ফটাঢোল

নিগনি ৰহস্য – নাজিফ হাজৰিকা

১৯৮৫ চন।

দিবাকৰে অফিচত একান্ত মনে নিজৰ কাম কৰি আছে। ঢেৰ কাম আছে তাৰ। এণ্টাৰপ্ৰাইজৰ technology, finance, maintenance, production আদি বিভিন্ন বিভাগৰ কাম আধৰুৱা হৈ আছে। সেই কামবোৰকে লৈ দিবাকৰ ব্যস্ত অফিচত।

তেনেকুৱাতে IT store চোৱা-চিতা কৰা ল’ৰাজন আহি ওলালহি।

: ছাৰ, ছাৰ, নিগনি। ঢেৰ নিগনি।

: কি নিগনি?

: ছাৰ বাহিৰৰপৰা নিগনি আহি আমাৰ গোটেই গুদাম শেষ কৰি দিছে।

: অ’ আৎসা। হয় দেই। কথাটো ময়ো মন কৰিছোঁ দেই।

: হয় ছাৰ। বৰ্তমান আমাৰ এণ্টাৰপ্ৰাইজৰ মূল সমস্যা হৈছে বাহিৰৰ নিগনিবোৰ। সংসাৰৰ উৎপাত কৰে এইবোৰে।

: হয় দেই। ৰ’বা কিবা এটা কৰিম।

: ছাৰ এটা কাম কৰক নহ’লে।

: কি?

: অহা পাঁচ বছৰৰ বাবে Store কিপাৰৰ চাকৰিটোত মোকেই নিযুক্তি দিয়ক নহ’লে। মই গোটেইবোৰ খেদিম।

: হয় নেকি? বাৰু ঠিক আছে। তোমাকেই দিম।

: ধন্যবাদ।

 

* * *

 

১৯৯০ চন।

দিবাকৰ কামত ব্যস্ত। ল’ৰা এটা সোমাই আহিল।

: ছাৰ।

: কোৱা।

: কথা এটা ক’বলৈ আহিছোঁ ছাৰ।

: কোৱা।

: চাওক ছাৰ, আমাৰ এণ্টাৰপ্ৰাইজৰ মূল সমস্যা হৈছে নিগনি, বাহিৰৰ নিগনি। সংসাৰৰ উৎপাত কৰে এইবোৰে।

: সঁচা অ’। মাথা খাই দিছে এই নিগনিবোৰে।

: ছাৰ আগতে আপুনি যাক চাকৰিটো দিলে, সি একোডাল কৰিব নোৱাৰিলে। এইবাৰ মোক দিয়কচোন, মই খেদিমেই।

: হয় নেকি? খেদিবা কিন্তু।

: ছাৰ খেদিমেই।

: বাৰু এইবাৰ কামটো তোমাক দিম।

: ধন্যবাদ ছাৰ।

 

* * *

বছৰবোৰ এইদৰে পাৰ হৈ গৈ থাকে। নিগনিৰ নাম লৈ লৈ একেকেইটা মানুহে চাকৰিটো লৈ থাকে। দিবাকৰে লাহে লাহে আমনি পাবলৈ আৰম্ভ কৰে।

২০১৪ চন।
নতুন ল’ৰা এটা আহে কাম বিচাৰি। অৱশ্যে তাৰ লগৰকেইটা পুৰণা চাকৰি কৰাকেইটাই হয়। দিবাকৰে কাম কৰি থাকে অফিচত।

: ছাৰ।

: অ’ তুমি নতুনকৈ আহিছা ন?

: হয় ছাৰ।

: কোৱা।

: চাওক ছাৰ, এই এণ্টাৰপ্ৰাইজটোৰ মূল সমস্যা হৈছে নিগনি। চাওকচোন ছাৰ, নিগনিবোৰে কি কৰি দিছে গোটেইখন।

: হয়, মই দেখিছোঁ। তুমি লেকচাৰ বন্ধ কৰা। কামটো কৰিব পাৰিবা নে নোৱাৰা সেইটো কোৱা।

: পাৰিম ছাৰ, ১০০% পাৰিম। মই কাম পোৱাৰ লগে লগে ছাৰ গোটেইবোৰ নিগনি টালি-টোপোলা লৈ পলাব। চাই থাকক।

: হ’ব দিয়া। এনেও লেকচাৰ শুনি শুনি আমনি লাগিছে। তোমাকে দিছোঁ বাৰু কামটো। কৰিলে ভাল পাম।

: একদম ছাৰ। কৰিমেই।

 

* * *

২০১৫ চন।

: ছাৰ মাতিছিলে?

: নিগনি খেদিব পৰিছানে?

: মানে ছাৰ …..

: মানে চানে নহয়। তুমি শুনা কথা এটা ভালকৈ।

: কি ছাৰ?

: Audit ডিপাৰ্টমেণ্ট আহিব, জৰীপ কৰিব। কিমান কি নিগনি আছে ওলাই পৰিব। ক’ৰ নিগনি, কি কথা চব ওলাই পৰিব। তুমি মাথোঁ তেওঁলোকক সহায় কৰি দিবা।

: হ’ব ছাৰ। (সি অলপ পেটে পেটে ভয় খালে)

 

* * *

জৰীপ হৈ গ’ল। লাহে লাহে জোলোঙাৰ মেকুৰীও ওলাল। ল’ৰাটো দৌৰি আহিল দিবাকৰৰ ওচৰলৈ।

: ছাৰ

: কি?

: ছাৰ কথা এটা ভাবিছোঁ।

: কি?

: ছাৰ ইয়াত থকা নিগনিবোৰৰ ৰঙচুৱা নিগনিখিনিক ইয়াতে ৰাখি থওঁ নেকি? ক’লা নিগনিবোৰেহে উৎপাত কৰে । ৰঙচোৱাবোৰ ভাল নিগনি হয় ছাৰ।

: সেইবোৰক আকৌ কিয় ৰাখিম? নিগনি সদায় নিগনিয়েই। সি এনেও বস্তা কুটিব, তেনেও বস্তা কুটিব।

: নহয় মানে ছাৰ…

: তুমি তোমাৰ কাম কৰা। বেলেগ কথাত মূৰ ঘমাব নালাগে।

: হ’ব বাৰু।

 

* * *

২০১৯ চন।

দিবাকৰ ব্যস্ত কামত। ল’ৰাটো সোমাই আহিল।

: ছাৰ।

: কোৱা।

: ছাৰ ৰঙচুৱা নিগনিকেইটা ৰাখিয়েই থওঁ নেকি।

: কিয়?

: চাওক ছাৰ, আমাৰ এণ্টাৰপ্ৰাইজৰ মূল সমস্যা হৈছে ক’লা নিগনিবোৰ। ৰঙচুৱাবোৰ অত্যাচাৰৰ বলি হৈহে ইয়ালৈ আহিছে।

: উম, তাতে কি হ’ল?

: ছাৰ চাওক, আজি ক’লা নিগনিবোৰ কেনেকৈ বাঢ়িবলৈ ধৰিছে। সিহঁতে আমাৰ গোটেই Store টো….

: চুপ, একদম চুপ। কথা নক’বি তই।

: ছাৰ?

: ক’লা নিগনি, ৰঙচুৱা নিগনি বুলি কৈ কৈ মূৰটো চোবাই নাথাক। নিগনি খেদাবি নে নেখেদাৱ সেইটো ক।

: মানে ছাৰ ….

: চুপ। তহঁতক মই কামটো দিছিলোঁ সমস্যাটো সমাধান কৰিবলৈ। মোক আহি আহি সমস্যাবোৰ বুজাই থাকিবলৈ নহয়। সমস্যা তহঁততকৈ মই ভালকৈ বুজি পাইছোঁ । তহঁতি আকৌ ওলোটাই মোক বুজাব নালাগে।

: নহয় মানে ছাৰ…. আগৰকেইটাই মনে মনে ঢেৰ নিগনি বাহিৰৰপৰা লৈ আহিল জানে! আপুনি গমেই নাপালে।

: চুপ। অভিযোগ কৰি নাথাক। কামটো কৰিব পাৰিলে কৰ, নোৱাৰ যদি পেকপেকাই নাথাক।

: নহয় মানে ছাৰ……

: একদম চুপ। নিগনি নিগনি বুলি কৈ কৈ চাকৰিটো লৈ মোৰ এণ্টাৰপ্ৰাইজটো ৪০ বছৰ পিছুৱাই দিলি তহঁতে। এতিয়া একদম মনে মনে থাক।

: হয় ছাৰ।

: আৰু এটা কথা শুনি ল।

: কি ছাৰ?

: পুৰুষে নীৰৱে সমস্যা সমাধান কৰে। কেৱল কাপুৰুষবোৰেহে আনৰ ওপৰত দোষ জাপি জাপি অভিযোগ কৰি থাকে।

ল’ৰাটো তলমূৰ কৰি ওলাই গ’ল। নিজৰ এণ্টাৰপ্ৰাইজৰ ফটোখনলৈ দিবাকৰে দুখ মনেৰে চাই ৰ’ল।

☆★☆★☆

13 Comments

  • খুব ভাল লাগিল । সাম্প্ৰতিক সমাজৰ এখনি বাস্তৱ চিত্ৰ । প্ৰতিজন অসমীয়াই অন্ততঃ এবাৰ এই লেখাটো পঢ়া উচিত । ?

    Reply
  • অবিনাশ শৰ্মা

    খুব ভাল লাগিল৷

    Reply
  • ৰিণ্টু

    অতি উন্নতমানৰ লিখনী, খুব ভাল লাগিল পঢ়ি

    Reply
  • নিভা

    খুব সুন্দৰ

    Reply
  • দিম্পল

    সাংঘাতিক।
    চেলুট

    Reply
  • কমলা দাস

    বৰ ভাল লাগিল

    Reply
  • উষা মহন্ত

    ভৰ ভাল লাগিল ।

    Reply
  • ৰিমঝিম

    বিৰাট ভাল লাগিল

    Reply
  • MITALI Saharia

    সাংঘাটিক। খুব ভাল লাগিল।

    Reply
  • Anonymous

    তামাম লিখিছা দেই… মজ্জা?

    Reply
  • জয়ন্ত দাস

    খুব ভাল লাগিল৷

    Reply
  • Kaushik Dutta

    Borhia

    Reply
  • Kaushik Dutta

    Hundor , oti hundor … Bangladeshi loie post tu . Kintu Val lagil .. borttomaan hommoitot eituei Soli ase …. Nigoni

    … Nigoni …

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *