বকুলী পেহীৰ কান্দোন – মৃদুলা গগৈ
থিয়েটাৰে হওক বা চিনেমা, গ্ৰুপত চাবলৈ গৈহে ভাল লাগে। একেলগে চাবলৈ যোৱা সৰু সৰু কথাতে গিৰ্জনী মাৰি হঁহা, ভিতৰত সোমাই বাদাম চোবাই থকাৰ মজাই বেলেগ।
সেইবাৰ মাহঁতৰ ঘৰৰ ওচৰতে আৱাহন থিয়েটাৰ চলি আছিল। আগতে থিয়েটাৰ চলি থকা খবৰ পালেই যেনেতেনে হ’লেও চাবলৈ যাওঁৱেই। মা আৰু ওচৰৰে ভনী দুজনীমানক লগ ধৰি সেইদিনাৰ নাটখন চাবলৈ যোৱাৰ প্লেনটো বনালোঁ। মাৰ লগত ইখন সিখনত সহায় কৰি দিয়া বকুলি পেহীকো মায়ে লগত নিবলৈ মন কৰিলে। বেচেৰীয়ে কোনো দিন থিয়েটাৰ চাই পোৱা নাই। মাৰো ভাল লাগিব বুলি লৈ গ’লোঁ পেহীকো। পেট্ৰন টিকট এটা আছিল তাতে মা আৰু পেহীক বহিবলৈ দি আমি কেইজনীয়ে ১০০ টকীয়া টিকট কাটি বহিলো।
থিয়েটাৰ আৰম্ভ হ’ল। বৰষা ৰাণী বিষয়াৰ দুৰ্দান্ত অভিনয়, কাঁহ পৰি জীণ যোৱা পৰিবেশ। একান্ত মনে সকলোৱে চাই আছে। কাহিনীটোও বৰ দুখ লগা। মোৰো গাল দুখনেদি বৈ আহি হাতত পানী এটোপ পৰিলহি। লাহেকৈ গালখন চুই চালোঁ তিতি শেষ। কোনোবাই দেখাৰ আগতে মোহাৰি ল’বলৈ ল’লো। হাতত ৰুমাল নাই। একপাত্তা খনে কাম চলাবলৈও জেকেট পিন্ধি নাপাত্তা হৈ গৈছোঁ। লগতযোৱাজনীলৈ মুখখন নকৰাকৈয়ে বোলো ৰুমাল আনিছিলি নি, দে চোন।
তাইও মুখেৰে মাত নিদিয়াকৈ হাতত তিতা কাপোৰ অকণ দিছে। ভালকৈ চালো ৰুমালেই হয়। ধুই দিয়াৰ দৰে হৈ আছে। চেপি দিলে চাগে আধাপোৱামান পানী ওলাব। তাইৰ অৱস্থা যে মোতকৈ এখোপ চৰা বুজিলো আৰু, সেয়ে হাতেৰে মোহাৰি থৈ দিলোঁ।
মাজতে যেনিবা কমেডি দৃশ্য এটা আহিল। এইবাৰ হাঁহিত সকলোৰে পেটৰ নাড়ী ছিঙো যেন হৈছে। আমাৰ বকুলি পেহীৰ হাঁহি মই বহি থকা ঠাইলৈকে শুনিছোঁ। সকলোৰে হাঁহি বন্ধ হোৱাৰ পিছতো আমাৰ পেহীয়ে হাঁহিয়ে আছে।
লাহেকৈ পৰিবেশটো গহীন হ’ল। মায়ে আগৰ পৰা মোলৈ ফ’ন কৰিছে বোলে বকুলি পেহীৰ প্ৰস্ৰাৱ লাগিছে।
-মই গৈ আছো, পেহীক চাপৰি চাপৰি ওলাই আহিবলৈ দিয়ক। বুলি কৈ ফ’ন কাটিছো আৰু পেহীৰ সিফালৰ পৰা চিঞৰ
-ঐ টিটুমণি, এইজনী ক’ত আছ ঐ বেগেতে আহ।
পেহীৰ চিঞৰ শুনি মই মানুহ ফালি বাহিৰলৈ ওলাই আহিলোঁ। পেহীয়েও মানুহৰ মাজেৰে জপটিয়াই ওলাই আহিছে। মুখেৰে চিঞৰিবলৈও এৰা নাই বোলে,- ইমান আন্ধাৰ অ’ এইখন পৰিয়ে মৰিম এতিয়া। মই খৰখেদাকৈ গৈ পেহীক বাহিৰৰ পৰা আনি আগৰ ঠাইত বহুৱাই থৈ আহিলোঁ।
আকৌ ট্ৰেজেদি দৃশ্য আৰম্ভ হ’ল। কাহিনী যিমানে আগবাঢ়ি গৈছে মানুহবোৰৰ ফোঁচফাঁচবোৰো বেছি হ’বলৈ ধৰিছে। ফোঁচফাঁচবোৰৰ মাজতে এইবাৰ আগফালৰ পৰা অলপ কিবা ধৰণৰ শব্দ এটা শুনিলোঁ। মই কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিলোঁ, হয় মই ভবাটোৱেই হয় পেহীয়ে কান্দোন ৰখাবলৈ যাওঁতে তেনেকুৱা মাত ওলাইছেগৈ। বকুলি পেহীয়ে চিৰিয়েল চাই ঘৰতে কান্দি থাকে। এইখন নাটকত মতা মানুহো কান্দিছে গতিকে পেহীৰ কথা ক’বই নালাগে। পেহীৰ কান্দোন এইবাৰ ডাঙৰ হৈ আহিল। মায়ে মোলৈ ফ’ন লগাইছে,- এইজনীক কি কৰ এতিয়া।
মায়ে কাষৰ মানুহবোৰৰ আগত লাজ পাইছে। হয় মইও মোৰ বহা ঠাইলৈকে শুনিছোঁ পেহীয়ে ভেঁ ভেঁ কৰি আছে। বৰষা ৰাণীয়ে যিমান কান্দে পেহীয়ে তাৰ দুগুণ কান্দে। মাৰ ফ’নৰ ওপৰি মোলৈ ফ’ন। উপায় নাপায় মই বহা ঠাইৰ পৰা উঠি গৈ পেহীৰ চকীখনৰ ওচৰতে আঠুকাঁঢ়ি লোৱাৰ দৰে বহি ল’লো। মনে মনে ইমান বুজাইছোঁ বোলো এইখন নাটকহে সঁচাকে নাই কন্দা নহয় মানুহবোৰে। নাই তেওঁ হিকটিয়াই হিকটিয়াই,-ইমান দুখ লাগিছে কিবোৰ দেখুৱাইছ অ’ মোক, বুলি বেছিকৈহে কান্দিবলৈ লাগিল ।
মোকনো কিহে পাইছিল পেহীক লৈ যাবলৈ। খঙতে টানি অনা দি বাহিৰলৈ লৈ আনিলোঁ। বাহিৰত আহিয়ো পেহীয়ে কান্দিয়ে আছে।
গালি কেইটামান দিছোঁ ঠিকছে,-মৰিবলৈকো যদি আজিৰপৰা মই লগত আনোঁ মোৰ নামত কুকুৰ পুহিব।
ঠাণ্ডাত কঁপি কঁপি বাদাম এপেকেটকে কিনি চোবাই ৰৈ থাকিলোঁ আৰু। খঙৰ ভমকত পেহীকো দিয়া নাই নিজেই মোকোৰা মোকোৰে খাইছোঁ ।
তেওঁ পেনপেনীয়া মাতটোৰে,- দে আকৌ মোকো অকলে ইমান চোবাইছনে।
হুহ! বাদাম খাবলৈও নেৰে মোক শান্তিও নিদিলে নাটকখন চাবলৈ। দিবলৈ মন নাই যদিও হাতখন আগবঢ়াই দিলোঁ।
কথা সেই দিনতে শেষ হোৱা হলে ভাল আছিল, পিছে নাই। তিনিদিনমানলৈকে ঘৰত কাম কৰি থাকোতেঁও বৰষাৰাণী অভিনয় মনত পেলাই কান্দিয়ে থাকিল পেহীয়ে। মইয়ো থিয়েটাৰ চোৱাৰ অশান্তি খনৰ কথা মনত পৰিলেই পেহীক গালিকে পাৰি থাকিলোঁ।
☆★☆★☆
11:09 am
আইঐ দেহি ,বকুলী পেহীৰ অন্তৰ খন বৰ সৰল দেই
3:37 pm
নকব আৰু …। ধন্যবাদ
1:29 pm
কি যে হ’ব!আপোনাৰ লটিঘটিহে হ’ল৷ভাল লাগিল৷
3:57 pm
ধন্যবাদ দেই
2:16 pm
উফ ! কি বিড়ম্বনা , আপোনাৰ বকুলী পেহী । ভাল লাগিল আপোনাৰ লটিঘটি পঢ়ি ।
2:39 pm
হাঃ হাঃ, তামাম মজা লাগিল দেই, বকুলি পেহীৰ কাহিনী
10:47 am
ধন্যবাদ দাদা
2:47 pm
বেলেগ মজা লাগিল দেই ।
10:48 am
ধন্যবাদ দেই দাদা
3:58 pm
আয়ৈ দেহি। সৰল পেহীজনী।
6:33 pm
হাঃ হাঃ। ভাল লাগিল।
8:32 pm
ভাল লাগিল দেই পঢ়ি
10:07 pm
বকুলী পেহীৰ অন্তৰখন খুওব কোমল যে।ভাল লাগিল।
11:52 pm
হাঁহি মৰিছো আৰু বকুলী পেহীৰ কান্দোন আউ আপোনাৰ বাদাম খোৱা চিনটো মনত পেলাইছো ।
2:23 pm
ভাল লাগিল