ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কথা – ৰিমঝিম বৰঠাকুৰ

চুম্বকে লোহাক টনাৰ দৰে, আচলতে ফোনত থকা ফেচবুক এপটোৱে টানি থাকে মোৰ মনটোক। ব্যস্ততা যিমানেই নহওক ফেচবুকৰ নটিফিকেশ্ব্যনৰ ’ট্ৰিং ট্ৰিং’ শব্দটো শুনাৰ লগে লগে তাক একোলা লৈ ল’বই লাগিব। মানে ফোন নহয় যেন দেহলাওহে। তেনেকৈয়ে এদিন সন্ধিয়া সময়ত ফোনটো কাষতে শুৱাই ময়ো শুই আছোঁ। তেনেতে মেচেঞ্জাৰত মেচেজ অহা শব্দই মোৰ ঘুমটি ভাঙিলে। ফোনটো লৈ চাই দেখোঁ আমাৰ হেড এডমিন হেমন্ত কাকতিদাৰ মেচেজ “ৰিমঝিম, কথা এটা পাতিব লগা আছিল, মানে আমাৰ আলোচনীখনৰ সম্পাদকৰ দায়িত্বৰ কাৰণে…।”

বুকুখন চিৰিঙকৈ মাৰিলে মোৰ। ফটা-ঢোল গোটত সোমোৱা বেছি দিন হোৱাই নাই। এনেই কেতিয়াবা এচাপৰ দুচাপৰ হকে-বিহকে বজাই চাওঁ। কিন্তু অলোচনীৰ সম্পাদনাৰ দৰে কাম কৰিব পাৰিম সেয়া সপোনৰো অগোচৰ। কথাবোৰ মনতে গুণা-গঁঠা কৰি থাকোঁতেই সিফালৰ পৰা মেচেজ আহিল “বিশেষ চিন্তাৰ কাৰণ নাই, আমি সকলোবোৰ তোমাৰ লগত থাকিমেই।” তাৰপিছত সম্পাদকৰ কামৰ অলপ আভাস দি ক’লে যে মোৰ বোলে সম্পাদক হ’ব পৰাকৈ সিমানখিনি আত্মবিশ্বাস আছে। তেখেতে হেনো মোৰ লগত কথা পাতিয়েই গম পাইছে।

আত্মবিশ্বাসৰ কথা কওঁতেই মনত পৰিল – কনফিডেন্স নাথাকিলেনো আৰু গানৰ সা ৰে গা মা নজনাকৈয়ে গান গাই পুৰস্কাৰ পাবলৈ ৰৈ থাকোঁনে। কনফিডেন্স আছিল কাৰণেইতো ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত একেবাৰে শেষত সকলোৱে এৰি থৈ গুচি যোৱাৰ পিছতো “মোৰ কিবা ভৰি নাইনে” বুলি আৰামত দৌৰি দৌৰি শেষৰফালৰপৰা প্ৰথম পুৰস্কাৰ আনিবলৈ সক্ষম হৈছিলোঁ। কেনেবাকৈ সেই কনফিডেন্সৰ কথা গম পোৱা নাইতো বুলি মনটো অলপ গোন্ধালে। যি হয় দেখা যাব বুলি ময়ো কথাটো সিমানতে সামৰিলোঁ।

আচলতে মই ফটা-ঢোল গোটটোত সোমোৱাও বেছি দিন হোৱা নাছিল সেই সময়ত। খুব বেছি তিনিমাহমান।বেলেগৰ পোষ্টবোৰ পঢ়ি লাইকহে কৰি যাওঁ।(কমেণ্ট কৰিবলৈও সাহ কৰা নাছিলোঁ মানে কমেণ্টবোৰো ইমান ধুনীয়া, নিজৰ কমেন্ট লিখিবলৈ লাজেই লাগিছিল)। তেনেকুৱাতে এদিন এডমিন দেৱজিত শইকীয়া দাই নৱাগতসকলক আদৰি গোটত এটা পোষ্ট দিলে। অলপ সাহস গোটাই ময়ো তাতে কমেণ্ট এটা দিলোঁ। সেয়াই আৰম্ভণি। লাহে লাহে ভালে-বেয়াই পোষ্ট দি ফটা-ঢোল বজাবলৈ ল’লোঁ। দেৱজিত দা আপোনাক অশেষ ধন্যবাদ, আপোনাৰ সেই পোষ্টটিয়ে মোৰ দৰে বহুতজনক ফটা-ঢোলৰ মজিয়াত বিচৰণ কৰিবলৈ সাহস দিলে। আচলতে ফটা-ঢোলৰ শক্তি সেইখিনিতে যিয়ে লিখিব নজনাকো লিখিবলৈ উদগনি দিয়ে।

দিন বাগৰিল, কাকতি দায়ে সম্পাদকৰ দায়িত্বৰ কথা কৈ থ’লেও বহুতদিন উম-ঘাম নুশুনি ভাবিলোঁ পাহৰিলে চাগে। ময়ো বোলো গ’ল কথা গুচিল।

কিন্তু চেপ্তেম্বৰ মাহৰ কোনোবা এটা দিনত গোটৰ এডমিন ৰিণ্টুমণি দত্ত দাই মেছেঞ্জাৰত মেচেজ এটা পঠিয়ালে “তোমাক অক্টোবৰ মাহৰ কাৰণে ভাবিছোঁ।” মই অলপ না নুই কৰিছিলোঁ যদিও তেওঁ লগে লগে “ফটাঢোল ই আলোচনীৰ অহা মাহৰ সম্পাদনাৰ দায়িত্ব লোৱাৰ বাবে তোমাক ধন্যবাদ আৰু অভিনন্দন জনালোঁ‌” বুলি মেচেজ এটা দিলে। মানে চৰাই জালত পৰিল। যিমান পাখি কোবাই ধপধপাই থাকিলেও মানে এইখন জালৰ পৰা এমাহৰ কাৰণে ওলাই যাব নোৱাৰিম। সেই মুহূৰ্তত চিন্তাত পৰিছিলোঁ যদিও ৰিণ্টু দাৰ অভয়বাণীয়ে অলপ সকাহ দিলে। এই গুৰুদায়িত্ব ল’ব পৰাকৈ উপযুক্ত বুলি ভবাৰ বাবে এই ছেগতে হেমন্ত কাকতি দা, ৰিণ্টুমণি দাৰ লগতে ফটাঢোল গোটৰ সমূহ প্ৰশাসক মণ্ডলীক অশেষ ধন্যবাদ জনাইছোঁ।

আলোচনীখনৰ সম্পাদনাৰ দায়িত্বটো ল’লো যদিও এই দিশত মই একেবাৰে অভিজ্ঞ নহয়। আলোচনীৰ সম্পাদনা সমিতিত থকা চবিনা ইয়াছমিন বাইদেউ, পৰী পাৰবীন বাইদেউ, মনিষা কাকতি, ঋতুপৰ্ণা মহন্ত, সকলোৱে “কিবা কাম থাকিলে দিবা/দিব দেই” বুলি কোৱা কথাষাৰে বহুত চিন্তামুক্ত কৰিলে। ময়ো লাহে লাহে নিজৰ মনটোক “নজনাটো শিকি লৈ কামত আগবাঢ়ি যা” বুলি বুজাই কামখিনি বুজি ল’বলৈ চেষ্টা কৰিলোঁ।

আচলতে ক’বলৈ গ’লে সম্পাদনা কামটোক লৈ যিমান ভয় কৰি আছিলোঁ কিন্তু এখেতসকলৰ সহায়-সহযোগিতাই সকলোবোৰ কামেই সহজ কৰি পেলালে। সম্পাদনা সমিতিত থাকি চবিনা ইয়াছমিন বাইদেউ, পৰী পাৰবীন বাইদেউ, মনিষা কাকতি, ঋতুপৰ্ণা মহন্ত বৰ্ণাশুদ্ধি কৰাৰ পৰা যাৱতীয় কামত যি সহায় কৰি দিলে তেঁওলোকৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ’লোঁ। আলোচনীখনৰ অলংকৰণ, অংগসজ্জা, বেটুপাত, আদিৰে এক আকৰ্ষণীয় ৰূপ দিয়াৰ বাবে ঋতুপৰ্ণ বৰাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

গীতিকা শইকীয়া বাইদেউৰ নাম যদি এইখিনিতে নলওঁ মোৰ ভুল হ’ব। সম্পাদনা সমিতি বাহিৰত থাকি তেখেতে মোৰ লগত প্ৰথমৰপৰাই থাকি লিখনি গোটাবলৈ কাক কেনেকৈ যোগাযোগ কৰিব লাগিব দেখুৱাই দিয়াৰ পৰা বৰ্ণাশুদ্ধিৰ লগতে সাক্ষাৎকাৰটো লিখি দিয়ালৈকে বহুতখিনি সহায় কৰিলে। গীতিকা বা আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ। জীমণি গগৈ বাইদেউ অত্যন্ত ব্যস্ততাৰ মাজতো ফটাপ্ৰশ্নখিনি গোটাই দিয়াৰ লগতে বৰ্ণাশুদ্ধিতো যি সহায়ৰ হাত আগবঢ়ালে আপোনাক অশেষ ধন্যবাদ। পৰিস্মীতা গগৈ আপুনি সম্পাদনা সমিতিত নাথকিলেও মোক ব্যক্তিগতভাবে যিদৰে লিখনিবোৰ শুধৰাই চাই দিলে কেতিয়াও পাহৰিব নোৱাৰোঁ। আলোচনীলৈ ইউনিকোড কৰিবলগীয়া লেখাসমূহত বিশেষভাৱে সহায় কৰা চুইট লেনা দাসক আন্তৰিক ধন্যবাদ জনালোঁ৷

বিভিন্ন দিহা-পৰামৰ্শৰে পৰোক্ষ তথা প্ৰত্যক্ষভাৱে সহায় আগবঢ়োৱা অভিজিত কলিতা দা আৰু জ্যোতিৰূপম দত্ত দাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

গোটত ভাল লিখা এটা দেখাৰ লগে লগে টেগ কৰিবলৈ নাপাহৰা প্ৰণীতা গোস্বামী বৰঠাকুৰ বা, ধ্ৰুৱজ্যোতি অৰ্জুনা দা, মানস শইকীয়া দা, সোনটো ৰঞ্জন বৰুৱা, দিম্পল কলিতা আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। বিজয় মহন্ত দা আপোনাৰ খুহুতীয়া কথাবোৰ মানসিক চাপত থকাসকলৰ বাবে মহৌষধ স্বৰূপ।

সম্পাদকৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগৰেপৰা এটা চিন্তাই বাৰুকৈয়ে দহি আছিল সেইটো হ’ল সাক্ষাৎকাৰ কাক ল’ম আৰু কেনেকৈ ল’ম? কৰ্মসূত্ৰে অসমৰ পৰা বাহিৰত থকা হেতুকে নিজেই গৈ সাক্ষাৎকাৰ লোৱাটো মোৰ কাৰণে অলপ অসুবিধা হ’ব। সেই কথা কাকতি দাক ব্যক্ত কৰাৰ লগে যেনেদৰে নিৰ্ভয়বাণী শুনালে সেই বাণীয়ে মোৰ চিন্তাক পলকতে উৰুৱাই নিলে। সাক্ষাৎকাৰ কাক লোৱা হ’ব সেই কথাৰ পৰা সাক্ষাৎকাৰৰ বাবে ব্যক্তি ঠিক কৰি সাক্ষাৎকাৰ গ্ৰহণৰ লগতে লিখি দিয়ালৈকে সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য দাই যিখিনি সহায় কৰিলে সেইখিনি সঁচাকৈয়ে মানিবলগীয়া। মই একো চিন্তা কৰিবলগীয়া নোহোৱাকৈয়ে সুকলমে হেমন্ত দা, ৰামানুজ গোস্বামী দা, সঞ্জীৱ দাই দ্বিপেন বৰুৱা ছাৰৰ সাক্ষাৎকাৰটো যুগুতাই দিয়াত তেওঁলোক আটাইলৈকে মই অশেষ ধন্যবাদ জনালোঁ। সাক্ষাৎকাৰটো লিখি আমাক সহায় কৰি দিয়া মনীষা কাকতি, জিমি শইকীয়া, সুপ্ৰিয়া সূত্ৰধাৰলৈ মই এই চেগতে কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ। মোক লিখনি বিচাৰি দিয়াৰ পৰা সন্দেহ থকা বানানবোৰ চাই সহায় কৰি দিয়া মোৰ বান্ধৱীসদৃশ ননদ বিপাশা বৰঠাকুৰকো ধন্যবাদ জনালোঁ।

শেষত “ফটাঢোল” ই-আলোচনীৰ ২০১৮ৰ অক্টোবৰৰ সংখ্যাৰ সম্পাদনাৰ সময়ত মোক বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ দি উদ্গনি যোগোৱা “ফটা-ঢোল” গোটৰ সকলোটি সদস্যলৈ পুনৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি সহৃদয় পাঠকলৈ “ফটাঢোল” ই-আলোচনীৰ এই সংখ্যাটি আগবঢ়ালোঁ।

জয়তু ফটা-ঢোল
আপোনালোকৰ আশিষ আৰু শুভকামনাৰে
ৰিমঝিম বৰঠাকুৰ
সম্পাদক, অক্টোবৰ সংখ্যা

☆★☆★☆

30 Comments

  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    অশেষ ধন্যবাদ আৰু শুভকামনা।

    Reply
  • Mridula

    সুন্দৰ ৈহছে ।অভিনন্দন

    Reply
  • সদানন্দ ভূঞা

    সম্পাদিকা হিচাপে অক্টোবৰ মাহৰ ই-আলোচনীখন আমাৰ হাতত তুলি দিয়া বাবে আপোনাক অশেষ ধন্যবাদ ।

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া ৰিমজিম৷ সুন্দৰ সংখ্যা এটা উপহাৰ দিলা

    Reply
  • অভিজিৎ কলিতা

    সুন্দৰ এই সংখ্যাটিৰ বাবে ধন্যবাদ আৰু অভিনন্দন

    Reply
  • Rintumoni Dutta

    সৰ্বাংগ-সুন্দৰ সংখ্যা এটাৰ বাবে আন্তৰিক ধন্যবাদ। লগতে অভিনন্দন। তোমাৰ লগত কাম কৰি ভাল লাগিল

    Reply
  • Utpal

    অশেষ ধন্যবাদ জনাইছো,,, বহুত ভাল লাগিল

    Reply
  • সুন্দৰ হৈছে আলোচনীখন। পঢ়ি আছোঁ। আন্তৰিক অভিনন্দন তোমালৈ

    Reply
  • Raju Kumar Nath

    সুন্দৰ হৈছে।অভিনন্দন জনালো।

    Reply
  • কৈলাশ বকতিয়াল

    বৰ ভাল হৈছে

    Reply
  • Suntu

    এটি সুন্দৰ সংখ্যাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো

    Reply
  • Kumud Barman

    সুন্দৰ এটি সংখ্যা উপহাৰ দিয়া বাবে সম্পাদিকা হিচাবে তোমাক আন্তৰিক অভিনন্দন জনালো, ৰিমঝিম ৷ পঢ়ি আছো ৷

    Reply
  • Sankar Jyoti Bora

    সৰ্বাংগ-সুন্দৰ সংখ্যা এটাৰ বাবে আন্তৰিক ধন্যবাদৰ লগতে অভিনন্দন জনালো।

    Reply
  • জয়ন্ত দাস

    বৰ সুু্ন্দ্দৰকৈ কথা খিনি লিখিলে৷ আলোচনী খন পঢ়ি গৈ আছো৷

    Reply
  • Rajib Sarma

    আঁৰৰ কথাবোৰ জানিলো।ইয়াকে নিশ্চয় ভাগ্যও বোলে।মানে ইমানখিনি মানুহৰ সহায় পোৱাতো।

    Reply
  • গীতিকা শইকীয়া

    খুউব সুন্দৰ সংখ্যা এটি আমাক উপহাৰ দিলা। অভিনন্দন তোমালৈ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *