আমাৰ কি আহে যায়– সদানন্দ ভূঞা
পুৰণি হেৰাই গ’ল, নতুনৰ আগমন হ’ল । পুত্ৰ-জীয়ৰী পৰ হ’ল, পিতৃ-মাতৃ বৃদ্ধাশ্ৰমলৈ গ’ল । আপোন পৰ হ’ল, পৰেই আপোন হ’ল । নিজে গঢ়া ঘৰখন ঠান-বান হৈ গ’ল । পুত্ৰ-জীয়ৰী চহকী হ’ল, পিতৃ-মাতৃ অনাথ হ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
বিৰোধী ৰজা হ’ল, ৰজা বিৰোধী হ’ল । বগা ৰজাৰ গাদী গ’ল, পখৰা ৰজা হ’ল । পখৰা বগা হ’ল, বগা পখৰা হ’ল । বগাই ৰাজভোগ কৰে, পখৰাই জ্বলি মৰে । তাতেই কি হ’ল।? আমাৰ কি আহে যায় ।
ৰজা সলনি হ’ল, প্ৰজাৰ একো নহ’ল । ৰজাবোৰে ভেশ সলাই, চলাহিৰে দেশ চলায় । ইটোৱে সিটোক হাঁহে, সিটোৱে ইটোক হাঁহে । কোনোবা নায়ক হয়, কোনোবা হয় খলনায়ক । সকলোৱে বোলে আমি ত্ৰানকৰ্তা, প্ৰজাৰ প্ৰান হৰ্তা । ৰজাৰ ৰাজভোগ হ’ল, প্ৰজাৰ মৰণ হ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
ৰজাৰ বগা বগলীবোৰ কলা কাউৰী হ’ল, প্ৰজাৰ হাড়লৈকে গিলি নোদোকা হ’ল । কাউৰীৰ দপদপনি, প্ৰজাৰ চটফটনি । ৰজাই আমোদ পায়, প্ৰজাৰ মৰণ হয় । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
বিৰোধীয়ে আনিছিল সোপাকে বিদেশী, ৰজাই আনিব হিন্দু বাংলাদেশী । ৰজা হোৱাৰ আগত বিদেশীক হুংকাৰ, ৰজা হোৱাৰ পিচত বিদেশীৰ দৰকাৰ । হিন্দুস্থান যদি হিন্দুৰ নহয়, চৰকাৰখননো বাৰু কেনেকৈ ৰয় । ৰজাৰ ৰাজনীতিত ভেদাভেদ হয়, ভাই ভাইৰ মাজত যুদ্ধ হয় । হোজা প্ৰজাৰ তেজৰ নৈ বয়, ৰজাবোৰৰ হ’লে একোৱেই নহয় । জাতি ভেদৰ যুদ্ধবোৰ হয়, ৰজাবোৰে নিজৰ সুবিধাবোৰ লয় । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
পাচ বছৰৰ মুৰে মুৰে চকুলো বয়, প্ৰতিশ্ৰুতিৰ ভাষনৰ বৰষুন হয় । ইটো দলে কয় অমুক অমুক কৰিম, সিটো দলে কয় তমুক তমুক কৰিম । ৰাইজেই ৰজা সকলো হব, ভোটটো মাথো আমাকেই দিব । ৰাইজৰ দুখত চকুপানী বয়, কথাৰ ফুলজাৰিৰে মন মুহি লয় । সুখ হব বুলি প্ৰজাই দিয়ে ভোট, ৰণত জিকি সলাই মোট । কোনোবা ৰজা হ’ল, প্ৰজাৰ একোৱেই নহ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
বস্তুৰো হয় জুই ছাই দাম, ৰাইজে পেটত গামোচা বন্ধাই কাম । ৰজাৰ বেতন বাঢ়ে, প্ৰজাৰ চান কাঢ়ে । ৰজাৰ চকুত হাঁহি, প্ৰজাৰ চকুপানী । দুবেলা দুমুঠি জোগাৰ কৰাটোৱেই টান । ৰজাৰ আহৰি নাই, প্ৰজাৰ তৰণি নাই । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
ইফালে ওলাব নোৱাৰি, সিফালে যাব নোৱাৰি । বুকুত বানে ধান, গাড়ী মটৰে কাঢ়ে প্ৰান । গাড়ী মটৰ বহু হ’ল, প্ৰতিযোগীতাৰ খেল হ’ল । ইটোতকৈ সিটো চৰা, পথচাৰী কত মৰ মৰা । বায়ুবেগে গাড়ী গ’ল, পথচাৰীৰ প্ৰান গ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
উগ্ৰপন্থী বহুত হ’ল, বাৰুদৰ খেলা হ’ল । বন্দুক পিস্তল বোমাবোৰ হেনো খেলৰ পুতলা, তেজৰ নৈ বোৱাবলৈ মন হয় উতলা । কোনফালে কেনি যাবা, প্ৰানটো কত থবা । যিফালে যাবা তুমি সেইফালে ভয়, কেনেবাকৈ দেহাটো যদি মৃতদেহ হয় । কাৰোবাৰ আসুৰিক খেলা, কাৰোবাৰ জীৱনৰ মেলা । কাক মাৰিলে কোন মৰিলে হিচাব নলয় । কোনোবাই খেলি গ’ল, কাৰোবাৰ প্ৰান গ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
পিতৃ শুদ্ধ ভকত, পুত্ৰ ঘোৰ মদাহী । মাতৃ যায় নামঘৰলৈ, জীয়েক যায় বাৰলৈ । পিতৃৰ বুকু ফালে, পুত্ৰই মদ ঢালে । মাতৃয়ে হিয়া ধাকুৰে, জীয়েকে বাইকত চেকুৰে । পুত্ৰৰ মৃত্যু হয়, পিতৃয়ে কান্ধত লয় । জীয়েকে কলংক ঢাকে, মাতৃয়ে মুখ ঢাকে । ঘৰ গুচি বাঁহতল হ’ল, বাঁহতল নিমজ হ’ল । কোনোবাই সন্তাপত গ’ল, কোনোবা জহন্নামে গ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
সকলোৰে হাতে হাতে স্মাৰ্টফোন হ’ল, বুঢ়া-বুঢ়ী ডেকা-ডেকেৰী বলিয়া হ’ল । ইন্টাৰনেটৰ বতাহ লাগি গ’ল, হোৱাট্চআপ ফেচবুক মুকলি হ’ল । হোৱাট্চআপ ফেচবুকত চিনাকি হ’ল, লাহে লাহে প্ৰেম হ’ল । ডেকা ডেকেৰী বলিয়া হ’ল, বুঢ়া-বুঢ়ীও পৰি নৰল । ইটোতকৈ সিটো চৰা, মোবাইলতে যেন সৰগ গঢ়া । কোনোবাজন সুখী হ’ল, কোনোবাজন প্ৰতাৰিত হ’ল । কাৰোবাৰ সংসাৰ গঢ়িল, কাৰোবাৰ হৃদয় ভাগিল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
ৰেডিঅ গ’ল ঘড়ী গ’ল টিভি গ’ল ডাকোৱালৰ চিঠিবোৰো হেৰাই গ’ল, সকলোতে মোবাইলৰে জয় জয় ময় ময় হ’ল । কথা পাতিবলৈ আহৰি নাই, মোবাইলতে মাথো হাতখন যায় । মিঠা সম্বন্ধবোৰ হেৰাই গ’ল, মধুৰ স্মৃতিবোৰ নোহোৱা হ’ল । চকুপানীবোৰ শুকাই গ’ল, চিতাৰ জুইয়ো মোবাইলত শুৱনি হ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
পঢ়া-শুনাৰ প্ৰতি ধাউতি হেৰাল, ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ বন্তি নুমাল । খেতি-বাতিবোৰো নোহোৱা হ’ল, হালৰ বলধহাল বিকা গ’ল । পথাৰৰ মাটি চন পৰি ৰ’ল, হালোৱাৰ পুতেকো ৰসাতলে গ’ল । আন্দোলন কৰিবা আস্ফালন কৰিবা, পাকে-প্ৰকাৰে জাতি ভাইক লুটিবা । বিদেশী আজি স্বদেশী হ’ল, অসমীয়া সকলহে ভগনীয়া হ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
অৰণ্য ধ্বংস হ’ল, গছ-গছনি নোহোৱা হ’ল । পাহাৰবোৰো সমতল হ’ল, প্ৰকৃতি ধ্বংস হ’ল । মানুহ অৰণ্যলৈ গ’ল, বাঘ হাতী নগৰ চহৰলৈ গল । মানুহ মৰে নিজ গুণে, বাঘ হাতী মৰে ভোকে-লঘোনে । অৰণ্য লঠঙা হ’ল, পাহাৰ টকলা হ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় ।
☆★☆★☆
11:29 am
ভাল লাগিল খুড়া। বাস্তৱ।
11:04 am
সুন্দৰ৷ বাস্তৱ ছৱি৷