ফটাঢোল

Me Too – তুষাৰ ফুকন

ঘৰৰ বন কৰা মহিলা চম্পা: দাদা, মীটু (Me too) বস্তুটো কি?

মণ্টু: চুপ থাক, তোৰ দৰমহা ৫০০ টকা বঢ়াই দিম (চম্পাৰ মনত খুব স্ফূৰ্তি কিন্তু Confused)….

চম্পা (স্বামীক): হেৰা, এই মীটু বস্তুটো কি?

চম্পাৰ গিৰিয়েক হৰি: কিয় লাগে?

চম্পা: আজি মণ্টু দাদাক সুধিছিলোঁ, তেওঁ লগে লগে ৫০০ টকা দৰমহা বঢ়াই দিলে।

হৰিয়ে দুই চৰ মাৰি চম্পাক ঘৰৰ বাহিৰ কৰি দিলে। চম্পা আকৌ Confused…

চম্পাই ভনীয়েকক গৈ গোটেই ঘটনাটো ক’লে। চম্পাৰ ভনীয়েকে বায়েকক নি ভিনিহিয়েকৰ কাষলৈ গৈ সুধিলে,

: ভিনদেউ এই মীটু বস্তুটো কি?

হৰিয়ে লগে লগে চম্পাক Sorry কৈ ঘৰত সোমাবলৈ দিলে। চম্পা এইবাৰো Confused….
দুদিনমান পিছত চম্পাই গিৰিয়েকক ক’লে,

: হেৰা এই মীটুটো তামাম বস্তু।

হৰি: কেনেকৈ?

চম্পা: তুমিতো জানাই, মই এঘণ্টাকৈ প্ৰায় বাৰ ঘৰ মানত কাম কৰোঁ। সেই ঘৰৰ মালিকবোৰক সুধিছিলোঁ – মীটু কি? তাৰ পিছত কি হ’ল জানা গোটেই কেইঘৰ মালিকে মোৰ দৰমহা দুগুণকৈ বঢ়াই দিলে।

হৰিয়ে লগে লগে চিঞৰ এটা মাৰি যি বাহিৰলৈ দৌৰ মাৰিলে আজিলৈকে ঘূৰি অহা নাই। ইপিনে চম্পাই সদায় একোখনকৈ লিষ্ট বনায়, পিছদিনাখন কাক সুধিব – মীটু কি?

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *