গজল: সঙ্গীতৰ এক যাদুকৰী পৰশ – সঞ্জীৱ মজুমদাৰ।
ঊৰ্দু সাহিত্যৰ আটাইতকৈ মনোমোহা তথা অভিন্ন অংগ হৈছে শ্বায়েৰী। শ্বায়েৰীৰ অৰ্থ হ’ল এক সাংগীতিক লয়যুক্ত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল এই শ্বায়েৰীসমূহ, যি মায়াজালে যুগ যুগ ধৰি মানুহক বিমুগ্ধ কৰি আহিছে।
শ্বায়েৰীবোৰক ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু সুৰেৰে সমৃদ্ধ আৰু মননশীল প্ৰেমৰ কাব্যিক প্ৰকাশ এই শ্বায়েৰীবোৰ হৈ পৰে একো একোটা হৃদয়স্পৰ্শী গজল। শ্বায়েৰী আৰু ধ্ৰুপদী সঙ্গীতৰ সমন্বয়ৰ এক অপূৰ্ব অভিব্যক্তিৰ নিদৰ্শনেই হৈছে গজল। গজল মূলতঃ আৰবী ভাষাৰপৰা উদ্ভৱ হোৱা শব্দ আৰু গজলৰ অৰ্থ হৈছে “নাৰীৰ সৈতে কথা পতা”। ঊৰ্দু ভাষাৰ উপৰিও আজিকালি ভাৰতীয় প্ৰায়বোৰ ভাষাতেই গজল লিখা হয়।
গজলৰ পৰিভাষা বুজিবলৈ গজলৰ সৈতে জড়িত কিছু সংখ্যক শব্দৰ সৈতে পৰিচয় হোৱাটো অতি আৱশ্যক। এই শব্দবোৰ হৈছে শ্বে’ৰ, মিশ্ৰা, কাফিয়া, ৰদীফ্, মতলা, মক্তা, তখল্লূছ ইত্যাদি।
এই শব্দবোৰৰ বেছিভাগেই পাৰ্চী তথা উৰ্দু শব্দ। এই আলোচনাত গজলৰ লগত জড়িত শব্দবোৰৰ সৈতে পৰিচয় হ’বলৈ এটা শুদ্ধ গজল উদাহৰণ হিচাবে লোৱা হৈছে।
“কোই পাছ আয়া চবেৰে চবেৰে,
মুঝে আজমায়া চবেৰে চবেৰে।
মেৰী দাস্তাঁ কো জৰা চা বদল কৰ,
মুঝে হী চুনায়া চবেৰে চবেৰে।
জৌ কহতা থা কল তক চম্ভলনা চম্ভলনা,
ৱহী লড়খড়ায়া চবেৰে চবেৰে।
কটী ৰাত চাৰী মেৰী ময়কদে মে,
খুদা ইয়াদ আয়া চবেৰে চবেৰে।”
শ্বে’ৰ : ছন্দোময় দুটা পদ লগ লাগি শ্বে’ৰ বা ‘বেইঁত’ হয়। শ্বে’ৰৰ দুটা পদেই অৰ্থপূৰ্ণ আৰু সমান ‘ৱজনদাৰ’ অৰ্থাৎ গম্ভীৰ হোৱা বাঞ্ছনীয়। যেনে-
“কটী ৰাত চাৰী মেৰী ময়কদে মে
খুদা ইয়াদ আয়া চবেৰে চবেৰে।”
শ্বে’ৰৰ দ্বিতীয় পংক্তিৰ “তুক” অৰ্থাৎ ছান্দিক শব্দ পূৰ্বনিৰ্দ্ধাৰিত হয় আৰু এই শব্দটো গজলত পুনৰাবৃত্তি হৈ গজলক মালা এধাৰিৰ দৰে গাঁথি পেলায়। এই গজলটোত “তূক” হৈছে “চবেৰে চবেৰে”।
সাধাৰণতে গজলৰ প্ৰত্যেক শ্বে’ৰৰ বিষয়বস্তু বেলেগ হয়। কিন্তু কিছুমান গজলত শ্বে’ৰৰ বিষয়বস্তু একেটা অৰ্থাৎ কাহিনীৰ দৰে ধাৰাবাহিকতা থাকে। এইধৰণৰ গজলক “মুসল্সল” গজল বুলি কোৱা হয়। উদাহৰণস্বৰূপে “চুপকে চুপকে ৰাত দিন আঁচু বহানা ইয়াদ হ্যায়…” এই গজলটো “মুসল্সল” গজল।
মতলা : গজলৰ প্ৰথম শ্বে’ৰটোক
মতলা বুলি কোৱা হয়। আমি উদাহৰণ হিচাবে লোৱা গজলটোৰ মতলা হৈছে-
“কোই পাছ আয়া চবেৰে চবেৰে,
মুঝে আজমায়া চবেৰে চবেৰে।”
মিশ্ৰা : শ্বে’ৰৰ স্বতন্ত্ৰ এটা পদ বা পংক্তিক মিশ্ৰা বুলি কোৱা হয়।
আমি উদাহৰণ হিচাবে লোৱা গজলটোৰ প্ৰথম মিশ্ৰা হৈছে “কটী ৰাত চাৰী মেৰী ময়কদে মে।” আৰু দ্বিতীয় মিশ্ৰা হৈছে “খুদা ইয়াদ আয়া চবেৰে চবেৰে।”
ৰদীফ : গজলৰ প্ৰথম পংক্তিৰ শেষৰ ফালে স্থিৰ হৈ থকা এটা বা দুটা শব্দ। প্ৰথম বা দ্বিতীয় মিশ্ৰা তথা মতলাৰ শেষত থকা শব্দ যিটো গজলটোত বাৰে বাৰে পুনৰাবৃত্তি হয়। আমি উদাহৰণ হিচাবে লোৱা গজলটোত থকা “চবেৰে চবেৰে” হৈছে ৰদীফ।
ৰদীফ নোহোৱাকৈও গজল হ’ব পাৰে তেনে গজলক “গেইৰ মৰদুফ গজল” বুলি কোৱা হয়।
কাফিয়া : ৰদীফৰ আগত থকা শব্দবোৰ হৈছে কাফিয়া। সাধাৰণতে প্ৰতিটো শ্বে’ৰৰ দ্বিতীয় মিশ্ৰাত ৰদীফৰ আগত থকা এক ছন্দোময় শব্দই হৈছে কাফিয়া। আমি উদাহৰণ হিচাবে লোৱা গজলটোত থকা “আজমায়া, লড়খড়ায়া, চুনায়া, আয়া” এই শব্দবোৰ হৈছে কাফিয়া। এটা আদৰ্শ গজলত কাফিয়া থাকিবই আৰু যদি নাথাকে তেনে ক্ষেত্ৰত কাফিয়া “তঙ্গ” হোৱা বুলি কয়।
মক্তা : গজলৰ শেষ শ্বে’ৰটোত শ্বায়ৰ অৰ্থাৎ কবিজনৰ নামটো উল্লেখ থাকে। এই শ্বে’ৰটোক মক্তা বুলি কোৱা হয়।
তখল্লূছ : বেছিভাগ শ্বায়ৰৰ উপনাম বা ছদ্মনাম থাকে আৰু এই নামটো গজলৰ মক্তাত ব্যৱহাৰ কৰা হয়। যেনে ফাৰাজ, খায়াল, গুলজাৰ ইত্যাদি।
স্কুলত থাকোঁতে শুনিছিলো গুলাম আলিৰ “চুপকে চুপকে ৰাতদিন আঁচু বহানা য়াদ হ্যায়, হামকো অব তক আশ্বিকী কা ৱৌ জমানা য়াদ হ্যায়।” তাৰপিছতেই গজলৰ সৈতে প্ৰথম প্ৰেম হৈছিল। সেই প্ৰেমৰ ধাৰাবাহিকতা জগজিত সিং, পংকজ উধাছ, আহমেদ হুছেইন- মোহম্মদ হুছেইন আদিৰপৰা একেবাৰে শেষত মেহদী হাছানলৈকে আহি থমকি ৰৈছেহি।
মেহদী হাছানক গজল সম্ৰাট বুলি কোৱা হয়। মেহদীৰ কণ্ঠত স্বয়ং ভগৱানে বাস কৰে বুলি কোকিলকণ্ঠী লতা মংগেশকাৰে এবাৰ এক সাক্ষাৎকাৰত কৈ গৈছে।
মেহদী হাছানৰ কণ্ঠস্বৰৰ মাধুৰ্য্য আৰু ধ্ৰুপদী সংগীতৰ মান ইমানেই উচ্চস্তৰৰ যে লতা মংগেশকাৰ তথা সমগ্র এছিয়ান দেশৰ সংগীত শিল্পীসকল তেখেতৰ অনুৰাগী আছিল।
আনহাতে এবাৰ “আপুনি ৰাগভিত্তিক গজলবোৰ ইমান নিখুঁতভাবে কেনেকৈ গাব পাৰে?” বুলি সোধা এক প্ৰশ্নৰ উত্তৰত শাস্ত্ৰীয় সংগীতৰ ৰেওৱাজ আৰু তালিমেৰে পৰিপক্ক গজল সম্ৰাট মেহদী হাছানে কৈছিল,
“আপোনালোকে গানৰ সুৰ কাণেৰে শুনে, মই সুৰ চকুৰে দেখা পাওঁ।”
তেখেতৰ সুমধুৰ গজলবোৰ শুনিবলৈ লোৱাৰ পিছত তেখেতে কোৱা কথাষাৰৰ মাজত কণমানো অতিৰঞ্জনা বিচাৰি নাপালো। সঁচাকৈয়ে তেখেতে সুৰক দেখা পাইছিল।
নিম্নলিখিত শ্বায়েৰীৰ স্তৱকবোৰৰ মাজত মন প্ৰাণ পৰশি যোৱা আৰু প্ৰেমৰ এক সৃজনশীল অভিব্যক্তিৰ ধাৰাবাহিকতা মন কৰক।
“জিন্দগী মে তৌ চভী প্যাৰ কিয়া কৰতে হ্যায়,
মেই তৌ মৰকৰ ভী,
মেৰী জান, তুঝে চাহুংগা।“
(জীৱনততো সকলোৱেই এবাৰ নহয় এবাৰ প্ৰেমত পৰে, মই কিন্তু মৃত্যুৰ পিছতো, প্ৰিয়া তোমাকেই মাথোঁ কামনা কৰিম)
“তু মিলা হ্যায় তৌ য়ে,
এহচাচ হুৱা মুঝকো,
এ মেৰী উম্ৰ, মোহাব্বত
কে লিয়ে, থোড়ী হ্যায়।“
(তোমাক লগ পাইহে অনুভৱ হ’ল যে এই জীৱনটো তোমাক ভাল পোৱাৰ জোখাৰে তেনেই চুটি হৈ পৰিছে)
“অব কে হাম বিছড়ে,
তৌ শ্বায়দ, কভী
খোৱাবো মে মিলে
জিছ তৰহ, চুখে ফুল
কিতাবো মে মিলে।“
(এতিয়া যদি আমাৰ বিচ্ছেদো হয়, তথাপি নিশ্চয় সপোনত লগ পাম, যিদৰে মৰহা ফুলপাহ কিতাপৰ পাতৰ মাজত বিচাৰি পোৱা যায়।)
“ৰঞ্জীশ্ব হী চহী
দীল হী, দুখানে
কে লিয়ে আ
আ ফিৰ চে মুঝে,
ছৌড় কে জানে
কে লিয়ে আ।“
(আঘাত দিবলৈকে হ’লেও, তই এবাৰ মাথো আহি যা, আহি যা। মোক এৰি থৈ যাবলৈকে হ’লেও এবাৰ তই আহি যা)
“এক বচ তু হী নহী
মুঝচে খফা হো বেইঠা
মেইনে জো চংগ তাৰাশ্বা
ৱহ খুদা হো বেইঠা।“
(কেৱল তইয়ে মোৰ ওপৰত অভিমান কৰি থকা নাই । মই শিলত খোদাই কৰা মূৰ্ত্তিটোও, আনকি আজি ঈশ্বৰ হৈ পৰিল।)
“আপ তৌ নজদীক চে,
নজদীকতৰ আতে গয়ে।
আপ তৌ নজদীক চে,
নজদীকতৰ আতে গয়ে।।“
“পেহলে দিল,
ফিৰ দিলৰূবা।
পেহলে দিল,
ফিৰ দিলৰূবা।
ফিৰ দিল কে, মেহমান হৌ গয়ে…..”
এনেধৰণৰ মন প্ৰাণ চুই যোৱা আৰু অনেক আছে।
জীৱনত কোনো দিন প্ৰেমত নপৰা লোক এজনেও যদি মেহদী হাছানৰ গজল শুনে, তেওঁৰ এনে লাগিব যেন এতিয়ালৈকে দহ-বাৰজনীমান প্রেমিকাই এৰি থৈ গ’ল চাগৈ!
মেহদী হাছানৰ গজলৰ এনে এক যাদুকৰী শক্তি আছে, যিয়েই নেকি কোনোদিনে প্ৰেমত নপৰা মানুহৰ মনতো প্ৰাপ্তি-অপ্ৰাপ্তিৰ বেদনা আৰু প্ৰেমৰ স্বৰ্গীয় অনুভূতি জগাই তুলিব পাৰে।
আনহাতে যিসকলে প্ৰেমত পৰি পাইছে বা নতুনকৈ প্ৰেমত পৰিছে তেখেতসকলৰ অৱস্থা বা কি হ’ব সেইয়া মাথোঁ ঈশ্বৰেহে জানিব।
☆★☆★☆
3:47 pm
গজলৰ বিষয়ে বহুত জানিলো। সুখপাঠ্য লেখাটোৰ বাবে ধন্যবাদ জনালো।
8:37 pm
বঢ়িয়া লাগিল ।
12:30 am
গজলৰ বিষয়ে বহু কথা জানিলোঁ, ধন্যবাদ।
4:09 pm
গজলৰ বিষয়ে সহজ সৰলকৈ এক সুন্দৰ বাখ্যা দাঙি ধৰিছে। পঢ়ি বহুত ভাল লাগিল।
7:14 pm
ইমান ভাল লাগে গজল শুনি কিন্তু আঁৰৰ কথাবোৰ আজিহে জানিলো
সুন্দৰ