ফটাঢোল

ফটা প্ৰশ্ন

 

মঞ্জিল কাশ্যপ বৰঠাকুৰ: ঘঁহি থাকিলে যে শিলো ক্ষয় যায় তেন্তে আমি সদায় ঘঁহি ঘঁহি গা ধোৱাৰ পিছত গাটো কিয় ক্ষয় নাযায়?

উত্তৰ: হেৰি, শিলত যিটো ঘঁহন দিয়ে আপুনি, সেইটো ঘঁহন নিজৰ গাত দিয়ে জানো? মাখি ছাল চিগিলেই চকু পানী ওলায়। ড’ভ চাবোন লগাই ‘লুইতৰে পানী যাবি অ’ বৈ’ গানটো গাই ঘঁহি থাকিলে শিলো ক্ষয় নেযায়, মন কৰিব।

নীতুমণি বৰঠাকুৰ: টান টান টান তিনিটা কাম টান। কি কি টান ফটহুকাই?

উত্তৰ: ১) টুথপেষ্টৰ টিউবৰ পৰা টুথপেষ্টখিনি চেপি উলিয়াই আকৌ তাতে ভৰোৱা৷
২) মিঠাতেলেৰে চিপচিপীয়া বাঁহৰ খুটা বগোৱা৷
৩) ঘৈণীক বুজাই সৈমান কৰা৷

বিজিত শইকীয়া: ব্ৰহ্মাদেৱ ৰাতি কেনেকৈ শোৱে?

উত্তৰ: এই বিষয়ত ফটহুৱে ইমান বেছি ৰিচাৰ্চ কৰাৰ সময় পোৱা নাই, তাতে ব্ৰহ্মাদেৱক লগ পোৱাও বৰ সহজ নহয়। গতিকে সদ্যহতে ফটহুৱে অনুমান কৰিছে, যিহেতু ঘোঁৰাও ব্ৰহ্মাদেৱৰে সৃষ্টি, গতিকে তেৰাই নিজেও ঘোঁৰাৰ শয়ন ফৰ্মুলা ব্যৱহাৰ কৰাৰ সম্ভাৱনা অধিক। মানে ঠিয়ৈ ঠিয়ৈ ঘোঁৰাটোপনি।

প্ৰদীপ বৰা: মই জেনেৰেল কাষ্টৰ মানুহ, জনজাতিকৰণৰ কিবা উপায় আছেনেকি? জনজাতি হ’লে চৰকাৰী চাকৰি পাম৷ চাকৰি পালে ধুনীয়া আপী এজনী পতাই পত্নী কৰিব পাৰিম।

উত্তৰ: অ’ ডাঙৰীয়া। আপুনি জন্মতে কৰি অহা ভুলটোৰ সমাধান ফটহুৰ পৰা কিয় বিছাৰিছে হে? এইবোৰ কথা জন্মৰ আগতেই চিন্তা কৰিব লাগিছিল, এতিয়া পস্তাই কি লাভ? তথাপি কওঁ, সংগঠন এটা খুলি আন্দোলনত নামক, চাকৰি নেপালেও পত্নী আৰু পইচা পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।

প্ৰণীতা গোস্বামী বৰঠাকুৰ: ফটহু কাইক যদি মূখ্যমন্ত্ৰী পদত এদিনৰ বাবে বহুওৱা হয়, তেওঁ কি পৰিবৰ্তন আনিব বিচাৰিব নৱপ্ৰজন্মৰ বাবে?

উত্তৰ: ফটহু প্ৰেক্টিকেল মানুহ। এদিন কেনেবাকৈ মূখ্যমন্ত্ৰী পদত বহিবলৈ পালে, সমগ্ৰ নতুন প্ৰজন্মৰ বাবে নহয়; তেওঁৰ ব্যক্তিগত, পাৰ্চনেল, পেটৰ পোৱালী আহিব লগা সাত প্ৰজন্মৰ বাবে উৱাদানিকৈ ধন টকা পইচা ঘটি যোৱাতহে মন প্ৰাণ ঢালি দিব। সকলোৱেই তাকে কৰে, ফটহুৱে যেনিবা মুখ ফুটাই কৈ পেলায়।

জিতা ফুকন: বিবাহিত মহিলাৰ চিন শিৰৰ সেন্দুৰকণ কিন্তু বিবাহিত পুৰুষৰ চিন কিহত বাৰু?

উত্তৰ: চুলি সৰি বহল হোৱা কপাল, চকুৰ উদাসীন দৃষ্টি, আৰু হাতৰ বজাৰৰ মোনাই বিবাহিত পুৰুষৰ চিন বুলি শাস্ত্ৰত কৈছে।

নিৰ্মালী বৰমুদৈ: ৰাবণে গেঞ্জী কেনেকৈ পিন্ধিছিল?

উত্তৰ: ভৰিৰ ফালৰ পৰা। প্ৰথমতে ডিঙৰ ফুটাইদি দুইটা ভৰি সুমুৱাই দিছিল, তাৰ পাছত লাহে লাহে গেঞ্জীটো ওপৰলৈ টানি আনি এখন হাত, তাৰ পাছত আনখন হাত সুমুৱাই বৰ কষ্টেৰে পিন্ধিছিল আৰু। অভাৱেই আৱিষ্কাৰৰ মূল বুলি কথা এষাৰ আছে নহয়।
তবিবৰ ৰহমান: ফটহু কাই, মানুহে যদি চৰাইৰ দৰে উৰিব পাৰিলেহেঁতেন তেতিয়া কি কি সুবিধা হ’লহেতেঁন?

উত্তৰ: পাপনে কৈছেই- তোও ঘ’ ইপাঅত, মো’ ঘ’ সিপাঅ’ত, মাজতে বোৱতী নৈ,
তাৰ পাছত ফটহুৱে কয়,
চআই হোৱাহতিন, উঈ গলোহতিন, তোক থাপ মাঈ উৱুৱাই লৈ গলোহতিন, তা’ পা’ ওখ শিমলু গছত বাঁহ এটা সাঁজি তো’ হতুৱাই ভাত ৰন্ধাই দুবেলা দুসাজ পেট ভৰাই খালোহতিন।

চবিনা ইয়াছমিন: ফটহু কাই মূৰ্খতাতো হুঁচিয়াৰী আছে বুলি কয় যে কিয় বাৰু? মূৰ্খ আকৌ কেনেকৈ হুঁচিয়াৰ হ’ব?

উত্তৰ: বিশেষ সমস্যা নাই, ৰাতি নাইট চকীদাৰৰ চিঞৰ কেইটালৈ মন কৰি থাকিলেই হ’ল- কৈয়ে থাকে দেখোন- “হুঁচিয়াৰ, খবৰদাৰ! বাচি খাবা, জাগি শুবা!! হুঁচিয়াৰ!!”- তেওঁলোকৰ কথালৈ মন কৰি থাকিলে মুৰ্খ কি জ্ঞানী কি সকলোৱে হুঁচিয়াৰ হ’ব পাৰিব।

নৱকৃষ্ণ: ফটহুকাইদৌ, পুৰুষেও যদি নাৰীৰ দৰে দীঘল চুলি ৰাখিলেহেঁতেন, তেতিয়া কি কি সুবিধা আৰু অসুবিধা হ’লহেঁতেন।

উত্তৰ: সুবিধা- পুৰুষসকলে এনেয়ো গা-মূৰ ধুই ভাল নেপায়, গতিকে লেতেৰা দীঘল চুলিত ওকনিৰ দৰে লুপ্তপ্ৰায় প্ৰাণীয়ে সুকলমে বংশ বিস্তাৰ কৰিব পাৰিলেহেঁতেন, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ’লহেঁতেন।
অসুবিধা-ওকণিয়ে দ্ৰুতহাৰত বংশবিস্তাৰ কৰি মানুহৰ খাদ্য-বাসস্থান অধিগ্ৰহণ কৰি, সমগ্ৰ মানৱ জাতিৰ বাবেই সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিলেহেঁতেন।

কমলা দাস: ফটহু কাই, ল’ৰাবিলাকে হেলমেটটো মূৰত নিপিন্ধি হাতত কিয় ওলমাই লৈ ফুৰে?

উত্তৰ: সকলো ল’ৰাই নহয়, কিছুমান ল’ৰাই হেলমেট মূৰতো পিন্ধে। আচল কথা হ’ল- মানুহে হেলমেট কিয় পিন্ধে? কাৰণ কেনেবাকৈ বাইকৰ পৰা লুটি খাই পৰিলে মূৰত দুখ পাব পাৰে, মূৰত দুখ পালে মস্তিস্কৰ বিকৃতি ঘটিব পাৰে, মস্তিষ্কৰ বিকৃতি ঘটিলে কি কি হ’ব পাৰে ৰাইজে জানেই। কিন্তু হেলমেট নিপিন্ধি হাতত ওলোমাই ফুৰা সকলৰ কথা বেলেগ। তেওঁলোকৰ নিজৰ মস্তিষ্কৰ সুস্থিৰতাৰ ওপৰতে বিশ্বাস নাই। গতিকে তেওঁলোকে ভাৱে, লুটি খাই পৰি খুন্দা খাটলি খাই কেনেবাকে মস্তিষ্কটো সঠিক ঠাইত আহেই বা!

অভিজিত অভি শইকীয়া: মাঘ বিহুৰ উৰুকাৰ দিনা চুৰ কৰাটো আইনে স্বীকৃতি দিয়াহেঁতেন গভাইত চোৰটোৱে কি চোৰ কৰিলেহেঁতেন?

উত্তৰ: তেওঁ গোটেই বছৰটোৱেই বিহু পাতি থকাৰ পোষকতা কৰিলেহেঁতেন। বৰ্তমান তেনে এটা প্ৰচেষ্টা আমাৰ নিউজ চেনেলবোৰত চলিয়ে আছে। গোটেই বছৰ “মাঘ+বহাগ+কাতি” বিহু চলি থাকিলে উৰুকাৰ চুৰি কাৰ্য সদায়ে আইনসংগত হৈ থাকিব।

হিতেশ বি বৰুৱা: ফটহু কাই, ল’ৰাবোৰক যদি ছোৱালীয়ে প্ৰথমতে প্ৰেমৰ প্ৰস্তাৱ দিলে হয়; তেনেহলে কি সুবিধা আৰু কি অসুবিধা হ’ল হয়?

উত্তৰ: সুবিধা- পৃথিৱীৰ সকলো প্ৰেমৰ প্ৰস্তাৱৰ উত্তৰ হাঁ/yes হ’লহেঁতেন
অসুবিধা- ল’ৰাবোৰে এজনী নহয়, দহ পোন্ধৰজনীকৈ পত্নীৰ জ্বালা সহ্য কৰিব লগা হ’লহেঁতেন।

হেমন্ত কাকতি: মোৰো এটা প্ৰশ্ন আছিল- ফটহু বোপাই- মানুহৰ যদি কথাবোৰ পাহৰা গুণ নেথাকিলহেঁতেন কি হ’লহেঁতেন?

উত্তৰ: মানুহ সদায় ডিপ্ৰেছনত থাকিলহেঁতেন। এই পাহৰা গুণটোৱেই মানুহ জাতিক আজিলৈকে ধ্বংস নোহোৱাকৈ ৰাখিছে। অতীত মৰিল গ’ল- তাৰ কথা অন্ত হ’ল- মনৰ পৰাই তাক দিয়া বিসৰ্জন বুলি কবিয়েও কৈছে।

অঞ্জন শৰ্মা: ৰবিবাৰ আৰু সোমবাৰৰ মাজত আৰু এটা বন্ধ বাৰ পাবলৈ ক’ত আৰু কেনেকৈ ধৰ্ণা দিব লাগিব

উত্তৰ: য’তে দিয়ে দিয়ক, কিন্তু কেৱল ধৰ্ণা দিলে নহ’ব, অসম বন্ধ দিব লাগিব। অসম বন্ধ দিলে সদায় সকলোতে বন্ধ হ’ব, আপুনিও নিজৰ সুবিধা অনুযায়ী বন্ধ উপভোগ কৰিব পাৰিব।

মৌচুমী গগৈ: বৰ্তমান আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ ৰূপে বিবেচিত হোৱা ফেচবুক, মেছেঞ্জাৰ, ৱাটছ-আপৰ যদি উদ্ভৱ নহ’লহেঁতেন, তেন্তে মানুহে কিদৰে ইজনৰ আগত সিজনৰ মনৰ ভাৱ ব্যক্ত কৰিলেহেঁতেন, সেই বিষয়ে ফটহু কাইৰ মন্তব্য জনাব নেকি?

উত্তৰ: মাত্ৰ এটাই উপায়, মুখামুখিকৈ কথা পাতি! যি উপায়েৰে আজি পাঁচ হেজাৰ বছৰ ধৰি মানুহে নিজৰ মনৰ ভাৱ আনজনৰ আগত ব্যক্ত কৰি আহিছে, এই যোৱা দহ ব‍ছৰৰ আগলৈকে।

অনিমা দাস: ফটহু কাই, মোৰ এটা প্ৰশ্ন হ’ল, পুৰুষবোৰে ঘৰত ৰান্ধনি হ’বলৈ বেয়া পায় কিন্তু সকাম আদিত ৰান্ধনি হ’বলৈ ভাল পায় কিয়?

উত্তৰ: কাৰণ কেইবাটাও আছে,

ক) ঘৰত ৪-৫ জন মানুহৰ বাবে ভাত ৰন্ধা সৰু কাম, তেনে সৰু সুৰা কাম কৰা পুৰুষৰ ‘ছান কি খিলাফ’৷

খ) ৰাজহুৱা ভোজ ৰান্ধিলে সকলোৰে পৰা প্ৰশংসা পোৱা যায়, ঘৰত ৰান্ধিলে কেৱল ‘ডাল বৰাবৰ’ৰ৷

গ) আনৰ বাবে ৰন্ধাসকলক ‘চেফ’ বুলি কোৱা হয়, আৰু ঘৰত ভাত ৰন্ধাসকলক ‘ৰান্ধনি’। ‘চেফ’ৰ SWAG বেছি ইত্যাদি৷

কমল তালুকদাৰ: ফটহু কাই, গোটা বস্তু দিলে খাইয়ে থাকে, খাইয়ে থাকে, কিন্তু পেট নভৰেহে নভৰে কিন্তু পানী খোৱাৰ লগে লগে চেটেপ, মৰি থাকে। কি বস্তু কওক?

উত্তৰ: জুই

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *