ফটাঢোল

বিধাতাৰ ডাটা – দেৱজিত শইকীয়া

ডিজিটেলি চাবলৈ গ’লে বৰ্তমান মানুহৰ জীৱন আৰু ডাটাৰ মাজত একো পাৰ্থক্য নাই৷ ডাটা অন মানে জীয়াই আছে, ডাটা অফ মানে চেটেপ৷ মোৰ লগৰ এজনৰ ছোৱালী এজনী পচন্দ হ’ল৷ ৰূমমেটটোক ক’বলৈ হে পালে, সিজনে বোলে দৌষ্ট চিন্তা নকৰিবি কালিলৈকে মই তাইৰ ডিটেইলচ ডাটা আনি তোক দিম৷ ময়ো আচৰিত! কি তামাম কাৰবাৰ, ক’বলৈ গ’লে একদম চাকৰিৰ প্ৰপত্ৰ ভৰোৱাৰ সময়ত গাঁঠি দিয়া বায়’-ডাটাখনৰ দৰেই৷

 

বান্ধৱী এজনীৰ বিয়াৰ বাবে ল’ৰাজন প্ৰায় ঠিক হৈছিলেই, সম্বন্ধীয় খুড়াক এজন আহি বোলে মই ল’ৰাটোৰ বিষয়ে যিখিনি ডাটা পালোঁ তোৰ লগত নিমিলিব৷ বচ, বিয়া কেনঞ্চেল৷ কব’লৈ গ’লে দাতাই দিলেও বিধাতাই নিদিয়ে৷ মানে ডাটা মেট্‌চ নকৰিলে৷

ৰাতি বিচনাত শুই ম’বাইলটো খুলি ফেচবুক টিপি দেখোঁ “কেন ন’ট কানেক্ট”, মানে ডাটা পেক শেষ৷ লগে লগে চিনাকি ল’ৰা এটাক ৰাতি এঘাৰটাত ফোন কৰিছোঁ বোলো ভাই ডাটা পেক এটা ভৰাই দে ভাই, নহ’লে পুৱালৈ মৰিয়েই থাকিম সি বোলে বুজি পাইছোঁ দাদা৷ কি বুজি পালে নাজানো কিন্তু ম’বাইলৰ ডাটা পেক শেষ মানে জীৱনটোৱেই দেখোন কিবা শেষ হৈ গ’ল যেন লাগে৷

ডাটা ভৰালোঁ কি হ’ল, নেটৰ স্পিড কম, মানে ডাটাই দিলেও নেটে নিদিয়ে৷ কলেজৰ ডাটা এন্ট্ৰি ফাইল এটা পঠিয়াবলৈ এঘণ্টা যুঁজিলোঁ, নাই ডাটা চেণ্ডিং ফেইলড৷ লগৰ এটাই ৰাতি ফোন কৰিছে বোলে এমাহৰ ভিতৰত যদি পি এইচ ডি ৰিচাৰ্চৰ ডাটাখিনি কালেক্ট কৰি এনালাইচিচ কৰিব নোৱাৰোঁ মৰি যাব লাগিব৷ মই বোলো কি কৰিবি বিধতাই দিলেও ডাটাই নিদিয়ে৷

ফোনটো কাটি ৱাটচএপটো খুলি দেখিলোঁ মানুহজনীৰ বিশটামান মেচেজ৷ ৰিপ্লাই দিওঁ বুলি মেচেজ দিলোঁ, মেচেজৰ কাষত এডালহে যোগ চিন, বুজি পালোঁ, ৰিপ্লাই নাপাই খঙতে ডাটা অফ কৰি থৈছে৷ কি কৰে কৰক, ডাটা অফ মানে আপুনি ডাটা অন নকৰালৈকে পকাত মূৰ মাৰিও লাভ নাই৷

বহুদিন ধৰি সৰুকালৰ বন্ধু এজনলৈ ফোন কৰা হোৱা নাছিল৷ মই বোলো মনত পৰোঁতেই কৰি লওঁ, এই বুলি ফোন লগালোঁ, দুবাৰ ৰিং হোৱাৰ পিছত যেনিবা উঠালে, উঠাইয়েই প্ৰশ্ন বোলে কোনে কৈছে? মই বোলো হতশ্ৰী যোৱা তোৰ তাত মোৰ নম্বৰটোও চেভ নাই নে? সি বোলে কি কৰিবি মাজতে ফোনটো ফৰমেট মাৰিলোঁ, সব ডাটা উৰি গ’ল৷ মই বোলো হওক দে ডাটা উৰক কেৱল মনৰ পৰা উলিয়াই নিদিবি৷ মানুহৰ জীৱন কোন দিনা বিধাতাই জন্মতে দি পঠিওৱা ডাটাপেক শেষ হয় ঠিক নাই, ৰিচাৰ্জ কৰিবও নোৱাৰি সেয়ে মাজে মাজে ডাটা অন থাকোঁতেই জীয়াই আছোঁনে নাই মেচেজ এটা দিবি৷

☆★☆★☆

2 Comments

  • সাংঘাটিক ।
    মাৰ্কেটত আটাতকৈ ডাটাৰ ডিমাণ্ডহে বেছি আজিকালি । ডাটাই মেইন, বাকী সব মায়া-মোহ !??

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *