পাশ্চাত্যৰ ইংৰাজী ভাষাৰ বোলছবি “The Shape Of Water” ৰ এটি পৰিচয়মূলক টোকা – বিকাশ দত্ত
প্ৰেম কেনেকুৱা আমি আছলতে কোনেও ভালদৰে নাজানো। প্ৰেমৰ সংজ্ঞাও বিভিন্ন। তথাপি গভীৰভাৱে চাবলৈ গ’লে প্ৰকৃততে প্ৰেমৰ সংজ্ঞা এটাই কিন্তু ধৰণ বেলেগ বেলেগ। যিদৰে সপ্তস্বৰৰ সাতোটাৰেই সুৰ তাল বেলেগ বেলেগ কিন্তু একেলগে শ্ৰুতিমধুৰ, তেনেদৰেই প্ৰেমৰ সংজ্ঞা বেলেগ বেলেগ হ’লেও প্ৰেম মানে আচলতে আৱেগ, অনুভূতি। সেই কথাটোৰ ওপৰতেই আলোকপাত কৰিবলৈ চেষ্টা কৰিছোঁ ৷
২০১৭ বৰ্ষত যেতিয়া “The Shape Of Water” য়ে মুক্তিলাভ কৰিছিল তেতিয়া হয়তো কোনেও ভবা নাছিল যে ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ লাভ কৰিব। কাৰণ Three Billboards Outside Ebbing Missouri, Darkest Hour, Dunkirk, Get Out, Lady Bird ৰ দৰে ছবিৰ ভিতৰত “The Shape Of Water” য়ে অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাটোৱে সকলোকে আচম্বিত কৰিছিল। কিন্তু হয়তো “The Shape Of Water” য়ে পোৱাটো জৰুৰী আছিল। কাৰণ, ফেণ্টাচী ছবিসমূহে কলাৰ দিশৰ অস্কাৰ প্ৰায়েই লাভ কৰা দেখা যায় কিন্তু শ্ৰেষ্ঠ ছবিৰ দৰে বঁটা পোৱাৰ উদাহৰণ সীমিত। Carrie (1977), Rosemary’s Baby (1969), Close Encounter of the Third Kind (1976), E.T:The Extra Terrestrial (1982), নত The Grand Budapest Hotel (2014), Mad Max:Fury Road (2015), The Revenant (2015), Alice In Wonderland (2010) আদিৰ দৰে ছবিও অস্কাৰলৈ মনোনীত হৈছিল যদিও অস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অৱশ্যে এয়াও ঠিক, যে একাডেমী এটা বৃহৎ অনুষ্ঠান আৰু বহুত চিন্তা চৰ্চা আলোচনাৰ মাজেৰে ছবিসমূহক মনোনীত কৰা হয়। সেয়েহে গোল্ডেন গ্ল’ব বা ‘বাফটা’ জয়ী হোৱা ছবিয়েও অস্কাৰ জয় কৰা আমি সচৰাচৰ নেদেখোঁ। এইবাৰো তাৰ ব্যতিক্ৰম ন’হল। আছলতে আমি ক’ব পাৰোঁ যে একাডেমীয়ে সদায় ব্যতিক্ৰমী ছবিবোৰহে মনোনীত কৰে আৰু জয়ীও হয় ব্যতিক্ৰমী ছবিবোৰেই। এইক্ষেত্ৰত “The Shape Of Water” ক আমি কি বুলি ক’ব পাৰোঁ? তাৰেই এটা সুক্ষ্ম অধ্যয়ন আগবঢ়াব খুজিছোঁ।
ছবিখনৰ কাহিনী আৰম্ভ হয় ত্ৰিশোৰ্দ্ধৰ বধিৰ যুৱতী এগৰাকীৰ জৰিয়তে। এটা চৰকাৰী পৰীক্ষাগাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এলাইজা এচপচিতো আছলতে অনাথ। নদীৰ সোঁতত ভাঁহি অহা এলাইজাক উদ্ধাৰ কোনে কৰিছিল সেয়া ছবিখনত কোৱা হোৱা নাই। এলাইজাৰ কথা পতা বন্ধু হ’ল জেলদা আৰু তেওঁৰ চুবুৰীয়া গিল্ছ ৷ গিলছ্ এগৰাকী বিজ্ঞাপন চিত্ৰশিল্পী। জেলদা এইলাইজাৰ সহকৰ্মী। উক্ত পৰীক্ষাগাৰতেই বিজ্ঞানীসকলে আমাজনৰ পৰা উদ্ধাৰ কৰে এটা জীৱ, ক’বলৈ গ’লে এলিয়েনৰ দৰে চেহেৰাৰ এক জল মানৱ। মাছৰ দৰে ফিন থকা এটা Amphibian Man। কৰ্ণেল ৰিছাৰ্ড ষ্ট্ৰিকলেণ্ড এগৰাকী অমানৱিক প্ৰাক্তন আৰ্মী অফিচাৰ, যাৰ তত্ত্বাৱধানতেই বিজ্ঞানী সকলে পৰীক্ষা-নিৰীক্ষা চলাই থাকে । এনেতে এলাইজাৰ সৈতে সেই জল মানৱজনে স্থাপন কৰে এক সম্পৰ্ক যাৰ কোনো নাম নাই। অনুভৱ কৰিবলৈ লয় ইজনে সিজনক। সেইবাবে তাক অমানুষিক অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ এলাইজাই পৰীক্ষাগাৰৰ পৰা কোনেও গম নোপোৱাকৈ তাক লৈ যায়। এই কথাত চাৰিওফালে হাহাকাৰ লাগে আৰু আৰম্ভ হয় ছবিখনৰ কাহিনীৰ মূল দফা।
পৰিচালক গিয়াৰ্মো ডেল ট’ৰক আমি সকলোৱে জানো পষ্টেথিক মেক আপৰ মহীৰূহ হিচাপে। Amphibian Man ৰ চৰিত্ৰত অভিনয় কৰিছে ডেল ট’ৰৰ পুৰণা বন্ধু আৰু Pans Labrynth ত অভিনয় কৰা ডাগ জোনছে। এইলাইজাৰ চৰিত্ৰত অভিনয় কৰা ছেলী হকিন্সৰ অভিনয় খুবেই সুন্দৰ। একেদৰে এগৰাকী ৰুক্ষ কৰ্ণেল আৰু ছবিৰ মূল এণ্টাগণিষ্ট মাইকেল শ্বেনন, গিলছৰ চৰিত্ৰত ৰিছাৰ্ড জেনকিঞ্চ আৰু জেলদাৰ চৰিত্ৰত অভিনয় কৰা অক্টাভিয়া স্পেঞ্চাৰৰ সাৱলীল অভিনয় হ’ল ছবিখনৰ মূল চালিকা শক্তি। ডেল ট’ৰই ছবিখনৰ প্লট স্থাপন কৰিছে ৬০ ৰ দশকত। কিন্তু দৰ্শকৰ মনোবৃত্তিলৈ লক্ষ্য ৰাখি তেওঁ ছবিখনত ৬০ ৰ দশক হিচাপে দেখুওৱা নাই । কাৰণ ফেণ্টাচী ছবি এখনত Once upon a time বুলি কোৱাটো তেনেই সাধাৰণ। কিন্তু তেওঁৰ মতে Cold war ৰ দৰে সময়ছোৱাৰ কথা যদি ছবিখনৰ আৰম্ভণিতে Once upon a time in 1960 বুলি উল্লেখ কৰি কৈ দিয়া হয়, তেন্তে দৰ্শকে ছবিখনৰ প্ৰতি নিজৰ দৃষ্টি সলনি কৰিব পাৰে ৷ তেনে হ’বলৈ হ’লে ছবিখনৰ মূল সূঁতিৰ পৰা আঁতৰি আহি দৰ্শক ব্যস্ত হৈ পৰিব Conspiracy ত। সেয়েহে পৰিচালকে এক সুক্ষ্ম ব্যক্তিবিশেষ অধ্যয়নৰ দ্বাৰা আগবঢ়াই নিছে ছবিখনৰ কাহিনীভাগ। অৱশ্যে ছবিখনৰ অন্য এটা ধনাত্মক দিশ ছেট ডিজাইন, সাজ-সজ্জা, মেকআপ আৰু হেয়াৰ ষ্টাইল, সংগীত, ভিণ্টেজ নিউয়ৰ্ক চহৰ, বা পৰীক্ষাগাৰত থকা মাইকেল ষ্টুহলবাৰ্গে ৰূপায়ন কৰা ছোভিয়েট স্পাই ডিমিট্ৰি মেছেনক’ভৰ চৰিত্ৰটো আৰু তেওঁৰ লগত প্ৰায়েই লগ হৈ থকা ছোভিয়েট মানুহ দুজনৰ সংযোগে আমাক কৈ যায় যে সেয়া আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ শীতল যুদ্ধৰ সময়ৰ কথা।
এতিয়া কথা হ’ল ছবিখন কিয় চাব লাগে। আচলতে ইয়াৰ উত্তৰ দিয়াটো অকণমান জটিল। কাৰণ বাকী ছবিৰ তুলনাত “The Shape Of Water” ৰ ৰেটিং অলপ কম। তথাপিও ইয়াক বছৰটোৰ শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰা হ’ল। এইখন এখন কলাসন্মত ছবি। প্ৰথমে আহোঁ ছবিখনৰ চিত্ৰনাট্যলৈ। প্ৰায়েই এলাইজাক দেখুওৱা হৈছে পুৰণি হলিউদৰ ৰোমাণ্টিক গীতৰ তালত নাচি থকাটো। হয়তো নিজৰ খালী হৈ থকা জীৱনত মনে বিচৰা মানুহ এজনৰ অপেক্ষাত এলাইজা ব্ৰতী। ছবিখনৰ আৰম্ভণিতেই বাথটাবত এলাইজাৰ যৌনতাক দেখুওৱা হৈছে অতি ক্ষীপ্ৰতাৰে আৰু সুন্দৰকৈ। অশ্লীলতাক এনেদৰে আৰ্টিষ্টিক ভাবে দেখুওৱাব পৰাটো খুবেই কঠিন।
দ্বিতীয়তে, ছবিৰ অন্যান্য চৰিত্ৰ যেনে কৰ্ণেল ৰিছাৰ্ডক দেখুওৱা হৈছে অতি ৰুক্ষ আৰু নিৰ্দয়ী হিচাপে। নিজৰ জীৱনৰ খুব কঠিন সময় পাৰ কৰি অহা ৰিছাৰ্ডক পৰিচালকে খুব আৱেগপ্ৰবণ হিচাপেও দেখুৱাইছে। একেদৰে জেলদা, গিল্ছৰ চৰিত্ৰবোৰ সুন্দৰকৈ লিখা হৈছে।
ছবিখনৰ অন্য এটা দিশ হ’ল কেমেৰা। ডাইৰেক্টৰ অৱ ফটোগ্ৰাফী ডান লাউটছেনে ছবিখনত ব্যৱহাৰ কৰিছে ক্ল’জ আপ আৰু Zoom In বা Zoom Out ৰ বহুল ব্যৱহাৰ। অৰ্থাৎ পোহৰৰ এনেকুৱা প্ৰয়োগ সততে কোনো ছবিত দেখা পোৱা নাযায়। প্ৰতিটো দৃশ্য ইমান সুন্দৰকৈ কেমেৰাত আৱদ্ধ হৈছে যে ছবিখন আপোনালোকে কেবল মাত্ৰ চোৱাই নহয়, অনুভৱো কৰিব পাৰিব।
ছবিখন কিয় ৰোমাণ্টিক, তাৰ উত্তৰ এজন সাধাৰণ দৰ্শক হিচাপে ভালদৰে দিব পৰাটো টান ৷ বহু দৰ্শকে ছবিখনক এখন Fish Porn বুলি কৈছিল। হয়, অশ্লীলতাখিনিক হয়তো অলপ প্ৰয়োজনাধিক গুৰুত্ব দিয়া হ’ল ৷ কিন্তু ছবিখনত এক অনন্য দিশ আছে সেয়া হ’ল Art। আলেকজেন্দ্ৰে ডেছপ্লাটৰ সংগীতৰ যাদুৱে ছবিখনক এখন ৰোমাণ্টিক ছবি হিচাপে অনুভৱ কৰায়। লগতে ইয়াৰ কাহিনী অনন্য। ছবিখনত এটা জীৱ আৰু মানুহৰ মাজৰ প্ৰেম দেখুওৱা হৈছে যিটো অন্য ছবিত আমি দেখা নাপাওঁ। সেইবাবে এই ছবিখনক ৰোমাণ্টিক ফেণ্টাচী বুলিব পাৰি। ২০১৮ৰ অস্কাৰত চাৰিটাকৈ বঁটা জয় কৰিছিল The Shape Of Water য়ে। তাৰ ভিতৰত আছিল শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। এগৰাকী দৰ্শক হিচাপে ব্যক্তিগত ভাৱে অনুভৱ হয় যে Three billboard বা Dunkirk ৰ দৰে ছবিয়েই শ্ৰেষ্ঠ ছবি হ’ব লাগিছিল। আৰু গোলডেন গ্ল’বত three billboard য়ে লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ বঁটা। কিন্তু অস্কাৰত লাভ কৰিলে “The Shape Of Water” য়ে। ইয়াৰ কাৰণ ভিন্ন। প্ৰথম কথা অস্কাৰ জুৰিয়ে প্ৰতিবছৰে আমাক আচম্বিত কৰে। এইবছৰো তাৰ ব্যতিক্ৰম ন’হল। এতিয়া যদিহে “The Shape Of Water” ত কি ব্যতিক্ৰম আছে বা কিহৰ বাবে শ্ৰেষ্ঠ ছবিৰ বঁটা “The Shape Of Water” য়ে লাভ কৰিলে সেইবিষয়ে এগৰাকী দৰ্শক হিচাপে এনেকৈ ক’ব পাৰি-
অস্কাৰৰ দৌৰত প্ৰায়েই আমি ফেণ্টাচী ছবি দেখিবলৈ পাওঁ। কিন্তু এইবাৰ “The Shape Of Water” ত আমি দেখিবলৈ পালোঁ ফেণ্টাচী, ৰোমাঞ্চ, অনাক্ষাংকিত অশ্লীলতা, সুন্দৰ কেমেৰাৰ প্ৰয়োগ, সুন্দৰ সংগীত, বুকুৰ ভিতৰত গভীৰ ভাৱে অনুভৱ কৰাব পৰা এটা সুন্দৰ কাহিনী আৰু সাৱলীল অভিনয় আদি বিভিন্ন দিশ। সেয়েহে আমি ক’ব পাৰোঁ যে The Shape Of Water” সৰ্বকালৰ অন্যতম ফেণ্টাচী ছবি ন’হব পাৰে কিন্তু দৰ্শকৰ মনত সাঁচ বহুৱাব পৰা আৰু অগতানুগতিক কাহিনীৰে উপস্থাপন কৰা সুন্দৰ বাস্তৱিক ছবি, যিয়ে ফেণ্টাচী ছবিৰ জগতত এখন নতুন দুৱাৰ মুকলি কৰিলে। সেইবাবে হয়তো শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হ’ল “The Shape Of Water”।
অৱশেষত ক’ব খোজোঁ যে আপোনালোকে যদি ছবিখন চোৱা নাই তেন্তে আজিয়েই চাওক, আৰু যদি আপোনালোক কলাৰ অনুৰাগী তেন্তে “The Shape Of Water” য়ে আপোনাক নিৰাশ নকৰে।
মাৰ্টিন স্কৰছেজিৰ প্ৰথমখন ছবি “Who’s that knocking at my door”(১৯৬৭) য়ে মুক্তিৰ সময়ত অভুতপূৰ্ব সঁহাৰি লাভ কৰিছিল দৰ্শক লগতে সমালোচকৰ পৰা। তেতিয়া প্ৰখ্যাত ছবি সমালোচক ৰ’জাৰ ইবাৰ্টে কৈছিল,
“I have no reservations in describing it as a great moment in American Movies.”
একদৰে স্কৰছেজিৰ চতুৰ্থখন ছবি “Mean Streets”(১৯৭৩) সম্পৰ্কে তেখেতে কৈছিল “”In countless ways, right down to the detail of modern TV crime shows, Mean Streets is one of the source points of modern movies.”
গতিকে এইক্ষেত্ৰত এগৰাকী বিখ্যাত ছবি সমালোচকৰ ভাষা আৰু ছবি এখন চোৱাৰ সাৱলীল দৃষ্টিভংগীৰ কথা আমি বাৰুকৈয়ে জানিব পাৰোঁ। সেয়েহে সমালোচক হোৱাটো ইমান সহজ কাম নহয়। সেইবাবে ছবি এখন চাই ছবিৰ সমালোচনা কৰিব লাগে, সৰল ভাষাৰে, যাতে ছবিখন চাওঁতে আমি যিটো অনুভৱ কৰোঁ, ছবিখনৰ বিষয়ে পঢ়োঁতেও সেই একেটাই অনুভৱ কৰোঁ। বৰ্তমান সময় ষ্টাৰডম আৰু গ্লেমাৰৰ যদিও সৰু তথা সুন্দৰ কাহিনীৰেও বহু পৰিচালক আৰু ছবি নিৰ্মাতাই শিৰোনাম দখল কৰি আছে। অধ্যয়নপুষ্ট মনেৰে এখন ছবি চাই অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। নিজৰ মতামত সাধাৰণ ভাষাৰে সকলোৰে আগত দাঙি ধৰিব পাৰিলেহে এজন ভাল দৰ্শক আৰু সমালোচক হ’ব পাৰি৷ সমালোচনাই কোনো এটা কলাক আগবাঢ়ি যোৱাত সহায় কৰে আৰু কলাৰ স্বকীয়তা ৰক্ষাত সহায় কৰে।
এৰিষ্টটলে কোৱাৰ দৰে,
“A critic can inspire a great art”!
☆★☆★☆
8:24 pm
চিনেমাখন চোৱা নাই।চাবলৈ মন আছে যদিও বিভিন্ন অজুহাতত চোৱা হোৱা নাই। আপোনাৰ লিখনিত আকৌ এবাৰ ইচ্ছাটো মূৰ দাঙি উঠিছে।এইবাৰ চামেই। খুব ভাল লাগিল পঢ়ি।
10:41 pm
বৰ ভাল লাগিল ছবিখনৰ বিশ্লেষনটো৷ চবিখন চোৱা নাই যদিও সুবিধা পালে চাম৷