ফটাঢোল

তই-মই : মনোজ নেওগ

শীতৰ কোব বাঢ়িছে দিনে দিনে! এইকেইদিন আমাৰ মাজত কথা বতৰাবোৰ শীতকাললৈয়ে হৈছে, মানে ক’ল্ডক্ৰীম – টুপী – মাফলাৰ – শ্বল – হাতমোজা। কেতিয়াবা জলা চাতনি আৰু পকৰিৰ কথা পাতোঁ, আকৌ কেতিয়াবা জলকীয়া আচাৰ, বুট ভজা। এদিন যদি জেকেট – চুৱেটাৰৰ কথা পাতিম, আনদিনা গৰম গৰম আলু চপৰ কথা পাতিম। শীতকালত লগ পালে এনেকুৱা কথাই পাতিব লাগে চাগে, আৰুনো কি পাতে আৰু!

সিদিনা আবেলিৰ কথা, ডুবযোৱা বেলিটো চাই চাই আমি ভেড়া নোমৰ পৰা ঊণ কেনেকৈ তৈয়াৰী হয় সেই বিষয়টোৰ পৰা জাঁপমাৰি টুপীৰ বিষয়টোত মৰণা মাৰি আছিলোঁ। শীতকালৰ জৰুৰী বস্তু! বিভিন্ন ৰকমৰ টুপী আৰু গুণগত মানদণ্ড – ব্যৱহাৰ – উপকাৰিতা এই সম্পৰ্কে বহুতো কথা৷ কথাৰ মাজতে মোৰ মনলৈ আহিল- বান্দৰ টুপী এটা বৰ জৰুৰী হৈ আছে মোৰ৷ যিহে ঠেণ্ডা পৰিছে, কাণ দুখনত সোঁ সোঁৱাই হাৱা সোমাই মটৰ চাইকেলত! একদম মূৰলৈকে তাহ্ মাৰি ধৰে চেঁচাই! কিনিম বুলি ভাবিয়ে আছোঁ, পাহৰণিত থাকি যায়। আকৌ ভাৱিলোঁ – এতিয়া কিনিম বুলি ভাবিলে ডাবুল খৰচ হ’ব। এটা কিনিলে নহ’ব, মই বান্দৰ টুপী কিনা দেখিলে এইকো কিনি দিব লাগিব। পিন্ধা নিপিন্ধা পিছ কথা কিনি দিব‌ই লাগিব। অৱশ্যে লগে ভাগে দুইজনেই দুইজনৰ বুলি আমেজ এটাৰ কথাও সুকীয়া! একেলগে ফুৰা, একপ্লেত পকৰি দুইজনে খোৱা, একেলগে চিনেমা চোৱা, এপেকেট পপকৰ্ণ দুইজনে খোৱা- মানে একেলগৰ পৰম্পৰাৰ নিচিনাই হৈ পৰিছে আমাৰ। এজনে অকলে কিবা কৰিলে বুলি গম পালে তিনি চাৰিদিনমান বেলেগ এখন মহাভাৰতহে হয়গৈ। হয়ো, অভিমানবোৰ থাকিব‌ই, থাকেই।

কথাৰ মাজতে তাই ক’লে১,

: বলচোন, বস্তু এটা ল’ব লগা আছে, ঠাণ্ডাকালি জৰুৰী।

মই টু-বুলি কৈয়ো পী- শব্দটো ডিঙিতে থৈ দিলোঁ। মাতটো অলপমান গেনগেনীয়া কৰি ক’লোঁ,

: অকল এটাহে ল’বি নেকি ?

তাই মোৰ ফালে চাই কপালখন কোঁচাই ক’লে,

: তোকো লাগিব নেকি..?

মই বোলো মাতটো আৰু অকণমান গেনগেনীয়া কৰি দিয়াই ভাল,

: ল- ল তই অকলেই ল। তোকহে ঠেণ্ডাকালি জৰুৰী বস্তু লাগে, মোক নালাগে নহয়৷ এনেয়েহে তই লেৰেলা সাদৰ দেখুৱাৱ৷ অকলেই ল যা, মোক দিব নালাগে৷

মনতে ভাবিলোঁ অলপ বেছিয়ে হ’ল নেকি! ইমানখিনি কৈ ভয়ো লাগিল কিজানি জাঙুৰ খায় আহে! অৱশ্যে মই ভৱাৰ দৰে তেনে একো নহ’ল৷ বৰ শান্তভাৱে ক’লে,

: হ’ব। দুটা ল’ম ব’ল, এটা তোক দিম। ক’লেই হয় কথাটো৷

মনটো যেন – জিদ ধেই খিত- তেৰেকেতি ধা- তালখনত দুপাক মান নাচিয়ে পেলালে। সদায় ময়েই দিব লাগে আজি বহুত দিনৰ মূৰত বান্দৰীৰ মুখৰ কল সৰিছে! জাঁপক্ কৈ কাষলৈ গৈ ক’লোঁ-

: ব’ল ব’ল, বস্তু চইচ কৰোঁতে তোৰ বৰ সময় লাগে।

ইয়াৰ পিছৰ সময়ত আমি কান্ধেৰে কান্ধ খুন্দিয়াই খুন্দিয়াই গড় আলিত৷ মনতে ভাবিলোঁ – চুৱেটাৰ নে মাফলাৰ জৰুৰী হ’ব বাৰু! নাই, দুটা চুৱেটাৰ কিনিব পৰাকৈ এইৰ অৱস্থা তথৈবচ, মাফলাৰ অৱশ্যে একে ৰঙৰ দুইটাৰে লোৱা হ’ল সিদিনা। টুপীৰ কথাটোকে বাৰে বাৰে মোৰ মনলৈ আহি থাকিল। ভাবিয়ে ল’লোঁ – টুপীয়ে হয়। মনতে হাঁহি এটাও লাগি আছে টুপীৰ নামত তাইক টুপী দিয়াৰ কথাটোত ! ভাবিলোঁ মই ল’লে বান্দৰটুপী এটাকে লোৱা ভাল হয় নেকি! ষ্টাইলৰ কথাতকৈ নিৰাপত্তা বেছি জৰুৰী। এনেতে টুপীৰ দোকান এখনৰ কাষ পালোঁগৈ। বিধে বিধে টুপী সজায় থোৱা আছে, মই ঠিক টাৰ্ণিং ল’ব খোজোঁতেই নাকীলগোৱা গৰুটোক নাকীত ধৰি টানি অনাদি আনি দি তাই ক’লে,

: ক’ত মৰিবলৈ যাৱ ঐ, চিধা আহ৷

মানে ঠাণ্ডাদিনত তাইৰ জৰুৰী বস্তুটো টুপী নাছিল। পটকৈ ভাবিলোঁ – হাতমোজা! হ’লেই হ’ল, হাতমোজাৰ ৰঙৰ কথা নাই। অৱশ্যে ৰঙা টাইপৰ এযোৰ চাব লাগিব বুলি মনতে ভাবি ল’লোঁ। খোজত খোজ মিলাই গৈ আছোঁ গৈ আছোঁ। মনৰ ভিতৰত বস্তুবোৰ সলনি কৰি গৈ আছোঁ। গৈ গৈ দোকান এখনৰ কাষত ৰৈ তাই ক’লে,

: ব’ল ইয়াত পাম।

মইতো অবাক! তাইৰ পিছতে দোকানত সোমায় যাওঁতে মই ঠিক চিন্তা কৰি উলিয়াব পৰা নাই যে ঠাণ্ডাকালি জৰুৰী বস্তু ৰমেশ হাৰ্ডৱেৰত কি পায়!

তাইৰ পিছতে ৰৈ আছোঁ, তেনেতে তাই ক’লে,

: দুটা চৰিয়া দেখুৱাবচোন প্লাষ্টিকৰ। মেডিয়াম চাইজ৷

মোৰ এনে লাগিল, কাণ দুখনৰ পৰা যেন চিমণি এটাৰ দৰে ধোঁৱাহে ওলাইছে! একোবত ভাবিলোঁ দোকানখনৰ পৰা ওলাই যাওঁ! তেনেতে তাই মোৰ কাষলে আহি ফুচফুচাই ক’লে,

: এলুমিনিয়ামৰটোৱে বৰ চাউণ্ড দিয়ে, হয় নাই ক…!

মই খৰধৰকৈ ক’লোঁ,

: এটা ল। মই বাহিৰতে ৰৈছোঁ।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *