

“আমাৰ দলৰ চৰকাৰ থাকোঁতে মই সকলোকে সমানে চাইছিলোঁ৷ আমাৰ দলৰ কোনোৱে মোৰ ওচৰলৈ আহি সুদাহাতে যাব লগা নহৈছিল৷ মোৰ হাতত আছিল অসীম ক্ষমতা৷ মই কিন্তু ক্ষমতাত অন্ধ হোৱা নাছিলোঁ৷ চকু খোলা ৰাখিছিলোঁ৷ যি পাৰো গোটাইছিলোঁ৷ মোৰ আত্মীয় স্বজনক চা-চাকৰি,মাটি-ভেটি দিয়াত কৃপণালি কৰা নাছিলোঁ৷ চোৱা, মোৰ ডাঙৰ লৰা আজি প্ৰশাসনিক বিষয়া৷ সৰুটোক মই ব্যৱসায়ী হিচাপে প্ৰতিস্থিত কৰিছিলোঁ৷ আৰু একমাত্ৰ ছোৱালীজনী এতিয়া জোঁৱাইৰ লগত বিদেশত৷ কিন্তু,ইমানৰ পিছতো সিহঁতে মোক এৰি থৈ গ’ল বৃ্দ্ধাশ্ৰমৰ এটা ১২/১২ কুঠৰীৰ ভিতৰত৷ মোৰ অসুখত যেতিয়া চটফটাইছিলোঁ,সিহঁত তেতিয়া আছিল মোৰে সৃষ্ট মায়াময় বিলাসিতাৰ মাজত লীন হৈ৷ এবাৰ দেখাৰ হেঁপাহ আছিল৷ নাহিল কোনো৷ বৃ্দ্ধাশ্ৰমৰ পৰিচাৰকজনে লগৰ কেইজনক লৈ মোৰ শৱদাহ কৰিছিল আৰু সেই ৰাতিয়েই মোৰ বিচনাখন দি দিয়া হৈছিল আন এজনক৷ মোৰ মুক্তিৰ বাবে লাগিছিল মোৰ পুত্ৰ-জী আত্মীয় স্বজনৰ এসোঁতা কান্দোন৷ ধিক্‌ মোৰ মৃত্যু৷”

জৰীজোপাত থকাজনে অনৰ্গল কথাখিনি কৈ গৈছিল৷ অলপ ৰওঁতেই মই মাত লগালোঁ-

“হয়৷ আপোনাৰ ওপৰত অন্যায় হৈছিল৷ আপুনি নিজেই কৈছে৷ আপুনি অকল আপোনাৰ দলৰ লোককহে সহায় কৰিছিল৷ আপোনাৰ পৰিয়াল,আত্মীয় স্বজনকহে সুবিধা দিছিল৷ সাধাৰণ জনতাৰ কথা ভৱাহেঁতেন হয়তো আপোনাৰ মুক্তি সহজ হ’লহেঁতেন!”

“হয় মহাশয়,মই ভুল কৰিছিলোঁ৷ কিন্তু মোৰ পৰিয়ালে মোৰ কথা এবাৰো নাভাৱিলে৷ মই সিহঁতৰ বাবে কি কৰা নাছিলোঁ, হুক হুক হুক……….”

কান্দোনত ভাঙি পৰা সেইজনক এৰি আগবাঢ়িলোঁ৷

০০০০০

“ঐ ঐ, সেইটো কোন? কথা নাই, বতৰা নাই সোমাই আহিলি যে?”

ৰূপৰ মহুৰা খুওৱা লাঠিডাল জোঁকাৰি বৃদ্ধজনে হাউলিৰ বাৰান্দাৰ পৰা চিঞৰি উঠিল৷ অলপ আচৰিত হ’লোঁ৷ ভয়ে ভয়ে আগবাঢ়িলোঁ৷ বৃদ্ধজনৰ মাতৰ বাহিৰে হাউলিটোৰ কেউফালে নিৰ্জনতা৷ গছ বনবোৰে ঢাকি এটা সময়ত ঐতিহ্য বহন কৰা হাউলিটো ভূতবঙলালৈ ৰূপান্তৰ কৰিছে৷ বৃদ্ধজনৰ ধমকতো থমকি নোৰোৱা মোলৈ চাই কৈ গ’ল৷

“আমি বৃটিছৰ দিনত জমিদাৰী চলোৱা মানুহ৷ মোৰ আজু ককাহঁত ৰজাৰ সোঁহাত আছিল৷ সেইযে বাগিছাখন, মই পাতিছিলোঁ৷ বনু্ৱা বোৰৰ মানত মই আছিলোঁ ভগৱান৷ সিহঁতৰ শ্ৰমত মোৰ ভঁৰাল ভৰিছিল৷ আৰু সেই আমজোপাৰ তলতে মই কামচোৰ বনুৱা হঁতক চাবুকেৰে পিটি পিঠি চিৰাচিৰ কৰি দিছিলোঁ৷ ৰামধন বোলাটো তাতে থৰঙা লাগিছিল৷ মোৰ ল’ৰাহঁতে স্বাধীনতাৰ বাবে যুঁজ দিবলৈ গৈ মোৰ বিৰুদ্ধাচৰণ কৰিছিল৷ খেদি দিলোঁ৷ স্বাধীনতাৰ ঠিক পাছতে এদিন বনুৱাবোৰে বিদ্ৰোহ কৰিলে৷ বাগিছা,কলঘৰ স্তব্ধ হৈ গ’ল৷ মই নৰীয়াত পৰি ঢাৰি পাটি ল’লোঁ৷ ওপৰমুৱা হৈ শুই থাকোঁতে এদিন মোৰ দেহত পোক লাগিল৷ ৰাজহাড়ডাল সিহঁতে কুৰুকি কুৰুকি খাবলৈ ধৰিলে৷ এতিয়াও সিহঁতে এৰা নাই৷ ঐ বুধুৱা, ক’ত মৰগৈ৷ এইফালে আহ৷ ইহঁতে মোক কামুৰি মৰালৈ ৰৈ আছ৷”

অলপ ৰৈ আকৌ ক’বলৈ ধৰিলে-

“মোৰ মৃত্যুৰ দিনা ডাঙৰ ল’ৰাটো আহিছিল৷ সি বোলে ‘ইয়ে আজাদি ঝুঠা হে’ বুলি আন এটা দলত যোগ দিছিল৷ পুলিচৰ চকুত ধূলি দি এৰাতি থাকি গুচি গ’ল আৰু মই এই হাউলিতে বন্দী হৈ ৰলোঁ৷”

“আপোনাৰ স্বেচ্ছাচাৰীতাই আপোনাৰ পতনৰ মূল৷ আপুনি ধনৰ বাদে আন সম্পৰ্ক ৰক্ষাত ব্যৰ্থ হ’ল৷”

“হয়৷ মোৰ ভুল সেইখিনিতেই৷ ঐ বুধুৱা, আলহীক কিবা এটা দে৷”

এই বুলি কৈয়েই তেওঁ লাখুটিডালত ভৰ দি নিৰ্দিষ্ট লয় এটাত শব্দ কৰি ভিতৰলৈ সোমাই গ’ল৷ ময়ো ওলাই ৰাস্তাৰ দিশত আগবাঢ়িলোঁ৷

০০০০০

“আপুনি এই বকৰাণি ডৰাত কি কৰি ফুৰিছে?”

মই সুধিবলৈহে পালোঁ৷ তেওঁ মোলৈ চাই অলপ ৰ’ল৷ আকৌ খোজ কাঢ়িবলৈ ল’লে৷ অলপ পৰৰ পিছত নিজেই ক’বলৈ ল’লে,-

“তুমি জানানে মই কোন? মই চৰকাৰী প্ৰশাসনিক নিয়োগ আয়োগৰ এজন সদস্য৷ মোৰ কাৰ্যকালত শিক্ষিত নিবনুৱা সকলক বিনাশ্ৰমেৰে নিযুক্তি দিছিলোঁ৷ পৰীক্ষা আদিৰ নিয়ন্ত্ৰণ মোৰ হাত আছিল যে! বিনিময়ত মোক দিছিল মাথো কেইলাখমান টকা৷ দুই চাৰি আত্মীয়ক চাকৰি দিছিলোঁ যদিও মোৰ ল’ৰা ছোৱালীহালক উচ্চশিক্ষাৰে শিক্ষিত কৰিছিলোঁ৷ এতিয়া সিহঁত ক’ত জানানে? সিহঁত দুয়ো আজি বিদেশত৷ তাতে বিয়াবাৰু পাতি নিগাজি হ’ল৷ মই সিহঁতক মাকৰ অনুপস্থিতিত মাক-পিতাক দুয়োৰে মৰম দিছিলোঁ৷ এদিন চৰকাৰে মোৰ ওপৰত তদন্তৰ নিৰ্দেশ দিলে৷ মোৰ ষ্ট্ৰোক হ’ল৷ হস্পিতালত পোন্ধৰ দিন ক’মাত থাকিলোঁ৷ মোৰ ল’ৰা-ছোৱালীহাল আহিব নোৱাৰিলে৷ ছুটি নাপালে হেনো৷ মই চাকৰি দিয়া এজনো আত্মীয় তথা বিষয়া নাহিল মোৰ কাষলৈ৷ তদন্তৰ আওতাত পৰিব বুলি৷ চাকৰি দিম বুলি টকা লৈ থোৱা দুই এজন আহিছিল অৱশ্যে৷ মই জীয়াই থাকিমনে জানিবলৈ৷ ডাক্টৰৰ উত্তৰ পাই সিহঁতে মোক গালি শপনি দি আঁতৰি গৈছিল৷”

অনৰ্গল কথা কৈ তেওঁ ভাগৰি পৰিছিল চাগৈ৷ অলপ ৰৈ মই সুধিলোঁ-

“তাৰপিছত?”

“তাৰপিছত আৰু কি হ’ব? পোন্ধৰ দিনৰ দিনা মোৰ মৃত্যু হোৱা বুলি ডাক্টৰে ঘোষণা কৰিলে৷ মোৰ পেহীৰ ল’ৰা ৰমেনে মোক আনি সৌ টিলাটোত দাহ সংস্কাৰ কৰিলে৷ এইডোখৰ মাটি মই মোৰ লৰাই ডাক্টৰী পাছ কৰি নাৰ্ছিং হোম খুলিবলৈ কিনিছিলোঁ৷ এতিয়া,এই মাটিখিনি ৰখি আছোঁ৷ সি আহিলেই মোৰ মুক্তি৷ কিন্তু–সি আহিব জানো?”

“আপোনাৰ কাহিনীটো শুনি আপোনাৰ ল’ৰা আহিব বুলি ক’ব নোৱাৰোঁ৷”

“তেন্তে,মোৰ কি হ’ব? হুক হুক…।”

মানুহজনে কান্দি কান্দি বহি পৰিল৷ মই তেওঁক আমনি নকৰি পকী ৰাস্তাটোত উঠিলোহি!

০০০০০০

“হেৰি শুনিছেনে? ইমান কোবাকুবিকৈ ক’লৈ যায়?”

ঔজোপাত উঠি চিঞৰি থকা মানুহজন নামি আহি মোৰ ওচৰ পাই সুধিলে৷

“নাই এনেয়ে৷ এতিয়ানো মোৰ কি কাম?কওকচোন?”

“এই ৰাস্তাটো মোৰ দিনত বনোৱাইছিলোঁ৷ সৌ দলংখনৰ বিল পাছ কৰোঁতে ঠিকাদাৰজনে মোক নগদ দহলাখ দিছিল৷ তিনিমাহতে দলংখন ভাঙি এখন বাছ মানুহে সৈতে নদীত পৰিছিল৷ পাছত মেৰামতি কৰোঁতেও মোক সি ভালেখিনি দিছিল৷”

“তাতে কি হ’ল?” –বিৰক্তি লাগি মই প্ৰশ্ন কৰিলোঁ৷

“এদিনৰ কথা, ৰাতি দেৰিলৈকে পাৰ্টি কৰি আহি দলংখন পাওঁতেই সিহঁতে মোক পানীৰ পৰা মাতিলে, বোলে ঐ আমি ইয়াত আছোঁ,আহি যা–!”

“ৰ’বচোন৷ সিহঁত কোন?”

“সিহঁত মানে পানীত ডুবি মৰা সেই বাছৰ মানুহখিনি আকৌ! মই ভয় খালোঁ৷ গাড়ীখনৰ স্পীদ’মিটাৰৰ শেষলৈকে এক্‌চেলেটৰ দবাই দিলোঁ৷ আৰু, আৰু এইখিনিৰ সেই গাঁতটো যে, তাত গাড়ীখন পৰাত নিয়ন্ত্ৰণ হেৰুৱাই এইগছজোপাত খুন্দা মাৰি দিলোঁ৷ তেতিয়াৰ পৰা মই ইয়াত বহি থাকোঁ৷”

“এইয়াতো আপোনাৰ কৰ্মফল৷ গতিকে,ভূগিবই লাগিব৷”

কথাষাৰ কৈয়েই কোবেৰে আগবাঢ়িলোঁ৷

০০০০০০

অলপ দূৰ আহি ৰাস্তাৰ কাষত মৌন হৈ বহি থকা জনক দেখি কৌতূহলবশতঃ সুধিলোঁ,-

“সকলোৱে নিজৰ নিজৰ জীৱন বৃত্তান্ত কৈ ফুৰিছে৷ আপুনি দেখোন নিশ্চুপ৷ আপুনি কোন?”

মোৰ কথা শুনি মানুহজন গৰজি উঠিল,-

“মুৰ্খ,মোক চিনি নেপাৱ? তোৰ আগত কি মই তোৰেই জীৱনগাঁথা বখানিম৷ মই তোৰ ছাঁ,তোৰ আত্মা৷ নিজক চিনিবলৈ নিশিকিলি৷”

মানুহজনৰ কথাকেইটাত মই ভয়তে কঁপিবলৈ ধৰিলোঁ৷ মই মৰিব নোৱাৰোঁ৷ মোৰ বহুত কাম আছে৷ নাই, ই হ’ব নোৱাৰে৷ মই হ’ব নিদিওঁ৷ মই উভতি যাম৷ মই দৌৰিবলৈ ধৰিলোঁ৷ দৌৰি আছোঁ৷ মাথো দৌৰিছোঁ৷

*****

9 Comments

  • গীতিকা শইকীয়া

    চায়ো’ফিক ধাৰাৰ এক উত্কৃষ্ট গল্প। পঢ়ি আপ্লুত হ’লোঁ।

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • অভিজিৎ কলিতা

    অতি সুন্দৰ। চুপাৰ্ব

    Reply
  • Raju Kumar Nath

    বৰ মন চুই যোৱা গল্প।

    Reply
  • ছায়’ফিক্ হ’লেও উপস্থাপনৰ কৌশল অতিকৈ সুউচ্চ মানৰ । লগতে চিন্তাৰ খোৰাকো যোগাব পৰা এটা সুন্দৰ গল্প। পঢ়ি বৰ ভাল পালোঁ।

    Reply
  • Rashna borah

    বৰ ভাল লগা কথোপকথন ।

    Reply
  • কুশল

    দাদা ভাল লাগিল

    Reply
  • ৰিণ্টু

    বঢ়িয়া লাগিল মানসদা

    Reply
  • বৰ ধুনীয়া কথোপকথন দাদা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *