অথঃ ফটা বচনেই নমঃ – বিকাশ দত্ত
১) ছিংগল যোজনা:
(ক) ছিংগল, খুব ছিংগল, আৰু তাৰ পিছত আহে অকলে লুকা-ভাকু খেলাবোৰ।
(খ)ছিংগল, খুব ছিংগল, আৰু তাৰ পিছত আহে হোৱাটছএপ গ্ৰুপত অকলে থকাবোৰ।
(গ) ছিংগল, খুব ছিংগল, আৰু তাৰ পিছত আহে তিনিটাকৈ ফেক আইডি খুলি এটাৰ পৰা মেছেজ দি আনটোত সেই মেছেজটো পঢ়াসকল।
(ঘ) ছিংগল, খুব ছিংগল, আৰু তাৰ পিছত আহে বায়েকৰ বেগটো লৈ পাব্লিক টয়লেটৰ সমুখত ৰৈ থকাসকল যাতে মানুহে ভাৱে তাৰ গাৰ্লফ্ৰেণ্ড ভিতৰত আছে আৰু সি ৰৈ আছে তাইক। (এইটো দুজন মহাপুৰুষৰপৰা কপি কৰা হৈছে)
(ঙ) ছিংগল, খুব ছিংগল, আৰু তাৰ পিছত আহে এনেধৰণৰ পোষ্ট লিখাসকল।
২) ফটা জীৱন পৰিক্ৰমা:
(ক) দিন বেয়া বুলি কেতিয়া কোৱা যায়?
যেতিয়া তিনিঘণ্টা পৰীক্ষাৰ ডিউটি কৰি কৰি ক্লান্ত হোৱা মন আৰু শুকাই যোৱা ডিঙিটোৰ বাবে স্কুলৰ ৰান্ধনীয়ে যুগুতাই দিয়া চিঙৰাটোৰ এটা কামোৰ মৰাৰ পিছতেই হাতৰ পৰা পিছলি পৰি যায়।সেই দুখ আৰু বাঢ়ে যেতিয়া ৰান্ধনীয়ে কয়, “ছাৰ এইটোৱেই লাষ্ট চিঙৰা আছিল।”
(খ) আজি কণীৰ থুপথুপীয়া আঞ্জা। বৰষুণ বতৰ সেয়ে এই আইটেম। আমি সকলোৱে একেলগেই ভাত খাওঁ দেই সদায়। ৰাতিৰ সাঁজ অন্তত একেলগেই বহি খাওঁ পৰিয়ালৰ আটাইকেইজনে। মোৰ এটা লক্ষণ আছে। মানে ভাত খোৱাৰ আগত আঞ্জাত মোৰ তৰ্জনী আঙুলিটো বুৰাই আনো আৰু জিভাৰে সুন্দৰকৈ এচেলেকা মাৰোঁ। ইয়াৰ মূল অৰ্থ হ’ল আঞ্জাৰ সোৱাদটো এবাৰ বিচাৰ কৰা আৰু আঞ্জাৰ বাতিটোত মোৰ অধিকাৰ সাৱ্যস্ত কৰা। আঞ্জা ঢালি ভাত এগৰা খায়েই গম পালোঁ আঞ্জা আজি কাঢ়া। মানে জলকীয়া দিছে মিছেছ দত্তই। এনেতে এটা জলকীয়া ওলাল মোৰ বাতিটোৰ পৰা। তাক শুৱাই থ’লোঁ একাষৰীয়া কৰি। এনেতে আৰু এটা জলকীয়া, তাৰ পিছত আৰু এটা তাৰ পিছত আৰু এটা। কাঁহীখনৰ এফালে থকা আলুভাজিখিনিয়ে জলকীয়া কেইটাক দেখি লাজেই পালে ছাগে। মানে ৭ টা জলকীয়া। GST ৰ বাবে হয়তো গাঢ়তা কমিছে, সেইবাবেই হয়তো মিছেছ দত্তই বেছিকৈ দিলে।
সুধিলোঁ, “আজি আঞ্জাত কেইটা জলকীয়া দিছিলি নো?”
উত্তৰ, “সাতটা!”
মই- হুমমম!
এনেতে মিছেছ দত্তৰ উত্তৰ, “ভালে হ’ব দে। কালি বোলে স্কুল নাই তোৰ। গতিকে পুৱা উঠি যিমান বহা বহি থাকিবি। বেছি গেছ হোৱা যেন পালে ত্ৰিফলা খাবি ৰাতি।”খিক খিক কৰি হাঁহিলে। মোৰ আকৌ সম্পূৰ্ণ মনোযোগ কণীৰ কুহুমটোত।
(গ) আমাক কোনো dslr নালাগে, আমাক এনফিলড নালাগে,
কাৰণ ভাই হেণ্ডচাম আমিও, কেৱল পেটতো অলপ সোমালেই হ’ল।কেটী পেৰীৰ কচম,
দুনীয়া জিট লুংগা!
(ঘ) ঘৰতে আছিলোঁ। গা ধুম বুলি গেঞ্জীটো খুলিবলৈ লওঁতেই ঘৰৰ ডন মিছেছ দত্তই ক’লে, “হেৰৌ তোৰ চোন বুকুখন বৰ দ হৈছে। কিবা বেমাৰ চেমাৰ হ’ল নেকি?”
আইনাত চালোঁ, “নাইচোন। আগৰে পৰাই এনে। তই আজি ক’ত বা দ হৈ যোৱা দেখিলি। আগৰে পৰাই দ!”
এনেতে আকৌ ক’লে, “চকুকেইটাও চোন লাল হৈ আছে।”
তেতিয়া অৱশ্যে ক’লো, “পুৱা ৯টাত যাৰ ৰাতিপুৱা হয়, তাৰ বাবে চকু লাল হোৱাতো একো ডাঙৰ কথা নহয় দে।” ঘোপাকৈ চাই মিছেছ দত্ত আঁতৰ হ’ল।
গা পা ধুই আহিও দেখোঁ চকু লালে হৈ আছে। তেতিয়া আকাশবাণী এটা শুনা যেন লাগিল….
“চকু লাল বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল” ডাকৰ বচন!
(ঙ) স্কুল যাব হৈছে। লৰালৰিৰ বাবে মানিবেগৰ পৰা দুখনমান কাগজ ওলাই পৰিল। বেংকৰ ৰিচিপ্ট। মানিবেগতেই ভৰাই থোৱা যায়। ওচৰত মায়ে টেবুলখন চাফা কৰি আছিল। লগে লগে সুধিলে,
“কিহৰ কাগজ এইবোৰ?”
মই: “ছোৱালী এজনীয়ে চিঠি দিছে ৰ!”
মা: (অলপ পৰ মনে মনে থাকি) “কোন ছোৱালীয়ে নিজৰ কপাল নিজে খালে নাজানো আৰু। ৮ বজাত উঠিবি, জধলাৰ দৰে দাড়ি ৰাখিবি, আৰু তোক কোনোবাই ছোৱালী দিব। যাহ বুলিছো নহয় ইয়াৰ পৰা। ফুট।”
হেচটেগ দিনটোৰ আৰম্ভণি।
৩) ফটা-বচন:
(ক) দামী মানুহে পকা চুলিত লগাই গাৰ্নিয়াৰ
১০ টকাৰ চাহ খোৱা মানুহৰ দম নাই মম’ কিনাৰ
সেইবাবে বাৰে বাৰে কৈ থাকো বৎস
চেনেহী আছে ভাল কথা মাত্ৰ নকৰিবা য’তে ত’তে ডিনাৰ!
(খ) যাৰ আছে ঘৰত গাড়ী আৰু গালত দাড়ি
সেই পুৰুষক সদায় ল’বা নিজৰ কৰি।
(গ) সময় নাযাওঁতেই চেনেহীৰ নাম লিখি দিয়া নিজৰ হিয়াত
ন’হলে অৱশেষত ফেচবুকত লিখিব লাগিব,
“গোল্লা বিলাম তোমাৰ বিয়াত”
(ঘ) সময় থাকোতেই হৈ যোৱা এংগেজড
ন’হলে তোমাৰ বান্ধৱীয়ে ২০ বছৰ পিছত ক’ব
“সেইজন দেখিছানে ইমান এজেড”
(ঙ) দাড়ি নোহোৱা ল’ৰা
পিয়াঁজ নোহোৱা বড়া
কাম নাই!
(চ) ট্ৰাই কালাৰৰ পৰা আৰম্ভ হ’লোঁ
এতিয়া কালাৰ ট্ৰাই কৰিব লাগিছোঁ আমিবোৰে
কিমান আৰু কৰিবা দান
পইচা নাথাকিলে হেনো আজিকালি নাথাকে মান!
(ছ) দুই ভাইৰ মাজত লগাই কাজিয়া
আজি তৃতীয়জনে কৰিছে শাসন
উফ! বন্ধ কৰক হে, বন্ধ কৰক
জানো আমি আপোনালোকৰ দুটকীয়া ভাষণ!
(জ) ভোল নাযাব পুনৰ সিহঁতৰ কথাত
মোহৰ লগাওক উন্নয়নৰ নামত
মোহৰ লগাওক জাতিৰ নামত
মোহৰ লগাওক দেশৰ নামত!
☆★☆★☆
12:37 am
বঢ়িয়া…ছুপাৰ চে উপৰ ! !
6:02 pm
সুন্দৰ