ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১)

সাংঘাতিক শব্দৰ শক্তি
সুৰে সুৰে নাচে শত ব্যক্তি

শব্দত প্ৰাণৰ স্পন্দন
শব্দৰ দেখোঁ প্ৰদূষণ

শব্দেৰে চাগে বিচাৰে মুক্তি৷

 

(২)

বহ্নিমান শিখা হৈ উদ্ভাসিত সহস্ৰ শব্দ
বুকু জুৰি জ্বলে – য’ত স্বাধিকাৰ অৱৰুদ্ধ

বিক্ষুদ্ধ শব্দৰ অশেষ সাধনা
বাস্তৱত সেয়া হ’বলা ছলনা

বন্ধ খুপৰিত দেখোঁ শব্দবোৰে শ্বাসৰুদ্ধ!

 

(৩)

বস্তাৰ বেছিভাগ মালেই দেখোন পঁচা
বেপাৰীয়ে ক’লে – এই কথা গোকাট মিছা

দুই এটা বেয়া ওলাবই
লগুৱাই বোলে – হয় হয়

আমদানিকৃত বস্তু নহয় এলাপেচা৷

 

(৪)

কেনেকৈ পাহৰোঁ সেই দুৰ্বিসহ জ্বালা
কিমানজনে অশ্ৰুৰে গাঁথিছিল মালা

কি বিচাৰিছিলো,কিনো পালোঁ
কত দুখ নীৰৱে সহিলোঁ

কিয়নো হ’লো আমি হোলাৰ ভাই মোলা!

 

(৫)

সাত ভতৰাৰ শুনো তৰ্জন-গৰ্জন
সুবিধাভোগীৰ কি সুললিত ভাষণ

শতৰুই আছে কৰি খাওঁ খাওঁ
আহা বৰডেকা ভোজ খাব যাওঁ

বাদ দিয়া, কিমান কৰিবা আন্দোলন!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *