ফ্ৰী ৰিচাৰ্জ – ৰাজু কুমাৰ নাথ
কেইবছৰমানৰ আগৰ কথা। গুৱাহাটীৰ পৰা আবেলি তেজপুৰ অভিমুখী “মেঘা” বাছখনত আহি আছোঁ। তিনিদিনকৈ একেৰাহে জি এম চি এইচত বেমাৰী ৰখীয়া হৈ ঘৰলৈ মোৰ উভতনি যাত্ৰা। দূৰযাত্ৰাত গাড়ীত উঠিলেই মোৰ শুৱাৰ অভ্যাস। ঘৰলৈ আহি আছোঁ বুলি খবৰটো দি মোবাইলটো চুইছ অফ কৰি ল’লোঁ। কাষৰ ছীটৰ যাত্ৰী মোৰ মাজু খুড়া। খুড়া আকৌ “নমো নমো পাৰিজাত”, পুৱাই তেজপুৰৰ পৰা বেমাৰীৰ খবৰ ল’বলৈ আহিছিল। ‘ভকত মানুহ’ ক’তো একো বাহিৰা বস্তু নাখায়। খুড়ীয়ে দি পঠোৱা ভিজোৱা বুট আৰু কলকে খাই মাজে মাজে অধোবায়ু এৰি পৰিবেশটো দূষিত কৰি আহি আছে। কিছুদূৰ অহাৰ পাছতেই খুড়া টোপনিত লালকাল হ’ল। টোপনিৰ আমেজত মাজে মাজে মুখখন মেল খাই যায়। জোকাৰণিত সাৰ পাই বেঙাৰ দৰে মোৰ মুখলৈ চাই আকৌ ঘোৰঘোৰায়।মঙ্গলদৈলৈকে মোৰ আৰু টোপনি নাহিল। তাৰ পাছত কেতিয়ানো টোপনি গ’লোঁ গমেই নাপালোঁ। কেতিয়ানো গাড়ী আহি ৰৌতা চাৰিআলিত চাহ খাবলৈ ৰাখিলেহি গমেই নাপালোঁ।
“হুনচৈণ ইষ্টাৰ, থ্ৰিৰি, জিৰো, টু, ইষ্টাৰ ” এটা গলগলীয়া চিঞৰত সাৰ পাই গ’লোঁ৷ খুড়ালৈ চালোঁ, মুখ মেলি লেলাৱতি বোৱাই সুখনিদ্ৰাত মগন। থুতৰিত ধৰি মুখখন জপাই দিব খোজোঁতেই খপজপাই মুখখন মচি বোলে “আম আম আম”। মই বোলো নামক, হোটেল পালো চাহ একাপকে খাম। তেওঁ নানামেও নাখায়ো। ইফালে গাড়ীৰ খিড়িকীৰ ওচৰতে থকাজনৰো ভলিউম বাঢ়ি গৈ আছে। মূৰটো উলিয়াই চালোঁ। পান ঘুমটিখনৰ সন্মুখতে বাইকখন ষ্টেণ্ড কৰি লৈ লুঙীখন কোঁচাই ভাইজানে কাৰোবাক ৰিৰ্চাজ কাৰ্ডৰ নম্বৰ দি আছে।এবাৰ দুবাৰকৈ কেইবাবাৰো নম্বৰ দিয়াৰ পাছতো সিফালে ৰিৰ্চাজ হোৱা নাই। ইফালে ভাইজান খঙত টিঙিৰিতুলা হৈ উঠিছে। কথা এটা ভাবিলোঁ, মোৰোতো ৰিলায়েঞ্চ প্ৰিপেইড ছীম। গতিকে মোবাইলটো অ’ন কৰিলৈ বোলো চাওঁচোন এইবাৰ চিঞৰ৷
ইষ্টাৰ, থ্ৰিৰি, জিৰো, টু, ইষ্টাৰ, ষোল্লটা সংখ্যা টাইপ কৰি দিলোঁ হেছ্ টিপি। আহি গ’ল মেচেজ, ৰিৰ্চাজ চাকচেছফুল। ভাইজানে এইবাৰ পানদোকানীৰ লগত কাজিয়াত লিপ্ত হ’ল। কিয় ডুপ্লিকেট ৰিৰ্চাজ বিক্ৰী কৰ’? পইছা ঘূৰা ……পাছৰখিনি শুনি নাপালোঁ।ইতিমধ্যে আমাৰ গাড়ীয়েও গতি ল’লে।
☆★☆★☆
1:32 pm
সাংঘাতিক দেখোন৷ ফ্ৰী ৰিচাৰ্জ হৈ গ’ল৷
1:39 pm
???? কি মানুহ হে আপুনি ! ফ্ৰি ৰিচাৰ্জ কৰিলে ।বঢ়িয়া
2:10 pm
ধেততেৰি! যা তা কাৰবাৰ দেখোন! জমনি কেচ! কিমান ৰিচাৰ্জ আছিল?
10:39 pm
মজাচোন৷ কিমানৰ ৰিচাৰ্জ ফ্ৰীটে পালে?
12:11 am
মস্ত চালাক আপুনি