ফটাঢোল

ৰচনা-স্ক্ৰীণশ্বত এক অস্ত্ৰ — ৰিমঝিম বৰঠাকুৰ

আজিলৈকে মহিলাৰ চকুপানীয়ে আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছিল যদিও বৰ্তমান আটাইতকৈ ভয়াবহ অস্ত্ৰবিধ হ’ল স্ক্ৰীণশ্বত। আচলতে ইয়াক চাইলেণ্ট উইপন বুলিও ক’ব পৰা যায়। স্ক্ৰীণশ্বত নামৰ অস্ত্ৰপাত আহি কেতিয়া কেনেকৈ সংগোপনে আপোনাক আক্ৰমণ কৰিবহি আপুনি গমেই নাপাব। মাত্ৰ ই অপেক্ষা কৰে সুযোগলৈ। সুযোগ পালেই ই টোপা কাড়তকৈ দ্ৰুতবেগত আহি বিন্ধিব।

স্ক্ৰীণশ্বত কাক বোলে?

ব্যক্তি এজনৰ যিকোনো ডাটা মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ছবি আকাৰে সংগ্ৰহ কৰাকে স্ক্ৰীণশ্বত বোলে। সাধাৰণতে স্ক্ৰীণশ্বত যিকোনো কামতে ব্যৱহৃত হয় যদিও চ’চিয়েল মিডিয়াত ইয়াক ওপৰত উল্লেখ কৰাৰ দৰে এক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰা হয়। এতিয়া আহোঁ স্ক্ৰীণশ্বতৰ বুৰঞ্জীলৈ৷

স্ক্ৰীণশ্বতৰ বুৰঞ্জী:

প্ৰকৃতাৰ্থত স্ক্ৰীণশ্বতৰ ব্যৱহাৰ কোনে কেতিয়া কৰিছিল ক’তো তেনেকৈ লিপিবদ্ধ কৰি থোৱা নাই বাবে ভালকৈ এই বিষয়ে জানিব পৰা নাযায়। তথাপিও বিশেষ অনুমানৰপৰা ক’ব পাৰি যে ডিজিটেল যুগৰ আৰম্ভ হোৱাৰপৰাই এই অস্ত্ৰপাতৰ বহুল ব্যৱহাৰ হয়। পুৰণি যুগত হয়তো ইয়াক বেলেগ নামেৰে নামাংকিত কৰি বেলেগ ধৰণে ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান স্ক্ৰীণশ্বত বুলিলে চাৰিওদিশে সন্ত্ৰাসৰ সৃষ্টি কৰে। কিন্তু এতিয়া এই অস্ত্ৰবিধৰ জনপ্ৰিয়তা যে শীৰ্ষত সেই কথা কেতিয়াও নুই কৰিব নোৱাৰি। এবাৰ এৰি দিয়া কাঁড়ক যেনেকৈ ঘূৰাই আনিব নোৱাৰি, তেনেকৈ এবাৰ স্ক্ৰীণশ্বত কৰবাত মেলি দিয়া মানে তাক মিনিটতে চৌদিশে বিয়পি পৰাত কোনেও ৰুধিব নোৱাৰে।

টেগলাইন: বছকে ৰেহনা মেৰে পাছ স্ক্ৰীণশ্বত হেই।

স্ক্ৰীণশ্বতৰ ব্যৱহাৰ:

স্ক্ৰীণশ্বতৰ ব্যৱহাৰ যদি চাবলৈ যাওঁ জাতি, বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াক বিভিন্ন ক্ষেত্ৰত কৰিব পাৰে। ছোৱালী-ল’ৰা, পুৰুষ-মহিলা ভেদাভেদ নকৰাকৈ সকলো বয়সৰ মানুহে এই অস্ত্ৰবিধ ব্যৱহাৰ কৰিব পাৰে। আচলতে সহজ ভাষাত স্ক্ৰীণশ্বত একমাত্ৰ অস্ত্ৰ যি সুখে দুখে, খঙে-বেজাৰে সকলোতে ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি এবাৰ এই অস্ত্ৰবিধ ব্যৱহাৰ কৰি সফল হ’ল, তেতিয়া বাৰে বাৰে ইয়াৰ প্ৰয়োগৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে।

স্ক্ৰীণশ্বত ব্যৱহাৰৰ মাধ্যম:

স্ক্ৰীণশ্বত ব্যৱহাৰৰ কাৰণে বিভিন্ন মাধ্যম যেনে WhatsApp, ফেচবুক মেছেঞ্জাৰ, ফেচবুকৰ ৱালে ৱালে আৰু আজিকালি ইনষ্টাগ্ৰামো বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছে। কিন্তু আটাইতকৈ সহজ মাধ্যম হ’ল ফেচবুকৰ ৱালত শ্বেয়াৰ কৰাটো। য’ত গোটেই সংসাৰৰ মানুহে দেখাত সহায় হয় আৰু দুই এজনে যাতে লগে লগে শ্বেয়াৰ কৰি আপোনাৰ লগত হাত উজানো দিব পাৰে। এইবোৰৰ উপৰিও আপুনি প্ৰিণ্ট আউটো উলিয়াওৱাৰ ব্যৱস্থা কৰিব পাৰে।

স্ক্ৰীণশ্বতৰ বজাৰখনৰ ক্ষেত্ৰত কেনেকৈ সতৰ্কতা অৱলম্বন কৰিব?

ফেচবুক বা হুৱাটটছএপত যিহকে তিহকে লিখাৰপৰা বিৰত থাকক। গাভৰু, মহিলা আদিৰ ইনবক্সত টঙনিওৱাৰ আগতে দহবাৰ ভাবক। বেছি জনা দেখুৱাবলৈ গৈ ফেচবুকত যি তি লিখি নিদিব। দিন বেয়া চলিলে সেইবোৰেই জীৱনলৈ অন্ধকাৰ নমাই আনিব। ফূৰ্তি পানীটোপা গ্ৰহণ কৰাৰ দিনাতো ফেচবুক, হুৱাটছ এপ আপডেটৰ পৰা সাতঘাট আঁতৰত থাকক। যদিও এইটো একেবাৰে অৰ্থহীন কথা তথাপিও কাৰোবাক ইনবক্সত কিবা সোধাৰ আগতে চেল্ফ ডিফেন্সৰ কাৰণে সুধি চাব পাৰে ‘কিয়া আপকে মোবাইল মে স্ক্ৰীণশ্বত লেনেকি চুবিধায়ে হেই?’ চতুৰ মানুহ কিছুমানে চুবিধায়ে নাই বুলি কৈ আপোনাক বিপদত পেলাব পাৰে, গতিকে প্ৰথমৰপৰাই সতৰ্ক হোৱাতো জৰুৰী।

স্ক্ৰীণশ্বতৰ উপকাৰিতা আৰু অপকাৰিতা:

আমি জানো যে সকলো বস্তুৰে উপকাৰিতা আৰু অপকাৰিতা থাকে। তেনেদৰে স্ক্ৰীণশ্বতৰ ক্ষেত্ৰতো দুয়োটাই আছে। প্ৰথমতে আহিছোঁ উপকাৰিতালৈ

১) আপোনাৰ যদি কাৰোবাৰ লগত শত্ৰুতা আছে সেই শত্ৰুতাক প্ৰকট কৰি তুলিবলৈ তেওঁ লিখা মেছেজ বা ষ্টেটাচলৈ ৰৈ থাকক। যদি তাত এটামানো বিতৰ্কিত শব্দ আছে দেৰি কিয়? স্ক্ৰীণশ্বত মাৰি চাৰিওফালে বিয়পাই দিয়ক, লগতে গাঠি দিয়ক আপোনাৰ দুষাৰিমান শেলে বিন্ধাৰ দৰে বাক্যবাণ।

২) দ্বিতীয়তে কাৰোবাৰ যদি মুখা খুলিবলৈ মন আছে, ধৈৰ্য্যৰে বাট চাই থাকক সেই বিশেষ দিনটোলৈ। যেতিয়াই সুবিধা পাই বজাৰত মেলি দিয়ক স্ক্ৰীণশ্বত।

৩) আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ কথা মনা নাই। চিন্তা কিহৰ আপোনালোকৰ গোপন মেছেজ, ফটোবোৰ বজাৰত মেলি দি প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ লওক।

৪) কাৰোবাৰ সুখৰ সংসাৰ দেখি সহ্য হোৱা নাই, চাওক কিবা কৰি পতি বা পত্নীৰ কথাৰ একাংশ পাৰে নেকি স্ক্ৰীণশ্বতলৈ ৰূপান্তৰ কৰি তেওঁলোকৰ সোণৰ সংসাৰ ভাঙিব পাৰে নেকি।

৫) প্ৰতিষ্ঠিত কোনো ব্যক্তিৰ সামাজিক স্থিতি নষ্ট কৰিবলৈ মন আছে যদি চোৰাংচোৱা মেলি দিয়ক তেওঁৰ ফেচবুক ৱালে মেছেঞ্জাৰে। চোৰাংচোৱাই নিমিষতে আপোনালৈ পঠিয়াই দিব আৰু আপুনি বজাৰত মেলি দি নিজেই ধোৱা তুলসীৰ পাত হৈ গদগদকৈ বহি থাকক।

৬) মিম বনাব বিচাৰিছে নেকি? এইক্ষেত্ৰতও বিশেষ কিছুমান স্ক্ৰীণশ্বতে বিশেষভাৱে সহায় কৰিব পাৰে।

৭) আপোনাৰ লেখাকে আদি কৰি যদি সমূহ সৃষ্টিৰাজী কোনোবাই চোৰ কৰি নিজৰ নামত প্ৰচাৰ কৰিছে। সেইকথাও স্ক্ৰীণশ্বতৰ জৰিয়তে গম পাব পাৰে।

ওপৰত উল্লেখিত উপকাৰিতাসমূহৰ উপৰিও তেনেধৰণৰ বহুতো স্ক্ৰীণশ্বতৰ উপকাৰিতাৰ বিষয়ে জানিবলৈ পোৱা যায়। এতিয়া আহিছোঁ অপকাৰিতালৈ

যদিও ওপৰৰ উপকাৰিতাৰ কথাখিনি ধেমালিৰ কাৰণে লিখিলোঁ কিন্তু সাধাৰণতে দুই এক কামৰ বাহিৰে বিনা কাৰণত স্ক্ৰীণশ্বত ব্যৱহাৰ নকৰাই ভাল। ইয়াক আচলতে মাৰাত্মক সামাজিক ব্যাধি বুলি ক’লেও ভুল নহ’ব। আপুনি গম নাপায় এটা স্ক্ৰীণশ্বতে কিমান মানুহৰ সংসাৰৰ লগতে বহুত ব্যক্তিৰ সামাজিক স্থিতি বিনাশ কৰিব পাৰে। এটা স্ক্ৰীণশ্বতে কিমান উঠি অহা ল’ৰা-ছোৱালীৰ জীৱনটো কলিতে মোহাৰিব পাৰে, আপুনি কল্পনাও কৰিব নোৱাৰে। সেয়ে পৰাপক্ষত এই অস্ত্ৰবিধৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিজকে বিৰত ৰখাই শ্ৰেয়। গতিকে যিমান পাৰে নিজকে এই অস্ত্ৰবিধৰ আক্ৰমণৰ পৰা আৰু প্ৰয়োগৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰক।

☆★☆★☆

10 Comments

  • হেমন্ত কাকতি

    বৰ ধুনীয়া ৰিমঝিম৷ খুব ভাল লাগিল ৰচনাখন!

    Reply
  • Rintumoni Dutta

    সময়োপযোগী আৰু উচ্চস্তৰৰ ব্যংগ, ভাল লাগিল পঢ়ি ৰিমঝিম

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ধুনীয়া লিখনি দেই।

    Reply
  • খুব ভাল লাগিল ।??
    সংযোজন :
    প্ৰতিৰোধৰ উপায় : স্ক্ৰীণশ্বটৰ পৰা বাচিবৰ বাবে হোৱাটছএপত মেচেজ টাইপিঙৰ সলনি অডিঅ মেচেজৰ সুবিধাফেৰা ব্যৱহাৰ কৰক ।

    Reply
  • বঢ়িয়া লিখিছা এইটো। সময়ৰ লগত মিলি গৈছে। মজা।

    Reply
  • ধন্যবাদ সকলোলৈকে

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল। স্ক্ৰীণ শ্বটৰ পৰা দূৰত থকাই মঙ্গল।

    Reply
  • Smritirekha das

    অলপ দেৰিকে পঢ়িলো দেই।খুব সুন্দৰ বৰ্ণনা।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল৷ লগতে প্ৰীতমৰ প্ৰতিৰোধৰ উপায় টোও ভাল লাগিল৷

    Reply
  • deepjyoti handique

    বৰ ভাল লাগিল ঔ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *