লোভেই পাপ,পাপেই…. – ৰাজশ্ৰী শৰ্মা
আমি যেতিয়া সৰু আছিলোঁ, মানে এই ধৰক আজিৰ পৰা পঁচিছ বছৰমান আগতে। তেতিয়া মবাইল ফোন নাছিল, নেটফ্লিক্স নাছিল, ইণ্টাৰনেটতো নাছিলেই আনকি আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ ঘৰত ৰঙীন টিভিও নাছিল। মানুহবোৰ পিচে মৰমীয়াল আছিল আৰু আমাৰ দৰে সৰু ল’ৰা ছোৱালীবোৰ মহা অঘাইটং।
তেনেকুৱা দিনবোৰত আমাৰ বাবে হোটেলৰ খোৱা পৰিঘটনাটি কিবা অস্পৃশ্য কথা আছিল। যেনে এই যে মামা আহিল ঠাণ্ডাৰ বন্ধত কোচিনৰ পৰা, তিনি দিন ৰেলত থাকি, হোটেলত খাই। সি কিন্তু চিধ্ধাই ঘৰৰ ভিতৰত সোমাবহি নোৱাৰিব। বাহিৰত কাপোৰ সলাই একেবাৰে মায়ে চৌকাত গৰম কৰি দিয়া পানীৰে কুঁৱাৰ পাৰত গা ধুইহে ঘৰত সোমাব। বাহিৰত হোটেলত খোৱা কথা, চুৱা লাগিবতো! চুইগী, ঝমাটো বুলি কিবা বস্তু যে ভৱিষ্যতত ওলাব আমি নাজানিছিলোঁ।
সেই দিনবোৰতেই আমাৰ দৰে পৰিয়ালৰ আপা আপী কেইটাৰ কিছুমান বিশেষ দিন আহিছিল। জন্মদিন!! মায়ে শৰাই এখন দিয়ে, গধূলি চুবুৰীৰে সমনীয়া কেইটাক মাতে, কেতিয়াবা মুড ভাল থাকিলে লুচি বনায়। সিদিনা যাৰ জন্মদিন পৰে, তাক আন দুটাই মাৰা মানা। বা সিদিনা যুদ্ধ লাগিলেও তাৰ মতেই হ’ব টাইপ এটা নিয়মো আছিল। আৰু এটা আইটেম আছিল, সেইটো হ’ল – পায়স!
পায়স বোলা বস্তু বিধৰ প্ৰতি সকলো শিশুৰেই এটা আবেগ থাকে। মায়ে দুপৰীয়া ভাত খাই হোৱাৰ পিছত ডেকছিটোত বহাই দিয়ে দাদাই পুৱাই আনি দিয়া পূৰবী গাখীৰ তিনিপেকেট। এটা বাতিত কিচমিছ ভিজাই থয় আগতেই, কাষত ৰৈ চাই থাকিলে দুটামান মৰমতে দিয়ে। তাকেই আনি বাকী দুটাক দেখাই দেখাই খোৱাৰ মজাই বেলেগ। অলপ জহা চাউল তিয়াই থয় আগতেই, সেইখিনি দি লৰাই লৰাই চেনি দি। অলপ সময় পিছত যেতিয়া ঘন হ’ব তেতিয়াই পাকঘৰৰ মিটচেফটো খুলি মায়ে উলিয়াই আনে পৰম আকাংক্ষিত বস্তুটো।
‘মিল্ক মেইড’ – এজনী এপ্ৰন পিন্ধা মূৰত গাখীৰৰ বাচন লোৱা মহিলাৰ ছবিৰে টিনৰ টেমাটি! যদিও মিটচেফৰ জালখনৰ মাজেৰে টেমাটো সদায় দেখোঁ, তথাপিও কিন্তু সাহস নাছিল উলিয়াই আনিবলৈ। ৰখীয়া বুলিবলৈ মিটচেফটোৰ দৰ্জাত এটা বন্ধ কৰিব নোৱাৰা অকমান তলা আছিল। চাবি নায়েই সেইটোৰ। এই যে মায়ে মিল্ক মেইডৰ টেমাটোৰ পৰা দুচামুচ উলিয়াই পায়সত দিলে, তেতিয়াই সংসাৰৰ আটাইতকৈ নিমাখিত মৰমলগা মাইনাজনীৰ চকুৰ চাৱনিত মুগ্ধ হৈ পটি যায়। এনেকুৱা ধৰণৰ চাৱনি দিওঁ যে মায়ে সৰুকৈ এচামুচ হাতৰ তলুৱাত দিবলৈ বাধ্য।
হাতৰ তলুৱাত লৈ চেলেকটো মাৰিয়েই আস!! কি সোৱাদ!! এয়াই অমৃত চাগৈ। মিঠাটোও কিবা বেলেগ মিঠা, চেনী চুৰি কৰি খায়ো এনেকুৱা মজা নালাগে।
লাহে লাহে ডাঙৰ হ’লোঁ, দেউতাক চুগাৰে পালে। লগতে ঘৰত কম চেনী দি পায়স বনোৱা হ’ল। বিয়াও হ’লোঁ। বেলেগ বহু বস্তুৰ লগত সেই মিল্ক মেইডৰ মহিলাও পাহৰণিৰ গৰ্ভত পৰিল। হেৰাই গ’ল সেই সোৱাদ শৈশৱৰ লগতে।
পিচে সিদিনা কি হ’ল, সাপ্তাহিক বজাৰ কৰিবলৈ গ’লোঁ এখন ডিপাৰ্টমেণ্টেল ষ্টোৰত। ঢেৰ ঘৰুৱা বজাৰ কৰাৰ পিছত গাখীৰ, ঘিউ লৈ থাকোঁতে হঠাৎ চকু পৰিল সেই এপ্ৰনটোত!! একে টিনৰ টেমা, একে মহিলা। মোৰ মৰমৰ ‘মিল্ক মেইড’ জনী!
বেলেগ একো নাভাবি লৈ আনিলোঁ, পিছদিনাই কেচুৱাক খুৱাম বুলি পায়স বহাই দিছোঁ। কাজু, কিচমিছ, জহাচাউল। পায়সখিনি অলপ ঘন হওঁতেই দুচামুচ দিলোঁ। টিনৰ টেমাটোত পইতাচোৰা উঠে বুলি বেলেগ এটা কণ্টেইনাৰত বাকি থ’লোঁ। এতিয়া টেমাটোৰ ভিতৰত লাগি থকা খিনি চামুচেৰে ৰুকি উলিয়ালোঁ, তথাপিও থাকিলেই। এইখিনি কি কৰিম?মনটোৱে ক’লে খাই থ বুজিলি। মা হোৱাৰ এয়াই ফায়দা। তোক কোনেও গালি পাৰিব নোৱাৰে, এইটোক চুৰ কৰা বুলিও নকয়, টেষ্ট কৰা বুলিহে কয়।
মনটোৰ কথা মানি তৰ্জনী আঙুলিটোৰে এবাৰ আনি মুখত দিলোঁ। উমমম্, সেই একে সোৱাদ। আৰু এবাৰ, আৰু এবাৰ……. এতিয়া আৰু তলিখনত হে লাগি আছে। আঙুলিটো হেঁচি ভৰাই দিওঁতেই খেচেক্।
টিনৰ টেমাৰ দাঁতিটোৱে দুটা আঙুলিৰ মাজৰখিনি এনেকৈ কাটিলে ঔ। বেণ্ডেজো লগাব নোৱাৰি, মলমো।
কোনেনো ডিজাইন কৰিছিল এইডাল টেমা। তাক পালে মই…..
☆★☆★☆
12:44 pm
এতিয়াও সেই অভ্যাস যোৱাই নাই মানে! হাঃ হাঃ,?? ভাল লাগিল।
9:35 pm
নাই অ, সেইটো অভ্যাস এৰিবলৈ নোৱাৰো।
11:35 am
মিল্কমেইড দিয়া পায়স বৰ সোৱাদ লাগে দেই ।
12:09 pm
নাই নাই, সেইটো অভ্যাস এৰিব নোৱাৰিছো আৰু।
12:16 pm
মিল্ক মেইড মোৰো বৰ প্ৰিয়। আগৰ দৰে অৱশ্যে হাতৰ তলুৱাত লৈ বা ৰুটিৰ মাজত লৈ নাখাওঁ, ডাইবেটিছ হোৱাৰ ভয়!
সুন্দৰ নষ্টালজিয়া,মিঠা মিঠা–
12:36 pm
হয় বাইদেউ। এৰিব নোৱাৰো সেই সোৱাদ।
1:41 pm
তামাম এইটো ৰাজশ্ৰী৷
3:41 pm
ভাল লাগিল ৷
4:06 pm
লোভ লাগি গল পঢ়ি। সুন্দৰ স্মৃতি বা
6:29 pm
বঢ়িয়া লাগিল
7:10 pm
এবাৰ এই টেমা এটা মনে মনে অকলে খায় শেষ কৰিছিলোঁ। পুৰণি কথা মনত পৰিল। ভাল লাগিল।
12:31 am
খুব ভাল লাগিল ।