ফটাঢোল

প্ৰেম প্ৰেম জখলা – চবিনা ইয়াছমিন

তেতিয়া নতুন নতুন প্ৰেম৷ আমাৰ ঘৰত লেণ্ডফোন আছে পিচে এওঁৰ ঘৰত নাছিল৷ মানে ভাড়া ৰূম এটা লৈ অকলে থাকে৷ ব্যৱসায় আৰম্ভ কৰিছে নতুনকৈ৷ বাকী ঘৰৰ মানুহবোৰে গুৱাহাটীত ঘৰ বান্ধিলে৷  

সদায় কলেজলৈ যোৱাৰ সময়ত এওঁ PCO ৰ পৰা মিচ কল দিয়ে৷ মই বুজি যাওঁ৷ সময় মিলাই ওলাই আহোঁ আৰু দুয়োটা বাজাজ চুপাৰত উঠি ফুৰিবলৈ যাওঁ৷ তেতিয়া এওঁৰ বাজাজ চুপাৰ এখন আছিল৷ কলেজত প্ৰায়ে লগৰ কেইজনীয়ে প্ৰক্সি মাৰে৷

এদিনৰ কথা৷ সেইদিনা ফোন অহা নাই৷ মানে ফোনটো ৰিং হোৱালৈ কাণ ঠিয় কৰি আছোঁ; নাই ফোন নাহে হে নাহে৷ খঙো উঠিছে, চিন্তাতো পৰিলোঁ৷ লেহেম গতিত কলেজলৈ সাজু হৈ থকা দেখি ইফালে মাই ধোঁৱাধাৰ গালি বৰষিছে৷ যেনে তেনে ওলাই আহি এওঁৰ ৰূমৰ সন্মুখ পালোহি৷ এওঁৰ ৰূমটো আকৌ আমাৰ কলেজলৈ যোৱা বাটতে পৰে৷ পিচে কোনো দিনে সোমাই পোৱা নাই৷ কিনো হ’ল খবৰ ল’বলৈ মনো গৈছে৷ কোনোবাই দেখে বুলিও ভয়৷ ইফালে পাৰ্ট হাউচ৷ আনটো পাৰ্টত ফেমেলি এটা থাকে৷ চুচুক চামাক কৈ গৈ দুৱাৰত টুকুৰিয়ালোঁ৷ এওঁ দুৱাৰ খুলি তবধ মানিলে৷ লগতে খঙো কৰিছে অকলে কিয় আহিছোঁ বুলি৷ ইফালে সিটো পাৰ্টৰ বৌ গৰাকীয়ে চাই আছে৷ এওঁ উপায়ন্তৰ হৈ মোক বৌহঁতৰ ঘৰতে বহুৱালে গৈ৷ কথা বতৰা পাতিলোঁ৷ সুধিলোঁ বোলো,  

: কি হ’ল ফোন নকৰিলা আজি?  

এওঁ মূৰত গামোচা এখন মাৰি আছে৷ গম পালোঁ মূৰৰ সাংঘাতিক বিষ৷ বিচনাৰ পৰা উঠিব পৰা নাই৷ মই বোলো,  

: কিবা এটা ৰান্ধি থৈ যাওঁ৷

একো খোৱা নাই পুৱাৰ পৰা৷ এওঁ নামানে৷ মোক ঘৰলৈ পঠিয়াই আছে৷ মই কি কৰোঁ! ঘৰত কি কম গৈ? ক্লাচ আছে ১১ বজাৰ পৰা৷ মই ৯ বজাৰ পৰা বুলি ৮ বজাতে ওলাই আহিছোঁ৷ কান্দিয়েই দিলোঁ ভয়তে কি কৰিম বুলি৷ আকৌ উলটি গৈ ঘৰ পাবলৈ হ’লে বা ঘৰত কিবাকৈ ধৰা পৰিব লাগিলে পিঠিত ঔকিল পৰিব৷ বৌৱেও কথাটো বুজিলে৷ এওঁক বুজাই মেলি মোক এওঁৰ ৰূমলৈ পঠিয়ালে; বোলে যোৱা কিবা এটা ৰান্ধি থৈ যোৱা৷ সোমায়েই দেখিছোঁ এওঁৰ ৰূমটো গৰুৰ গোহালিতকৈয়ো লেতেৰা৷ কোনো দিনাই চাগে ঘৰ মচি পোৱা নাই৷ বিচনাত কাপোৰৰ দ’ম৷ টেবুল এখন আছে; ইমানেই বস্তুৰে ভৰি আছে যে আঙুলি থ’বলৈও ঠাই নাই৷ মই ইউনিফৰ্ম সলাই এওঁৰ পাইজামা টিচাৰ্ট পিন্ধি ৰূম চাফা কৰাত লাগি গ’লোঁ৷ খাবলৈয়ো ৰান্ধিলোঁ৷ এওঁ মজ্জা মাৰি শুই আছে৷ দুপৰীয়া জগাই দিলোঁ বোলো ভাতকেইটা খোৱা৷ মোৰ আৰু কলেজ যোৱা নহ’ল৷ চুটিৰ সময়টো মিলাই লৈ ঘৰলৈ উভতিলোঁ৷

এনেকৈয়ে চাৰি পাঁচ দিন গ’ল৷ এওঁৰ মূৰৰ বিষ নকমেহে নকমে৷ কাষৰ বৌহঁতৰ লগতো মোৰ ভাল সম্পৰ্ক হ’ল৷ বিন্দাচ এওঁৰ ৰূমলৈ অহা যোৱা কৰোঁ৷ সদায় কলেজলৈ বুলি এওঁৰ ৰূমলৈ অহা কৰিলোঁ৷ দিনটো কাম বন কৰি ৰূমটো পুৰা ধুনীয়া কৰি বৌহঁতক চাহ খাবলৈও মাতোঁ কেতিয়াবা৷ বৌৱে বোলে ৰূমটো বৰ ধুনীয়া কৰি দিলা দেই৷ কিন্তু এওঁৰ গা বেছি বেয়া হৈ আহিল৷ যিহেতু এওঁলোকৰ ঘৰৰ মানুহ আমাৰ দেউতাহঁতে চিনি পায়, সেয়ে এওঁৰ আমাৰ ঘৰলৈ আহ-যাহ আছিল৷ পিচে আমাৰ প্ৰেমৰ কথা ঘৰত নাজানিছিল৷ ভাবিলোঁ বোলো এই কথা নহয়; মাহঁতক কথাটো ক’ব লাগিব৷ সেইদিনা দেউতাক গৈ ক’লোঁঁ কলেজৰ পৰা আহোঁতে এওঁক লগ পোৱা বুলি৷ গা ভাল নহয়৷ গতিকে দেউতা গৈ এওঁক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগে৷ আবেলি মা-দেউতা দুয়ো গৈ এওঁৰ খবৰ ল’লে, ডাক্তৰক দেখুৱাই দৰব পাতি দি ৰূমত থৈ আহিল৷ পিচদিনা মই কলেজলৈ যাবলৈ ওলালোঁ৷ মায়ে বোলে তোক দেউতাৰাই থৈ আহিব৷ মই মাত নামাতিলোঁ৷ গম পালোঁ কিবা এটা অঘটন ঘটিল৷  

তাৰ পিছত এমাহ মান এওঁক লগ পোৱা নাই৷ সদায় দেউতাই কলেজত থ’বলৈ আৰু আনিবলৈ যোৱা হ’ল৷ এওঁৰ ফালৰ পৰা খবৰ বুলি ফোন এটাও নাহিল৷ মোৰ মৰোঁ নে জিওঁ লাগিছে৷

এদিন শুক্ৰবাৰে দেউতা জুম্মা পঢ়িবলৈ আৰু মা কাষৰ খুৰিহঁতৰ ঘৰলৈ গৈছে৷ সেইদিনা কলেজ বন্ধ৷ মই ঘৰতে আছোঁ৷ তেনেতে ফোনটো বাজিল৷ মই উধাতু খাই ধৰিলোঁ গৈ৷ এওঁৰ ফোন৷ মই বোলো কি হ’ল ফোন এটাও নাই তোমাৰ? আৰু মাহঁতে মোক ক’লৈকো অকলে যাবলৈ নিদিয়া হ’ল৷ কি হ’ল একো বুজা নাই৷ এওঁ পটাপট কাহিনী ক’বলৈ লৈছে৷ মই বোলো যিমান পাৰা চুটিকৈ কোৱা৷ ঘৰৰ বাকীবোৰ আহি পাবহি৷ এওঁ ক’লে সেইদিনা মাহঁতে বোলে এওঁক ঘৰত থ’বলৈ যাওঁতে কাষৰ বৌহঁতে মাহঁতক চাহ খাবলৈ মাতিলে৷ তাত বৌৰ শাহুৱেকে মোৰ বোলে ইমানে গুণ বসানিলে এওঁৰ অৱস্থা তথৈবচ৷ মই হেনো এওঁৰ লেতেৰা ৰূম চাফা কৰিলোঁ৷ ৰান্ধি মেলি খুৱাই যত্ন ল’লোঁ৷ আৰু যে কত কি ক’লে৷ এওঁ মানুহটো চৰক পৰা মানুহৰ দৰে হ’ল৷ বৌ গৰাকীও শীল পৰা কপৌৰ দৰে একাষে ৰৈ আছে৷ মাহঁত দেৰি নকৰি ঘৰ পালেহি৷  

তেতিয়াহে উৰহী গছৰ ওৰ কি বুজিলোঁ৷ লাজত আৰু ভয়ত মোৰ অৱস্থা ফাঁট মেলা বসুমতী পাতালে লুকাওঁ৷ দেউতাহঁতে মোৰ প্ৰেম কাহিনী সকলো গম পালে! তিনিদিন মান না শুব পাৰিলোঁ না খাব পাৰিলোঁ৷ কলেজ যাবলৈও মন নোযোৱা হ’ল৷ মই বোলো এওঁ যি ভাল দেখে কৰিব৷ লাজ আৰু ভয়ত দেউতাৰ মুখৰ আগলৈ নোলোৱা হ’লোঁ৷ এওঁ ফোনো নকৰা হ’ল৷ পোন্ধৰ দিনমান পিছত আমাৰ খুৰি এগৰাকী আহি ক’লে যে অহা দেওবাৰে তোক আঙুঠি পিন্ধাবলৈ ল’ৰা ঘৰৰ মানুহ আহিব৷ মই বোলো ক’ৰ ল’ৰা চাইছে দেউতাহঁতে? বোলে তই ৰূম চাফা কৰি থৈ অহাটোলৈকে ঠিক কৰিলে৷ মই হাতেৰে সৰগ ঢুকি পোৱা যেন লাগিল৷ যা হওক এওঁ ঘৰত কৈ সকলো ঠিক কৰিলে৷  

প্ৰেমৰ জখলাডালত পিচল খায়ো হামখুৰি নোখোৱাকৈ পৰি বাচি গ’লোঁ৷  

☆★☆★☆

 
 
 
 
 
 
 
 
 
 

11 Comments

  • বৰ মনোমোহা লিখনি। সেই সময়ত ময়ে যদি কিবাকৈ সহায় কৰিব পাৰিলোহলে এনে ভাব আহিছে।

    Reply
  • হেমন্ত কাকতি

    বাহ কি প্ৰেম ৰে চবিনা৷ এনে হেন ছোৱালীক আৰু আঙুঠি নিপিন্ধাই পাৰেনে?

    Reply
  • ৱাহ!কি সুন্দৰ প্ৰেমকাহিনী এ বাই।শেষত সফল হোৱাৰ বাবে ভাল লাগিল।

    Reply
  • অঞ্জন সাধানিদাৰ

    ভাল লাগিল পঢ়ি।

    Reply
  • কি বঢ়িয়া প্ৰেম কাহানি৷বৰ ভাল লাগিল৷

    Reply
  • জয়ন্ত দাস

    বাহ বাহ কি সুন্দৰ প্ৰেম কাহিনী৷ মজা৷

    Reply
  • কমলা দাস

    বৰ শুৱলা কৈ লিখিলা চবিনা ।ভাল লাগিল

    Reply
  • Dolly Talukdar

    ৱাহ ৱাহ বেলেগ প্ৰেম আছিল দে । বহুত ভাল লাগিল পঢ়ি ।

    Reply
  • তৃষ্ণা সো

    অ ইমান ধুনীয়া প্ৰেম কাহিনী দেখোন, প্ৰেম প্ৰেম জখলা। বাহঃ

    Reply
  • খুব ভাল লাগিল দেই !

    Reply
  • ফটিক বৰা

    মানুহ জনে বৰ কপলীয়া।ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *