ফটাঢোল

খেতি (মূল লেখক-হৰিশংকৰ পৰচ্ছাই) – ভাবানুবাদ-পৰীস্মিতা গগৈ

চৰকাৰে ঘোষণা কৰিলে যে এইবাৰ আমি অধিক শস্য উৎপাদন কৰিম আৰু বছৰটোৰ ভিতৰতে স্বনিৰ্ভৰশীল হৈ উঠিম। দ্বিতীয় দিনাই কাগজ কল এটাক দহ লাখ কাগজ তৈয়াৰ কৰিবলৈ অৰ্ডাৰ দিলে।

যেতিয়া কাগজবোৰ আহিল, তেতিয়াই সেইবোৰৰ এটা ফাইল বনোৱা হ’ল। তুৰন্তে ফাইলটো প্ৰধানমন্ত্ৰীৰ কাৰ্য্যায়লৰ পৰা খাদ্য বিভাগলৈ পঠিয়াই দিয়া হ’ল। খাদ্য বিভাগে ফাইলটোৰ পৰা কিমানমান শস্য উৎপাদন হ’ব তাৰ এটা হিচাপ নিকাচ কৰি তাক বিত্ত বিভাগলৈ পঠিয়াই দিলে। বিত্ত বিভাগে ফাইলটোৰ বাজেট তৈয়াৰ কৰি কৃষি বিভাগলৈ পঠিয়াই দিলে।

বিদ্যুৎ বিভাগে তাত বিদ্যুৎ সংযোগ কৰি জলসিঞ্চন বিভাগলৈ পঠিয়াই দিলে আৰু জলসিঞ্চন বিভাগেও ফাইলটোত পানী ছটিয়াই আন এটা বিভাগলৈ পঠিয়াই দিলে।

এতিয়া সেই ফাইলটো আহি গৃহ বিভাগ পালেহি। গৃহ বিভাগে সেইটো চিপাহীৰ হাতত দিলে আৰু আৰক্ষীৰ তত্ত্বাৱধানত সেইটো ৰাজধানীৰ পৰা বিভিন্ন বিভাগৰ অফিচে অফিচে বাগৰি ফুৰিল। প্ৰতিটো অফিচতে তাৰ আৰতি কৰি মেলি আন এটা অফিচলৈ পঠিয়াই দিলে। যেতিয়া ফাইলটো প্ৰতিটো বিভাগত গৈ ফুৰি আহিলগৈ তেতিয়া তাৰ চেংশ্যন সুনিশ্চিত কৰি ফুড কৰ্পোৰেশ্যনৰ অফিচলৈ পঠিয়াই দিলে আৰু তাৰ ওপৰত মোহৰ মাৰি দিলে যে “ফাইলটোৰ শস্য কাটিব পৰা হৈছে।” এনেকৈয়ে দহ লাখ কাগজৰ ফাইলৰ শস্য পকি ফুড কৰ্পোৰেশ্যেনৰ ওচৰত গৈ পালেগৈ।

এদিন এজন খেতিয়ক চৰকাৰৰ ওচৰলৈ আহিল আৰু ক’লে, “প্ৰভু আমাৰ খেতিয়কসকলক আপুনি মাটি, পানী আৰু বীজ দিয়াই দিয়ক আৰু আপোনাৰ অফিচাৰসকলৰ পৰা আমাক ৰক্ষা কৰক। তেতিয়া আমি সমগ্ৰ দেশৰ কাৰণেই শস্য উৎপাদন কৰি দিম। চৰকাৰী মুখপত্ৰই উত্তৰ দিলে, “শস্য উৎপাদনৰ বাবে এতিয়া আৰু খেতিয়কৰ কোনো প্ৰয়োজন নাই। আমি দহ লাখ কাগজেৰে শস্য উৎপাদন কৰি আছো।”

কেইদিনমানৰ পাছত চৰকাৰে মন্তব্য দিলে, “এইবছৰতো সম্ভৱ নহ’ল, কিন্তু পিছৰ বছৰত আমি নিঃসন্দেহে শস্যৰ দ্বাৰা স্বনিৰ্ভৰশীল হৈ উঠিম।” আৰু সেইদিনাই তেওঁ বিশ লাখ কাগজৰো অৰ্ডাৰ দিলে।

☆★☆★☆

One comment

  • এনেকৈয়ে ফাইলতে শস্যৰ উৎপাদন কৰি থাকে বৰ মুৰিয়া সকলে। পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *