ফটাঢোল

লিমাৰিক – হেমেন ডেকা

(১)

জয়ঢোলৰ বজ্ৰনিনাদ শুনি
লাগে বৰ মজা
জয়ধ্বনিৰে মুখৰিত আজি
জৰাজীৰ্ণ পঁজা
জীৱনত মাথোন জীয়াতু
জীৱন্মৃত জননী জয়তু
জলা-কলা হৈ জুপুকা মাৰিলে
জলৌপলৌ প্ৰজা ৷

(২)

অপৰিসীম আনন্দ মনত
যদিহে থাকে ক্ষমতা হাতত,
বাদ পৰে জাতিৰ চিন্তা
জহি গ’লে যাওক জাতীয় সত্তা,
ওপৰৰ আদেশ শিৰোধাৰ্য
অতি আনুগত্য অপৰিহাৰ্য,
দলৰ স্বাৰ্থ ৰক্ষা হ’লেহে
আগলৈ থাকিব নিশ্চয়তা ৷

(৩)

ধনকুবেৰৰ গাঁতত বন্দী
কাগজৰ লাখ লাখ গান্ধী
হাৰমাল হ’লে
নলা-নৰ্দমাত পেলাই বস্তাত বান্ধি,
দুৰ্নীতি ক’লাধনৰ আগ্ৰাসী গতি,
নিমাখিত জনৰ নগুৰ-নাগতি,
ভণ্ড সেৱকেও সুযোগ বুজি
গো-গ্ৰাসে খায় ভোজ ৰান্ধি ৷

■■

4 Comments

  • ৰিণ্টু

    আপোনাৰ কবিতা আৰু লিমাৰিক ফটাঢোলৰ অপৰিহাৰ্য্য অংগ। পঢ়িবলৈ সদায় ৰৈ থাকো

    Reply
  • অতি সুন্দৰ। ফটাঢোলৰ এক অভিন্ন অংগ এই লিমাৰিকবোৰ।

    Reply
  • আগতে পঢ়িলো, আজি আকৌ পঢ়িলো ৷ তোমাৰ কবিতাত থকা সামাজিক বাৰ্তা বোৰ অতি সুন্দৰ ৷ লিখি থাকিবা ৷

    Reply
  • দাদা আপোনাৰ লিমাৰিক মোৰ সদায় প্ৰিয়৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *