ফটা প্রেম – প্ৰদীপ বৰা
এই ফটাপ্ৰেম হৈছিল মোৰ নকিয়া ১১০০ ওলোৱাৰ দিনতে। তেতিয়া প্ৰেমৰ পথাৰ খনত চিঠি ৰ প্ৰভাৱ অলপ কমিছিল।মিচকল-মিচকল, ৰং নাম্বাৰ, মেচেজৰ প্ৰকোপত বগাকাগজৰ চিঠি কেইখন অলপ এলাগি হৈ পৰিছিল।
মেট্ৰিক পাচ কৰিয়েই মাৰ কাণ ঘোলা কৰি দিছিলোঁ মোবাইল লাগে বুলি।দেউতাক এবাৰ কৈ চাইছিলোঁ মুখেৰে একো নকলে, চকু ছাৱনি দেখিয়েই বুজিলোঁ জুই জ্বলিবলৈ বেছি সময় নাই পলোৱাই ভাল। তাৰপাছত দুদিন মান আই মাতৃৰ চাদৰৰ আঁচলত ধৰি ঘৰিয়ালৰ চকুপানী দেখুৱালত আহিল যেনিবা মবাইলটো।
তেতিয়া আৰু ফোন ইমান নাহেই, লগৰ খিনি লগতে আৰু মেচেজ মিচকল ৰ আদান-প্ৰাদান চলি থাকে। এদিন ৰং নম্বৰৰ পাকচক্ৰত মোৰ জীৱনলৈয়ো এগৰাকীৰ আগমন ঘটিল। তেওঁৰ ঘৰ মোৰ ঘৰৰ পৰা বিছ কিল’মিটাৰ দূৰ। চকুৰে নেদেখাকৈ য়ে আমাৰ প্ৰেমে এটা বছৰ সম্পূৰ্ণ কৰিলে বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে। মাজতে দুমাহ কথা নপতাকৈয়ো পাৰ হল কাৰণ তেওঁৰ মবাইল টো মাকৰ চৰু তলৰ জুইত জাহ গৈছিল, কিয় গল নকওঁ বুজিছে চাগে। মোৰো মবাইলটো পিতৃদেৱে দুদিন মান ঠেকেছা মাৰিছিল, তথাপিও নকিয়া যে চলি আছিল। তেওঁৰ মাক আৰু মোৰ দেউতা এই প্ৰেমকাহিনী মূল খলনায়ক। তথাপিও আমাৰ প্ৰেম চলি আছিল বাধা বিঘিনি নেওচি।তাইক কৈছিলো জংকি -পানৈ দেশৰ মানুহ আমি সহজ হাৰ নামানো।
সেইদিনা দেওবাৰ আছিল মই আৰু লগৰ এটা গলো তাইৰ ঘৰৰ ওচৰতে থকা চহৰ খনলৈ। মন মোৰ আনন্দত ভৰি উঠিছে জীৱনত প্রথম লগ পাম, কি কথা পাতিম কি খাম। অলপ ভয়ো লাগি আছে, ঘৰত গম পালে মোৰ হবলগীয়া অৱস্থা টোৰ কথা ভাবি। গৈ পালো তাই আহিল, অলপ কথা পতাৰ পাছত তাই কলে কেনোবাই দেখিব বেছিদেৰি নকৰে। মোৰো অজান লাজ এটাই কিয় জানো আৱৰি ধৰিছিল ভালকৈ কথা পাতিব পৰা নাই। তেনেকুৱাতে দেখিলো তাইৰ ওচৰত মানুহ এগৰাকী ৰৈ তাইৰ হাতখন খন ধৰিছে আৰু তাইৰ মানুহ গৰাকী দেখি যিটো চিঞৰ মাৰিল বুজিলো আৰু সকলো শেষ। মানুহ গৰাকী আন কোনো নহয় তাইৰ মাক, তাইক ঘৰৰ পৰাই পিছা কৰিছিল আৰু আঁতৰত ৰৈ আমাক চাই আছিল। দুইটাকে অলপ দেৰি জেৰা কৰি মাকে মোক ঘৰত যাব দিলে।
বেছি গালি নাপাৰিলে কিন্তু মোৰ দেউতাৰ নম্বৰ তো মোৰ পৰা লৈ গল তাইৰ মাকে। গম পালোৱেই আৰু কি হব ঘৰত গৈ। সেই দিনাৰ নিশা টো আমাৰ প্ৰেমজীৱনৰ আটাইতকৈ অভিশপ্ত নিশা। হলোৱা এছাৰিৰে দেউতাই মোৰ পিঠিত গামোচাৰ ফুল বাচিছিল আৰু মা উচুপি আছিল মোৰ অৱস্থা দেখি।সেইদিনাই ভাবিলো লাগিলে জীৱনটো বৰলা হৈ থাকিম হালোৱা এছাৰিৰ কোৱ আৰু খাব নোৱাৰি।
☆★☆★☆