ফটাঢোল

লিমাৰিক : ধৰ্মজ্যোতি ভট্টাচাৰ্য

১.
চহৰৰ বোৱাৰী শাহু হ’ল গাঁৱৰ

মুখত থাকে দুয়োৰে ক’লা ডাৱৰ

শাহুৱে ভাবে ৰহ

আঠুৱা তলৰ মহ

বোৱাৰীও নহয় দেই কম ভাৱৰ।।

২.

বোৱাৰীজনী হেনো এম এ পাছ

নাজানে ভূই ৰোৱা নামাৰে মাছ

শাহুৱেকে দিলে চৰু

বোৱাৰীও নহয় সৰু

হাত পুৰি বেচেৰীয়ে কৰে আছ আছ।।

৩.

শাহুৱেক মাষ্টৰণী বোৱাৰী লেকচাৰাৰ

পোহাৰী চুপতিলৈনো সময় আছে কাৰ

পুতেকে ৰান্ধে ভাত

বাপেকে ধোৱে পাত

কাম কৰি মতাবোৰৰ উঠে হাই প্ৰেচাৰ।।

৪.

বোৱাৰীয়েক লেহেমীয়া শাহু খৰধৰ

ঘনে ঘনে লেট্ৰিনলৈ মাৰি থাকে লৰ

গা ধোৱা ভকতনী

অবলা বোৱাৰীজনী

ফোঁপযহী শাহুৱেকৰ কথা বৰ বৰ।।

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *