ফটাঢোল

চহী – দিপাংকৰ চৌধুৰী

আজিৰ পৰা বিদ্যালয়ত দ্বিতীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। স্বমূল্যায়ন আছিল আজি। সেয়েহে বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃ গোট আদিৰ সদস্যসকলো উপস্থিত আছিল। ৰাইজৰ উপস্থিতিৰ খতিয়ানৰ কপিটোত প্ৰধান শিক্ষকে চহী ল’বলৈ এগৰাকী জ্যেষ্ঠ মহিলাক উদ্দেশ্যি,

“ইয়াতে মাৰি থৈ যাওক চোন।”

মহিলাগৰাকীয়ে আচৰিত হৈ,

“কিচন কিচন! আপোনাৰ দৰে মাষ্টৰ এজনক মাৰিবলৈ মই বলিয়া হোৱা নাই দিয়ক। কিয় কৈছে এনেকৈ! হে হৰি!”

হাঁহি হাঁহি ছাৰে মহিলাগৰাকীক চহীটো কৰি থৈ যোৱা বুলি কোৱাৰ পিছতহে ভুল ভাঙিল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *