ফটাঢোল

ফটা প্ৰেম ওৰফে ঠেং ভঙা প্ৰেম – ৰাজশ্ৰী শৰ্মা

২০০৬ চনৰ কথা। ডিগ্ৰী পঢ়ি আছিলো তেতিয়া কলিকতাত। লগত দেউতা আৰু সৰু দাদা, সি তেতিয়া কলিকতাতেই MBA কৰি আছিল । বঙালী ভাষাৰ ওপৰত লাহে লাহে দখল আহিব ধৰিছিলহে, একেবাৰে ৰবীন্দ্ৰ সংগীত শুনাৰ প্ৰকোপত সৰু দাদা ঘৰত নথকা হ’ল। লগৰ এজনী চেটাৰ্জী উপাধিৰ ছোৱালী আছিল, বৰ ধুনীয়া গান গায়। তাই শিকায়, পিছে মোৰ খাৰ খোৱা জিভাৰ আগত গুৰিত সুৰ বোলা জিনিছ টো নুফুটে।

তেনেকুৱা এদিনত কলেজৰ বছেৰেকীয়া খেল ধেমালিৰ দিনা পৰি গ’লো প্ৰেমত। আমাতকৈ দুবছৰ চিনিয়ৰ মানে ফৰ্থ ইয়েৰৰ ল’ৰা এজন। প্ৰায় ছফুট উচ্চতা, জান নেজান দাড়িৰ ৰেখ, চকুত চচমাৰে একেবাৰে টল ডাৰ্ক হেনচাম। ইমান নাহাঁহে কিন্তু হাঁহিলে যে কি ভাল দেখি! আমাৰ কলেজৰ ফৰ্থ ইয়েৰৰ ছাত্ৰ ছাত্ৰীবোৰে বেলেগ বেলেগ হস্পিতেলত ইণ্টাৰ্ণশ্বিপ খাটি আছিল তেতিয়া গতিকে ইমান লগ নাপাওঁ। হ’লেও মাজে মাজে দেখা পোৱা হ’লো। পিছে নাম টোও নাজানো। মোৰ লগত আৰু এজনী বান্ধৱীৰো একে অৱস্থা। আমি দুইজনীয়ে ঠিক কৰিলো যে এইজনাক কিবাকৈ পতাম,যাৰ লগত পতিলেই হ’ব আৰু ইজনীয়ে আপত্তি নকৰো। এনেদৰে মাজে মাজে চাওঁ আৰু। লগৰ বাকীকেইজনীৰ আগৰপৰাই ভালপোৱা ল’ৰা আছেই, আমি দুজনীকহে চবেই ফটুৱামী কৰি থাকো কাৰণে কিউট বুলি কয়, লাভলী বুলি নকয়। প্ৰপজো নাপাওঁ আমি।

এদিন জানিলো মহাশয়ৰ নাম অনুপম। লগে লগেই আৰম্ভ কৰি দিলো কলিকতাৰ বিখ্যাত অনুপমৰ গান শুনা। ‘ আমাকে আমাৰ মত থাকতে দাও’ ,- কিয় দিম তোক নিজৰ মতে থাকিবলৈ? নিদিওঁ যাঃ । আমাৰ পঢ়া শুনাৰ প্ৰকোপ বৃদ্ধি পালে কাৰণ মহাশয় কলেজত দুবছৰ টপ কৰি থৈছে। ইম্প্ৰেছ কৰিবলৈ পঢ়া বুজিবলৈও যাওঁ কিন্তু সি তই তই কে মাতিহে বুজায়। মুখৰ পিনে ভেবা লাগি চাই থাকো কাৰণে এদিন মোক সুধিয়েই দিলে, -কি চাই থাকনো মোৰ ফালে ইমান?

ময়ো লাজতে কৈ দিলো,- তোমাক চাই বৰ ভাল লাগে আকৌ।সেইকাৰণে চাওঁ।

পিছে সি মোক পাগলী উপাধিহে প্ৰদান কৰিলে আৰু পঢ়াত মনোযোগ দিব দিলে।মই ভাবিলো, “অঅঅঅ, মানে আগতে পাছ কৰি লৈ তাৰ পিছত প্ৰেম কৰিব।হাও ৰোমাণ্টিক!!!!!”

সেইদিনাৰ পৰা মোৰ বহুত ষ্টাইল বাঢ়িল। চুলি ষ্টাইলত কটালো। চেলাউৰি ও উঘালিলো।দেউতাই বোলে বয়সৰ দোষে পালে নেকি ঔ তোক। এই যে দেউতাটো, মস্ত আনৰোমাণ্টিক। পাত্তাই নিদিলো।

এদিন সময় উলিয়াই এযোৰ হিল চেণ্ডেল কিনিলো,বোলে এতিয়াহে মিলিম ছয় ফুটীয়াৰ লগত। পিন্ধি যাওঁ যিদিনা হেনচু ৰ কলেজত ক্লাছ থাকে। এনেদৰে এদিন মোৰ সিজনী বান্ধৱীৰ জন্মদিন। আমাৰ গ্ৰুপটোত তাই ৰেষ্টুৰেণ্টত খুৱাব। লগতে সিদিনা হেনচুৰো কলেজত ক্লাছ আছিল বুলি হিল যোৰ পিন্ধি ওলালো। টিফিন টাইমত ৰাস্তাৰে হাল্লা কৰি কৰি গৈ আছো। দেখিলো দূৰত সিহঁতে আড্ডা মাৰি আছে। ৰাস্তাটো ঠেক, তাৰ মাজতে আহিল নহয় এখন হালধীয়া টেক্সী ফোঁফোৱাই। বাকী কেইটা গৈ উঠিল কাষতে থকা শিলৰ দম এটাত।ময়ো উঠিলোগৈ। গাড়ী গ’ল। বাকীকেইটা লাহে লাহে নামি আহিল।

মোৰ কূটবুদ্ধিৰ মূৰটোত ফটুৱা আইডিয়া আহি দিলো দৌৰ মাৰি। ইপিনে পিচল শিলগুটিৰ দম,সিপিনে আকৌ চাৰি ইঞ্চিয়া হিল। তাল মান ৰাখিব নোৱাৰি মই গৈ ৰাস্তাৰ কাষৰ ফুটপাথত পৰিলোগৈ। লগৰ এটাই কোনোমতে মূৰটোত ধৰিলে নহ’লে তেনেই চেটেপ হ’লোহয়। পিছে উঠিবলৈ নোৱাৰি কান্দি দিলো। বাকী কেইটাও দৌৰি আহি কোনোমতে উঠালে সোভৰিখনৰ সৰু গাঠি ফুলি ভীম্বাকায়। হেনচু হঁতো আহিল আৰু মোক দাঙি নি গোটেই কেইটাই কলেজ পোৱালে।
বিষত মই চিঞৰি চিঞৰি অসমীয়াতে খুব কান্দিলো, -এএএএ মাআআআআআ এএএএ মাআআআ দুখ পাইছো।

দেখিলো হেনচু ডালে হাঁহিছেহে মোৰ অৱস্থা দেখি।

কোনোবাই টেক্সী মাতি মোক হস্পিতেলত নিলে।তাৰ পাছত লগৰ বন্ধু বান্ধৱী কেইটাই ঘৰত থৈ গ’ল । ডেৰমাহ প্লাষ্টাৰ লগাই ঘৰত পৰি থাকোতে মোৰ প্ৰেমো পলাই ফাট দিলে।

☆★☆★☆

20 Comments

  • Mridula

    দুখ লাগিল..। লিখনি মজ্জা

    Reply
  • Anonymous

    হাঃহাঃ

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ ফটাপ্ৰেম ।

    Reply
  • হেমন্ত কাকতি

    গোটত পঢ়ি থৈছিলো৷ আকৌ পঢ়িলোঁ৷ তামাম বৰ্ননা ৰাজশ্ৰী

    Reply
    • ৰাজশ্ৰী

      বহুত ধন্যবাদ দাদা আকৌ পঢ়াৰ বাবে।

      Reply
  • ৰিমঝিম

    মজ্জা

    Reply
  • বঢ়িয়া লাগিল দেই।

    Reply
  • অভিজিত কলিতা

    অনুপম এই প্ৰেমৰ হিষ্টৰী,
    হাই হিল পিন্ধি পৰিল বাগৰি,
    দৰঙীয়াত লিখা হলে এই কাহিনী,
    লাইক মাৰিলোহেতেন দগৰি।

    এতিয়াও লাইকেই মাৰিছো, কিন্তু আৰু লাগে দেই

    Reply
    • ৰাজশ্ৰী

      নিশ্চয় ভাৱে হৃদয় নিগৰি
      লিখি দিম মই প্ৰেমৰ কাহিনী..
      অকণমান আশীৰ্বাদৰ জিলিঙণি
      ছটিয়াই দিব দাদা হিয়া উজাৰি।।।।

      Reply
  • Anonymous

    ভাল লাগিল ৰাজশ্ৰী পঢ়ি ।

    Reply
    • ৰাজশ্ৰী

      অশেষ ধন্যবাদ জনালো।

      Reply
  • কমলা দাস

    ভৰি খন চাগৈ এতিয়াও বিষায় !???

    Reply
    • ৰাজশ্ৰী

      মাজে মাজে চিৰিং কৈ যায় আৰু।

      Reply
  • অনুৰূপ

    হাঃ হাঃ, আই ঔ দেহী। দুখ ও লাগিল, হাঁহিও উঠিল।। ভাল হৈছে।

    Reply
    • ৰাজশ্ৰী

      ভৰি ভঙা কাৰণে ভাল হৈছে?? হুক হুক????
      ধন্যবাদ দেই।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *