ফটাঢোল

মিতব্যয়িতা – অপুৰ্ব কলিতা

পৰহি গনেশগুৰিত এজনী ধুনীয়া ছোৱালী দেখিলোঁ। তাইক প্রেম নিবেদন কৰিম বুলি ভাবি তাইৰ পিছ ল’লোঁ। ঠিক জাৱৰৰ দমটোৰ কাষত তাইক লগ পাই কথাটো ক’ম বুলি ভাবি মুখখন মেলোঁতেই ওঁঠত মহ এটাই বৰ বেয়াকৈ কামুৰিলে। লগে লগেই ফুলি গ’ল। হনুমানৰ দৰে মুখখন লৈ কথাটো আৰু কোৱা নহ’ল। দেংগু হ’ব বুলি ভয় খাই হস্পিতাল এখনলৈ গ’লোঁ, সিহঁতে ক’লে তেজ পৰীক্ষা কৰিবলৈ। মই মানুহটো অলপ মিতব্যয়ী সেয়ে মুঠ কিমান খৰছ হ’ব সুধিলোঁ।

সিহঁতে ক’লে তেজ পৰীক্ষাৰ বাবদ ৩০০ টকা আৰু পিছত চিকিৎসকৰ ফীজ ২০০ টকা মুঠ ৫০০ টকা। পিছত খবৰ ল’ম বুলি সিহঁতক কৈ গাড়ী এখন ভাড়া কৰি খানাপাৰাৰ পৰা জালুকবাৰীলৈ কেইবাখনো হস্পিতালত “বাৰগেইনিং” কৰি কমত হোৱাকে এখনতো নাপালোঁ। ঠিক সেইসময়তে মোৰ মনত পৰিল স্কুলত একেলগে পঢ়া তিনচুকীয়াত থকা মোৰ বন্ধু এজনে কলিকতাত ৫০ নে ৩০ টকাত তেজ পৰীক্ষা কৰাৰ কথা কৈছিল। তাৰ মবাইল নংটো মোৰ তাত নাছিল। কিন্তু থকা ঘৰটো চিনি পাওঁ। তৎক্ষণাৎ ইনদিগো এখন ভাড়া কৰি তিনচুকীয়ালৈ ওলালোঁ। তাক তাত লগ পালোঁ কিন্তু
সি মোক কৃপণ বুলি ভাবিব পাৰেতো সেয়ে সকলো কথা তাক খুলি নক’লোঁ। বেলেগ কথা প্ৰসংগৰ মাজত তাক সেই কথাটো সুধিলোঁ।

সি ক’লে আজিকালি ১০০ টকা মানত কৰে কিজানি, তৎক্ষণাৎ সেই পৰীক্ষাগাৰৰ বিৱৰণী লৈ মই গুৱাহাটী আহিলোঁ। দেৰি নকৰি সামান্য কিছু কাপোৰ লৈ এয়াৰ ইন্দিয়াৰ টিকেত কাটি কলিকতা পালোঁ। আহিয়েই এচি থকা কোঠা এটা লৈ অলপ ভাল হোটেল এখন ল’লোঁ আৰু চিধাই সেই ঠাইলৈ ৰাওনা হ’লোঁ। বন্ধু জনে ঠিকেই কৈছিল মাত্ৰ এশ টকাতেই তেজ পৰীক্ষা কৰালোঁ আৰু সুখৰ খবৰ যে মোৰ দেংগু হোৱা নাই। তাতোকৈ সুখৰ খবৰ মই ১০০ টকা বচালোঁ। টকা গছত নালাগে, সেয়ে আপোনালোকেও মিতব্যয়িতা শিকা উচিত।

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *