ফটাঢোল

ফটালিমাৰিক – ধনজিৎ বৰুৱা

(১)

সাপ ধৰক বুলি বাজীকৰ আনিলোঁ,
বাজীকৰে আনিলে নেউল,

ফাৰ্মৰ দিম আৰু বিদেশৰ ভুচীৰে সাজিব ইটাৰ দেউল৷

বাপু মোক নালাগে এইখন
আজৰি পালে দি দে বেৰাখন৷

আলহীয়ে চৰাঘৰৰ মাটি খুজিলে নিসিজে বটুৱাৰ চাউল৷

(২)

পাতিহাঁহে বিলত চৰি বুজিলে আন্তৰ্জাতিক বেথা,

কাণ পাতি দুখৰ কাহিনী ফিউজ উৰা মেথা৷

দেহী ঐ আহ আহ
(পাম ময়ো বাহ বাহ )
নিজে তিতা গড়ালত শুই পেলিকানলৈ কেথা ৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *