শ্ৰীমান-শ্ৰীমতীৰ পূজা স্পেচিয়েল টপিক – নাজিয়া হাছান
আবেলিৰ চাহকাপ হাতত লৈ হেঁপাহেৰে শ্ৰীমতীগৰাকী শ্ৰীমানৰ কাষত বহি,- “হেইইৰি, শুনিছে নে? পূজা বুলি শাড়ী এখন দিব আক দেই মোক”৷
চাহ কাপ ল’বলৈ ধৰি শ্ৰীমানে একেবাৰে বিৰক্তিৰে কৈ উঠিল,- “হেইইই! পূজা বুলি, ঈদ বুলি, বিহু বুলি, নিজৰ বাৰ্থ ডে বুলি, আনৰ বিয়া বুলি, কিমান যে কি বুলি শাড়ী, কাপোৰ আৰু কিমান লোৱাহে!”
সাউৎকৈ শ্ৰীমতী এহাত দূৰত চকু ঘোপা কৰি থিয় হৈ,-“ওৱা!! ইমানটো জেঙেৰা মাৰিলা যে! কিনো ডাঙৰ বস্তুটো খুজিলোহে মই? তুমি যে মোকগোটেই দিনটো “হৌৰা চাহ একাপ দিয়াচোন, হৌৰা বৰ গৰম পৰিছেহে, নেমু চৰবত এমগ( এগিলাচো নহয়) বনোৱাচোন,হৌৰা বতৰটো ডাৱৰীয়া, ফুলৰি আৰু চাটনি অলপ বনোৱাচোনহে, হৌৰা আজি মাটনখিনি অলপ জ্বলা হোৱাকৈ বনাবা দেই।“ আৰু ক’ম নেকি? হায় বিধি! মই খানা বনাই থকা ফেক্টৰীটোহে যেনিবা! ইমানবোৰ কৰাৰ পাছতো কিবা এটা টু শব্দ মই কৰোঁনে? নিৰৱে সকলো কৰি যাওঁ৷ নেলাগে মোক একো৷ কৰি খাওক নিজে নিজে। কালিলৈয়ে মই যামগৈ৷ নাথাকোঁ আৰু”, -আঁচলেৰে চকু পানী মচি মচি শ্ৰীমতী গৰাকী উচাৎ মাৰি একেকোবে বিচনাখনত উবুৰি খাইহে পৰিলগৈ!
শ্ৰীমান পিছে পিছে দৌৰি গৈ কাষতে বহি,- “হৌৰা হৌৰা কান্দিছানো কেলেইহে? সঁচা কথাবোৰে গাত বাৰু হুলে হনা দি হানিলেই যেনিবা, বুজিলো বাৰু৷ কিন্তু নকৈনো পাৰি নে? এই যে ৰন্ধা মেলাৰ লিষ্টখন মোক গা মূৰ লৰাই লৰাই দিলা,সেইবোৰ কি মই অকলে খাওঁ নেকি? তুমিচোন মোতকৈ আগতেই টপাটপে খাই শেষ কৰা? চাহ কাপচোন সদায় আধাহে দিয়া, নিজে ফুল কাপ মাৰা৷ ফুলৰি কিটাও বনাই থাকোঁতে আগতেই সোৱাদ লৈহে মোক দিয়া৷ নিমখ বেছি হোৱাৰ দিনা যেনিবা বেছিখিনি মোকে খাবলৈ দিয়া৷ আৰু সোৱাদ হ’লে মনে মনে আগতেই খাই থোৱা, অথচমোক কোৱা ‘আজি অলপকৈ বনালোঁ অ ফুলৰি!’ আৰু ক’ম নেকি? হায় বিধি! পেট নহয় যেন কুঁৱাহে তোমাৰ! তুমি মোৰ কোনো বস্তুৰে ভাগ নেৰা আৰু মই তোমাক যিবোৰ শাড়ী, কাপোৰ, গহনা-গাঠৰি, জোতা-ছেন্দেলকে আৰম্ভ কৰি ক’ত যে কি আনি দিওঁ! সেইবোৰৰ কিবা এটাৰ ভাগ লওঁ নেকি কিবা? হৌৰা শুনিছানে? নে টোপনিকে গ’লা”৷
একেকোবে উঠি বহি আঁচলেৰে মুখখন খৰকৈ মচি শ্ৰীমতীয়ে আনন্দেৰে,-“অওও, কথাৰ গুৰি কৰ’বাতহে মানে! আইঐ দেহি! তোমাকনো কোনে মানা কৰিছে ল’বলৈ হয়নে? ল’বা আকৌ তুমিও৷ মই ভালহে পাওঁ৷ ব’লা এতিয়াই মাৰ্কেটলৈ! মোক শাড়ী এখন কিনি দি নিজলৈ এযোৰা কূৰ্তা পায়জামা লৈ ল’বা৷ ঔ আই! ইমান আচৰিত হৈ কিয় চাইছা! দূৰ্গা পূজাত কূৰ্তা পায়জামা পিন্ধিলেইতো ভাল লাগে! হ’ব বাৰু, নোলোৱা যদি জিন্সৰ পেন্ট আৰু ৰেইমণ্ডচৰ চাৰ্ট এটাকে ল’বা৷ হ’লতো? এতিয়া ব’লা, ৰেডী হোৱাগৈ! মই ধুমাধুম লিপষ্টিক অকনমান আৰু মাস্কাৰাকণকে লগাই আহোঁ৷ মেকআপ নকৰোঁ বাৰু আজি৷ সেয়ে বেছি দেৰি নহয়। ব’লা ব’লা!”
*****
3:03 pm
ঘৰ ঘৰ কি কাহানী, ভাল লাগিল পঢ়ি
4:10 pm
হয়েই আৰু৷ কাপোৰ কানি বিয়া সবাহ, উৎসৱ পাৰ্বনত লাগেই৷ বৰ ঠেহ পেচ ধৰি লাভ নাই৷
সুন্দৰ হৈছে৷
4:23 pm
বৰ ভাল লাগিল নাজিয়া।
11:54 pm
বঢ়িয়া লাগিল বা…
11:48 pm
ভাল লাগিল।