ফটাঢোল

গৰুৰ বিষয়ে এখন ৰচনা – অনিমা দাস

এদিন পিটকণ হতৰ শিক্ষকে হমৱৰ্ক হিচাপে সকলোকে নিজৰ নিজৰ পছন্দ মতে বিষয় বাছি লৈ ৰচনা লিখি আনিবলৈ দিলে।

সকলোৱে ৰচনা লিখি শিক্ষকক জমা দিলে।কিন্তু পিটকণৰ ৰচনাখন আছিল অন্যধৰণৰ।

ৰচনাখন আছিল-

গৰুৰ বিষয়ে ৰচনাঃ

গৰু এক ডাঙৰ প্ৰজাতিৰ জন্তু।গৰুৰ চাৰিটা ঠেং, দুটা চকু,দুখন কাণ, এটা নাক আৰু ছোৱালীৰ দৰে বেণী গুঠিব পৰা এডাল দীঘল নেজ আছে।কিছুমান গৰুৰ সিং আছে কিছুমানৰ নাই।শিং থকা গৰু মাটি চহোৱা আৰু গাড়ী টনাত ব্যৱহাৰৰ হয়।মহিলা গৰুৰ শিং নহলেও চলি যায়।

সাধাৰণতে গৰুৰ প্ৰধান খাদ্য ঘাঁহ যদিও পৰিপুষ্টিৰ বাবে আন আন খাদ্য যেনে চাপৰ, পুষ্টি দায়ক দানা আদি খাবলৈ পায়।সেইবোৰ খায় বাবে একোজনী মহিলা গৰুৰে বহুতো গাখীৰ দিয়ে।

সেইবাবে ফেক্টৰি বোৰে নানা ধৰণৰ পেকেট গাখীৰ বনায়।আমূল ,অমূল্য, আমূল তাজা আদি মাৰ্কেটত কিনিবলৈ পোৱা যায়।গৰুৰ গাখীৰত ফেট থাকে বাবে তাৰ পৰা বনোৱা ক্ৰীম, বাটাৰ,বৈদ্য নাথ গৰুৰ ঘি, অন্নপূৰ্ণা ঘি আদি মাৰ্কেটত পোৱা যায়।

গৰুয়ে নিজৰ কাম লাহে লাহে কৰে।

ঘাঁহ খোৱাৰ সময়ত ঘাঁহ বোৰ মোনা এটাত জমা কৰি থয়।জীৰণিৰ সময়ত সেইবোৰ উলিয়াই আনি টাইম পাছ কৰে।

গৰু বহুত প্ৰকাৰৰ আছে।এক প্ৰকাৰৰ গৰুই ৰাস্তাৰ মাজত থাকি ভাল পায়।তেনে গৰুক স্পীদ ব্ৰেকাৰ বুলিব পাৰি।

একপ্ৰকাৰ গৰুই ৰাস্তাত এৰাল দিলে খুটিটোৰ বিপৰীত ফালে থাকি ৰচী টানি ভাল পায়।এনে গৰুই ট্ৰেফিক পুলিচৰ কাম কৰে।

আন এক ধৰণৰ এৰাল নিদিয়া গৰু আছে। এইবোৰ গৰুৱে হাট বজাৰত চান্দা তুলি ভাল পায়।এনে গৰুৱে চান্দা হিচাবে দোকানৰ পৰা বিস্কুট, মিঠাই, শাক-পাচলি, ফলমূল আদি সংগ্ৰহ কৰি ভক্ষণ কৰে।গৰুৱে কাম কৰিও ভাল পায়।গৃহস্থৰ শাক-পাচলিৰ বাৰী ফুলনি আদিত সময়ে সময়ে কলম দিয়ে।

গৰু এক প্ৰকাৰ উপকাৰী জন্তু। গৰুৰ গোবৰ ভাল জৈৱসাৰ যদিও অজানিতে গৰুৰ গোবৰত খোজ পৰিলে বৰ খং উঠে।

☆★☆★☆

5 Comments

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল পঢ়ি ৰচনাখন।

    Reply
  • ৰাতুল কাকতি, নামচাই

    একেবাৰে গটা চৰি বটা‍‍‍ঁ পাবলগীয়া ৰচনা দেই!???

    Reply
  • Tirthanath Das

    মজা লাগিল

    Reply
  • শ্ৰী দীপক কলিত

    ভাল লাগিল ৰচনা খন পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *