ফটাঢোল

টকা দুহেজাৰ – হেমন্ত কাকতি

নব্বৈৰ দশকৰ কাহিনী৷ মই তেতিয়া বৰাক ভেলীৰ পাঞ্চগ্ৰামত কৰ্মৰত৷ সেই সময়ত এটিএম অসমলৈ অহাই নাই৷ বেঙ্কলৈ গৈ লাইন ধৰি পইছা উলিয়াব লাগে৷

লাইফ ইনচিউৰেঞ্চৰ বছৰেকীয়া প্ৰিমিয়াম এটা দিবলৈ বেঙ্কৰপৰা উলিয়াই আনিছিলো দুহেজাৰ টকা৷ কাউণ্টাৰৰপৰা উলিয়াই অনা গৰম গৰম এশটকীয়া নোটকেইখন গণি গণিয়েই পাঞ্চগ্ৰাম চেণ্ট্ৰেল বেঙ্কৰ চিৰিয়েদি ফাৰ্ষ্ট ফ্ল’ৰৰপৰা তললৈ নামি আহিছোঁ৷ তেতিয়াৰ এশটকীয়া মানে আজিৰ হাজাৰটকীয়াৰ সমান বুলি ধৰকচোন৷ খমখমীয়া নোটকেইখন হাতত আৰু গোন্ধটো নাকত লাগিয়েই আছিল৷

“আৰে কাকতি দেখোন! ভাল নে? বাপৰে! আপোনাক যেন ভগৱানেহে পঠিয়াইছে মোৰ ওচৰলৈ!”
– একে উশাহে মোলৈ চাই কথাখিনি কৈ গ’ল মানুহজনে৷ তেওঁৰ চকু মোৰ হাতত চিকমিকাই থকা নোটকেইখনৰ ওপৰত নিবদ্ধ৷

আগন্তুকৰ কথাত অলপ থতমত খাই তেওঁলৈ চালো৷ চিনাকী মানুহ, বদৰপুৰতে কানাড়া বেঙ্কত চাকৰি কৰা মিঃ ডেকা৷ ওচৰতে ভাড়া ঘৰ এটাত থাকে৷ বিয়া বাৰু কৰোৱা নাই যদিও বয়স প্ৰায় চল্লিছৰ ওচৰা ওচৰি৷ লগত ভতিজাক নে ভাগিনীয়েক বোলা এজনীও থাকিবলৈ আহে মাজে মাজে৷ আগৰ বছৰ বহাগ বিহুৰপৰাই তেওঁৰ লগত চিনাকী৷ আমি বৰাকত থকা অসমীয়া চাকৰিয়াল কেইজনমান মাজে মাজে অসমীয়া উৎসৱ পাৰ্বণত লগালগি হওঁ, সেই সূত্ৰে চিনাকী৷ যোৱাবাৰ ফাংচনত ঢেৰ বিহু গালো তেওঁৰ লগত৷ মাজে মাজে কনট্ৰেক্ট ব্ৰীজ খেলিবলৈও আহে আমি থকা বেচেলৰ হোষ্টেলটোত৷ দুই এবাৰ আমিও গৈছোঁ তেওঁৰ ভাৰাঘৰলৈ৷

বহুদিনৰ পিছত সেইদিনা বেঙ্কৰ চিৰিত পুনৰ লগালগি হৈয়ে তেওঁৰ প্ৰশ্নটো নুবুজি সুধি পেলালো৷

: কওক ডেকা, কি খবৰ?

: নক’ব আৰু, মোৰ বৰ বিপদ, বুইছে! ভতিজাজনী হস্পিটালাইজড্৷ অপাৰেচন এটা কৰিবলগীয়া হ’ল৷ তেজ দিব লাগে৷ আমাৰ বেঙ্কত ষ্ট্ৰাইক চলি আছে৷ টকা উলিয়াব নোৱাৰিলো আজি৷ টকা দুহেজাৰ দিয়ক যেনেতেনে৷ কাইলৈ বেঙ্ক খুলিলে আপোনাক ঘূৰাই দি যাম৷

টকা দুহেজাৰ মোৰ হাততে আছিল৷ গতিকে নাই বুলি কোৱাৰ কোনো স্কোপেই নাছিল৷ হাজাৰৰ ঘৰত তেতিয়ালৈকে কাকো টকা ধাৰে দি পোৱা নাই, দৰমহাই পাওঁ পাঁচ ছয় হেজাৰমান টকা, তথাপি শেষ চেষ্টা এটা কৰি ক’লো –
: আচলতে মোৰ প্ৰিমিয়াম এটা দিবলৈ আছিল, কাইলৈ ইনচিউৰেন্সটো লেপচ্ হ’ব৷ গতিকে…

মোক কোনো কথা কোৱাৰ সুযোগ নিদি তেওঁ ক’বলৈ ধৰিলে –
: মই কেতিয়াও কাকো পইছা ধাৰলৈ খুজি পোৱা নাই৷ বহুত বিপদ বুলিহে আপোনাৰ ওচৰত হাত পাতিলো৷ কাইলৈকে যদি ৰ’ব নোৱাৰে আজি গধূলিয়েই মই কিবা এটা কৰিম৷ সদ্যহতে মোক বিপদটোৰপৰা উদ্ধাৰ কৰক৷

সেই বয়সত ইণ্ষ্টেণ্ট মিছা কথা সজাই পৰাই কোৱাত ইমান অভ্যস্তও নাছিলো৷ মই না কোৱাৰ কোনো সুৰুঙা নেদেখিলো৷ মানুহজনৰ চকুৰ সেই কাতৰ চাৱনিত এক অজান শক্তিয়ে মোৰ হাতৰ দুহেজাৰ টকা তেওঁলৈ ঠেলি দিলে৷ পুৰা টকা দুহেজাৰ তেওঁক দি ক’লো –

: লওক ডেকা, মই দুই এদিন মেনেজ কৰি ল’ম, আপুনি বিপদটোৰপৰা পৰিত্ৰাণ পাওক৷ যেতিয়া পাৰে দিব আৰু৷

পইছাখিনি লৈ মিঃ ডেকা মুহূৰ্ততে সেই ঠাইৰপৰা অন্তৰ্ধ্যান হ’ল৷ ময়ো লাহে লাহে আহি তলত ৰখাই থোৱা মোৰ মটৰ চাইকেলত বহিলোহি৷ ক’ব নোৱাৰাকৈয়ে গানৰ কলি এটা মুখেৰে গুণগুণাই হোষ্টেল অভিমুখে ৰাওনা হ’লো৷
“মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে ভাবিব কোনেনো কোৱা, অসমীয়া….”

ৰাতি হোষ্টেলৰ ডাইনিং হ’লত ভাত খাবলৈ যাওঁতে ভাত দিয়া ল’ৰাকেইজনক ডেকা আহিছিলে নেকি বুলি এনেই এবাৰ সুধি চালো৷ কোনেও একো নামাতিলে৷ ভাবিলো আজি কথা ৰাখিব নোৱাৰিলে, কাইলৈ পৰহিলৈ মানে হয়তো আহিব৷ পিছে কালি পৰহি গৈ সপ্তাহ পাৰ হ’ল, ডেকাৰ খা খবৰ নাই৷ মনটোৱে কিবা এটা অজান আশঙ্কাৰ ইংগিত দিলে৷ কিন্তু মোৰ “hard earned money কেতিয়াও মৰা নেযায়” জাতীয় বিশ্বাস এটাই ক’লে “Don’t worry, পইছা ঘূৰি আহিবই”৷
দুদিনমানৰ পিছত গগৈদা নামৰ মোৰ চিনিয়ৰ কলিগ এজনৰ আগত কথাষাৰ লাহেকৈ উলিয়ালো৷

: গগৈদা, বদৰপুৰৰ ডেকা মানুহজন কেনেকুৱা হে?

গগৈদাই অলপ দেৰি মোলৈ পেন্দোৱাকৈ চালে, এটা ৰহস্যময় হাঁহি মুখমণ্ডলত।

: পইছা ধাৰে দিছ নেকি ডেকাক?

: হয় দাদা ৷ সিদিনা ভতিজাকৰ অসুখ বুলি দুহেজাৰ টকা ল’লে নহয়! পিছদিনাই ঘূৰাই দিম বুলি এসপ্তাহ পাৰ হ’ল, খবৰেই নাই দেখোন!

: হেৰৌ, পইছা ধাৰে দিবলৈ মানুহ নেপালি আৰু? গ’ল যা তোৰ পইছা৷ আৰু নেপাৱ৷

তাৰ পিচত গগৈদাৰপৰা যিটো কাহিনী শুনিলো সেইটো মোটামুটি এনেধৰণৰ –

মিঃ ডেকাৰ বেঙ্কৰ চাকৰি যোৱা প্ৰায় এবছৰেই হ’ল৷ বেঙ্কত বহু টকাৰ হেৰাফেৰি কৰাৰ বাবে চাকৰিৰপৰা চাচপেণ্ড নে ডিচমিছ হৈ এতিয়া চিনাকী মানুহবোৰৰপৰা টকা ধাৰে লৈ কাকো ঘূৰাই নিদিয়ে৷ গগৈদাৰপৰাও হেনো চাৰি হেজাৰ খাই থৈছে৷ বৰাক ভেলীত বহুত কম অসমীয়া মানুহহে বাছি ৰৈছে যাৰপৰা ধাৰ ল’বলৈ ডেকাৰ বাকী আছে৷ তেওঁ কেতিয়াবা টকা ঘূৰাইয়ো দিয়ে, অৱশ্যে অন্য এজনৰপৰা ধাৰ লৈহে৷ ইধৰ কা মাল উধৰ কৰিয়েই তেওঁৰ ‘ইক’নমী’ চলে৷

কথাখিনি শুনি নিজৰ ওপৰতে ধিক্কাৰ জন্মিল৷ খমখমীয়া এশটকীয়া নোটকেইখনলৈ মনত পৰি চকুকেইটা সেমেকি গ’ল৷ হোষ্টেললৈ ঘূৰি আহি কাষৰ ৰুমত থকা মোৰ লগৰ ল’ৰা ৰঞ্জুক ক’লো কথাটো৷ মোৰ কথা শেষ নহওঁতেই তাৰ মুখৰপৰা অশ্ৰাব্য গালি গালাজ ওলাবলৈ ধৰিলে৷ বুজিলো ডেকাৰ চিকাৰ তেঁৱো হৈছে৷ ৰঞ্জুক ক’লো, “ব’ল ময়ো এনেই নেৰো বুজিছ, তাৰ ঘৰলৈ গৈ হ’লেও পইছা উলিয়াম৷ ইমান কষ্টৰ পইছা এনেই এৰিম নেকি!”

পিছদিনা ৰাতিপুৱা মই আৰু ৰঞ্জু গৈ ওলালোগৈ ডেকাৰ ঘৰ বিচাৰি৷ পুৰণা ঠিকনাটোলৈ গৈ ভাৰা ঘৰটো বিচাৰি উলিয়ালো৷ পিছে ঘৰটোৰ দুৱাৰমুখতে তলা এটা ওলমি থকাহে দেখিলো৷ সন্মুখতে দোকান এখন দেখি, দোকানীজনৰ ওচৰ পাই কিবা সোধো বুলি ভাবোতেই দোকানীজনেই আৰম্ভ কৰিলে –
: দাদা, ডেকাক বিচাৰি আহিছিল নেকি? টকা পইছা ধাৰলৈ দিছিল যেন পাওঁ।

মই বোলো – হয় হে ৷ ডেকা নাই নেকি?

দোকানীজনে এটা ব্যংগাত্মক মিচিকিয়া হাঁহি মাৰি ক’লে –

: পইছা ধাৰলৈ দিছে যদি পাহৰি যাওক৷ মই আজি তিনি মাহে মোৰ দোকানৰ বাকী উলিয়াব পৰা নাই৷ তেওঁ ঘৰলৈ কেতিয়া আহে কেতিয়া যায় মই ইয়াত থাকিয়েই তত ধৰিব পৰা নাই৷ আপুনি কিডাল কৰিব৷

অৱশেষত ঘটনাৰ গভীৰতা বুজি ডেকাৰ ভাৰাঘৰৰ তলাটোতে ৰঞ্জুয়ে লাঠ এটা মাৰিলে আৰু দুয়ো পুনৰ ঘৰমুৱা হ’লো৷

ৰঞ্জুৱে এদিন পুলিচত খবৰ দিয়াৰ কথাও কৈছিল৷ সেই সময়ৰ হাইলাকান্দি পুলিচৰ এচ পি বুঢ়াগোহাঞি ছাৰৰ লগতো আমাৰ বন্ধুত্ব গঢ়ি উঠিছিল৷ এদিন কথা প্ৰসংগত উলিয়াইছিলোও৷ পিচে তেখেতৰ উত্তৰ শুনি হাঁহিত মুখৰপৰা চাহ ছিটিকি পৰিল৷ ডেকাই হেনো তেওঁৰপৰাও তিনি হেজাৰ টকা মাৰি থৈছে৷

লাহে লাহে কথাটো পাহৰিয়েই গৈছিলো৷ প্ৰায় এবছৰৰ মূৰত কালাইন বোলা ঠাইডোখৰত দুখন নাইট চুপাৰ বাছৰ মাজতে এটা চিনাকী ছায়ামূৰ্তি চকামকাকৈ দেখা হেন পালো৷ হয়, সেয়া ডেকাই আছিল৷ বৰাক ভেলীৰপৰা গুৱাহাটী অভিমুখে অহা নাইট চুপাৰ বাছবোৰ তাতে ৰখাই ভাত পানী খায়৷ ডেকাৰ লগত চাৰি চকুৰ মিলন হোৱাৰ লগে লগেই হঠাৎ মোৰ ভিতৰৰ ইন্দ্ৰিয়বোৰ পুনৰ সক্ৰিয় হৈ উঠিল৷ লগে লগে ডেকাৰ পিছ ল’লো৷ লাইন হৈ থকা বাছবোৰৰ মাজত অন্ধকাৰতে অলপ দেৰি টম এণ্ড জেৰীৰ দৰে খেদা খেদি চলিল৷ মই দৌৰি গৈ তাত পাওঁ মানে ডেকা সিখন বাছৰ পিছফাল পায়৷ অৱশেষত অন্ধকাৰৰ সুৰুঙা লৈ এপলকত অন্তৰ্ধ্যান হ’ল৷

মই হাৰ মানি দুখ মনে নিজৰ বাছত বহিলোহি৷ কিছু বছৰৰ পিছত মোৰ ট্ৰান্সফাৰৰ অৰ্ডাৰ আহিল৷ আজি দুটা দশকৰ পিছতো ডেকাৰ শুংসূত্ৰ পোৱা নগ’ল৷ কোনোবাই পালে জনাব ৷

☆★☆★☆

7 Comments

  • Mridula

    ভাল লাগিল

    Reply
  • জ্যোতিৰূপম দত্ত

    আপোনাৰ লটিঘটি শুনি বৰ দুখ লাগিল৷ পিছে লেখাটো পঢ়ি বৰ ভাল পালো৷

    Reply
  • হেমন্ত কাকতি

    ধন্যবাদ

    Reply
  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো, ভাল লাগিল দাদা।

    পিছে এটা আক্ষেপ আছে, মেগাজিনৰ অন্যতম মুখ্য মানুহ হৈ আপুনি পুৰণি পিঠাৰে বিহু পাতি আছে, হজম হোৱা নাই। আমাক নতুন পিঠা লাগে

    Reply
  • Kamala das

    আৰু এবাৰ পঢ়িলো । অহা বাৰ নতুন পিঠাৰে বিহু পাতিব দেই । ?

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷

    Reply
  • পাপু হাজৰিকা

    কাহিনীটো ৰসভৰা যদিও অভিজ্ঞতাসমৃদ্ধ সত্য কাহিনীটো জানি বেয়া লাগিল | এনেধৰণৰ মি: ডেকা ক সকলো ঠাইতে পোৱা যায় | মই নিজেও এতিয়ালৈকে কেইবাজনো এনেকুৱা মি: ডেকাৰ পাল্লাত পৰিছোঁ |

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *