ফটাঢোল

মূল(হিন্দী)- মে ঔৰ ফেচবুক (উমেশ অগ্নিহোত্ৰী) – অনুবাদ – মই আৰু ফেচবুক (চাহিন জাফ্ৰি)

কিছুদিন আগতে মই যেতিয়া নাটকৰ বাবে প্ৰস্তুতি কৰি আছিলোঁ, তেতিয়া মোৰ কেইজনমান বন্ধুৱে ক’লে যে- আপুনি ফেচবুকৰ সদস্য হৈ লওক। ফেচবুকে ডাঙৰ ডাঙৰ বেপাৰ বঢ়াইছে৷ আপুনিও ইয়াৰ লাভ উঠাওক।নাটকৰ বিজ্ঞাপন তথা প্ৰচাৰ চলোৱাটো সহায় হ’ব। আৰু সেয়ে ময়ো ফেচবুকত সোমাই গ’লোঁ। ফেচবুকত নাটকৰ চৰ্চা হ’ল, মই আনন্দিত হ’লোঁ। নাটক ইয়াত হ’ল, চৰ্চা গোটেই দুনীয়াতে হ’ল। এয়া আমাৰ আজিৰ পৃথিৱীৰ চমৎকাৰ আৰু বাস্তৱ সত্য। আয়োজন হওক বা নহওক পৃথিৱীৰ চুকে কোণে প্ৰসাৰ কৰিব পৰা যায়।

চৰ্চাৰ লগতে এনেকুৱা কিবাকিবিও হ’ল, যি মোৰ জীৱনত আগতে কোনোদিনে হোৱা নাছিল। ফেচবুক বা মুখপুথিখন খুলি লোৱাৰ লগে লগে দেখোঁ যে, দেশ বিদেশৰ পৰা বিভিন্ন ব্যক্তিয়ে মোক বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছে। মই এইটো ভাৱি আচৰিতেই হওঁ যে, তাৰমানে গোটেই পৃথিৱীবাসীয়েই মোৰ স’তে বন্ধুত্ব কৰিবলৈ আগ্ৰহী হৈ আছে..!! মোলৈ এনেকুৱা কিছুমান মানুহৰ বন্ধুত্বৰ প্ৰস্তাৱো আহিল, যিসকলে মোক দেখিব নোৱাৰে বুলি মই নিশ্চিত। আটাইতকৈ সংকটত মই তেতিয়া পৰিলোঁ, যেতিয়া মোৰ এজন বন্ধুৰ পত্নীয়ে মোলৈ প্ৰস্তাৱ আগবঢ়ালে। মই ভাৱি আচৰিত হ’লোঁ যে, এনেকুৱা কি কথা আছে তেওঁৰ যে, মুখা-মুখিকৈ নকৈ ফেচবুকৰ জৰিয়তে ক’ব খুজিছে?

মোৰ জীয়ৰীহঁতৰ বান্ধৱী কেইজনীমানেও মোলৈ ফ্রেণ্ড ৰেকুৱেষ্ট পঠিয়ালে। সিহঁতো মোৰ ‘বন্ধু’ হ’ব খোজে? মই ভাবিবলৈ ধৰিলোঁ যে, ইহঁতেচোন মোক ‘আংকুল’ বুলি মাতেই আকৌ ‘বন্ধু’ কিয় হ’ব লাগে? এবাৰতো এনে এগৰাকী মহিলাৰ পৰা ৰিকুৱেষ্ট আহিল যাৰ স’তে মোৰ কেতিয়াও মাত-বোলেই হোৱা নাছিল, আনকি কাষেৰে পাৰ হৈ গ’লেও চকুলৈ চোৱা নাছিল। লাহে লাহে মই উপলব্ধি কৰিবলৈ ধৰিলোঁ যে- বন্ধুৰ সংজ্ঞা আগৰ দৰে হৈ থকা নাই, সলনি হ’ল। আগতে কাৰোবাক বন্ধু বুলি কোৱাটোও বৰ ডাঙৰ কথা আছিল। এলা পেছা কাৰো স’তে বন্ধুত্ব নহৈছিলো..!!

আজিকালি এইটোও দেখিবলৈ পোৱা হ’লোঁ যে- মোৰ ফালৰ পৰাও মই কাৰোবাক বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াব পাৰোঁ। এয়া যেন এখন বন্ধুত্বৰ বজাৰ..! আমাৰ ফেচবুকে প্ৰদান কৰা এখন নতুন বজাৰ। এইক্ষেত্ৰত মই একেবাৰে নাবালক আছিলোঁ, সেয়ে ‘পৰিচয়’ আৰু ‘বন্ধুত্ব’ৰ মাজৰ এই কাহিনীটোক বুজিবলৈ সক্ষম হোৱা নাছিলোঁ। বহুত মানুহেই এজনে আনজনৰ স’তে ফেচবুকৰ বন্ধুত্ব স্থাপন কৰিয়েই সুখী হৈ থাকে। যিহেতু লগ কৰিবলৈ বা অহা-যোৱা কৰি থকাৰ সমস্যা নাই..। ফেচবুকৰ মাধ্যমেৰেই নিজৰ ভাল ভাল ফটো দেখুৱাই থাকা আৰু ‘হাই’ , ‘বাই’ কৰি থাকা..। এইদৰেই কিমান চছিয়েল নেটৱৰ্ক, গ্রুপৰ সদস্য আৰু কিমানৰ যে বন্ধু হৈ পৰিছোঁ, সেয়া মই নিজেও ভালকৈ গম নাপাওঁ..!!

আপোনাৰো চাগে নিশ্চয় এনে অভিজ্ঞতা আছে..। বহুতেই ফেচবুক কৰি ভালপায়, কিয়নো ইয়াৰ দ্বাৰা তেওঁলোকে গম পায় যে তেওঁলোকৰ বন্ধুবৰ্গই ক’ত কি কৰি আছে। সেইকাৰণেইতো ফেচবুক কৰি থকা মানুহৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে।

যিমান দ্ৰুত গতিৰে ফেচবুকৰ প্ৰসাৰ হ’ব ধৰিছে, তাৰ পৰা এইটো সহজেই বুজিব পাৰি যে বৰ্তমান সময়ত ফেচবুক অবিহনে কাৰো জীৱনেই নচলে। যেন ফেচবুক সকলোৰে বাবে অক্সিজেন হৈ পৰিছে।আজিকালি ইণ্টাৰনেট তথা ফেচবুকৰ জগতত দুষ্ট মানুহৰো কোনো আকাল নোহোৱা হৈছে, যিবোৰ মানুহৰ একো ভৰসা নাথাকে।

অৱশ্যে আমি অলপ পুৰণিকলীয়া মানুহ। আমি এনে এটা সময়ক প্ৰতিনিধিত্ব কৰোঁ যেতিয়া কাৰোবাৰ ছবি বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰোঁ আৰু লুকাই চুৰকৈও মূৰ তুলি চাবলৈ সাহস নকৰোঁ। কাৰোবাক দেখুওৱাতো দূৰৰেই কথা..। আৰু, কেনেবাকৈ যদি কোনোবাই ফটো এখন ৰখাৰ কথা গম পায়, কি যে এখন ডাঙৰ মহাভাৰতৰ সৃষ্টি হ’ব, সেয়া বুজাজনেহে বুজে।

কিন্তু বৰ্তমান সময়ত ফটো যেন ফটোবোৰৰ মাজতেই হেৰাব ধৰিছে..! ইমানবোৰ মানুহৰ ফটো, আৰু ইমানবোৰ নতুন নতুন মুখ, কাক মনত ৰখা যায়? কাক পাহৰা যায়?

আচলতে মুখপুথি(ফেচবুক) ওলোৱাৰ পৰা মুখ বা চেহেৰাৰ কিতাপ দুনীয়াই পঢ়িবলৈ পোৱা হ’ল যদিও তাত থকা কৃত্ৰিমতাৰ পৰ্দাখন দেখিও কোনেও নেদেখা হ’ল..!! জানিও যেন একো জানিব নোখোজে কোনেও..!! সঁচাকৈ, কি যে আচৰিত এই মুখপুথিৰ দুনীয়া..!!!

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *