ফটাঢোল

ৰিস্ক – বৰ্ণালী ফুকন

-ঐ ক’ত পালি বে মা..টো ?

বাবলিৰ কথা শুনি সেমেনাসেমেনি কৰি পাৰ্থই সুধিলে।

-কাৰ কথা কৈছ ?
-কিয় কালি যে তোৰ গাড়ীত এজনীক দেখিলোঁ৷ কি চেপ বে৷
-সেইজনী মোৰ ঘৈণী বে!
-কি কৱ বে? যোৱা সপ্তাহত সোণাপুৰত লগপোৱাজনী তই ‘ঘৈণী’ বুলি চিনাকি কৰি দিছিলি দেখোন৷
-নহয় বে, সেইদিনা সেইজনী মিতালী আছিল৷ মোৰ বেটচ্ মেট্ এসময়ৰ৷ তই মিতাৰ সন্মুখত যা তা কৱ বুলি ছেহ্কি মাৰিলোঁ৷
-মোকো চিনাকি কৰি দিবি না৷ ময়ো কেতিয়াবা কফিৰ কাৰণে লৈ যাম৷
-হ’ব দে৷

পাৰ্থই মনত পেলাবলৈ যত্ন কৰিলে, কালি বাবলিয়ে কাক দেখিলে তাৰ লগত৷ বিপাশাতো তাৰ লগত নাছিল৷ নে সি এনেই ব্লাফ্ মাৰিলে৷ বিপাশাক মাকৰ ঘৰলৈ পঠিওৱা আজি এসপ্তাহেই হ’ল৷ ডাক্তৰে অহামাহৰ শেষৰ ফালে দিন দিছে৷ তাৰ হাতত থকা এমাহ কেনেকৈ পাৰ কৰিব কিমানযে পৰিকল্পনা কৰিছিল সি৷ এই মাজত বাবলিটোৰহে চকুত পৰিবলৈ পালে৷ এই চকুচৰহাবোৰৰপৰা উপায় নাই৷ ফেচবুকটো খুলি ফ্ৰেইণ্ড লিষ্টখন চাবলৈ লওঁতেই কিটিংকৈ মেছেজ এটা আহিল৷ সি হুৱাটচ্ এপ বুলি ফেচবুক সামৰি হুৱাটচ্ এপটো খুলি ল’লে৷ কিন্ত ক’তা তাতটো কাৰো মেছেজ বুলিবলৈ পুৰি খাবলৈকে নাই৷ বৰ অকলশৰীয়া লাগিল তাৰ৷ এনেকৈ থকাতকৈ অলপ চিফেলীৰ লগত সোণাপুৰৰ ফালেই ওলাই যাব পাৰিলেহেঁতেন৷ মন থাকিলেও কেতিয়াবা মনৰ মতে চলিব নোৱাৰে মানুহে৷ বৰ অসহায় লাগিল তাৰ৷ আকৌ ফেচবুকটো খুলি ল’লে৷ তেতিয়াহে চকুত পৰিল তালৈ তিনিজনী ছোৱালীৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট আহিছে৷ এফালৰপৰা চাই একচেপ্ট কৰি গ’ল৷ হঠাৎ ৰৈ গ’ল, একচেপ্ট কৰিবলৈ লৈ – বিপাশা শৰ্মা৷ খংটো টিকিচকৈ উঠিল৷ কিহে যে পাই এই মাইকী মানুহবোৰক৷ ঘৰৰ মানুহটোক আক’ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ায়৷ ‘বিপাশা শৰ্মা’ একাউণ্টটো খুলি লাহেকৈ কাষৰ বুটামকেইটা টিপিলে – report, block, poke। ওলাই আহিল৷ লাহেকৈ ‘ব্লক’টোত টিপি দি সি স্বস্তিৰে উশাহ ল’লে৷ মুখেৰে ভোৰভোৰাই ক’লে,

-ঘৰত বন্ধুত্ব পাতি শেষ নহ’ল৷ ফেচবুকত এইবাৰ, ধেইট!

নতুনকৈ পতা বান্ধবী জীনাৰ প্ৰফাইলটো খুলি চালে সি৷ জীনা বৰুৱা মানুহগৰাকী শিৱসাগৰৰ৷ এলবামখনকে চোৱা যাওক বুলি মনতে ভাবি চাই গ’ল৷ ট্ৰাইবেল লুক এটা আছে মানুহজনীৰ৷ তাৰ দুৰ্বলতাও সেইখিনিতে৷ মেচেঞ্জাৰত “হাই” এটা দিওঁ নেকি সি মনতে ভাবিলে৷ নাই নাই ইমান পাতলামি কৰিব নোৱাৰি৷ মনটোক বান্ধি সি লাহেকৈ কাষৰ বুটামকেইটা টিপি দিলে৷ ব্লকত হাত দিবলৈ লৈ ওঁঠেৰে হাঁহি এটা বিৰিঙিল৷ লাহেকৈ প’ক কৰি বাট চালে সি৷ এতিয়া নাটকখন চোৱা যাওক ক’ৰ পানী ক’লৈ যায়৷ প্ৰায় ফটোতে মানুহগৰাকী এজনী গাভৰু ছোৱালী আৰু ল’ৰা এটাৰ সৈতে দেখা গ’ল৷ মানে মানুহজন নাই নেকি? নে ডিভোৰ্চি নেকি? বেচেৰী ইমান কম বয়সতে ভগৱানে অবিচাৰ কিয় কৰিলে৷ আবোল-তাবোল বহুত প্ৰশ্ন মনলৈ আহিল৷ নাই নাই পলম কৰিব নোৱাৰি। হাতত মাত্ৰ এমাহ আছে৷ পৃথিৱীৰ সকলো সুখ দুহাতেৰে গোটাব লাগিব৷ পিচদিনা লাহেকৈ মেছেঞ্জাৰটো খুলি লৈ লিখি গ’ল –

-হাই জীনা! কি ক্ৰীছা? শিৱসাগৰৰ ক’ত থাকা? মই পৰাগধৰ চলিহা চাৰৰ ছাত্ৰ আছিলোঁ৷ তুমি ক’ত পঢ়িছিলা?তোমাক কৰ’বাত দেখা দেখা যেন লাগে৷

সি জানে এইপাত তাৰ ব্ৰহ্মাস্ত্ৰ৷ এইবাৰ মাছ জালত ফচিবই ফচিব৷

লাহেকৈ আকৌ জীনাৰ টাইমলাইন পালেগৈ৷ মনটো বান্ধিব পৰা নাই সি৷ মনতে ভাবিলে বেচেৰীয়ে চাগে মনৰ দুখতে মেছেঞ্জাৰে নোখোলে৷ সি জানে মনবোৰ বেয়া লাগিলে কেনেকৈ ভাল লগোৱাব লাগে৷

“ছেহ্!এবাৰ যদি তাই অনলাইনত ৰেচপন্ কৰিলে হয়৷ তাৰ লগত কথা পাতিলে তাইৰ মনটো অলপ হ’লেও ফৰকাল হ’ল হয়৷ দেখা যাওক কালি কি হয়৷”

পিচদিনা মেছেঞ্জাৰটো খুলিয়ে জীনা অনলাইন আছে নে নাই চালে৷ আছে আছে৷ মুখেদি সুহুৰি এটা ওলাই আহিল।

-আপুনি বিকাশ বৰুৱাৰ ছোৱালী নেকি? আই মিন পি ডব্লিউ ডিত কৰে যে অঞ্জন বৰুৱাৰ ভনীয়েক হয় নেকি?বহুত দিনৰপৰা তাক বিচাৰি আছো, পোৱা নাই৷

সিফালৰপৰা টাইপিং কৰা দেখি তাৰ বুকুৱে ধান বানিবলৈ ধৰিলে৷

-নাই নহয়, নহয় মই বিকাশ বৰুৱাৰ ছোৱালী৷
-ইয়ে আপোনাক দেখি মোৰ অঞ্জনৰ ভনীয়েক বুলিয়ে মনটো ভাল লাগি গৈছিল৷ মোৰ হেৰুৱা বন্ধুক আপোনাৰ যোগেদি ঘূৰাই পাম বুলি৷ বহুত দিনৰপৰা বিচাৰি ফুৰিছোঁ তাক।
-হয় নেকি? দুখ লাগিল আপোনাৰ বন্ধুক বিচাৰি এইবাৰো নাপালে৷
-হ’লেও আই এম লাকী আপোনাক বন্ধু হিচাপে পালোঁ৷
-হমমম৷

কি ক’ম নক’ম কৈ খৰখেদাৰ কোবত সি কৈ পেলালে,

-আপুনি দুখ কৰি নাথাকিব৷ মানুহৰনো দুখ কাৰ নাই৷ কিহৰ ইমান দুখনো আপোনাৰ?
-নাই নাই৷ তেনে কোনো কথা নাইতো৷
-আপোনাক দেখিলেই লাগে কিবা এটা। চকুহাল ইমান কৰুণ৷
-হে হে হয় নেকি? মানুহৰনো দুখৰ কিহৰ অভাৱ হৈছে৷
-সেয়াই কৈছোঁ৷ মানে আমাৰোনো সংসাৰ কৰি কি সুখ হৈছে৷ আপোনাৰ স্বামী নাই পিচে কি হ’ল?
-কোনে ক’লে মোৰ স্বামী নাই? কি ফাল্টু বকিছে৷

লগেলগে দেখোন জীনা অফলাইন হৈ গ’ল৷ অলপ পিচত জীনা বৰুৱা বিচাৰি বিচাৰি হাবাথুৰি খাইয়ো বিচাৰি নাপালে সি৷

সদায় কৰাৰ দৰে আজিও ৰাতি দহমান বজাত বিপাশাৰ ফোন আহিল। ফোনটো উঠায়ে সি ক’বলৈ ধৰিলে,

-জানু, আই মিছ ইউ৷

সিফালৰপৰা জানুৰ কৰ্কশ স্বৰ এটা ভাহি আহিল।

-জানু ফানু বাদ দিয়া৷ মোক ব্লক কিয় কৰিলা সেইটো কোৱা আগেয়ে৷
-কি ব্লক বুজা নাই৷
-হুহ! বুজা নাই! কথা ক’ব আহিছা!

সকলো বুজি পাইছিল সি৷ তথাপি আৰু মুলায়েম সুৰত পাৰ্থই পত্নীক বুজাব বিচাৰিলে,

-জানু, এই মাত্ৰ অফিচৰপৰা ঘৰ সোমাইয়ে তোমাক ফোন কৰিব লৈ চাওঁ মেছেঞ্জাৰ মেছেজেৰে ভৰি গোটেই বেটেৰী ডাউন মাৰি আছে৷ খঙতে ফেচবুক খুলি ডিএক্টিভেট কৰি তোমালৈ ফোন কৰিব লওঁতেই তোমাৰ ফোনটো আহিল৷

সিফালৰপৰা বহুত সময় একো নুশুনি সি গম পালে – দৰৱ পালিয়ে কাম দিছে৷ অলপ পিছতে এটা উচুপনি শুনা পালে সি।

-হেই জান কি হ’ল? কোৱা না৷

সিফালৰপৰা থোকাথুকি মাতেৰে বিপাশাই কোৱা শুনিলে,

-চ চুইট! ৰিয়েলী তুমি ফেচবুক ডিএক্টিভেট কৰিলা? আই ম চ’ হেপ্পী টু ডে৷ আই এম চ’ চৰী জান৷ মই মিছাতে তোমাক ভুল বুজিলোঁ৷ চৰী ৱানচ্ এগেইন৷

বিপাশাক সৈমান কৰাব পাৰি মনৰ আনন্দতে সি বিচনাখনত জঁপিয়াই দিওঁতে বিচনাৰ কাষত সজাই ৰখা সিহঁত দুইটাৰ ফটোখন পৰি ভাগিল৷

-কিবা গ্লাছ ভগাৰ শব্দ পালোঁ যে?

-কি নো ক’ম অ’৷ আমাৰ ফটোখনত ধূলি পৰি থকা দেখি মোহাৰি দিছিলোঁ৷ তোমাৰ মুখখন ভালকৈ দেখাই পোৱা নাছিলো৷ মনটো বেয়া লাগিল তোমাৰ মৰমৰ ফটো ফ্ৰেমটো ভাগিল যে… — মাতটোত কৰুণতা অলপ ঢালি পাৰ্থই ক’লে।
-এক্কো নহয় জান৷ মই গৈ কিনি ল’ম দিয়া৷
-ওকে, তুমি কৈছা যেতিয়া৷ তোমালৈ মনত পৰি আছে৷
-মোৰো জান৷ হ’ব দিয়া মায়ে ভাত দিছে৷ মই যাওঁ৷ গুড নাইট৷ লাভ ইউ৷ শুৱাৰ আগতে ফোন এটা কৰিবা প্লীজ্৷
-লাভ ইউ টু।

লাহেকৈ ফটো ফ্ৰেমটো ডাষ্টবিনত পেলাই ফটোখন, আলমাৰীটো খুলি বিপাশাৰ কাপোৰৰ তলত সুমুৱাই ৰাখিলে৷ সেইখন দেখি থাকিলে সি কোনোবা ছোৱালীৰ সৈতে বন্ধুত্ব কৰিবলৈ গৈ অস্বস্তিত পৰে৷ এনে লাগে যেন বিপাশাই তীক্ষ্ণ দৃষ্টিৰে তাৰ প্ৰতিটো আঙুলি কি পেডৰ কোনটো আখৰত বোলাইছে তাকে চাই থাকে৷ দীঘলকৈ উশাহ এটা লৈ সি হুৱাটচ্ এপটো খুলি মিতালী অনলাইন আছে নে নাই চেক্ কৰিলে৷ তাইক অনলাইন দেখি সি মেছেজ এৰিলে,

-Hi! Ki krisa jaan? free ne? Bola olop long drive jaam.
-really! 1/2 an hr lagibo muk. ulaau roba .

মিতালী বেচেৰী ইমানদিনে বিপাশাক ডিভোৰ্চ দিবলৈ কৰ্ট পেপাৰ ঠিক কৰিছে বুলিয়ে জানে৷ কাৰণ যোৱা মাহত সেই সংক্ৰান্তত এজন উকীল বন্ধুৰ ওচৰলৈ দুইটা গৈছিল৷

হোটেল আৰিয়নৰ ল’নত বহি পাৰ্থই এপেগৰ পিছত সিপেগ ব্লেক ডগ ডিঙিত বাকি গৈছে৷ আৰু মিতালীয়ে কাষতে বহি মেলিবু চানচেট ককটেইলত লাহে লাহে চুমুক দিছে৷ কোনো আন্তৰিকতা নাইকিয়া এটা সম্বদ্ধক টানি আজুৰি থাকি লাহে লাহে মিতালীৰ আমনি লাগিব ধৰিছে৷ সেই একে পাৰ্থৰ একঘেমীয়া কাৰবাৰবোৰ৷ এটা কোনো সিদ্ধান্তলৈ নহা সমন্ধ৷ সমস্যাবোৰ কোনো কালে যে অন্ত নহ’ব সেই কথা যেন বুজি পাব ধৰিছে মিতালীয়ে৷ তাই উপলব্ধি কৰিছে, তাইৰ আজি কালি পাৰ্থৰ সান্নিধ্য ভাল নলগা হৈ আহিছে৷ আজি পাৰ্থই মতাৰ লগে লগে আহিবলৈ সন্মত হোৱাৰ কাৰণ এটাই৷ আজি হয় “ইছ্ পাৰ নহ’লে উছ্ পাৰ”।

মদিৰাৰ নিচা আৰু মিতাৰ সৌন্দৰ্যত মতলীয়া হৈ পাৰ্থই বাৰে বাৰে কৈ থাকিল,

-আই লাভ ইউ বেবী৷ আই কান্ট লিভ ৱিডআউট ইউ৷

মাজে মাজে উঠি গৈ মিতালীৰ ওঁঠত চুমা আঁকি দিয়ে৷

সেইবোৰ কৰি থাকোঁতে ৰাতি কেতিয়া যে বাৰ বাজিবৰ হ’ল গমেই নাপালে পাৰ্থই৷ হঠাৎ ফোনটো বাজি উঠিল৷ টেবুলৰ ওপৰত ফোনটো বাজি থাকিল আঁৰ চকুৰে মিতালীয়ে চালে৷ ‘জান’ নামটো বাৰে বাৰে জিলিকি উঠিছে৷ ক’ব নোৱাৰাকৈয়ে থিয় হ’ল তাই৷ তাইৰ দুই হাত ধৰি মুখখন আগুৱাই অনা পাৰ্থক গতা এটা মাৰিলে৷ তাল চম্ভালিব নোৱাৰি সি বহাৰপৰা পৰি যাবলৈ লৈ টেবুলখনত ধৰি কথমপি পৰি নোযোৱাকৈ থাকিল৷

-কাৱাৰ্ড, গাটলেচ্, স্পাইনলেচ৷

মিতালীৰ আকস্মিক ব্যৱহাৰত সি হতবাক হ’ল৷ একো বুজি নাপাই তাইৰ মুখলৈ চাই ৰ’ল৷ মিতালীয়ে পাৰ্থৰ ওচৰৰপৰা উঠি গৈ কাৰোবালৈ ফোন কৰা শুনিলে।

-আধা ঘণ্টাৰ ভিতৰত “আৰিয়ান”লৈ আহাঁ৷

পাৰ্থ এইবাৰ উঠি আহি তাইৰ কাষত থিয় হ’লহি৷ দোৰোলা খোৱা জিভাৰে ক’ব ধৰিলে,

-ৱাই আৰ ইউ চুও এংগ্ৰী ডাৰ্লিং?
-চুপ থাকা। এষাৰো নামাতিবা৷
-কুল ডাউন বেবী৷ উই স্পেণ্ট এ নাইট হিয়াৰ৷ আআআই ৱাণ্ট ইউ জান৷

মিতালীৰ চকুৱেদি যেন জুই বৰষিছে।

-ডণ্ট চে এ ৱৰ্ড এগেইন৷ ইউ ছাট্ আপ৷ “জান” …হুহ! আৰু কিমান জান আছে তোমাৰ? অলপ আগতে দেখিলোঁ কোন জান সেয়া?

এইবাৰ পাৰ্থৰ হুঁচ আহিল৷ সি লাহেকৈ মিতালীৰ কাষৰপৰা আঁতৰলৈ গৈ ফোনটোৰ লাষ্টৰ ইনকামিং কলত আঙুলিৰে আলফুলে চুই দিলে৷ দুবাৰমান ৰিং হ’বলৈ পালে কি নাপালে সিফালৰ পৰা গৰ্জি উঠা মাত এটা শুনিলে।

-ফোন কৰি আছোঁ এঘণ্টাৰপৰা৷ এশবাৰৰ ওপৰ হ’ব৷ কি কৰি থকাৰ বাবে ফোন ডাঙিব পৰা নাই ময়ো শুনোচোন!

যিমান পাৰি আবেগ ঢালিলৈ পাৰ্থই ক’লে,

-জান, কিয় খং কৰিছা? মই কিচ্চেনত অলপ বিজি আছিলোঁ৷
-কি? ৰাতি বাৰ বজালৈ ভাত খাবলৈ আছিলা! মই থাকিলে দহটাৰ কুমকুম ভাগ্য চিৰিয়েলখনো চাবলৈ তত্ নিদিয়া দেখোন৷ ভোকে তেতিয়া টেঁটুত ধৰে৷ আজি কি হ’ল? মই নাথাকোতে তোমাৰ সেই আদ্দাৰ মদাহীকেইটাক ঘৰ সুমুৱাহি নাইতো? বেক গ্ৰাউণ্ডত কিহৰ মিউজিক সেইবোৰ? তুমি কি ঘৰত নাই নেকি?
-নাই জান৷ সেইকেইটাৰ নিচিনাকৈ মই মদ পিব নোৱাৰোঁ৷ তাহাঁতৰ কোম্পেনী মোৰ সহ্য নহয়৷ বাহিৰৰ ভদ্ৰমহিলাক তাহাঁতবোৰে ভাল ব্যৱহাৰ কৰিব নাজানে ঘৰৰজনীক ক’ত ভাল ব্যৱহাৰ কৰিব৷ সেইবোৰ কথাৰ বাবেই মই তাহাঁতক বাদ দিলোঁ জান৷ সেইকাৰণে তাহাঁতসোপাক কোনো ছোৱালীয়ে পাত্তাই নিদিয়ে কিন্তু মোক চোৱা!

সম্বিৎ আহিল তাৰ। ধেৎ তেৰি! মদৰ নিচাতে কি কৈ দিলে৷ নিজকে নিজে ক’লে,

-ধুইত ! মোৰ ক’ত নিচা হৈছে৷ নাই নাই ইমান খাব নজনা যে মই নহয় দেই৷ আজিলৈকে মোৰ নিচা হোৱা বুলি কোনেও ক’ব নোৱাৰে৷ এতিয়াও শ্বিলং যাব পৰাকৈ মই হুঁচত আছোঁ৷

থিয় হ’বলৈ লৈ হামখুৰি খাই পৰিল সি৷ সি পৰি যোৱা দেখি মিতালী দৌৰি আহি তাক টানি উঠাবলৈ যত্ন কৰিলে৷ মোবাইল হাতৰপৰা চিটিকি কৰ’বাত পৰিল৷ বাৰত তেতিয়াও মিউজিক বাজি আছে৷ মিতালীয়ে এহাতেৰে তাৰ মোবাইলটো আনহাতেৰে পাৰ্থক চম্ভালি ৱেটাৰজনক চিঞৰি মাতিলে৷

-চাহাবক ৰুমলৈ লৈ ব’লা৷ — পাৰ্থই মুখেৰে ভোৰভোৰাই থাকিল।
-মাই লাভ মাই জান মাই মিতা ডাৰ্লিং৷

বগা ধকধকীয়া বিচনাখনত পাৰ্থক শুৱাই দি কাষতে ফোনটো ৰাখিলে৷ তাত তেতিয়াও বিপাশাই হেল্ল’ হেল্ল’ কৈ চিঞৰি আছে৷ মিতালীৰ ওঁঠেৰে হাঁহি এটি বাগৰি গ’ল৷ তাই ওলাই আহি তাইৰ বাবে ৰৈ থকা গাড়ীখনত উঠিল৷ আহি থাকোঁতে মুখৰ ভিতৰতে ভোৰভোৰাই ক’লে,

“বেচেৰা পাৰ্থ মানুহজনীৰ আগত আগৰ মানুহটো হ’বলৈ বহুত অনুশীলন কৰিব লাগিব।”

লাহেকৈ তাই পাৰ্থৰ নাম্বাৰটো ব্লক লিষ্টত সুমুৱাই দিলে৷

মিতালীয়ে পিছত পাৰ্থৰ লগৰ এজনৰপৰা গম পাইছিল – পিছদিনা বিপাশাই মাকৰ ঘৰত থাকি কেচুৱা জন্ম দিয়াৰ সিদ্ধান্ত সলনি কৰিছিল৷ আৰু পাৰ্থক নজনোৱাকৈয়ে ঘৰলৈ ঘূৰি আহিছিল৷ পাৰ্থৰ সৈতে বিপাশাৰ ক’ত কেনেকৈ সন্মুখা সন্মুখি হ’ল তাক কোনেও গম নাপালে৷ কিন্ত তাৰ পিছত গা বেয়াহৈ এক সপ্তাহৰ বাবে পাৰ্থ হস্পিটেলত থাকিব লগা হ’ল সেইটো কথা গম পোৱাবোৰে বহুত বেলেগ বেলগ ধৰণৰ কাহিনী বনালে৷ বহুতেই নেদেখাকৈয়ে উলিয়ালে যে বিপাশাই খঙৰ ভমকত মাৰি পঠিওৱা দাখনৰ বাবেহে পাৰ্থ হস্পিটেলত থাকিব লগা হ’ল বোলে৷

দূৰৈৰপৰা এদিন মিতালীয়ে পাৰ্থক দেখা পালে৷ তাক খুব ভাগৰুৱা যেন দেখা গৈছে৷ কপালত তাৰ চিলাইৰ দাগ এতিয়াও সুস্পষ্ট৷ সুধিব নেকি “কেনে আছা?” বুলি ভাবি গুণী থাকোতে পাৰ্থ তাইৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’ল৷ হয়তো সি মিতালীক মন নকৰিলে, নহয় জীৱনত আৰু এবাৰ ৰিস্ক লৈ চাবলৈ তাৰ সাহসে নুকুলালে৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *