ফটাঢোল

Surf excel, Easy wash আৰু মই – চন্দনা দাস

তেতিয়া মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মই আৰু মোৰ বান্ধৱী এজনীয়ে ইংৰাজীৰ টিউচন কৰিবলৈ যাওঁ স্কুলৰে বাইদেউ এগৰাকীৰ ঘৰত। তেওঁ এনেই টিউচন নকৰে।কিন্তু আমি জোৰ কৰাত কৰিলে কিন্তু ফিজ নল’লে।

সেইদিনা আমাৰ টিউচনৰ শেষৰটো দিন আছিল। মাঘ মাহৰ ৪ তাৰিখ। সকলোৰে ঘৰে ঘৰে কম বেছি পৰিমাণে ভোগালীৰ ভোগ। বাইদেৱে আমাক চাহ খাই আহিবলৈ ক’লে। আমিও ভালেই পালোঁ। ইমান ঠাণ্ডা। সন্মুখত চাহৰ ধোঁৱাই মনটোৰ লগতে দেহতো গৰম গৰম ফিলিং আনি দিলে।

যথাসময়ত চাহ আহিল। পিৰিচত ভিন ভিন লাড়ু পিঠাৰ বাহাৰে মোক খা মোক খা কৈ নৃত্য নাটিকা আৰম্ভ কৰিলে। আমাক খাবলৈ কৈ বাইদেউ অলপ আঁতৰি গ’ল। চাহ দিয়া ছোৱালী দুজনী আমাৰ বয়সৰে। দুয়োজনী ওচৰতে বহিল।

চাহ খোৱা পৰ্ব শেষ হ’ল। এতিয়া পানী লাগে। পানী দিলে কাঁচৰ গিলাচত। অলপ পানী খোৱাৰ পিছত কিবা নিমখ নিমখ লাগিল৷ চালোঁ। দেখি মোৰ টেকেলীৰ পৰা লাড়ু-পিঠাই বাহিৰলৈ ওলাই আহিব খুজিলে। গিলাচৰ ভিতৰৰ তলিত surf excel লিপিত খাই আছে। আৰু মই তাকে খাই মোৰ টেকেলীটো easy wash কৰি দিলোঁ। ওলায়ো নাহে, ৰাখিবও নোৱাৰোঁ। কিবা কৰি কিচনক চিন্তি ৰখালোঁ। ইফালে ছোৱালী দুজনীৰ ভয় যদি মই বাইদেউক কৈ দিওঁ। নকওঁ বুলি কথা দিলোঁ।

বাইদেউক মাত লগাই ওলাই আহিছিলোঁ আৰু ৰাস্তাত দুয়োজনীয়ে পাৰোঁ মানে হাঁহিলোঁ। easy wash ৰ চাইড এফেক্ট। ছোৱালী দুজনীৰ মনত আছেনে নাই নাজানো। লগৰজনীয়ে কয় কেতিয়াবা। আৰু মই আজিও মাঘ বিহুত শ্ৰদ্ধাৰে মনত কৰোঁ হায় মোৰ টেকেলী wash.

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *