প্ৰজন্ম – বৈদুৰ্য্য বৰুৱা
: যুগৰ বহুত পৰিৱৰ্তন হ’ল দাদা কি কয়?
: আৰু কি…!
বাসুৰ কথাত হয়ভৰ দিলোঁ।
: মোৰ পাঁচ বছৰীয়া ল’ৰাটোৱেও যি মবাইল চলাই নহয়! মইতো দাদা আচৰিত! বিশ্বাস কৰক ইউটিউব চিউটিউব মই চিনিয়েই নাপাওঁ! সি উলিয়াই চাব জানে৷
: আজিকালি জন্ম হৈয়েই সকলো ল’ৰা ছোৱালীয়ে এইবোৰ চলাব জানে৷ একেবাৰে কমন কথা৷
: আপুনি জানেনে দাদা?
: এই অলপ চলপ ফে’চবুক, হোৱাটচ এপ…
: আপোনাৰ দেউতাই চাগৈ সেইবোৰ একোকে নাজানে….
: না সেই পুৰণা নকীয়াটোকে চলাব নিশিকিলে আজিলৈকে। কিন্তু বাসু আজি হঠাতে তোৰ এনেকুৱা ধৰণৰ প্ৰশ্ন?
মই তাক সুধিলোঁ। আচলতে তাৰ প্ৰশ্নবোৰত কিছু আচৰিতো হৈছিলোঁ।
: এঃ! দাদা এনেয়ে জানিবৰ মন গৈছে৷ আৎসা দাদা এতিয়া ধমেন্দ্ৰ, হেমামালিনী, দেৱানন্দৰ চিনেমা চলিবনে?
: নচলিব চাগে৷ ধমেন্দ্ৰ বাদ দে, চানী দেউলৰ টাইমেই শেষ৷ সেই যুগ গ’ল আৰু৷ সেইসকলক নতুন জেনেৰেচনে চিনিয়েই নাপায়; আৰু সঁচা কথা ক’বলৈ গ’লে চিনি পালেও তেওঁলোকৰ চিনেমা চালেও মুখখন বিকতাই দিয়ে৷ এনেকুৱাও আৰু চিনেমা থাকেনে৷
: কিন্তু তেওঁলোকক সেইবুলি সকলোৱে মনতো ৰাখিব; উপযুক্ত সন্মানো দিব; কিন্তু তেওঁলোকৰ দিন গ’ল নহয়নে?
: একদম সঁচা কথা৷ তেওঁলোকেও কথাতো বুজি কিন্তু এতিয়া চিনেমাৰ হি’ৰৰ ৰোল তেওঁলোকেও নলয়৷ ৰাজদূত মটৰ চাইকেল এতিয়াও ৰাস্তাত দেখিছেনে?
: নাই নাই সেইবোৰ আৰু এতিয়া ক’ত দেখিম৷ এতিয়াতো কেনেকুৱা কেনেকুৱা লেটেষ্ট মডেলৰ বাইক ওলাই গ’ল৷ ফাঁই..ফাঁই…
: ৰাজদূত মটৰ চাইকেল এতিয়া কোনোবাই কিনিবনে?
: কোন মূৰ্খই কিনিব অ’? কিন্তু বাসু তই এইবোৰ কি অবলং টাইপ প্ৰশ্ন কৰি আছ মই বুজা নাই৷
: বুজিব ৰ’ব৷ আজিকালি চিনেমা, নাটক, শিল্প, সাহিত্য, ৰাজনীতি, সকলোতে নতুন মুখ, নতুন প্ৰতিভা, নতুন টেকন’লজি, নতুন ডেকা তেজৰ পয়োভৰেই দেখা পাব আপুনি। ৰাজনৈতিক দলবোৰতো দেখিব নতুন ডেকা তেজৰ দপদপনি৷ নতুন চিন্তা নতুন প্ৰজন্মৰ পচন্দৰ নতুন নেতা৷
: বাসু তই আচল কথাটো কচোন৷
একপ্ৰকাৰ খঙেৰেই তাক ক’লোঁ।
: কৈছোঁ ৰ’ব। সেইদিনা এখন ঘৰত সোমাই এটা দৃশ্য দেখি বৰ ভাল লাগিল।
: কি দৃশ্য?
: পুত্ৰসকলে বাপেকৰ পুৰণি ৰাজদূত মটৰচাইকেলখন সজাই পৰাই সযতনে স্মৃতি হিচাবে থৈ দিছে। কাষত ৰাজেশ খান্না, দেৱানন্দৰ ফটোও ওলোমাই থোৱা আছে৷
: তাতেনো কি হ’ল?
: আজি ৰাস্তাত আৰু এটা দৃশ্য দেখি বুকুখন ফুলি গ’ল। ভাল লাগে৷ গৰ্বিত হৈ পৰোঁ৷ এতিয়াও হাৰ নমনা ধমেন্দ্ৰক দেখিলে কাৰনো ভাল নালাগিব দাদা৷
: আৰে ভাই আচল কথাটো ক৷
: এজন বৃদ্ধক ৰাজদূত এখনেৰে সৈতে দেখিলোঁঁ৷
: আৎসা!
: ৰচী এদালেৰে আন এখন চিকমিকিয়া নতুন বাইকেৰে টানি নি আছে৷
: তাতেনো কি হ’ল?
: কিবা আঞ্চলিক আঞ্চলিক ফিল এটা হ’ল দাদা!
বাসুৱে কৈ উঠিল।
☆★☆★☆
9:02 pm
সুন্দৰ কটাক্ষ। ভাল লাগিল।
5:50 pm
ভাল লাগিল