ফটাঢোল

দাঁত – তুষাৰ গৰীয়াখনীয়া

ঈশ্বৰে মুখৰ ভিতৰত যি কেইপদ grinder machineৰ পাৰ্টচ লগাই দিলে সেই কেইপদক আমি দাঁত বুলি সকলোৱে জানো। কিন্তু এই দাঁতক লৈ কি যে সমস্যা।

এই দাঁতকেইটা থকা বাবেই ‘চাল্লা ঘোচাত দাঁত সৰুৱাই দিম, চৰত দাঁত চিঙি দিম’ এনেধৰণৰ ডাকৰ বচনো কেতিয়াবা শুনিবলৈ পোৱা যায়৷ যদি গ্ৰহ নক্ষত্ৰৰ গতি মতি সুবিধাজনক নহয় আৰু এক পাত্তা ডাইজিন খায়ো হজম কৰিব নোৱাৰা হওঁ।

মনৰ খুশীত প্ৰাণ খোলা হাঁহি মাৰিলেও কেতিয়াবা আকৌ কিছুমান মন্তব্য আহিব–ঐ, দাঁত চেলাই হাঁহিব নেলাগে।

কিছুমানৰ আকৌ হালধীয়া বৰণৰ দাঁত কেইটা লৈয়ে সমস্যা। মুখ টিপি হাঁহোতে হাঁহোতে এনে অৱস্থা পায়গৈ যেন ওঁঠ ফটা বেমাৰেহে পালে। গতিকে ধৱলী বৰণ কৰিবলৈ মাজন, ৰোকন, খোচন চলি থাকে অনৰ্গল। সাৰথি হয় কলগেট, পেপ্সডেণ্ট, ক্লজআপ, ডাবৰ ইত্যাদি।

সকলো পৰিবৰ্তন হ’ল কিন্তু এই দাঁতকেইটাৰ কোনো পৰিবৰ্তন নহ’ল। ভগৱানে digital Indiaৰ দিনত দাঁত কেইটাক যদিহে চুলি দাড়িৰ দৰে নিতৌ বঢ়াৰ ব্যৱস্থা কৰি দিলে হয় আমিবোৰে এই দাঁতকেইটাক সৌন্দৰ্যৰ এক অন্য মাত্ৰা দিব পাৰিলোঁ হয়। যেনে ধৰক–

১| দীঘল দাঁতৰ ছোৱালী এজনীক দেখি–আই অ’দেহী, ইমান দীঘল দাঁত, থুতৰি পাৰ হৈ গৈছে। কি বা তেল ঘঁহে। আজিকালি ইমান দীঘল দাঁত পাবলৈকে নাই। চেম্পু, হেনা কৰেনে নকৰে বা।

২| এতিয়াৰ হাত ভৰিত কৰাৰ দৰে দাঁতকেইটাটো ৰঙা, নীলা, সেউজীয়া’ দাঁত পলিচ’ কৰাৰ সুবিধাকণ হ’ল হয়।

৩| কোনেও দতুৱা বুলি কোৱাৰ সাহস নহ’ল হয়।

৪| এই দীঘল দাঁতকেইটাক ষ্টেপ কাট, বাতি কাট, zig zug কাট দিবলৈ সকলোৱে নাপিতৰ চেলুনৰ দৰে লাইন দিলে হয়-‘দাপিতৰ দেলুন’ আৰু ভিতৰৰ পৰা ভাঁহি আহিল হয় কৰ কৰ , কেৰ কেৰ, কৰক কৰক আদি শব্দবোৰ।

৫| ডেকা গাভৰু চামে নাক কাণৰ দৰে দাঁতত ৰিং পিন্ধাৰ সুবিধা হ’ল হয়।

গতিকে ঈশ্বৰে নিঃকিনৰ প্ৰাৰ্থনা শুনি কিবা এটা কৰক।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *