বজাৰ: অলকেশ ভাগৱতী
কেইটামান বস্তু কিনিবলৈ ৰাতিপুৱাই পানবজাৰলৈ আহিছিলোঁ৷ কি বস্তু এতিয়া পাহৰিলোঁ, তেতিয়া মনত আছিল……
পানী টেংকিৰ ওচৰত চিটি বাছৰ পৰা নামি খোজকাঢ়ি কিছুদূৰ অহাৰ পিছতেই ভাগৰ লাগিল৷ ইমান গৰম! পিয়াহত অণ্ঠকণ্ঠ শুকাই যোৱাত বাটতে ৰৈ কুঁহিয়াৰৰ ৰস এগিলাছ খাই ল’লোঁ৷
আস! এতিয়াহে ভাল লাগিছে৷
“সঁচাকৈয়ে প্ৰাকৃতিক বস্তুবোৰৰ সমান একো হ’ব নোৱাৰে৷ না Pepsi না Coca cola কুঁহিয়াৰৰ ৰস ইজ দা বেষ্ট৷” বেপাৰীটোক দহ টকা দি লাহে লাহে আগুৱাই আহিলোঁ৷
এশ মিটাৰমান আহিছোঁহে মাত্ৰ, আকৌ পিয়াহ লাগিল৷ ৰ’দটোৱে খাওঁ খাওঁ মূৰ্তি ধৰিছে৷ এইমাত্ৰ দহ টকা দি খাই অহা কুঁহিয়াৰৰ ৰসে মাত্ৰ এশ মিটাৰহে মাইলেজ দিলে! ধুৰ!
মই আগতেই জানো এইবোৰ প্ৰাকৃতিক বস্তুৰ একো কাম নাই বুলি৷ শুকাই নাযাবলৈ ৰাতি নৰ্দমাৰ পানীত ডুবাই থোৱা এইবোৰ কুঁহিয়াৰে পিয়াহ নুগুচায়, জণ্ডিছৰ বিজাণুহে কঢ়িয়াই আনে৷ নহ’লেনো এইবোৰ মাত্ৰ দহ টকাত আৰু পেপছি ৩৫ টকাত বিক্ৰী হয়নে! পেপছি এটাকে খাই লওঁ৷ ‘য়েহি হেই ৰাইট চইছ’৷
প্ৰতিটো ঢোকত যেন দেহ মন শাঁত পৰি গ’ল৷ ৩৫ টকা ল’ব পাৰে, কিন্তু কি চমৎকাৰী পানীয়! দেহলৈ যেন নতুন প্ৰাণ আহিল৷ বিজ্ঞাপনত পেপচি খাই চিনেমাৰ নায়কে পাহাৰৰ পৰা জাঁপ মাৰি দিয়ে, ইমান সাংঘাতিক শক্তিদায়ক বস্তু পেপচি৷ মোৰ গাতো যেন অসুৰৰ দৰে বল আহিল৷ এইবাৰ আগতকৈ দুগুণ বেগত খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ৷
কিতাপৰ দোকান কেইখন পাৰ হৈ আহিয়েই সোঁফালে ঘূৰিলোঁ৷ লয়াৰ্চ বুক ষ্টল পাৰ হ’লোঁ৷ গাত এতিয়াও পেপচিৰ মহাশক্তিয়ে ক্ৰিয়া কৰি আছে৷ পেপচি ইজ পেপচি, অলৱেইজ বেষ্ট!
সূৰ্য্যটোৰ পিনে চাই এক তাচ্চিল্যৰ হাঁহি মাৰো বুলি আকাশলৈ মূৰ দাঙোতেই মোৰ সোঁহাতে ওপৰত যি দৃশ্য দেখিলোঁ সেই দৃশ্য দেখি হঠাতে ঠাইতেই ৰৈ গ’লোঁ৷ মোৰ দেহৰ সমস্ত শক্তি যেন কোনোবাই শুহি হৈ গ’ল!
মুহূৰ্তৰ ভিতৰতে এনে লাগিল যেন এই পৃথিৱীত মোতকৈ দূৰ্বল আৰু তৃষ্ণাতুৰ ব্যক্তি আন কোনোৱেই নাই৷ এই তৃষ্ণা এতিয়াই দূৰ কৰিব নোৱাৰিলে মই আৰু এখোজো আগুৱাব নোৱাৰোঁ৷ ৰ’দে পোৰা চাহাৰা মৰুভূমিৰ মাজত থিয় হৈ আকাশলৈ চাওঁতে মোৰ চকুত পৰা বস্তুটো হ’ল এখন ছাইন বোৰ্ড!
‘Ashoka Bar and Restaurant’ .
অৰ্জুনৰ লক্ষ্য চৰাইটোৰ চকুত স্থিৰ হৈ যোৱাৰ দৰে মোৰো লক্ষ্য Bar শব্দটোত স্থিৰ হৈ গ’ল৷
BAR! কি এক শুৱলা শব্দ৷ কেনে এক আৱেদন! কিমান অৰ্থবহ৷ দেখাৰ লগে লগেই অণ্ঠকণ্ঠ শুকাই যায়৷ ইমান ৰ’দ! পিয়াহত একেবাৰে আতুৰ হৈ গ’লোঁ৷
মই আগতেই জানো এই পেপচি তেপচি সব ফাল্টু বস্তু বুলি৷ এইবোৰ বহুজাতিক কোম্পানীৰ পইছা লুটাৰ আহিলা মাথো৷ ৰাইট চইছ! কিহৰ ৰাইট চইছ বে? দুশ মিটাৰেই আহিব নোৱাৰিলোঁ৷ তৃষ্ণাতুৰৰ বাবে বিয়েৰৰ সমান কিবা হ’ব পাৰে নেকি? অভিজ্ঞতাই মোক শিকাইছে যে বিয়েৰেই গৰমত ৰাইট চইছ৷
ইয়াৰ পিছত কি হ’ল নিজেই নাজানো৷ সকলো কাম বাদ দি মন্ত্ৰমুগ্ধৰ দৰে চিৰিটোৰে উঠি আহিলোঁ Ashoka ৰ বুকুলৈ …..
দুৱাৰখন ঠেলি কম পোহৰেৰে আলোকিত কোঠাটোত সোমায়েই মনটো আধ্যাত্মিকতাৰে ভৰি গ’ল৷ ইমান শান্ত সমাহিত পৰিবেশ৷ কোনো হাই উৰুমি নাই৷ চাহাৰাৰ বুকুত সম্ৰাট অশোকে পেট পেলাই পৰি ক্লান্ত পথিকবোৰৰ তৃষ্ণা নিবাৰণ কৰি গৈছে৷ নিজ লক্ষ্য আৰু বাট পাহৰি গৈ পথিকবোৰেও অশোকৰ বুকুলৈ আলফুলে সোমাই আহিছে৷ তাৰ পিছত আকণ্ঠ পান কৰি সকলো পাহৰি ৰাতি ঢলং ঢপংকৈ ঘৰলৈ খোজ লৈছে হাজাৰটা পেপচি আৰু লাখ গিলাছ কুঁহিয়াৰৰ ৰসৰ সমান বল লৈ৷ যুগ যুগৰ পৰাই এনেকৈয়ে তেওঁ মানৱ সেৱা কৰি আছে৷ কিন্তু তাৰ পিছতো অশোকৰ অহংকাৰ নাই৷ সেয়ে তেওঁ মহান৷
খালী চকীখনত বহি লৈ পকেটত হাত ভৰাই পইছাবোৰ এবাৰ গণি ল’লোঁ৷ ১৪৪২ টকা৷ মই যি বজাৰ কৰিবলৈ আহিছোঁ তাৰ বাবে প্ৰায় ১৪০০ টকা খৰছ হ’ব৷ বাকী ৪২ টকা বাছৰ ভাড়া আদিৰ বাবে আছে৷
কিন্তু বজাৰ কৰাতো ডাঙৰ কথা নহয়৷ পইছাও একেবাৰে সৰু কথা৷ তৃষ্ণা নিবাৰণ মেইন৷ জীৱন থাকিলে পইছাও আহিব আৰু বজাৰো কৰা হ’ব৷ এটা বিয়েৰ খাই গাত বল লৈ লওঁ৷ তাৰ পিছত বজাৰ কৰিম৷ মাত্ৰ এবটল খাম৷ নিচাৰ বাবে নহয়, পিয়াহৰ বাবেহে৷ দিনত নিচা কৰাটো মই একদম পচন্দ নকৰোঁ৷
“ৱেইটাৰ এটা Tuborg Strong. লগতে এপ্লেট কাজু৷”
ৰব দেই, পতকৈ এগিলাছ খাই লওঁ৷ তাৰ পিছত আচল কথাটো লিখি আছোঁ….
বজাৰ-২
মই এতিয়া ক’ত?
কি কৈ আছিলোঁ? IPL ৰ কথা? অ, মানে আইপিএল কোনে জিকিব তাকেই ভাৱি আছোঁ৷ এনেয়ে মই ইমান ফুটবল নাচাওঁ৷ কিন্তু আজি চালোঁ৷ কোন কোন টিম আছিল পাহৰিলোঁ৷ নহয়, ফুটবল নহয় ক্ৰিকেট৷ মানে বাৰত বহি থাকোঁতে টিভিটো চলি আছে বাবে চাই আছোঁ৷
আস, বাৰ বুলি কওঁতে মনত পৰিল৷ মই IPL ৰ কথা নহয়, বাৰৰ কথাহে কৈ আছিলোঁ৷ মানে মই ৰাতিপুৱা পানবজাৰত কিবা এটা কিনিবলৈ আহিছিলোঁ৷ তাৰ পিছত মোৰ অনিচ্ছা স্বত্বেও বন্ধু এজনে মোক বাৰলৈ টানি লৈ আহিল৷ মোৰ একদমেই মন নাছিল খাবলৈ৷ কিমান ক’লো তাক যে তোৰ পিয়াহ লাগিছে যদি কুঁহিয়াৰৰ ৰস খা, পেপচি খা, সেইবোৰ ভাল বস্তু৷ বিয়েৰ চিয়েৰ বেয়া বস্তু, দেহৰ বাবে ক্ষতিকাৰক৷ তাতে দুপৰীয়া সময়ততো মই মৰি গ’লেও এইবোৰ নাখাওঁ৷ কিন্তু নাই, সি নেৰে৷ এনে মদাহী বন্ধুৰ লগত সেইটোৱেই প্ৰব্লেম৷
বাৰত সোমাই সি বিয়েৰৰ অৰ্ডাৰ দিলে৷ বাৰখনৰ নামটো পাহৰিলোঁ৷ এইফালে উলুবাৰীৰ ফালেই কৰবাত আছে এইখন৷
মই তাক ক’লোঁ যে মই বিয়েৰ নাখাওঁ, তয়েই খা৷ মই এনেই তোৰ লগত বহি থাকি পানী এগিলাছ খাম, মোৰ অফিচ আছে৷ ইয়াত বিয়েৰ খাই থাকিলে মোৰ অফিচলৈ পলম হৈ যাব৷ ৰ’ব দেই, মোৰ অফিচটো ক’ত আছিল পাহৰিলোঁ৷ এক মিনিট ভাৱি লওঁ৷ অহ, sorry sorry, মনত পৰিছে৷ মোৰ অফিচ ক’তোৱেই নাই৷ মানে মই চাকৰিয়েই নকৰোঁ৷ মই বেকাৰ৷
কি কৈ আছিলোঁ? অ, তাক ক’লোঁ যে মই চিড়িয়াখানা চাব যাম, মোৰ পলম হ’ব৷ কিন্তু সি নামানিলে৷ ক’লে যে মাত্ৰ এগিলাছ খাই দে, একো নহয়৷
বন্ধুৰ অনুৰোধ পেলাব নোৱাৰি অনিচ্ছা স্বত্বেও এগিলাছ খাই দিলো৷ সৰুৰে পৰা একেলগে থকা জিগৰি দোষ্ট৷ তাক নিৰাশ কেনেকৈ কৰোঁ?
তাৰ পিছত হ’বলা আৰু এগিলাছ খালোঁ৷
নাই নাই, আৰু দুগিলাছ খালো কিজানি৷
আইপিএল চাই থাকি তাৰ লগত কথা পাতি থাকোঁতে এবাৰ তাক সুধিলোঁ যে তাৰ ছোৱালী কিমান ডাঙৰ হ’ল, তাৰ একো ৰিপ্লাই নাই৷ টিভিৰ পৰ্দাৰ পৰা তালৈ চকু নমাই আনি চাই উচপ্ খাই উঠিলোঁ৷ মোৰ সন্মুখত সি নাই৷ সি নাই মানে, সি বহি থকা চেয়াৰখনো নাই৷ মোৰ সন্মুখত টেবুলখনত কেবল তিনিটা বটল আৰু মোৰ গিলাছটোহে আছে৷
হঠাৎ মনত পৰিল, মোৰ বন্ধুৱে বিয়া পতাই নাই৷ মনে মনে হাঁহি উঠি গ’ল৷ মানে মোৰ লিভাৰটো ঠিকেই আছে৷ মাত্ৰ আধা গিলাছ বিয়েৰ খায়েই মোৰ নিচা হৈছে!
বন্ধুৰ বাবে ৰৈ আমনি লগাত আৰু এটা বিয়েৰ অৰ্ডাৰ দিলোঁ৷ লাহে লাহে সেইটোও শেষ৷ তাৰ দেখাদেখি নাই৷ মই ইমান ব্যস্ত থকাৰ পিছতো মোক বাৰলৈ জোৰ কৰি ধৰি আনি সি নিজেই নোহোৱা হোৱাত প্ৰচণ্ড খং উঠিল৷ ফোন কৰি এজাউৰি ভালকৈ দিওঁ বুলি ফোনটো ষ্টাৰ্ট কৰি দিলোঁ, আই মিন পকেটৰ পৰা উলিয়াই ল’লোঁ৷ তাৰ পিছত ফোনৰ গেলেৰীত গৈ তাৰ ফোন নম্বৰ বিচাৰিলোঁ৷ কিন্তু আচৰিত কথা মই তাৰ নামটোৱেই পাহৰি থাকিলোঁ৷
আৰে, জিগৰি দোষ্ট সি মোৰ সৰুৰে পৰাই৷ নামটো জিভাৰ আগতেই থাকে৷ কিন্ত আজি গৰমত পাহৰি থাকিলোঁ৷ ইমান ৰ’দ বাহিৰত! তাৰ মুখখন মনত পেলাবলৈ চেষ্টা কৰিলোঁ৷ নাই, ৰ’দৰ প্ৰকোপত সকলো মেম’ৰি ডিলিট! কোনোবা এজনতো আছিল মোৰ লগত! অহ, কোনো বান্ধবীহে আছিল নেকি! পাহৰিলোঁ৷
বন্ধু বা বান্ধবী যিয়েই নাথাকক, জেণ্ডাৰ ডাঙৰ কথা নহয়, বিশ্বাসহে আচল কথা৷ মোক এনেকৈ নোকোৱাকৈ এৰি গুছি যোৱা বাবে মৰ্মান্তিক আঘাত পালোঁ৷ কিয় গুছি গ’ল এনেকৈ? বিল দিয়াৰ ভয়? আৰে চাল্লা বিল মই দি দিম, পইছা কি বস্তু? ফ্ৰেইণ্ডশ্বিপ মেইন কথা…
বৰ দুখ লাগিছে৷ চিড়িয়াখানা চোৱা নহ’ব আজি৷ আৰু এবটল খাই লওঁ ৰ’ব৷ পইছা মই কেয়াৰ নকৰোঁ৷ এনেই দিনত মই মদ নাখাওঁ৷ কিন্তু আজি দুখত খাইছোঁ৷ বিশ্বাসঘাটক সব৷ কেইটামান পইছাৰ ভয়ত গুছি গ’ল! পইছা কি বস্তু চাল্লা, মনটোহে আচল৷
“ৱেইটাৰ এটা লাৰ্জ পেগ উইথ ভিনেগাৰ৷ অ, sorry , আই মিন উইথ soda .. ”
ৰ’ব লিখি আছোঁ ৰ’ব৷ পেগটো মাৰি লওঁ…..
বজাৰ-৩
অলপ আগতে বাৰৰ পৰা ওলাই আহিলোঁ৷ ১২৩০ টকা বিল হ’ল৷ সাতটা বিয়েৰ খালোঁ বোলে মই!
এইকাৰণেই মই বাৰত খাবলৈ বেয়া পাওঁ৷ মেনেজাৰ, ৱেইটাৰ সকলোৱে মদ খাই থাকি হিচাব ভুল কৰে আৰু তাৰ পিছত নিচাতে গ্ৰাহকৰ লগত কাজিয়া কৰে৷ মোৰ স্পষ্টকৈ মনত আছে যে মই মাত্ৰ দুবটল খাইছোঁ৷ কিন্তু এতিয়া সিহঁতক বুজাব কোনে? মোৰ লগৰজনো নোহোৱা হ’ল৷ গতিকে নিচাত থকা মানুহৰ লগত কাজিয়া কৰি লাভ নাই বুলি ১৩০০ টকা বিল দি গুছি আহিলোঁ৷ “কিপ দ্য চেইঞ্জ চাল্লা মদাহী, পইছা একো ডাঙৰ বস্তু নহয়৷”
ওলাই আহি দেখিলোঁ বাহিৰত আন্ধাৰ৷ কিন্তু মানুহৰ সমাগম ঠিকেই আছে৷ তাৰমানে বেছি ৰাতি হোৱা নাই৷ সময় চাবলৈ হাতত বান্ধি থোৱা সেই বস্তুটো চালোঁ৷ কি নাম আছিল? নাম বাদ দিয়ক, সেইটোৱেই নাই হাতত৷ মদাহী ৱেইটাৰটোৱে টেবুলৰ পৰা মাৰি দিলে যেন পাওঁ৷ যাব দিয়ক, একো নাই৷ মোৰ ঘৰত ৱালতো এটা ওলোমাই থোৱা আছে সেইটো৷ চলি যাব৷ নৌ প্ৰব্লেম৷
ফুটপাথটোত ভৰি দি চিগাৰেট এটা জ্বলাই ল’লোঁ৷ আজি বতৰটো ভাল নহয় যেন পাওঁ৷ চাৰি পাঁচ মিনিটমানৰ মুৰে মুৰে ভূমিকম্প আহি আছে৷ মাজে মাজে মৃদু জোকাৰণি মাৰে৷ মাজে মাজে প্ৰৱল হৈ যায়৷ খুঁটা-চুটাত ধৰিহে নপৰাকৈ থাকিব পাৰি৷ মোৰ সন্মুখৰ ৰাস্তাটোৰ মানুহবোৰে হয়তো ভাঙৰ নিচাত একো গমেই পোৱা নাই৷ প্ৰৱল ভূমিকম্পতো একো ৰিয়েক্ট নকৰাকৈ সহজভাৱে আহ-যাহ কৰি আছে৷ মাতাল চাল্লা!
মই কিন্তু কোনো ৰিস্ক লোৱা নাই৷ কুকুৰটোৰ কাষতে থিয় হৈ খুঁটা এটাত আঁউজি লৈ চিগাৰেটটো টানি আছোঁ৷ এনে ভয়ংকৰ প্ৰাকৃতিক দুৰ্য্যোগৰ মাজত চিটি বাছত যোৱাটো ঠিক নহ’ব৷ ফোন কৰিলে যে গাড়ী আহি যায়, সেই এখন লৈয়েই ঘৰলৈ যাম৷ পকেটৰ পৰা মোবাইলটো উলিয়ালোঁ৷
হেল্লো ….. হেল্লো ……
কোনো ৰেচপন্সেই নাই৷ ভূমিকম্পত টাৱাৰ চাৱাৰ সকলোবোৰ ভাঙি গ’ল নেকি বাৰু? নে মোৰ ফোনৰ বেটাৰী ডেড? ফোনটোলৈ চালোঁ৷
ধেই চাল্লা, এইটো চিগাৰেটৰ পেকেটটোহে৷
পেকেটটো পকেটত থৈ ফোনটো চালোঁ৷ নাই! হাতত পিন্ধাটোৰ লগতে ফোনটোও গায়ব! অ, আছে আছে, বাওঁফালৰ পকেটটোত আছে ….
নম্বৰটো বিচাৰি চাবলৈ ফোনটো হাতত লৈছোঁহে মাত্ৰ, এনেতে পিছফালৰ আন্ধাৰ ঠাইখনৰ ফালৰ পৰা এখন হাত আহি মোৰ কান্ধত পৰিল৷
: অলকেশ কি খবৰ?
: কোন বে?
বুলি কৈ পিছফালে ঘূৰি চাই যি দেখিলোঁ সেয়া দেখি ভয়ত মোৰ তেজ গোট মাৰি গ’ল৷ আন্ধাৰ দেৱালখনৰ কাষত থিয় হৈ মোৰ কান্ধত হাত দি এটা দানৱে কিচকিচিয়া ক’লা দাঁত দুপাৰি উলিয়াই মোৰফালে চাই হাঁহি আছে৷ এই ভয়ানক দৃশ্য দেখি মোৰ সৰ্বশৰীৰ ল’গে ল’গেই চেঁচা হৈ গ’ল৷ পৃথিৱীত আজি হৈছে কি? প্ৰাকৃতিক দুৰ্য্যোগৰ লগে লগে দানৱীয় তাণ্ডৱ!
ভয়ত অণ্ঠকণ্ঠ শুকাই যোৱাৰ পিছতো বহু কষ্ট কৰি ভয়ে ভয়ে সুধিলোঁ “আ..পু..নি কোন?”
অট্টহাস্যত মোৰ সমগ্ৰ দেহ জিকাৰ খুৱাই দানৱে ক’লে,
: মাল খাই আছ নেকি হা? মোক চিনি প নাই? মই তপু৷
: তপু! কোন তপু, চাৰ!
সেপ ঢুকি ভয়ে ভয়ে দানৱক সুধিলোঁ৷ দানৱসকলৰ হয়তো কেবল নামেই থাকে, উপাধি নাথাকে!
: তপু হা মই, তপন কুমাৰ ভৰালী৷ ফেচবুকৰ চিলিব্ৰিটি৷ তুমি দেখোন মোৰ ঘৰতো গেইছলা?
: তপু! ফেচবুক! চেলিব্ৰিটি! তপন কুমাৰ………..
আৰে, এইটো দেখোন আমাৰ তপু!
: হেইৎ, পাগল নেকি হে? চক খুৱাই মাৰিবচোন! এনেকে আন্ধাৰৰ পৰা ওলাই আহি মানুহক পিছফালৰ পৰা মাতে নেকি? থু থু থু….
ভয় কমি যোৱাত গোটেই শৰীৰত কাল্পনিক ভাৱে এবাৰ থুৱাই ল’লোঁ৷
: সি…. সি ……সি!
কোনো উত্তৰ নিদি চাধা খাই কিচকিচিয়াকৈ ক’লা হৈ যোৱা দাঁত দুপাৰি উলিয়াই বুঢ়াই হাঁহি থাকিল৷
: পাগল বুঢ়া! সেই আন্ধাৰত কি কৰি আছিল?
এটা বিশেষ ভংগীমাত হাতৰ তলুৱাৰে কোৱাৰিৰ কাষেৰে বৈ অহা লেলাউটি খিনি মচি লৈ তপুৱে মাত লগালে
: Fancy bazar ত ড্ৰপিং ভাড়া এটা মাৰি আইহলু৷ বোম জোৰে মূতা লাগি আছিল হা৷ সেইকাৰণে অটোখেন ৰাখি এতে মূতবা আইহছু।
: ধুৰ, ফাল্টু বুঢ়া৷ বাটে ঘাটে এনেকৈ নিলাজৰ দৰে মূতা স্বভাৱটো নগ’ল নহয়?
: বাটে ঘাটে ক’ত মূতছু, ৱালতহে মূতবা গেইছু। সি….সি……সি…….
বুজি পালো, এই নিলাজ বুঢ়াক সেইবোৰ কথা কৈ একো লাভ নাই৷
: আচ্ছা, ভাল কথা এটা মনত পৰিল৷ মোক ব্লকালে কিয়?
মাত্ৰ এক চেকেণ্ড আগলৈ সি সি সি কৈ হাঁহি থকা বুঢ়াৰ হাঁহিতো মুখৰ পৰা নিমিষতে নোহোৱা হৈ গ’ল৷ চুইচ অফ কৰাৰ পিছত চিএফএল বাল্বটো নুমাই যাবলৈও তাতকৈ বেছি সময় লাগে৷ হঠাৎ এক কৰুণ ভাৱ মুখলৈ আনি তপুৱে ক’লে,
: হাও, নহয় হা৷ মোৰ মোবাইলটু সিদনা বানপানীত পৰি বয়া হৈ গেল৷ সব নিজে নিজে ব্লক হৈ গেইছি, মই একো কৰা নাই৷ শপ্পত!
: কাক টুপি দিব আহিছে? মোক আপুনি নবেম্বৰ মাহত ব্লক কৰিছে৷ নবেম্বৰ মাহত গুৱাহাটীত ক’ত বানপানী হৈছিলহে?
: হাও নহয়, ছৰি ছৰি, বানপানীত মোৰ নতুন ফোনটোহে পচ্চিল৷ তুমাৰটু মোৰ আগৰ ফোনটু বাথৰুমত পৰোঁতে ব্লক হৈ গেইছি৷ বিইইইদ্যা!
নতুন ফোন! বুঢ়াৰ হাতৰ ক’লা ফোনটোলৈ চালোঁ৷ লাচিত বৰফুকনৰ দিনতো সেইটো চেকেণ্ড হেণ্ড ফোনেই আছিল নিশ্চয়৷ কিন্তু বুঢ়াক এইবোৰ কৈ লাভ নাই৷ ঠাইতে কেনেকৈ ৰং সলাই দিব লাগে সেই বিদ্যাৰ ওপৰত বুঢ়াই তেজপিয়াকো টিউশ্যন ল’ব পাৰিব৷ গতিকে বাদ দিলোঁ৷
: বিইইদ্যা!
অতি কৰুণ চাৱনিৰে তপুৱে মোলৈ চাই আকৌ এবাৰ মিছা শপত খালে৷
: ঠিক আছে হ’ব দিয়ক৷ কালি ফোনটো ৰ’দত দিব৷ মোলৈ অটোমেটিক ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহি যাব।
: কালি ব্লক টু গুছে দিম দে৷ সি সি সি!
আকৌ নিমিষতে কৰুণ ভাৱৰ সলনি তপুৰ মুখত হাঁহি৷
এওঁৰ লগত বেছি লাগি থাকি লাভ নাই৷ মই ঘৰলৈ যোৱাই ভাল৷
: মই যাওঁ৷ নিচা লগিছে মোৰ৷
: মাল খালা নেকি? সি … সি… সি…..
: নিচা লগা বুলি কৈছোৱেই দেখোন৷ আপুনি কিবা বেলেগ খাই নিচা কৰে নেকি?
ধমক খাই বুঢ়াৰ মুখত আকৌ নিমিষতে অবোধ শিশুৰ দৰে এক কৰুণ ভাৱ৷
: নহয়, মানে এনে সুধলু৷ বহু দিন পিছত লগ পালু৷ মাল এটা খুৱবা নেকি?
চিড়িয়াখানাত কলটো দলিয়াই দিয়াৰ আগতে চিম্পাঞ্জীটোৱে যেনেকৈ আগ্ৰহেৰে মুখলৈ চাই ৰৈ থাকে, বুঢ়াৰ মুখতো তেনে অভিব্যক্তি৷
: মোৰ লগত পইছা নাই চাল্লা৷ সব পইছা বাৰত দি আহিলোঁ৷ এশ টকা মানহে আছে লগত৷ আজি খুৱাব নোৱাৰোঁ৷
: মোৰ পৰা ধাৰ ল৷ কালি ঘূৰে দিলিও হ’ব৷ সি …সি…..সি….
নিজৰ পইছা বেলেগক ধাৰ দি বেলেগৰ পইছাৰে মদ খোৱা আইডিয়াটো দি তপুই আকৌ এবাৰ হাঁহি মাৰি উঠিল৷
: ঠিক আছে৷ ১০০০ ধাৰ দিয়ক৷ কালি ঘূৰাই দিম৷ মোৰো অলপ খাব মন গৈছে৷
: হাও ৰবা৷ ইমান টাকা নাই হেন পাউ মোৰ লগত৷ ৩০ মেনহে হব কিজানি৷
বুঢ়াই অবোধ বালকৰ দৰে নিজৰ মানিবেগটো উলিয়াই মোক মেলি দেখুৱালে৷ ভিতৰত কেইখনমান উৱলি যোৱা ১০/ ২০ টকীয়া৷
: বুঢ়া, মাল খাই আছোঁ, মূৰটো গৰম নকৰিব৷ চাওঁ, আপোনাৰ অটোৰ চিটটো ডাঙক৷
চিটটো নিজেই ডাঙি দি দেখিলোঁ তাত ১০০ টকীয়া আৰু ৫০০ টকীয়া কেইখনমান ৰবৰ এডালেৰে বান্ধি লুকুৱাই থোৱা আছে৷
: হাও, সেটু পইছা মই পাহৰিয়ে গেইছলু৷ সি… সি …সি!
: চুপ, ১০০০ এটা দিয়ক আৰু ‘বি এণ্ড ডে’ লৈ বলক।
তপুৰ পৰা টকা এক হাজাৰ লৈ অটোত বহিলোঁ৷
ঘৎক …. ঘৎক…… ঘৎক…….
বুঢ়াই অটো ষ্টাৰ্ট কৰিব পৰা নাই৷
বিৰক্তিত চিঞৰি উঠিলোঁ,
: আবে বুঢ়া এইবাৰ আকৌ কি হ’ল?
: একো হ নাই ৰবা৷ খং নকইৰবা৷ বহি থাকা৷ ষ্টাৰ্ট হব, ৰিজাৰ্ভ লাগছি৷ সি…. সি….. সি!
বজাৰ-৪
তাৰপিছত কি হ’ল একো মনত নাই৷ অলপ আগতে টোপনিৰ পৰা সাৰ পাই দেখোঁ যে মই সঁচাকৈয়ে চিড়িয়াখানাত আছোঁ৷ মোৰ সন্মুখতো বাঘৰ গঁড়ালৰ দৰে লোৰ দীঘল ৰডৰ বেৰ৷ গঁড়ালৰ ভিতৰত বহুত পুলিছ আৰু টিভিৰ কেমেৰা৷ পিচে পুলিছ এজনে এইমাত্ৰ মোৰ ভুলটো ভাঙি দি ক’লে যে গঁড়ালৰ ভিতৰত হেনো আমিহে আছোঁ, তেওঁলোক বাহিৰত আছে৷ আমি বোলে বৰ্তমান যোৰাবাট থানাৰ লক-আপত৷ হ’বও পাৰে৷ মাজত দীঘল লোৰ বেৰ থাকিলে দৰাচলতে দুয়োটা ফালকেই গঁড়াল বুলি ধৰি ল’ব পাৰি৷ সেয়া দৃষ্টিকৰ্তাৰ নিজ দৃষ্টিভংগীৰ ওপৰতেই নিৰ্ভৰ কৰে৷ আমি চিড়িয়াখানাৰ গঁড়ালত বাঘ চাই আমোদ পাওঁ, কিন্তু সেই সময়ত বাঘটোৱেও কিজানি আমাক দেখি এই ভাৱি আমোদ পায় যে আমি এক বিশাল গঁড়ালৰ ভিতৰত আছোঁ৷ কাৰণ সেই সময়ত তাৰ সম্মুখতো সেই একেখন লোৰ প্ৰাচীৰেই থাকে৷ ময়ো বাঘ টাইপ পজিটিভ মেণ্টেলিটি লৈয়েই আমি গঁড়ালৰ বাহিৰত থকা বুলি ভাৱিছিলোঁ৷ পিচে, বৈশ্য নে বৰ্মনে ক’লে যে আমিহে হেনো ভিতৰত৷ আমি মানে কোন চালোঁ৷ মোৰ কাষত অসমীয়া ‘দ’ আখৰটোৰ দৰে শুই থকা সেইটো তপুৱেই হ’ব যেন পাওঁ৷ কি হ’ল, কেনেকৈ হ’ল একো মনত নাই৷ পানবজাৰৰ ‘বি এণ্ড ডে’ লৈ যোৱা তপু আৰু মই এতিয়া যোৰাবাট থানাৰ লক-আপত তিনিটা চোৰজাতীয় প্ৰাণীৰ লগত কিয় আৰু কেনেকৈ শুই আছোঁ সেয়া মোৰ বাবে এক ৰহস্য৷ পুলিছৰ মতে আমি হেনো মদ খাই অটো চলাই গৰু এটা খুন্দা মাৰি আহত কৰিছোঁ৷ গৰুটোৱে এখন ভৰিত আঘাত পাইছে আৰু তাৰ বাবে গৰুৰ মালিকে ক্ষতিপূৰণ বিচাৰিছে৷ বাহিৰত গৰুৰ মালিক ছেত্ৰী চিন্তাক্লিষ্ট অৱস্থাত বহি আছে৷
ছেত্ৰীক গঁড়ালৰ কাষলৈ মাতি আনিলোঁ৷
: ছেত্ৰী, তোমাৰ গৰু আমি খুন্দিওৱা নাইহে৷ তোমাৰ কিবা ভুল হৈছে৷ মোৰ স্পষ্টকৈ মনত আছে যে মই পানবজাৰত বজাৰ কৰি ঘৰলৈ গৈ আছিলোঁ চিনাকি অটোচালক এজনৰ লগত৷
: মিছা কথা নকবি দাদা৷ মোৰ চকুৰ চামনত কেঞ্চাৰ হাস্পাতাল ফৰিণ্টত গৰুটাক খুন্দাইছা তই৷ অটোত হেডলাইট ভি নাই৷ আৰ অটোখান তই চলে আছলি৷ আপোনাৰ ফেৰেইণ্ডটা পিছৰ চিটখানাত ঘুমাই আছিল৷
: কি? অটো মই চলাইছিলোঁ? আবে ছেত্ৰী পাগল হ’লিনে কি? মই গাড়ী চলাবই নাজানো৷
: এনেকা ফাঁকি দি লাভ নাই আছে দাদা৷ অটোখান আপনি চালাইছিল৷ চামনৰ পাণ দোকান মানুচ গিলাইভি আপনাক অটো চালাই আহা দেখছে৷ ইতা গৰুটাৰ ঠেং টা ভাল হবা তিনিদিন লাগি যাব৷ তাৰ টিৰিটমেণ্ট নামত মোক ১০০০ টকা লাগবই৷
এইবাৰ ছেত্ৰী গৰ্জি উঠিল৷
: আবে ছেত্ৰী, কুল ডাউন৷ তিনিটা চকাৰ অটোখন যদি পানবজাৰৰ পৰা যোৰাবাট আহি পাব পাৰে, তেন্তে তোৰ গৰুটোৱে তিনিখন ঠেঙেৰে তিনিদিন কিয় মেনেজ কৰি চলাফুৰা কৰিব নোৱাৰে? হোৱাট দ্য হেল ইজ দিছ? হোৱাই চুড আই পে ইউ থাউজেণ্ড বাগছ্? ইউ পিপ’ল টেক ইট এজ এ প্ৰফিটেবল বিজনেছ টু হাৰাছ এনিওৱান ড্ৰাইভিং অন….
মোৰ ইংৰাজীৰ ফুলজাৰি শেষ হ’বলৈ নাপালেই৷ মোৰ সন্মুখৰ পৰা ছেত্ৰী দৌৰ মাৰি গৈ কাষৰ ৰূমটোত বহি থকা অ’চিজনৰ ওচৰ পালে৷ ছেত্ৰীৰ মাতটো ইয়াৰ পৰাই স্পষ্টকৈ শুনি আছোঁ৷
: ছাৰ ছাৰ, এই মানুটাক চা৷ মোৰ গৰুটাক ধাক্কা মাৰিকিনে অখন আমাকেই ইংৰাজীত কিবাকানি কৈ গালি দি আছে৷ আমাক পইছাও নেদাং বুলি কৈছি ছাৰ৷ আমি অভি কি কৰিম ছাৰ!
: তেনেকৈ কৈছে নেকি? ৰহ, ৰাতি সিঁহত দুয়োটাৰ পিঠি বহল কৰি দিম মই৷ মদ খাই অটো চলাই তোৰ গৰু খুন্দিয়াই তোকেই দম দিছে? তই চিন্তা নকৰিবি৷ হেৰি নহয় ছেত্ৰী, মোৰ ঘৰত কাইলৈ সত্যনাৰায়ণ পূজা এভাগ আছে৷ তই ৰাতিপুৱাই মোক একদম পানী নামাৰা গাখীৰ পাঁচ লিটাৰ দি যাবিচোন৷
: ছাৰ, তই চিন্তা না কৰিবি৷ কালি মলনিং মলনিং তোক পাঁচ লিটাৰ দুধ দি দিম৷ পানী আমি নামাৰোং ছাৰ৷ কাষ্টম্বাৰ টাকা দি দুধ কিনিব, ত আমি পানী কাহে দিব হো৷ আপনাৰ পাৰা টাকা নলম ছাৰ৷ আপনি চিৰ্ফ আমাৰ হাজাৰ টাকাটা ওই মানুষটাৰ পৰা দি দে৷ আৰ, দুটাকে ৰাতি কোবাবি ছাৰ৷ পিলিছ৷
: তই চিন্তাই নকৰিবি ছেত্ৰী৷ টকা সিঁহতে দিবই৷ তামোলখন চোবাই গৈয়েই সিঁহতক পিটি আছোঁ ৰহ৷
বুকুখন চিৰিংকৈ গ’ল৷ কাইলৈ ঘৰত সত্যনাৰায়ণ পূজা পাতিবলগীয়া অচিয়ে তামোলখন চোবাই আহিয়েই আমাৰ পিঠিত দেৱী আৰতিৰ ঢোল পিটিব! মানে মাজত অতি বেছি পাঁচ মিনিট সময়৷ পকেটত হাতখন ভৰাই চালোঁ৷ কেইটামান খুচুৰা পইছা আৰু দহটকীয়া নোট দুখন৷ এক হাজাৰ টকা মই ক’ৰ পৰা দিম!
ভাল মানুহবোৰ সদায় এনেকৈ ফঁচি যায়৷ ৰাতিপুৱা বজাৰ কৰি তপুৰ অটোত ঘূৰি যোৱা বাবে আজি এই বিপদত পৰিলোঁ৷ বজাৰ কৰা বস্তুবোৰো এক্সিডেণ্টৰ পিছত ওচৰৰ মানুহে লৈ গ’ল কিজানি৷ ট্ৰাক এক্সিডেণ্টত পৰি যোৱা বস্তুবোৰ মানুহে চুৰ কৰি নিয়া শুনিছিলোঁ৷ আজি অটো এক্সিডেণ্টত পৰি যোৱা বস্তু চুৰ কৰাও দেখিলোঁ৷ দেখিলোঁ মানে, ঠিক দেখা নাই, অনুভৱহে কৰিছোঁ৷ হয়তো এক্সিডেণ্টৰ সময়ত গৰুটোৰ শিং চিঙত খুন্দা খাই বেঁহুচ হৈ গৈছিলোঁ৷ দিনত ইমান কষ্টৰে ৰ’দত ঘূৰি ঘূৰি কৰা বজাৰবোৰ এনেকৈ নাইকীয়া হোৱা দেখি বেয়া লাগিল৷ টকা পানীত পৰিল, কষ্টবোৰো অথলে গ’ল৷ তাৰ সলনি এতিয়া পাঁচ মিনিটৰ পিছত পিঠিত ঢোল বাজিব৷ লগতে দুটা মিছা অপবাদো মোৰ মূৰত জাঁপি দিয়া হ’ল৷ মদ খোৱা আৰু মদ খাই অটো চলোৱা৷ মইতো তেনে লোক নহয়৷ ৰাতিপুৱাই বজাৰলৈ ওলাই আহি সকলো কাম কৰি ঘৰলৈ উভতাৰ সময়ত কি কুক্ষণতযে এই বুঢ়াক লগ পাইছিলোঁ! তপুলৈ এবাৰ চালোঁ৷ পৃথিৱীৰ সকলো চিন্তা ভাৱনাৰ পৰা মুক্ত হৈ মজিয়াত বুঢ়া এতিয়াও শুই আছে৷ মাথো প’জিছনটো অলপ সলনি হৈ ইংৰাজী ‘h’ আখৰটোৰ ‘শ্বেপ’ এটা লৈছে৷ বুঢ়াৰ কোৱাৰিৰ কোণেৰে তামোলৰ পিক ওলাই গৈ যোৰাবাট থানাৰ লক-আপৰ মজিয়াত এক সৰু মডাৰ্ণ আৰ্ট সৃষ্টি হৈছে৷ ইমান টেনচনৰ মাজতো এটা কথা ভাৱিয়েই অলপ ভাল লাগিল যে পাঁচমিনিট পিছত মোৰ লগতে নিশ্চিন্ত মনে শুই থকা এই বুঢ়াৰো পিঠি বহল কৰা হ’ব৷ ভালেই হ’ব৷ বদমাছ বুঢ়া চাল্লা৷ ই নিশ্চয় আজি নিচাসক্ত অৱস্থাত আছিল৷ মই গম নাপালোঁ৷ মদ খাই বুঢ়াই নিশ্চয় কৰবাত কিবা গোলমাল কৰিলে আৰু মই বেকাৰ উলুৰ লগত বগৰী পোৰা গ’লোঁ৷ এইবোৰ কাৰণতেই মদ খোৱা লোকৰ সংগ ভাল নাপাওঁ৷ মই নিজেও মদ নাখাওঁৱেই৷ কেতিয়াবা বছৰত কোনো এক সন্ধিয়া এপেগ খালেও, দিনত মুঠেও নাখাওঁ….
☆★☆★☆
1:21 pm
বঢ়িয়া লাগিল
1:53 pm
ভালেই হ’ল৷ ইমানতে শেষ হ’ল৷
ইয়াৰ পাছত কেনেবাকৈ যদি অলপ আগুৱাই গলেই ডিগাৰু এয়াৰ বেছ পাই গ’লহেঁতেন৷ তাৰপৰা মিগ-21 এখনত উঠি লৈ দেৱালীৰ লাইটকেইটা ডাইৰেক্ট বেইজিঙৰ পৰাই লৈ আনো বুলি যদি……
উস… ভাবিয়েই ঘটং-মটং লাগি গৈছে!!
9:10 pm
বেইজিং মাথো ৰিং এটাৰ বাট৷ তাকেই কৰিব লাগিব৷ ??
2:01 pm
অদ্ভুত, অতুলনীয়।
9:11 pm
অশেষ ধন্যবাদ৷ ??
2:32 pm
হাঃ হাঃ হাঃ, তামাম জমনি। বিৰাট ভাল লাগিল। একে উশাহে পঢ়াৰ দৰে পঢ়ি পেলালোঁ।
9:11 pm
অশেষ ধন্যবাদ৷ ??
3:40 pm
আগতে ফেচবুকত পঢ়িচিলো। আজি আকৌ পঢ়িলো। ভাল লাগিল।
9:12 pm
অশেষ ধন্যবাদ৷ ??
4:00 pm
পঢ়িছিলো আগতে , আকৌ এবাৰ পঢ়িলো ৷ বঢ়িয়া ৷
9:12 pm
অশেষ ধন্যবাদ৷ ??
4:14 pm
বৰ ভাল লাগিল ৷ আৰু আশা কৰিলো আগলৈ ৷
9:12 pm
অশেষ ধন্যবাদ৷ ??
4:16 pm
বৰ ভাল লাগিল ৷ আৰু আশা কৰিলো আগলৈ ৷
4:32 pm
তোমাক যে লিখা লাগে বুলি দিনে ৰাতিয়ে কামোৰ দি থাকো, কাৰণ এইবোৰেই। তোমাৰ লিখা পঢ়াৰ “স্বাগ”য়েই সুকীয়া।
অহা মাহৰ বাবে কলম সাজু কৰা
9:14 pm
কামোৰ নিদিয়ে বে, গুলিয়াই দিম বুলি কয়৷ সেইবোৰ মানৱ অধিকাৰ উলঙ্ঘন কেছত যাব৷ থেংক ইউ দাদা৷
5:08 pm
নিচা লাগি গৈছে ঔ! অতি সুন্দৰ
9:15 pm
অশেষ ধন্যবাদ দাদা৷ ??
5:23 pm
বঢ়িয়া লাগিল পঢ়ি । তপু বুঢ়াক নেৰিব দাদা ।
9:16 pm
অশেষ ধন্যবাদ৷ ??
তপুক নেৰো৷ বুঢ়া এতিয়াও মোৰ লগত লক-আপত ৷ শুইয়েই আছে৷
6:48 pm
আগতে পঢ়িছোঁ যদিও আকৌ পঢ়িলোঁ৷ ৰস কিন্তু কম পোৱা নাই৷ সুন্দৰ৷
9:17 pm
অশেষ ধন্যবাদ৷ ??
6:52 pm
ওপৰৰ আটাইৰে লগত একমত ।
9:17 pm
অশেষ ধন্যবাদ ব্ৰাদাৰ৷ ??
9:52 pm
আপোনাৰ লেখা পঢ়ি সদায় ভাল লাগে ।
12:44 am
অশেষ ধন্যবাদ ?
8:51 am
অশেষ ধন্যবাদ ?
9:06 am
Agote podhisilu..
12:07 pm
??
10:10 am
ক্লাছিক।সদায় ভাল লগা লেখা।
12:07 pm
ধন্যবাদ সঞ্জীৱ ৷
6:12 pm
বঢ়িয়া লাগিল৷ তপু সুু্ন্দৰ সৃষ্টি৷