ফটাঢোল

ভাইজানৰ দিৱালী – শংকৰ জ্যোতি বৰা

ড্ৰোন ভিউ‘ত অলপ দুৰৰ পৰা পাহাৰৰ নামনিত এটা বিশাল অট্টালিকা৷ ভিউ‘টো লাহে লাহে অট্টালিকাক কেন্দ্ৰ কৰি ওচৰ চাপি আহি থাকিব৷ দৃশ্যমান হৈ আহি থাকিব অট্টালিকাৰ চৌপাশ৷ ওখ দেৱালেৰে আৱৰা এটা বিশাল চৌহদ৷ পিছৰ ফালে ডিজাইন ডিজাইন ফুলেৰে ভৰা এখন বিশাল আৰু আবুৰ থকা ল’ন৷ সংলগ্ন এটা চুইমিঙ পুল আৰু মুকলি জিম৷ এইখিনি ঠাইত সকলোৰে প্ৰবেশ নিষেধ৷ কেমেৰা এইবাৰ অট্টালিকাৰ সমুখৰ ফালে গতি কৰিছে৷ আগফালেও এখন বিশাল বাগিছা৷ বাগিছাৰ একোণৰ মুকলি আখৰাত অনুশীলনত ব্যস্ত এগাল ডিজাইন ডিজাইন পেহেলৱান৷ গোটেই চৌহদটোত ঠায়ে ঠায়ে ডিজাইন ডিজাইন আৰ্মছ লৈ এগালমান বিদেশী গাৰ্ড৷ এইবাৰ কেমেৰাৰ ভিউ আগবাঢ়িব কেবাখনো দামী ডিজাইন ডিজাইন দেশী-বিদেশী গাড়ী ৰৈ থকা দালান সংলগ্ন গাড়ীৰ প‘ৰ্ছলৈ৷ মাজত থকা ধুনীয়া ডিজাইনৰ দামী বিদেশী SUV গাড়ী খনৰ কাষত থিয় হৈ আছে বিশাল কিন্তু এটা আটিল দেহৰ অধিকাৰী এজন দেহৰক্ষী৷ অট্টালিকাৰ পৰা গহীন খোজত ওলাই আহিছে জমিদাৰ ৰামানুজ গোঁসাই৷ দেহৰক্ষীজনে সম্ভ্ৰমেৰে গাড়ীৰ দুৱাৰখন খুলি দিলে৷ গোঁসাই গাড়ীত বহাৰ লগে লগে দুৱাৰ খন বন্ধ কৰি দি পাছৰ গাড়ীখনত বহিলগৈ! কেবাখনো গাড়ীৰ কনভয়টো অকোৱা পকোৱা ৰাস্তাইদি ভৈয়ামলৈ নামিবলৈ ধৰিলে৷ তাৰ লগে লগে নেম কাষ্টিঙ৷ তুফান ফিলিম প্ৰেজেন্টছ “ভাইজানৰ দিৱালি”, মিউজিক আৰু বেবনি- হেকা, প্ৰদাকচন- গীতিকা এচ, দিৰেকচন গুৰুজী৷

গাঁৱৰ নামঘৰৰ চৌহদত থকা বৃহৎ আহতজোপাৰ তলত ৰাইজৰ বিচাৰ মেল৷ গছজোপাক আগুৰি থকা ওখ ভেটিটোৰ একমাত্ৰ চকীখনত গোঁসাই বহিছে৷ ভেটিটোৰ লগতে মাটিত থকা চকী কেইখনত গাঁওবুঢ়া ভাগৱতীকে ধৰি কেইজনমান গাঁৱৰে মুখিয়াল ব্যক্তি৷ বিচাৰৰ বিষয় প্ৰেম৷ গোঁসাইয়ে গাঁৱত প্ৰেম নিষিদ্ধ কৰি থৈছে৷ তেওঁৰ মতে গাঁৱৰ সকলো ল‘ৰা-ছোৱালী ভাই-ভনীৰ দৰে৷ সেয়ে প্ৰেম নিষিদ্ধ৷ তাৰ মাজতেই ভাস্কৰ বৰতপা আৰু মিতালি নগৰীয়াৰ মাজত প্ৰেম গঢ় লৈ উঠিল৷ এটা অক্ষমনীয় অপৰাধ৷ গোঁসাইয়ে শাস্তি শুনালে৷ বৰতপাক টিকাত ৫০টা বেতৰ কোবৰ লগতে গাঁৱৰ পৰা বহিস্কাৰ আৰু নগৰীয়ানীয়ে আজীৱন গাঁৱৰ চিকিৎসালয়ত সহায়কাৰী হৈ থাকিব লাগিব৷ বিচাৰ সমাপ্ত৷ সেই সময়তে প্ৰৱেশ ঘটে চিনেমাৰ নায়ক, এলেকাৰ থানাখনলৈ নতুনকৈ অহা ইন্সপেক্টৰ ভাইজান ইন্টিমনি দত্তৰ৷ ছফুট ওখ আটিল চেহেৰাৰ ভাইজানে তেওঁৰ হাৰ্লি ডেভিদছন বাইকখন লৈ নামঘৰ চৌহদত সুমোৱাৰ লগে লগে আনহে নেলাগে গোঁসাইৰ চকুতো ঈৰ্ষাৰ ৰেঙণি দেখা গৈছিল৷ বাইকখন ৰখাই ভাইজান গোঁসাইৰ ওচৰলৈ আহি অভিবাদন জনালে আৰু নিজৰ পৰিচয় দিলে৷ গোঁসাইয়ে বোলে মই গম পাইছোঁ, মোৰ অট্টালিকালৈ আহিবা৷ ভালকৈ কথা হ’ম৷

নেক্সট চিন-

গোঁসাইৰ অট্টালিকাৰ বৃহৎ ড্ৰয়িং ৰুম৷ লিকচৌ এজনে দেখুৱাই দিয়া মতেই বিশাল চোফাত বহি ভাইজানে গোঁসাইলৈ অপেক্ষা কৰি আছে৷ তেনেকুৱাতে ওপৰৰ পৰা চিৰিয়েদি নামি অহা গোঁসাইৰ আলাসৰ জী উফতাৰা আইদেওৰ লগত ভাইজানৰ চাৰিচকুৰ মিলন৷ মিলন মানে মিলনেই৷ একদম আখিঁঅ চে গুলি মাৰে টাইপ৷ ভাইজানে আইদেওৰ লগত কল্পনাতে চুইজাৰলেণ্ডৰ ফুলনিত গান গাবলৈ ধৰিলে, আইদেউৱেও বোলে এইজনক পাবলৈ মই বৈষ্ণোদেৱীৰ মন্দিৰত পদব্ৰজে গৈ সেৱা ল‘মগৈ! গোঁসাইৰ মাতত হে দুয়োজনৰে সম্বিত ঘুৰি আহিল৷ তেখেতে এই মিলনৰ বিষয়ে একো গম নোপোৱাকৈ ভাইজানৰ লগত কথা বতৰা হ‘বলৈ ধৰিলে৷

নেক্সট চিন-

চিৰিয়াখানাৰ বৃহৎ গছ এজোপাৰ গুৰিত ইজনে-সিজনৰ হাতত ধৰি ভাইজান আৰু উফতাৰা আইদেও৷
আইদেওঃ তুমি নাজানা, দেউতাই কেতিয়াও আমাৰ প্ৰেমক গ্ৰহণ নকৰে৷ মই তোমাৰ লগত পলাই গ‘লেও যেনেকৈ হ‘লেও বিচাৰি উলিয়াই আমাৰ দুয়োকে গুলিয়াই দিব৷ দেউতাৰ হাতৰ পৰা কেনেবাকৈ সাৰিলেও দাদাৰ হাতৰ পৰা সৰাটো অসম্ভৱ৷ সি আমাক শুদাই নেৰে৷
ভাইজানঃ চিন্তা নকৰিবা সকলো ঠিক হৈ যাব৷

নেক্সট চিন-

বাৰৰ ভিতৰত সঞ্জীৱ গোঁসাই৷ ৰামানুজ গোঁসাইৰ একমাত্ৰ পুত্ৰ৷ দেখিলেই গম পাই বহুত খঙত আছে৷ তেওঁৰ কাষতে আছে বিশ্বস্ত সংগী গাঁওবুঢ়াৰ পুত্ৰ সৰু ভাগৱতী৷ যদি তোমাৰ কথা মিছা হয় মৰিবলৈ সাজু হৈ থাকিবা ভাগৱতী৷ ভাগৱতীঃ আমাৰ নবই নিজে দেখি আহিছে চহৰত দুয়োটাকে একেলগে৷

নেক্সট চিন-

সৰু গোঁসাইয়ে পঠিওৱা প্ৰায় পঞ্চাশটামান ডিজাইন গুণ্ডাৰ লগত ভাইজানৰ ফাইট৷ ডিজাইন ডিজাইন আকাৰৰ দা-যাঠি লৈ অহা গুণ্ডাবোৰক ভাইজানে সুদাহাতেই পানী খুৱাই দিছে৷ এটা ঘোছাত দুই তিনিটা, এটা কিকত চাৰি পাঁচটাকৈ উফৰি গৈছে৷ সোনকালেই গুণ্ডাবোৰ পৃষ্ঠভংগ দিলে৷ পলাই যোৱা শেষ গুণ্ডাটোলৈ চাই ভাইজানে কৈ উঠিল,-
“কৈ দিবি গোঁসাইক৷ ইয়েছ, আই লাভ উফতাৰা৷”

নেক্সট চিন-

অট্টালিকাৰ এটা ভিতৰ কোঠা৷ এখন আৰামী চকীত চিন্তা ক্লিষ্ট ৰামানুজ গোঁসাই৷ কাষত অপৰাধীৰ দৰে ঠিয় দি আছে সঞ্জু গোঁসাই৷ কাষতে মাটিত আউলী-বাউলী হৈ উফতাৰা আইদেও৷ ইতিমধ্যেই প্ৰেমত পৰা বাবে আইদেও আৰু গম নিদিয়াকৈ গুণ্ডা পঠোৱা বাবে দুইজনেই বাপেকৰ পৰা যথেষ্ট গালি শুনিছে৷ তেনেতে লিকচৌ এজন উধাতু খাই দৌৰি আহি খবৰ দিলেহি যে অট্টালিকাত আক্ৰমণ হৈছে৷ ধদুৱা মহন্তৰ লগ হৈ বৰতপাই নিজৰ গুণ্ডাবাহিনী লৈ অট্টালিকা আক্ৰমণ কৰিছে৷ ধদুৱা মহন্ত৷ লুতুৰা আৰু খকুৱা স্বভাৱৰ এই ধদুৱা মহন্তক বহুবছৰৰ আগতেই গাঁৱৰ পৰা লুতুৰা স্বভাৱৰ বাবে টিকাত ২০১টা বেতৰ কোব দি গাঁৱৰ পৰা নিৰ্বাসন দি থৈছিল ৰামানুজ গোঁসায়ে৷ তেতিয়াৰে পৰা ডিজাইন ডিজাইন গুণ্ডা গোটাই ভিতৰি নিজাকৈ এটা বাহিনী গঠন কৰি আছিল ধদুৱাই! শেহতীয়াকৈ বৰতপাকো নিজৰ গোটত সুমুৱাইছিল৷ আৰু সুযোগ বুজি মনে মনে আজি হঠাৎ আক্ৰমণ৷ ইতিমধ্যেই গোঁসাইৰ প্ৰায়বোৰ গাৰ্ড আৰু সামন্তই ৰণত পৰিল৷ নিজেই যুজোঁ বুলি হাতত বন্দুক লৈ গোঁসাই চৌহদলৈ ওলাই আহিল৷ পিছে পিছে হাতত তৰোৱাল লৈ সঞ্জু বাবা৷ কিন্তু দেৰি হৈ গ’ল৷ ধদুৱা বাহিনীয়ে ইতিমধ্যেই সকলোকে কৰায়ত্ত কৰি পেলালে৷

শেষ চিন-

অট্টালিকাৰ বাহিৰৰ লনখনত৷ ৰামানুজ গোঁসাই, সঞ্জু গোঁসাই, উফতাৰা আইদেউ, জমিদাৰনী বন্দিতা আইদেও সকলোকে ল‘নত শাৰী শাৰীকৈ থকা গছবোৰত এজন এজনকৈ বান্ধি থোৱা আছে৷ ধদুৱা সমুখত থকা আৰামী চকী এখনত বহি আছে৷

ধদুৱাঃ “গোঁসাই, মই তোমাক কৈছিলো নহয়, এদিন মই বদলা লমেই! আজি সেই দিন আহি গ’ল৷ আজি তোমাৰ চকুৰ সমুখতে মই যে লুতুৰা তাৰ প্ৰমাণ পাই যাবা৷ এই উফতাৰা আইদেউক মোৰ ওচৰলৈ লৈ আহ”৷
বৰতপাই বিৰোধ কৰিলে৷ বোলে, আমাৰ শত্ৰুতা গোঁসাইৰ লগতহে৷ আইদেউক অপমান নকৰিব৷ ধদুৱাই অট্টহাস্য কৰি উঠিল৷ তাৰ ইংগিতত দুজনে বৰতপাকো ধৰি বন্দী কৰি পেলালে৷ এটা গুণ্ডা আইদেউৰ ফাললৈ আগবাঢ়িল৷

ধিছকিঁয়াও.. চৌহদৰ ৱালৰ ওপৰেদি জাম্প কৰাই নিজৰ হাৰ্লিখনক উৰাই অনা ভাইজানৰ দুহাতত দুটা পিষ্টল৷ তাৰে এটা গুলীত আইদেউৰ ওচৰলৈ আগবঢ়াটো ঠাইতে চেটেপ৷ ধিছকিঁয়াও ধিছকিঁয়াও…ধদুৱা বাহিনী মুহুৰ্তৰ ভিতৰতে ছেদেলি ভেদেলি হৈ পৰিল৷ বাইক ওপৰতে এৰি এটা খৰবাগৰ মাৰি ভাইজান তল পালেহি৷ এটা হাতৰ পিষ্টলেদি ধদুৱা বাহিনীৰ পিনে গুলিয়াই আনটো ফালে নোছোৱাকৈ গোঁসাইহঁতৰ ফালে গুলি৷ গোঁসাইহঁতক বান্ধি থোৱা ৰছী ভাইজানৰ গুলীত ফাঁহিচিটিকা দিলে৷ সঞ্জু আৰু বৰতপাই তলত পৰি থকা বন্দুক দুটালৈ ভাইজানক সহযোগ কৰিবলৈ ধৰিলে৷ ভাইজানৰ পিষ্টলত গুলী শেষ৷ চল পাই ধদুৱা বাহিনীৰ পৰা তিনিমোনীয়া নিগ্ৰো প্ৰকাণ্ড গুণ্ডা, দেখিলেই ভয় লগা এটাই দা এখন লৈ ভাইজানলৈ খেদি আহিল৷ ধিছুম- ভাইজানৰ এটা প্ৰকাণ্ড পাঞ্ছত নিগ্ৰো বিছফুট মান উৰি গৈ গছৰ ফেৰেঙণি এটাত লাগি ধৰিলে৷ থে থে থে থে… গছৰ আঁৰৰ পৰা আন এটাৰ ভাইজানলৈ মেছিনগানৰ অবিৰাম গুলী৷ ভাইজানেও ঠাইতে চাৰিটামান খৰ-বাগৰ মাৰি নিজকে গুলীৰ পৰা বছাই থাকিল৷ এটা পাকত নিগ্ৰোৰ হাতৰ পৰা পৰি যোৱা দাখন বুটলি লৈ নিৰ্ভুল থ্ৰ’৷ মেছিনগানৱালা চেটেপ৷

“ৰৈ যা ভাইজান৷ ন’হলে সৰু গোঁসাই চেটেপ”-কোন পাকত ধদুৱাই সঞ্জুক নিজৰ কব্জালৈ আনিলে কোনেও গমেই নাপালে৷ ধদুৱাৰ পিষ্টলৰ নলী সঞ্জুৰ মূৰত৷ ধদুৱা বাহিনীৰো ইতিমধ্যে বাকীবোৰ চেটেপেই হ’ল৷

ধদুৱাঃ তই মোৰ চব প্লেন বৰবাদ কৰি দিলি ভাইজান৷ তোক মই সুদাই নেৰোঁ৷ এইবুলি হাতৰ পিষ্টল ভাইজানৰ ফালে,…এইটো সুযোগলৈকে ভাইজান ৰৈ আছিল৷ যেই ধদুৱাই হাতৰ পিষ্টল সঞ্জুৰ মূৰৰ পৰা আঁতৰাই ভাইজানৰ ফালে ঘুৰাবলৈ লৈছিল, ভাইজানে তলত পৰি থকা ক‘ল্ড ড্ৰিংক্ছৰ খালি বটল এটাত ষ্টাইলিছ কিক এটা মাৰিলে৷ অব্যৰ্থ লক্ষ্য৷ চকচককৈ ঘুৰি গৈ বটলটোৱে ধদুৱাৰ হাতৰ পিষ্টলটো ওফৰাই পেলালে৷ ভাইজানেও অকনো সময় নষ্ট নকৰি এটা টুইষ্ট মাৰি অলপ দুৰত পৰি থকা ছটগান এটা বুটলি লৈ ফায়াৰ কৰিলে৷ ধদুৱাক চটগানৰ দহটামান গুলীয়ে ওপৰতে উৰাই নি চৌহদৰ বাহিৰত পেলাই দিলেগৈ৷ তাৰপাছত আৰু কি? গোঁসাই ফেমিলিৰ ভাইজানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা৷ ৰামানুজ গোঁসায়ে নিজেই উফতাৰা আইদেওৰ হাত ভাইজানৰ হাতত তুলি দিলে আৰু প্ৰেমত থকা নিষেধাজ্ঞাও তুলি দিব বুলি প্ৰতিশ্ৰুতি দিলে৷ সঞ্জু গোঁসায়ে ক‘লে,-“কাইলৈ দিৱালি৷ এইবাৰ আমি দিৱালি বহুত ডাঙৰকৈ উদযাপন কৰিম৷”

বেকগ্ৰাউন্ডত হাজাৰ হাজাৰ ডিজাইন ডিজাইন ফটকা ফুতি উঠে৷

সকলোৱে কোৰাছত গায়, – এইবাৰৰ দিৱালি,”ভাইজানৰ দিৱালি”

(দি এণ্ড)

☆★☆★☆

10 Comments

  • অভিজিৎ কলিতা

    তামাম

    Reply
  • ৰূপাঞ্জলী

    ডিজাইন ডিজাইন ফিলিম চালো। ভাল লাগিল।

    Reply
  • ৰিণ্টু

    বঢ়িয়া ভাইজান

    Reply
  • গীতিকা শইকীয়া

    একদম ঝাকাচ ফিলিম। মজাকৈ লিখিলা। পঢ়ি খুউব ভাল লাগিল।

    Reply
  • Rajib Sarma

    ধদুৱাৰ ইয়াতো শান্তি নহ’ল।বঢ়িয়া

    Reply
  • সদানন্দ ভূঞা

    বঢ়িয়া, ভাইজান ।

    Reply
  • সৌৰভ শৰ্মা

    এনে মচলাদাৰ চুপাৰ হিট চিনেমা বহু বছৰৰ মুৰত পালোঁ। ঝাকাছ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *