ফটাঢোল

এজন ব্যস্ত দালালৰ ৰোমাঞ্চ (মূল: অ’ হেনৰী) – অনুবাদ: নীলাক্ষী কাকতি

যেতিয়া থমাচ মেক্সুৱেলে নিজৰ ব্যক্তিগত সহায়িকা মিচ লেজলীৰ সৈতে ৰাতিপুৱা ৯:৩০ বজাত একেলগে অফিচত প্ৰৱেশ কৰিলে, তেতিয়া কেৰাণী পিটচাৰে অকণমান উৎসুকতাৰে মূৰ তুলি চালে৷ পিটচাৰক সুপ্ৰভাত জনাই খৰ খোজেৰে মেক্সুৱেলে নিজৰ কোঠাৰ ফালে এনেদৰে দৌৰা-দৌৰিকৈ সোমাই গ’ল যেন তেওঁ অফিচৰ ফাইলসমূহৰ ওপৰত জঁপিয়াইহে পৰিব৷

মিচ লেজলী অফিচত প্ৰায় এবছৰ ধৰি কাম কৰি আছে৷ সাধাৰণ সহায়িকাতকৈ তেওঁ কিছু বেলেগ৷ তেওঁ অতি সাধাৰণ পোচাক পৰিধান কৰে৷ কোনোধৰণৰ গহণা নিপিন্ধে৷ সেইদিনা তেওঁ এযোৰ ধোঁৱা বৰণৰ পোচাক পিন্ধিছিল৷ মূৰত আছিল ভাটৌৰ পাখি লগোৱা টুপী৷ অইন দিনাতকৈ লেজলীৰ আজি মুখখন সপ্ৰতিভ দেখাইছে আৰু চকযুৰি তিৰবিৰাইছে৷ তেওঁৰ গালখন ৰঙচুৱা হৈ আছে৷ তেওঁৰ ভাব-ভংগীবোৰত সুখৰ অনুভূতি প্ৰকট হৈ ধৰা পৰিছিল৷

পিটচাৰে তেতিয়াও উৎসুকতাৰে তাইক চায়ে আছিল৷ নিজৰ কোঠাত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে লেজলীয়ে কিছু সময় অফিচৰ বাহিৰৰ কোঠাটোতে ৰ’ল৷ তাৰ পিছত তেওঁ মেক্সুৱেলৰ কোঠাত প্ৰৱেশ কৰিলে৷

থমাচ হাৰ্ভে মেক্সুৱেল পেশাত এগৰাকী নিউয়ৰ্কৰ ষ্টক মাৰ্কেটৰ অতি ব্যস্ত দালাল৷ তেওঁ এটা চকা আৰু স্প্ৰিং লগোৱা মেচিনৰ দৰে কাম কৰে৷ লেজলীয়ে তেওঁৰ ওচৰত থিয় হৈ থকাত ফাইলৰ দ’মবোৰৰ পৰা মূৰ তুলি অতি উদাসীনভাৱে মেক্সুৱেলে শুধিলে,

: কিবা প্ৰয়োজনীয় কাম আছে নেকি?

: নাই৷

হাঁহি এটা মাৰি লেজলী কোঠাটোৰ পৰা ওলাই গ’ল৷ কোঠাৰ পৰা ওলাই আহি তাই পিটচাৰকো শুধিলে,

: মেক্সুৱেলে ব্যক্তিগত সহায়িকাৰ নিয়োগ সম্পৰ্কে কিবা নিৰ্দেশ দিছে নেকি?

: হয়৷ তেওঁ কৈছিল আৰু মই এই বিষয়ে কথা পাতি কেইগৰাকীমান যুৱতীক সাক্ষাৎকাৰৰ বাবে আহিবলৈ দিছিলোঁ৷ কিন্তু এতিয়া ৯:৩০ বাজিল আৰু এতিয়ালৈ কাৰোৰে দেখা দেখি নাই৷

: ঠিক আছে তেন্তে, মই আগৰ দৰেই কামবোৰ কৰি যাওঁ যেতিয়ালৈ কিবা এটা ঠিক নহয়৷

এইবুলি কৈ লেজলীয়ে নিজৰ কোঠালৈ সোমাই গ’ল৷ নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জৰ দালালসকলৰ দৰে কোনোবা ব্যস্ত মানুহ বোধহয় পৃথিৱীত নাই৷ আজি এই দিনটোও মেক্সুৱেলৰ বাবে অতি ব্যস্ততাপূৰ্ণ দিন৷ টেলিপ্ৰিণ্টাৰে নেৰা-নেপেৰাকৈ বাৰ্তাসমূহ পঠিয়াবলৈ আৰম্ভ কৰিছে৷ টেলিফোনটো অবিৰাম বাজি আছে৷ অফিচটোত মানুহেৰে ঠাঁহ খাই পৰিছে৷

হঠাতে এগৰাকী গাভৰুৰ সৈতে পিটচাৰে মেক্সুৱেলৰ ৰূমত প্ৰৱেশ কৰিলে৷

: এখেত আমাৰ অফিচত খালী হোৱা পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ আহিছে৷

পিটচাৰে ক’লে৷

: কি পদ?

বিৰক্তিকৰ এক চাৱনিৰে মেক্সুৱেলে শুধিলে৷

: ব্যক্তিগত সহায়িকা৷

পিটচাৰে উত্তৰ দিলে৷

: তোমাৰ মূৰৰ কিবা বিকৃতি ঘটিছে নেকি পিটচাৰ? মিচ লেজলীয়ে ইমান সন্তোষজনকভাৱে আমাৰ অফিচত কাম কৰি আছে৷ মেডাম, আমাৰ অফিচত কোনো পদ খালী নাই৷ ক্ষমা কৰিব৷ পিটচাৰ ইয়ালৈ আৰু কাকো নপঠিয়াবা৷

কিছু বিৰক্তি আৰু খঙেৰে মেক্সুৱেলে ক’লে৷

গাভৰুগৰাকীয়ে খঙেৰে কোঠাটোৰপৰা ওলাই গ’ল৷ পিটচাৰে মনতে ভাৱিলে এই ‘বুঢ়া’জনে দিনে দিনে বেছিকৈ কথা পাহৰিব ধৰিছে৷ ষ্টক এক্সচেঞ্জৰ এই নিৰস পৃথিৱীখনত যেন সাধাৰণ মানুহৰ আৱেগ অনুভূতিৰ বাবে কোনো স্থান নাই৷ হঠাতে দুপৰীয়া আহাৰৰ বাবে বাজি উঠা সংকেতত এই হুলস্থূলবোৰ সাময়িকভাৱে কিছু শাম কাটিল৷

হাতত এসোপামান টেলিগ্ৰাম আৰু চিঠি, সোঁকাণত এটা কলম লৈ মেক্সুৱেলে থিয় হ’ল৷ তেওঁৰ কোঠাৰ খিৰিকীখন খোলা আছিল৷ খিৰিকীখনেৰে লাইলেকৰ সুৱাস সোমাই আহিল৷ সেয়া লেজলীৰ পোচাকৰ পৰা আহিছিল৷ গোন্ধটোৱে কিছুসময়ৰ বাবে মেক্সুৱেলক মোহাছন্ন কৰি তুলিলে৷ কিছুসময়ৰ বাবে মিচ লেজলীৰ মুখখন মেক্সুৱেলৰ মুখত ভাঁহি উঠিল৷

: হে প্ৰভু! মই এতিয়াই এই কামটো কৰিম৷ আগতেই এই কামটো কিয় কৰা নাছিলোঁ?

মনতে মেক্সুৱেলে ভোৰভোৰালে৷ লগে লগে তেওঁ লেজলীৰ কোঠালৈ সোমাই গ’ল৷ লেজলীয়ে মুখত এমোকোৰা হাঁহিৰে তেওঁৰ ফালে চালে৷ তাইৰ মুখখনে অলপ সেন্দুৰীয়া বৰণ ল’লে৷ তাইৰ চকুযুৰি যথেষ্ট শান্ত দেখা গৈছিল৷ মেক্সুৱেলে কিলাকুটি দুটাৰে মেজখনত ভৰ দি ৰ’ল৷ এতিয়াও মেক্সুৱেলৰ হাতত আছে কিছুমান চিঠি আৰু কাগজ আৰু কাণত কলমটো৷

দৌৰাদৌৰিকৈ তেওঁ আৰম্ভ কৰিলে,

: মিচ লেজলী, মোৰ হাতত সময় বৰ কম৷ তুমি বাৰু মোৰ পত্নী হ’বানে? মই অইনৰ নিচিনাকৈ যদিও তোমাক মোৰ ভালপোৱা দেখুৱাব নোৱাৰোঁ তথাপিও কৈছোঁ মই তোমাক বৰ ভাল পাওঁ৷ সোনকালে উত্তৰ দিয়া৷ মই বৰ ব্যস্ত৷

: আপুনি এয়া কি কৈছে?

একপ্ৰকাৰ আৰ্তনাদ কৰি উঠিল লেজলীয়ে৷

: তুমি এতিয়াও বুজা নাইনে? মই তুমি মোৰ লগত বিয়া হোৱাটো বিচাৰোঁ৷ মই তোমাক বহুত ভালপাওঁ লেজলী৷ মই তোমাক বহুদিনৰ পৰা ক’ম বুলি ভাবিয়েই আছিলোঁ৷ এয়া চোৱা! আকৌ ফোনটো বাজিছে৷ পিটচাৰ অলপ ৰ’ব দিয়া৷ কোৱা লেজলী, মই উত্তৰ বিচাৰিছোঁ৷

লেজলীয়ে প্ৰথমে বৰ আচৰিত হোৱা যেন দেখা গ’ল৷ ইয়াৰ পিছত চকুযুৰিৰে চকুপানী বৈ আহিল৷ তাই লাহেকৈ মেক্সুৱিলৰ ডিঙিত হাতখন থৈ ক’লে,

: মই এতিয়া বুজিছোঁ৷ তোমাৰ এই পুৰণা কামটোৱে তোমাৰ মনৰ পৰা সকলো কথা বাহিৰ কৰি দিছে৷ মই প্ৰথমতে ভয় খাইছিলোঁ৷ তোমাৰ অকণো মনত নাইনে মেক্সুৱেল? কালি সন্ধিয়া আঠ বজাত সৌ কেঁকুৰীটোৰ কাষৰ সৰু গীৰ্জাটোত আমাৰ বিয়া হৈ গৈছে!

☆★☆★☆

13 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *