ফটাঢোল

ৰাজতন্ত্ৰ – ভাস্কৰ বৰ ডেকা

এই যে ৰাজতন্ত্ৰ
সাধাৰণে নুবুজা এক যন্ত্ৰ৷

অসমত হ’লে বানপানী
নিদিয়ে বেলেগ ৰাজ্যই মানি
আৰু বেলেগ ৰাজ্যত হ’লে
অসমে দিয়ে জনসাধাৰণৰপৰা টানি টুনি৷

লোকেল সমস্যাবোৰ নকৰে সমাধান
আৱেগেৰে বজাই ৰাখিব খোজে আমাৰ মান
লাগিলে যিমান নাযাওক অসমীয়াৰ প্ৰাণ৷

সকলোতে নমাই ভক্তসকলে ৰাজনীতি
তলেতলে কিন্তু ইহতৰ বিৰাট মিলাপ্ৰীতি৷

আজি এইটো দল কালি সেইটো দল
পৰস্পৰে পৰস্পৰৰ পিঠি খজুৱাই
উলিয়ায় মন্ত্ৰণাৰ মল।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *