ফটাঢোল

যমৰাজৰ ৰিছাৰ্জ – সোনটো ৰঞ্জন বৰুৱা

কিছু কালৰ আগৰ পৰা যমৰাজৰ ম’হটোৰ অৱস্থা কাতিমহীয়া এৰালৰ গৰুৰ দৰে পিঠিৰ হাড় গণিব পৰা হৈছেগৈ। নহ’বনো কিয়, আগতে তাৰ কাম আছিল দেৱলোকৰ মেল মিটিংবোৰলৈ যমৰাজক অনা নিয়া কৰা। পৃথিৱীৰ পৰা আত্মা অনা কামবোৰ য্‌মদূত বোৰেই কৰিছিল। পিচে যেতিয়াৰে পৰা টকা দহটাৰ বাবেও মানুহে মানুহ হত্যা কৰা হ’ল তেতিয়াৰে পৰা পৰ্য্যাপ্ত যমদূতৰ অভাৱত যমৰাজেও আত্মা অনা নিয়া কৰিবলৈ পৃথিৱীলৈ টাকুৰি বাব লগা অৱস্থা আহি পৰিল। ফলত অভাৰটাইম ডিউটি কৰি কৰি ম’হৰো হাড় ওলাল। লগতে পৃথিৱীৰ মানুহৰ চয়তানি বুদ্ধিত বহুতো যমদূতৰে কিনা বেচা হৈ গ’ল। যমৰাজে কিবা এটা চক্ৰান্তৰ উমান পাই আছিল। চিত্ৰগুপ্তইয়ো কেইবাজনো যমদূতৰ কাম-কাজত সন্দেহ কৰিবলৈ ধৰিলে। যমদূতে অনা ভালেখিনি আত্মাৰ চিত্ৰগুপ্তৰ হিচাব মতে স্বৰ্গত স্থান পোৱাৰ যোগ্যতায়েই নাই। অথচ যমদূতে নি চিধাই স্বৰ্গৰ দুৱাৰমুখত থৈ অহা কৰিলে। আনকি সেই আত্মাবোৰৰ মানুহ ৰূপত থাকোঁতে কৰা ভাল-বেয়া কামৰ খতিয়ান ল’বলৈকে নিদিলে। আনহাতে চিত্ৰগুপ্তই প্ৰশ্ন কৰে বুলি যমদূতবোৰো চিত্ৰগুপ্তৰ সন্মুখতেই নহা হ’ল। সেয়ে চিত্ৰগুপ্তই নিজৰ সন্দেহ অমূলক বুলিয়েই যমৰাজক জনালে। ভালকৈ ইনভেষ্টিগেট কৰালৈকে সন্দেহযুক্ত যমদূতকেইজনক কামৰ পৰা বৰ্খাস্ত কৰা হ’ল। মৰ্তত মানুহবোৰ কিদৰে ইমানকৈ ধূৰ্ত হৈ গ’ল জানিবলৈ যমৰাজে নিজেই মৰ্ত্যলৈ যাবলৈ ধৰিলে। লগতে মানুহ মৰাৰ পিছত আত্মা অনা কামটোও কৰিবলগীয়া হোৱাত যমৰাজৰ অৱস্থা তথৈবচ হৈ গৈছে।

যি কি নহওক, আজিও যমৰাজে ফুল ড্ৰেছত তাৰেই পিঠিত উঠি বৰুৱাৰ আত্মাক নিবলৈ আহি বৰুৱানীৰ আগত লেণ্ড কৰিলেহি। লেণ্ড কৰিয়েই নিজৰ হাঃ হাঃ হাঃ কৈ নিজৰ ট্ৰেডমাৰ্ক হাঁহিটো মাৰি বৰুৱানীক ক’লে- “তোৰ স্বামীৰ জীৱনৰ ভেলিডিটি চেচ, মই তাৰ সকলো সেৱা বন্ধ কৰিম এতিয়া। তাৰ উশাহৰ ইনকামিং আৰু তোক আউটিংলৈ নিয়াৰ সকলো সেৱা তৎকালীন ভাবে চিৰদিনৰ বাবে বন্ধ কৰি দিম।”

যমৰাজৰ পূৰা বিশ্বাস আছিল যে কথাখিনি শুনাৰ লগে লগেই বৰুৱানীয়ে বুকুভঙা কান্দোনত ভাগি পৰিব। বৰুৱাক নিনিবলৈ তেওঁৰ ভৰিত পৰি বিননি জুৰিব। পিচে ই কি? বৰুৱানীয়ে দেখোন কাণত হেডফোন লগাই চকুমুদি আমেজত “চেইয়া জী চে আজ মে নে ব্ৰেকআপ কৰ লি” গুণগুণাই আছে। যমৰাজে বৰুৱানীৰ একো ৰেচ্‌পঞ্চ নেদেখি এইবাৰ অলপ ডাঙৰকৈ চেইম ডাইলগ ৰিপিট কৰিলে। এইবাৰ বৰুৱানীয়ে চকু মেলি হেডফোন আঁতৰ নকৰাকৈয়ে কাষৰ ঘৰলৈ যাবলৈ ক’লে। হয়তো যমৰাজৰ ড্ৰেছ দেখি অম্বুবাচীত অহাৰ দৰে ভেশ ধৰি অহা ভিক্ষাৰী বুলি ভাবিলে।

যাৰ আগত চাৰা দুনিয়াই দয়া ভিক্ষা কৰে তাকেই ভিক্ষাৰী জ্ঞান কৰে, ইমান ইনচাল্ট! টেমা চুটি গ’ল যমৰাজৰ। খঙৰ ভমকত আৰু একেটানেই বৰুৱানীৰ কাণৰ লিডডাল দলিয়াই উচ্চ স্বৰে নিজৰ চেইম ডাইলগৰ হেট্ৰিক কৰিলে। পৰিস্থিতিৰ গুৰুত্ব ভাবি “হাউ ডেয়াৰ ইউ” কোৱাৰ আগতেই যমৰাজে নিজৰ আইকাৰ্ডখন বৰুৱানীৰ চকুৰ আগত দাঙি ডেয়াৰক ফেয়াৰলৈ সলনি কৰিবলৈ চেষ্টা কৰিলে। পিচে একোৱেই কাম নিদিলে। বৰুৱানীয়ে মেক্সি কোঁচাই যমৰাজক ওভতি ধৰিলে-

“ইউ মিন টু চে, তুমি যমৰাজ আৰু মোৰ পতিৰ ৰিচাৰ্জ শেষ কৰি নিবলৈ আহিছা? “

যমৰাজে তেওঁক প্ৰথমবাৰৰ বাবে পাত্তা নিদিয়া কাৰোবাক পালে। ইমান দুঃসাহস এই নাৰীৰ, খঙত অমৰিশ পুৰীৰ ভয়চত উত্তৰ দিলে-

“চাল্লা, ভাওনা কৰি আছোঁ বুলি ভাবিছ নেকি হাঁ? জল্দি ক, ক’ত আছে তোৰ পতি? এঠাইতেই টাইম ৱেষ্ট কৰি থাকিলে নহয়, বানপানী হৈছে তালৈ যাব লাগে, লটত মাল তুলিবলৈ আছে।”

শুনিব পাৰে “চেইয়া জী চে ব্ৰেকআপ” কিন্তু বৰুৱানীৰো বৰুৱাৰ লগত ইমান সোনকালেই ব্ৰেকআপ কৰাৰ অকণো মুদ নাই। সৰুতে সাবিত্ৰী সত্যবানৰ কাহিনী পঢ়া মানুহ বৰুৱানী, থৰে এৰি দিব বৰুৱাক নিবলৈ। বৰুৱানীয়ে আৰামত টুইষ্টৰ স্ক’প উলিয়াই যমৰাজক ওলতি ধৰিলে-

“হে যমৰাজ, এইয়া কি ধৰণৰ ন্যায়? এয়াই নেকি আপোনাৰ ন্যায় বিচাৰ? যদি মোৰ স্বামীৰ ৰিচাৰ্জ শেষ হওঁ হওঁ হৈছিলেই, তেন্তে আপোনাৰ কলচেণ্টাৰৰ পৰা ৰিমাইণ্ডাৰ কিয় নিদিলে? আমাৰ ইয়াততো মবাইলৰ ৰিছাৰ্জ শেষ হওঁ হওঁ হ’লেই দহবাৰ মেছেজ আহে ৰিছাৰ্জ কৰ ৰিছাৰ্জ কৰ বুলি। আপুনিতো মানুহৰ প্ৰাণ নিবলৈ আহিছে, অন্ততঃ এবাৰ ৰিমাইণ্ডাৰ দিব পাৰে। অকণো সুযোগ নিদিয়াকৈ চিধাই ভেলিডিটি শেষ! কিয় কৰিব এনে ঠগ প্ৰৱঞ্চনা গ্ৰাহকৰ লগত!”

বৰুৱানীৰ প্ৰশ্নত দিশহাৰা হৈ যমৰাজে স্পষ্টীকৰণ দিলে-

“হে দেৱী, তোমাৰ কথা সঠিক, কিন্তু যমপুৰীত আত্মাৰ ৰিচাৰ্ছৰ সুবিধা এতিয়াও হোৱা নাই বাবে ৰিমাইণ্ডাৰ দিয়া নহয়!”

“তেন্তে যমৰাজ, কৰ’ৱা চ’ঠ পালন কৰাৰ একো অৰ্থই নাই দেখোন? আপুনি মোৰ ফেচবুক ষ্টেটাচ চেক কৰি চাওক। বিয়া হোৱাৰ দহ বছৰ হ’ল, প্ৰত্যেক বছৰে স্বামীৰ জীৱনৰ আয়ুস বঢ়াবলৈ কৰ’ৱা চ’ঠ পালন কৰাৰ আপডেট পাব। নিজৰ সংস্কৃতি নহয় যদিও পতিয়ে লম্বী জীৱন পাবলৈ পালি আহিছোঁ। এটা কথা কওকচোন, এই যে কৰ’ৱা ছৌথ পালন কৰা হয়, সেইয়া আপোনাৰ দৰেই দেৱতা, মানে দেৱী এগৰাকীলৈ আগ কৰিয়েইতো পালন কৰা হয়। ইমানবোৰ মানুহে, মানে লেডীজ, বুঢ়ী হোৱালৈকে কৰ’ৱা ছৌথ পূজাৰ নামত হেজাৰ হেজাৰ শাৰী, নকলী গহণা, ফল-মূল, মিঠাই আগবঢ়াই সেই দেৱীক পূজা কৰে, অথচ নিজে দিনটো একো নাখায়। ইমান কষ্টৰ প্ৰতিদানত আপুনি ঘপহ কৰে কাৰোবাৰ স্বামীৰ আত্মাক এনেকৈ লৈ যাব নোৱাৰে নহয়! সেই হিচাপত তেখেতৰ উশাহৰ ইনকামিং বন্ধ কৰাৰ নৈতিক অধিকাৰ আপোনাৰ নাই। আৰু এটা কথা (চাৎকৈ যমৰাজৰ লগত চেলফী এখন লৈ) আপুনি যদি তেখেতক এৰি এইমুহূৰ্ততে ইয়াৰ পৰা নাযাই “যমৰাজৰ অবলা নাৰীক প্ৰৱঞ্চনা” বুলি এইখন ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিম। “

চচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ কথা শুনিয়েই যমৰাজ তাতেই তাপ মাৰিলে। ছচিয়েল মিডিয়াত ইন্দ্ৰদেৱক ৰাইজে কেনে জাৰণ দি থাকে তাকতো তেওঁ দেখিয়েই থাকে। আৰু ৰাইজকো জাৰিবলৈ স্ক’পহে লাগে, স্ক’প পালেই কাৰ দুখ বাচ-বিচাৰ নকৰাকৈয়ে গুৰি গোষ্ঠীৰ নাম নোহোৱা কৰি দিয়ে। না বাবা না, এটা আত্মাৰ লগত নিজৰ ইমান অপমান হোৱাতকৈ আঁতৰ হোৱাই ভাল বুলি ঠোঁট-মুখ চেলেকি শুদা হাতেই যমৰাজে যমপুৰিলৈ প্ৰস্থান কৰিলে।

☆★☆★☆

5 Comments

  • ৰূপাঞ্জলী

    চালাম বৰুৱানী। ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    যমৰাজৰ ৰিচাৰ্জ পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • মিতু

    মজ্জা ।

    Reply
  • কমল নেওগ

    চচিয়েল মিডিয়াক যম চাৰেও সমিহ কৰে দেই!!?

    Reply
  • Hamen Dhing

    দুখ নে দোষ। ভাল লিখনি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *