ফটাঢোল

শনীয়া-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

আজি তাৰ টাৰ্গেট বেলেগ। ল’ৰাৰ কলেজৰ এডমিচনৰ পইছাটো আজি গণেশগুৰিৰ দোকানবোৰৰপৰা সংগ্ৰহ কৰিহে ঘৰ উভতিব সি। সদায় সদায় সন্ধিয়া উভতি আহি ফাঁকি দিব নোৱাৰি ঘৰত। নিজৰো মৰ্য্যদা বুলি কথা এটা আছে। যোৱা চাৰিটা দশক সি গণেশগুৰিৰ দোকানবোৰৰপৰা উঠোৱা পইছাৰেই কোনো অসুবিধা নোহোৱাকৈ স্বাচ্ছন্দ্যৰে নিজৰ ঘৰখন পোহপাল দি আছে। পইছাৰ পিছত লাগি থাকোতে সি নিজৰ নামকেই পাহৰি পেলাইছে আনকি। সদায় পইছা বিচাৰে কাৰণে কোনোবা দোকানীয়ে তাৰ নাম ‘শনি’ ৰাখিছিল, সেই শনিটোৱে মাৰোৱাৰী বিহাৰী দোকানীৰ মুখত পৰি ‘শনীয়া’ হৈ পৰিল পিছত। অৱশ্যে তাৰ মুখৰ আগত শনি বা শনীয়া বুলি কোনেও কোৱাৰ সাহস কৰিব পৰা নাই আজিলৈকে।

পুৱাই পুৱাই ঘৈণীয়েকৰ লগত ঘৰতে কাজিয়া লাগি ওলাই আহিছে আজি শনীয়া। পুতেকৰ এডমিচনৰ পইছাটো সংগ্ৰহ কৰিব নোৱাৰাৰ কাৰণে এই কাজিয়া। বাচ আস্থানটো পাওঁতে অলপ দেৰিয়েই হ’ল তাৰ। আঠ বজাত এৰিবলগীয়া বাচখন তাৰ কাৰণেই পাঁচ মিনিট দেৰি হ’ল, তথাপিও কোনেও একো ক’ব পৰা সাহস নাই তাৰ সন্মুখত। পাঁচ মিনিট কি দহ মিনিট দেৰি হ’লেও পৰিবহণ নিগমৰ বাচখনৰ ড্ৰাইভাৰৰ সাহস নাই সি নুঠালৈকে গাড়ী ষ্টাৰ্ট দিবলৈ।

গাড়ীখনত যাত্ৰী ভৰ্তি হোৱাৰ বাবে হেণ্ডিমেনজনে ৰাতি বাছখনৰ ভিতৰত শুবলৈ ব্যৱহাৰ কৰা সৰু তুলিখন আনি ইঞ্জিনটোৰ ওপৰত পাৰি দি তাক তাতে বহিব দিলে। শনীয়াইও জানে তাক থিয় কৰাই গুৱাহাটীলৈকে নিব পৰা সাহস গাড়ীৰ হেণ্ডিমেনজনৰ নাই।

গণেশগুৰি ফ্লাইঅভাৰ পোৱাৰ আগে আগে একদম ফুটপাথটোৰ ওচৰ চপাই গাড়ীখন ৰখাই দিলে ড্ৰাইভাৰটোৱে। সিহঁতেও জানে যদি শনীয়াক ফুটপাথটোৰ ওপৰত নামিব পৰাকৈ গাড়ী নৰখাই তেন্তে কিমান ভয়ঙ্কৰ পৰিণাম হ’ব পাৰে।

ফুটপাথটোত নামিয়েই শনীয়াই হেণ্ডিমেনটোলৈ চাই ক’লে “দে, বহনি কৰ আজি তইয়ে”।

“দাদা, সন্ধিয়া ঘূৰি যাওঁতে দিম নেকি আজি আপোনাৰ পইছাটো।”

“ঐ, নহ’ব সেইবোৰ আজি। এতিয়াই দে। মোৰ টাৰ্গেট পুৰা নহ’লে ঘৰলৈ ঘূৰি নাযাবও পাৰো আজি।”

হেণ্ডিমেনটোৱে মৃদু হাঁহি এটা মাৰি টকা বিশটা শনীয়াৰ হাতত দিলে। সিও জানে, পইছাটো যিহেতু দিবই লাগিব সোনকালে দিয়াই ভাল।

ফুটপাথত নামি লাহে লাহে শনীয়া গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলফালেদি যাব ধৰিলে। আজিকালি খৰধৰকৈ খোজকাঢ়িব নোৱাৰি গুৱাহাটীৰ ফুটপাথত, উন্মুক্ত হৈ থাকে মাজৰ বহুবোৰ অংশ,নলাত পৰি যোৱাৰ সম্ভাৱনা বহুত বেছি।

সি এহেজাৰ টকাটো সংগ্ৰহ কৰিম বুলি ভাবি থকা দোকানকেইখনৰ নামবোৰ এবাৰ মনতে আওঁৰালে। সকলোবোৰ দোকানলৈ সি নাযায়, যোৱা চল্লিশ বছৰৰ অভিজ্ঞতা আছে তাৰ এইটো লাইনত। যিবোৰ ঠাইলৈ গ’লে তাৰ আত্মসন্মানত আঘাত লাগিব পাৰে সেইবোৰ ঠাইলৈ সি কেতিয়াও নাযায়। কোনখন দোকানৰপৰা কোন সময়ত পইছা উলিয়াব পাৰি সেইবোৰ হিচাবত সি পাকৈত। গণেশগুৰিত বহাগ বিহুৰ সময়ত পইছা কালেকচন কৰিবলৈ অহা ল’ৰাবোৰেও সদায় তাৰপৰাহে আইদিয়া লয়।

দুপৰীয়া ঠিক ২ বজাত লখিমী হোটেলত ভাত খোৱাৰ আগতে তাৰ পইছা উঠোৱা কামটো শেষ কৰিব লাগিব আজি। সদায় লখিমী হোটেলৰ মালিকে তাক বিনা পইছাতে দুপৰীয়াৰ ভাত খুৱায়। কেতিয়াবা বিচাৰিলে পইছাও দিয়ে। সিহে সদায় নিবিচাৰে, সদায় ভাত খুওৱা মানুহজনক দাবী ধমকি দিবলৈ অলপ সংকোচ হয় তাৰ।

ফ্লাইঅভাৰৰ তলত থকা ট্ৰেফিককেইজনৰ ওচৰলৈ প্ৰথমতে গ’ল সি। পিছফালে থিয় হৈ অলপ উচ্চস্তৰতে দুবাৰ কাহ উঠাৰ নিচিনা কৰিলে। বৰ্মন উপাধিৰ ট্ৰেফিকজনে ঘূৰি চাই তাক দেখি আথেবেথে তাক লৈ গ’ল ওচৰতে টেকেলী পিঠা আৰু চাহ বিক্ৰী কৰি থকা মহিলাগৰাকীৰ ওচৰলৈ।

“বাইদেউ, শনীয়া দা আৰু মোক চাহ-পিঠা দিয়কচোন। শনীয়া দাক যোৱা এসপ্তাহ ধৰি লগেই পোৱা নাই নহয় মোৰ দিনৰ ভাগত ডিউটি নথকা বাবে।”

“বাৰু শনীয়া দা, খবৰ বাতৰি কেনেকুৱা জনাওকচোন আপোনাৰ”, বৰ্মনে সুধিলে তাক।

“ভাল নহয় ঐ বৰ্মন! ল’ৰাই হায়াৰ চেকেণ্ডাৰী পাছ কৰিলে এইবাৰ, এডমিচন দিবলৈ পইচা লাগে, যোগাৰেই হোৱা নাই। আজিকালি বেপাৰ বেয়া হৈছে ঐ মোৰো। গণেশগুৰিত নতুন দোকান বহুত হ’ল কিন্তু সকলোৰে লগত মোৰহে লিংকটো হৈ উঠা নাই এতিয়াও।”

“হ’ব দিয়কহে লাহে লাহে শনীয়া দা, বেছি টেনচন নল’ব এইবোৰ কথাত। গণেশমন্দিৰৰ ফালে যায় যদি মোৰ বাইকতে ব’লক নহ’লে। তাতো কেইখনমান আছে নহয় আপোনাক দৈনিক হাফটা দিয়া দোকান।”

“অঁ অঁ, যাওঁ ব’ল তোৰ লগতে। তোৰ দৰে পুলিচ এটা লগত থাকিলে মোৰো অলপ সুবিধা হয়। গণেশ মন্দিৰৰ কাষতে নতুনকৈ পান দোকান খোলা বিহাৰীটোৱে যোৱা তিনিদিন ধৰি ঠগি আছে মোক। কাইলৈ দিম, কাইলৈ দিম বুলি কৈ এই বিহাৰীৰ কাইলৈটোৱেই আহি পোৱা নাই এতিয়াও আৰু এই গোপাল বড়ো হাইস্কুলৰ সন্মুখৰ গেলামাল দোকানীটো, তাৰ দেখোন সদায়ে কিবা নহয় কিবা অসুবিধা থাকেই। আজি তোক লগত লৈয়ে ইহঁত দুটাৰ পইছাটো উঠাব লাগিব।”

“কি যে কয় শনীয়া দা, আপোনাক ফাঁকি দি হাত সাৰিব পৰা কোনোবা মানুহ গণেশগুৰিত আছে বুলি মোৰ মনে নকয়। আপুনি গণেশগুৰিৰ অবিসম্বাদী ডন যাক নেকি মোৰ দৰে পুলিচেও দৈনিক হাফটা দিয়ে।”

“তোৰ দৰে পুলিচবোৰ, মই সদায় অহা যোৱা কৰা পৰিবহন নিগমৰ বাছখনৰ মানুহবোৰ, লখিমী হোটেলৰ মালিকজন আৰু এই গণেশগুৰিৰ মোক সদায় পইচা দিয়া দোকানীবোৰ, এনেকুৱা মানুহবোৰ পৃথিৱীখনত থকা কাৰণেইতো মোৰ দৰে জন্মান্ধ এজন ভিক্ষা মাগিও জীয়াই থাকিব পাৰো।”

এটা দীঘল হুমুনিয়াহ কাঢ়ি বৰ্মন পুলিচেও এশটকীয়া নোট এখন শনীয়াৰ চাৰ্টৰ পকেটত গুজি দিলে।

☆★☆★☆

12 Comments

  • Mridula

    অন্তৰ চুই গ’ল

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • Rajib Sarma

    চান্দা, শনীয়া আৰু কেইজনমান পৰোপকাৰী লোক।সুন্দৰ গল্প।

    Reply
  • ধৰিত্ৰী

    শনীয়াক প্ৰথমে হাপ্তা তোলা গুণ্ডা বুলিয়ে ভাৱিছিলোঁ মই।গোটত পঢ়িছিলো অাকৌ পঢ়িলোঁ ভাল লাগিল।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ দাদা।

      Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      বহুত ধন্যবাদ

      Reply
  • সদানন্দ ভূঞা

    বহুত ভাল লাগিল ।

    Reply
  • সদানন্দ ভূঞা

    শনীয়া পঢ়ি বৰ ৰস পালোঁ ।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ দাদা।

      Reply
  • নাজিম মিন্টু।

    ভাল লাগিল পঢ়ি।

    Reply
  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, বঢ়িয়া সঞ্জীৱ

    Reply
  • লিপিকা অধিকাৰী

    অতি সুন্দৰ৷ শেষলৈকে বান্ধি ৰাখিলে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *