ফটাঢোল

ভুল – সুনীল দত্ত

অথনিৰ পৰা কথা পকাই পকাই মানুহজনে মূৰটোৱেই নষ্ট কৰি পেলাইছে৷ কি দৰকাৰ আছিল আহোঁতে হাঁহিটো মাৰি মিঠাকৈ মাতষাৰ লগাবলৈ? এনেকুৱা কামোৰ মানুহ বুলি একেবাৰেই ভবা নাছিলোঁ৷ লাহে লাহে মোৰ খং উঠি আহিবলৈ ধৰিলে৷

এসপ্তাহমান ঘৰতেই আছিলোঁ৷ অহাৰ সময়ত মায়ে আটোমটোকাৰিকৈ কিছুমান বস্তু মোনা এটাত ভৰাই দিলে৷ এই এসপ্তাহ ঘৰত দকচি খোৱা আৰু শোৱাৰ বাহিৰে একোৱেই কৰা নাই৷ ৰে’লখনৰ খালী দবাটোত আৰামত বহি আহি থাকোঁতেই অনুভৱ কৰিলোঁ যে পেটটো গোমোঠা মাৰি ধৰাৰ লগতে কুৰুং কাৰাং কৰিবলৈ ধৰিছে৷ এনেতে লগৰ এটাই ফোন কৰিলে৷ কথাৰ মাজতে তাক কথাটো ক’লোঁ৷ সি ক’লে ষ্টেছনত নামি ৰুমলৈ যোৱাৰ সময়ত চ’দাৰ বটল এটা কিনি লৈ যাবি৷ ৰুম পাই গা পা ধুই পানীৰ সলনি চ’দা বটল খাবি৷ পেটৰ গেছ পলাই পত্ৰং দিব৷ পিচে ষ্টেছনটোত নমাৰ সময়তহে পয়মাল লাগিল৷ গজাল এটাত লাগি মোনাটো ফেৰেককৈ ফালি থাকিল৷ মোনাৰ ভিতৰৰ বস্তুবোৰ কিবাকৈ দুয়োখন হাতেৰে সামৰি বাহিৰৰ চিনাকি দোকান এখনৰ পৰা পলিথিনৰ ডাঙৰ স্বচ্ছ থোঙা এটা লৈ তাতেই ঘৰৰ পৰা অনা বস্তুবোৰ ভৰাই ল’লোঁ৷ অলপ দূৰৰ ৱাইন শ্বপৰ সন্মুখত থকা ষ্টেছনাৰী দোকানখনৰ পৰা চ’দাৰ বটল এটা কিনি লৈ ভাৰাঘৰ অভিমুখে সুহুৰিয়াই সুহুৰিয়াই খোজ দিলোঁ৷

গেটৰ মুখতে ভাৰাঘৰৰ মালিকক লগ পালোঁ৷ মিচিকিয়াই হাঁহি এটা মাৰি মাত লগালোঁ,

: দাদা, ভালে আছেনে? আজি ওলাই যোৱা নাই নেকি?

মোৰ হাতৰ পলিথিনৰ বেগটোলৈ ট টকৈ চাই তেখেতে মোতকৈও অমায়িক সুৰত উত্তৰ দিলে,

: আমাৰনো আৰু কি ভাল বেয়া? তোমালোকৰ দৰে ডেকা ল’ৰাৰহে ভাল৷ আজি বৌৱেৰাহঁত নাই ৰ’বা৷ সেইকাৰণে এনেয়ে অলপ ইয়াতেই তহল দিছোঁ৷

মই মূৰ দুপিয়াই আকৌ সুহুৰিয়াই সুহুৰিয়াই তলাটো খুলি ৰুমত সোমালোঁ৷ পলিথিনৰ বেগটো ৰুমৰ চুকটোত থৈ গা পা ধুই বিছনাখনত অলপ দীঘল দিছিলোঁহে মাত্ৰ, দুৱাৰত কোনোবাই টুকুৰিয়ালে৷ বিৰক্তিৰে উঠি গৈ দুৱাৰখন খুলি দেখিলোঁ যে বাহিৰত মালিক থিয় হৈ আছে৷

: অকলে অকলে থাকি বিৰক্তি লগাত তোমাৰ লগতেই অলপ বহোঁ বুলি ভাবি আহিলোঁ৷

মালিকে মাত লগালে৷ ময়ো হাঁহি এটা মাৰি তেখেতক বহিবলৈ আথেবেথে চকীখন আগবঢ়াই দিলোঁ৷

চকীখনত বহি লৈ তেখেতে ইফালে সিফালে চাবলৈ ধৰিলে৷ মই অলপ অস্বস্তিবোধ কৰিলোঁ৷ এনেয়েও মই বহুত বিশৃঙ্খল হৈ থাকোঁ৷ পৰিপাটি একেবাৰেই নহয়৷

: এইবাৰ ঘৰত ভালেকেইদিন থাকিলা দেই৷ মই আকৌ কিবা অসুখ বিসুখ হোৱা বুলিয়েই ভাবিছিলোঁ৷

কোঠাটোৰ চুকৰ পলিথিনৰ বেগটোৰ পৰা চকু নাতৰোৱাকৈ মালিকে মাত দিলে৷

: ঘৰত অলপ কাম থকা বাবে এইবাৰ আহোঁতে দেৰি হ’ল ৰ’ব৷

চিলিংখনৰ পিনে চাই মই উত্তৰ দিলোঁ৷ তাৰপিছত মালিকে বাৰেভচহু কথাৰ যি পাতনি মেলিলে, সামৰণি নামাৰেহে নামাৰে৷ লাহে লাহে মোৰ বিৰক্তি খঙত পৰিণত হ’ল যদিও মনে মনে থাকিলোঁ৷ এঘণ্টামানৰ মূৰত তেখেতে টোপোলাটোৰ পৰা মূৰটো ওলাই থকা সেউজীয়া কাঁচৰ বটলটোৰ পিনে আঙুলিয়াই সুধিলে,

: বটলটোৰ বস্তুবিধ সদায় খোৱা নেকি?

মই মূৰ জোকাৰি ক’লোঁ,

: ক’ত আৰু সদায় খাব? অকলে অকলে ইমান যত্ন কৰি খাবলৈ মনেই নাযায়৷ তাতে আকৌ মাছৰ লগতহে বেছি ভাল লাগে৷

ওচৰৰে মেজৰ পৰা চ’দাৰ বটলটো হাতত তুলি লৈ মালিকে উচ্ছাসেৰে ক’বলৈ ধৰিলে,

: মই আগতে সদায় খাইছিলোঁ বুজিছা৷ পিচে ছোৱালীজনী ডাঙৰ হোৱাৰ পৰা বৌৱেৰাই গালি পাৰোঁতে পাৰোঁতে খাবলৈয়েই নোপোৱা হ’লোঁ৷ আগতেই গম পোৱা হ’লে তোমাৰ ইয়াতেই মাজে মাজে খাব পাৰিলোহেঁতেন৷ মাছৰ লগত বেছি ভাল লাগে সঁচা, পিচে কেঁচা বুট বা ভজা বাদামৰ লগতো বেয়া নালাগে দেই৷ তুমি আকৌ চ’দাৰেহে খোৱা চাগৈ৷ মোৰ পিচে পানী হ’লেই হয়৷ হেৰি নহয়, গিলাচ দুটা ধুই আনা, মোৰ ঘৰত বাদাম আছে৷ আজি সেইখিনিৰেই কামটো চলাওঁ৷ কাইলৈ মই মাছৰ ব্যৱস্থা কৰিম বাৰু৷

উৰহী গছৰ ওৰটো এতিয়াহে পালোঁ৷ মালৈ প্ৰচণ্ড খং উঠি আহিবলৈ ধৰিলে৷ কি দৰকাৰ আছিল ছিগনেচাৰ নামৰ মদৰ বটলটোত ঘৰৰ পৰা কলাখাৰখিনি ভৰাই দি পঠিয়াবলৈ? মৰকেলেপ ঘৰৰ মালিকটোৱে গেটৰ মুখতে স্বচ্ছ পলিথিনৰ বেগটোত বটলটো দেখি মদ এটুপি খোৱাৰ লোভত এই এঘণ্টা মোৰ মূৰটো চোবালে৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *